টেষ্ট দললৈ হেৰোৱা ছন্দ ওভতাই অনাৰ লক্ষ্য শুভমন গিলৰ; BCCI-ক দিলে পৰামৰ্শ

Story by  atv | Posted by  [email protected] • 1 d ago
টেষ্ট দললৈ হেৰোৱা ছন্দ ওভতাই অনাৰ লক্ষ্য শুভমন গিলৰ; BCCI-ক দিলে পৰামৰ্শ
টেষ্ট দললৈ হেৰোৱা ছন্দ ওভতাই অনাৰ লক্ষ্য শুভমন গিলৰ; BCCI-ক দিলে পৰামৰ্শ
 
নতুন দিল্লী
 
আৰু মাত্ৰ এটা মাহৰ পিছতে আৰম্ভ হ'ব টি-২০ বিশ্বকাপ। এই খেলৰ বাবে শুভমন গিলক ভাৰতীয় দলত স্থান দিয়া হোৱা নাই যদিও তেওঁ টেষ্ট দললৈ হেৰোৱা ছন্দ ওভতাই আনিব বিচাৰে। 
 
BCCI-এ টেষ্ট আৰু ODIত দলৰ অধিনায়ক হিচাপে ২৫ বছৰীয়া গিলক নিযুক্তি দিছে। কিন্তু ৰঙা বলৰ ক্ৰিকেটত ঘৰুৱা খেলপথাৰত ভাৰতৰ প্ৰদৰ্শন সন্তোষজনক নহয়। বিগত ১৩ মাহত ভাৰতে দুবাৰকৈ হোৱাইট ৱাছ(whitewash) লাভ কৰিছে। নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বুমৰাহ-ৰাহুল মুখ থেকেচা খাইছে। সেয়ে ভৱিষ্যতৰ বাবে শুভমনে BCCI-ক বিশেষ পৰামৰ্শ আগবঢ়াইছে।
 
BCCI-এ নিৰ্বাচক আৰু ভাৰতীয় দলৰ নেতৃত্বৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হৈছিল। ঘৰুৱা খেলপথাৰত ধাৰাবাহিক বিফলতাৰ পিছত দলটোক পুনৰ গতিশীল কৰি তোলাটো গিলৰ লক্ষ্য। সেয়ে তেওঁ টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ ১৫ দিন পূৰ্বে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়ায়। বোৰ্ডৰ এজন বিষয়াই এই বিষয়ে জনায়।
তেওঁ কয় যে গিলে স্পষ্টভাৱে জনাইছিল যে টেষ্ট শৃংখলা আৰম্ভ কৰাৰ পূৰ্বে অধিক প্ৰস্তুতিৰ প্ৰয়োজন। এই ছিজনত ব্যস্ততাৰ সূচী থকাৰ বাবে ভাৰতীয় দলটোৱে ভালদৰে প্ৰস্তুতি চলাব পৰা নাই। সেয়ে ৰঙা বলৰ ১৫ দিনীয়া প্ৰশিক্ষণ শিবিৰ আয়োজনৰ বিষয়ে জনাইছে।
 
কেৱল সেয়াই নহয়, BCCI-এ শুভমনৰ পৰামৰ্শক আদৰণি জনাইছে। সেয়ে দল গঠনৰ ক্ষেত্ৰত গিলৰ মতামত আৰু পৰামৰ্শক অধিক গুৰুত্ব দিয়া হ'ব বুলি ব'ৰ্ডে জানিবলৈ দিছে। টেষ্ট আৰু ODIৰ দলৰ দায়িত্ব এতিয়া শুভমনৰ ওপৰত। সেইবাবে দলীয় মেনেজমেণ্টে প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ দৰে দৃঢ় মনোভাৱৰ এজনক বিচাৰিছিল।
 
গিলে নিজৰ পৰামৰ্শ আৰু দলীয় ৰণকৌশলৰ বিষয়ে নিৰ্বাচকসকলক স্পষ্টকৈ জনাইছে, যিটো ভাৰতীয় দলৰ মেনেজমেণ্টৰ বাবে ভাল লক্ষণ বুলি বিবেচিত হৈছে।