নতুন দিল্লী
টি-২০ বিশ্বকাপত অপ্ৰতিৰোধ্য টীম ইণ্ডিয়া। বুধবাৰে টীম ইণ্ডিয়াৰ হাতত ১৭ৰাণত পৰাস্ত নেদাৰলেণ্ড। শিৱম ডুবেৰ বিস্ফোৰক বেটিং আৰু বৰুণ চক্ৰৱৰ্তীৰ চমৎকাৰ বলিঙেৰে ভাৰতে লীগৰ অন্তিমখন খেলত নেদাৰলেণ্ডক পৰাস্ত কৰে। এই প্ৰতিযোগিতাত অপৰাজিত হৈ থকা ভাৰতীয় দলটোৱে ছুপাৰ ৮ পৰ্যায়লৈ আগবাঢ়িছে।
১৯৪ ৰাণৰ লক্ষ্য খেদি নেদাৰলেণ্ডে মাত্ৰ ৭ উইকেটত ১৭৬ ৰাণহে কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ স্পিনাৰ বৰুণ চক্ৰৱৰ্তীয়ে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে শিৱম ডুবেই দুটা উইকেট দখল কৰে। চাৰিখন খেলৰ পৰা ৮ পইণ্টেৰে গ্ৰুপৰ শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে নেদাৰলেণ্ডে চাৰিখন মেচত এখন জয়ৰ পৰা ২ পইণ্ট লাভ কৰি অভিযান সমাপ্ত কৰে।
ভাৰতৰ প্ৰথমখন ছুপাৰ ৮ মেচ অনুষ্ঠিত হ’ব ২২ ফেব্ৰুৱাৰীত, আহমেদাবাদত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে। ইয়াৰ পাছত ২৬ ফেব্ৰুৱাৰীত ভাৰতীয় দলটোৱে জিম্বাবুৱেৰ বিৰুদ্ধে খেলিব, আনহাতে ছুপাৰ ৮ৰ অন্তিমখন খেল ১ মাৰ্চত কলকাতাৰ ইডেন গাৰ্ডেনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব।
ভাৰতৰ ১৯৪ ৰাণৰ লক্ষ্য খেদি নেদাৰলেণ্ডে ৭ উইকেটত ১৭৬ ৰাণহে কৰিবলৈ সক্ষম হয়। নেদাৰলেণ্ডৰ হৈ বাছ ডি লিডে সৰ্বাধিক ৩৩ ৰাণ সংগ্ৰহ কৰে। ন’য়া ক্ৰ’ছে (১২ বলত ২৫ নট আউট) আৰু জেক লিঅ’ন কেছে (১৬ বলত ২৬) ৰান সংগ্ৰহ কৰি সপ্তম উইকেটত ২৩ বলত ৪৭ ৰাণ সংযোজন কৰে যদিও দলটোক জয়ৰ দিশত আগুৱাই নিব নোৱাৰিলে। অল ৰাউণ্ড প্ৰদৰ্শনৰ বাবে শিৱম ডুবেই লাভ কৰে প্লেয়াৰ অব্ দ্য মেচৰ সন্মান।
শিৱম ডুবেৰ বিধ্বংসী অৰ্ধশতকৰ বাবে ভাৰতে ছয় উইকেটত ১৯৩ ৰাণ সংগ্ৰহ কৰে। কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ইনিংছত ডুবেই ৩১টা বলত ৬৬টা ছয় আৰু চাৰিটা চাৰিকে ধৰি ৬৬টা ৰাণ সংগ্ৰহ কৰে। ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱ (৩৪) আৰু তিলক বৰ্মাই (৩১)ও উল্লেখনীয় অৱদান আগবঢ়ায়। চলিত বিশ্বকাপত অভিষেক শৰ্মাক যেন লগ দিয়া নাই ভাগ্যই! কিয়নো তেওঁ একেৰাহে তৃতীয়খন খেলত খাটা নোখোলাকৈয়ে পেভিলিয়নলৈ উভতিবলগীয়া হৈছে।