তামিলনাডু চৰকাৰৰ কঠোৰ পদক্ষেপঃ দুসপ্তাহৰ ভিতৰত বন্ধ হ'ব ৭১৭ খন সুৰাৰ দোকান

Story by  atv | Posted by  Nikunja Nath • 2 d ago
তামিলনাডু চৰকাৰৰ কঠোৰ পদক্ষেপঃ দুসপ্তাহৰ ভিতৰত বন্ধ হ'ব ৭১৭ খন সুৰাৰ দোকান
তামিলনাডু চৰকাৰৰ কঠোৰ পদক্ষেপঃ দুসপ্তাহৰ ভিতৰত বন্ধ হ'ব ৭১৭ খন সুৰাৰ দোকান
 
চেন্নাই
 
ৰাজ্যৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী আৰু স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এক গুৰুত্বপূৰ্ণ তথা প্ৰশংসনীয় সিদ্ধান্ত গ্ৰহণ কৰিছে তামিলনাডু চৰকাৰে। বিশেষকৈ মহিলা সমাজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চি জোছেফ বিজয়ে সমগ্ৰ তামিলনাডুত ৭ শতাধিক সুৰাৰ দোকান বন্ধ কৰাৰ নিৰ্দেশ দিছে। শিক্ষানুষ্ঠান আৰু উপাসনাস্থলীৰ দৰে পৱিত্ৰ স্থানসমূহৰ পৰিৱেশ সুস্থিৰ কৰি ৰখাৰ স্বাৰ্থত লোৱা এই সিদ্ধান্তই ৰাজ্যখনৰ সামাজিক প্ৰেক্ষাপটত এক ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে।
 
মঙলবাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোছেফ বিজয়ে সমগ্ৰ ৰাজ্যখনত উপাসনাস্থলীৰ সমীপত থকা ২৭৬খন সুৰাৰ দোকানকে ধৰি মুঠ ৭১৭খন খুচুৰা সুৰাৰ বিপণী বন্ধ কৰাৰ নিৰ্দেশ দিয়ে।
 
এক চৰকাৰী বিবৃতিত প্ৰকাশ কৰা অনুসৰি, কেৱল জনসাধাৰণৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখিয়েই মুখ্যমন্ত্ৰী বিজয়ে এই খুচুৰা সুৰাৰ বিপণীসমূহ বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে।
 
এই নিৰ্দেশনা অনুসৰি, অহা দুসপ্তাহৰ ভিতৰত উপাসনাস্থলীৰ কাষৰ ২৭৬ খন, শিক্ষানুষ্ঠানৰ কাষৰ ১৮৬ খন আৰু বাছ আস্থানৰ সমীপৰ ২৫৫খন সুৰাৰ দোকান সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব।
 
উল্লেখ্য যে, ৰাজ্যখনৰ সকলোবোৰ সুৰাৰ দোকান বন্ধ কৰিবলৈ একাংশ ৰাজনৈতিক দল আৰু বিশেষকৈ মহিলাসকলৰ তৰফৰ পৰা ব্যাপক দাবী উত্থাপন হৈ আহিছিল।
 
প্ৰাপ্ত তথ্য অনুসৰি, বৰ্তমান তামিলনাডু ষ্টেট মাৰ্কেটিং কৰ্প'ৰেচন চমুকৈ 'টাছমাক'ৰ অধীনত সমগ্ৰ ৰাজ্যখনত ৪,৭৬৫খন খুচুৰা সুৰাৰ বিপণী পৰিচালিত হৈ আছে। মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তৰ পিছত এতিয়া এই সংখ্যা যথেষ্ট পৰিমাণে হ্ৰাস পাব।