নাজৰীন আহমেদঃ বেট-বলৰ সৈতে এগৰাকী অসমীয়া নাৰীৰ অদম্য সাহসৰ কাহিনী

Story by  Imtiaz Ahmed | Posted by  [email protected] • 2 h ago
নাজৰীন আহমেদঃ বেট-বলৰ সৈতে এগৰাকী অসমীয়া নাৰীৰ অদম্য সাহসৰ কাহিনী
নাজৰীন আহমেদঃ বেট-বলৰ সৈতে এগৰাকী অসমীয়া নাৰীৰ অদম্য সাহসৰ কাহিনী
 
ইমতিয়াজ আহমেদ / গুৱাহাটী
 
সত্তৰৰ দশকৰ মাজভাগৰ কথা। গুৱাহাটীৰ এটা মুছলমান পৰিয়ালৰ এগৰাকী সাধাৰণ যুৱতীয়ে এনে এটা পথ বাছি লৈছিল, যিটো সেই সময়ৰ সমনীয়া ছোৱালীৰ বাবে আছিল সম্পূৰ্ণ অচিনাকি আৰু অকল্পনীয়। সময়টো আছিল এনেকুৱা, যেতিয়া ক্ৰিকেট খেলাৰ কথা খুব কম সংখ্যক ছোৱালীয়েহে সপোনতো ভাবিছিল। দীঘল বেট আৰু টান বলটো ছোৱালীৰ বাবে কেৱল ল'ৰাৰ খেল বুলিয়েই গণ্য কৰা হৈছিল। কিন্তু, টেবুল টেনিছ, ভলীবল আৰু বাস্কেটবল খেলি ডাঙৰ হোৱা নাজৰীন আহমেদৰ বাবে ক্ৰিকেট আছিল এক দুৰ্দান্ত নিচা, যাক তেওঁ কোনোমতেই আওকাণ কৰিব পৰা নাছিল। অৱশ্যে এই 'ভদ্ৰলোকৰ খেল'বিধ খেলিবলৈ তেওঁৰ সমবয়সীয়া কোনো সংগী নাছিল। সেয়েহে, চুবুৰীৰ ল'ৰাবোৰৰ সৈতেই বেট ধৰাৰ বাহিৰে তেওঁৰ ওচৰত আন কোনো বিকল্প নাছিল আৰু ইয়াকেই তেওঁ নিজৰ প্ৰতিভা বিকাশৰ এক সুযোগ হিচাপে গ্ৰহণ কৰিছিল।
 

 
এটি ক্ৰীড়াপ্ৰেমী পৰিয়ালৰ পৰা অহা নাজৰীন আহমেদৰ মাতৃ নিজেও ১৯৫০-ৰ দশকত এগৰাকী নামজ্বলা টেবুল টেনিছ খেলুৱৈ আছিল। লাহে লাহে নাজৰীন এনে এবিধ খেলৰ প্ৰতি বেছি আকৰ্ষিত হ'বলৈ ধৰিলে যাক সেই সময়ত কেৱল পুৰুষৰ একচেতীয়া খেল বুলিয়েই ভবা হৈছিল। তেওঁৰ মাতৃ আছিল তিনিগৰাকী ভগ্নীৰ ভিতৰত অন্যতম, যিসকলক একেলগে 'আহমেদ ছিষ্টাৰ্ছ' বুলি জনা গৈছিল আৰু যিসকলে এটা সময়ত অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেবুল টেনিছ জগতখনত আধিপত্য বিস্তাৰ কৰিছিল।
 
১৯৭৬ চনত নাজৰীন আহমেদৰ ভাগ্য সুপ্ৰসন্ন হয় যেতিয়া লালা অমৰনাথ এক হ্ৰস্বম্যাদী ক্ৰিকেট প্ৰশিক্ষণ শিবিৰ পৰিচালনা কৰিবলৈ গুৱাহাটীলৈ আহে আৰু নাজৰীনে তেওঁৰ অধীনত প্ৰশিক্ষণ লোৱাৰ সুযোগ লাভ কৰে। এইজন কিংবদন্তি ক্ৰিকেটাৰৰ তত্ত্বাৱধানত খেলৰ প্ৰাথমিক জ্ঞান আয়ত্ত কৰাৰ পিছত এইগৰাকী যুৱতীয়ে আৰু কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল। তেওঁ ক্ৰিকেটকেই নিজৰ কেৰিয়াৰ হিচাপে বাছি লৈছিল আৰু পৰৱৰ্তী সময়ত এগৰাকী দুৰ্দান্ত বেটাৰ তথা উইকেটৰক্ষক হিচাপে পৰিগণিত হৈছিল। ১৯৮১ চনত নাগপুৰ নেচনেলছত তেওঁৰ অধিনায়কত্বতেই অসমৰ মহিলা ক্ৰিকেট দলে প্ৰথমটো বিজয়ৰ সোৱাদ লাভ কৰিছিল।
 
উইকেটকীপাৰ হিচাপে নাজৰীন আহমেদ
 
অৱশ্যে, ঘৰুৱা ক্ৰিকেটত অসমক প্ৰথমটো জয়ৰ সোৱাদ দিয়া ৮৪ ৰানৰ সেই অধিনায়কৰ ইনিংছটো খেলাৰ পথটো নাজৰীনৰ বাবে ইমান সহজ নাছিল। "আমি এনে এটা সময়ত ক্ৰিকেট খেলিছিলোঁ যিটো বৰ্তমানৰ সময়তকৈ সম্পূৰ্ণ বিপৰীত আছিল। ১৯৭৭ চনৰ চেন্নাই (তেতিয়াৰ মাদ্ৰাজ) নেচনেলছত মই প্ৰথমবাৰৰ বাবে অসমক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছিলোঁ। আমি কোনো উপযুক্ত ৰিজাৰ্ভেচন নোহোৱাকৈ ৰে’লত যাত্ৰা কৰিছিলোঁ। ১৫ গৰাকী খেলুৱৈৰ বাবে মাত্ৰ ১০ খনহে নিশ্চিত ৰিজাৰ্ভেচন আছিল, যাৰ বাবে আমি এটা বাৰ্থতে দুজনীকৈ শুবলগীয়া হৈছিল। মই সেই সময়ত যথেষ্ট ভয়ো খাইছিলোঁ কাৰণ মই জীৱনত প্ৰথমবাৰৰ বাবে অকলে ঘৰৰ পৰা ওলাই গৈছিলোঁ," আহমেদে 'আৱাজ – দ্য ভইচ'ৰ আগত এইদৰে কয়।
 
১৯৭০-ৰ দশকৰ শেষৰ ফালে অসমৰ সতীৰ্থ খেলুৱৈসকলৰ সৈতে নাজৰীন আহমেদ
 
তেওঁ লগতে কয়, "আমাক ডৰ্মিটৰীত মজিয়াত মেট্ৰেছ পাৰি থাকিবলৈ দিয়া হৈছিল আৰু শৌচালয় তথা গা ধুবলৈ বহুদূৰ খোজ কাঢ়ি যাবলগীয়া হৈছিল; আজিকালিৰ দৰে নহয় যেতিয়া খেলুৱৈসকলে বিমানত যাত্ৰা কৰে আৰু এটাচড বাথৰুম থকা হোটেলত থাকে... আমাৰ অদম্য দৃঢ়তা আৰু খেলৰ প্ৰতি থকা একান্ত অনুৰাগৰ বাবেই আমি সকলো কষ্ট নেওচি আগবাঢ়ি গৈছিলোঁ আৰু প্ৰতিখন খেলৰ পৰাই শিকিবলৈ সংগ্ৰাম কৰিছিলোঁ। আৰু, ইয়াৰ ফলাফল আছিল সঁচাকৈয়ে মধুৰ!"
 
অসমৰ এক সাংস্কৃতিক অনুষ্ঠানত সংগীতৰ কিংবদন্তি ড০ ভূপেন হাজৰিকাৰ সৈতে নাজৰীন আহমেদ (বাওঁফালে)
 
এগৰাকী ছোৱালী হৈ ক্ৰিকেট খেলাৰ বাবে তেওঁ সমাজ বা পৰিয়ালৰ পৰা কোনো বাধাৰ সন্মুখীন হৈছিল নেকি বুলি সোধাত, পৰৱৰ্তী সময়ত অসম চৰকাৰৰ এগৰাকী অসামৰিক সেৱাৰ বিষয়া হিচাপে পৰিগণিত হোৱা আহমেদে কয়: "একেবাৰেই নাই। মই এটা ক্ৰীড়াপ্ৰেমী পৰিয়ালৰ পৰা আহিছোঁ। সঁচাকৈয়ে মোৰ পিতৃ-মাতৃ আৰু সমাজৰ নিৰন্তৰ সমৰ্থনৰ বাবেই মই এনে এটা কেৰিয়াৰ বাছি ল'বলৈ সক্ষম হৈছিলোঁ যিটো মোৰ সমবয়সীয়া খুব কমেইহে সাহস কৰিছিল। ৰাণী নৰহ (প্ৰাক্তন কংগ্ৰেছ সাংসদ)ৰ সৈতে ময়ো ৰাষ্ট্ৰীয় নিৰ্বাচনী ট্ৰায়েলৰ বাবে আমন্ত্ৰণ পাইছিলোঁ।"
 
অসমৰ প্ৰথমগৰাকী মহিলা চেঞ্চুৰিয়ান তথা ভাৰতীয় মহিলা ক্ৰিকেট সন্থাৰ প্ৰাক্তন সভানেত্ৰী ৰাণী নৰহৰ সৈতে একেলগে খেলাৰ অভিজ্ঞতাৰ বিষয়ে ডায়েনা এডুলজী, শুভাংগী কুলকাৰ্নী আৰু চন্দ্ৰকান্ত কৌলৰ সমসাময়িক নাজৰীনে কয়ঃ "ৰাণী নৰহ এগৰাকী আক্ৰমণাত্মক বেটাৰ আছিল। এগৰাকী খেলুৱৈ হিচাপে তেওঁ মানসিকভাৱে যথেষ্ট শক্তিশালী আছিল। তেওঁ সদায় দৃঢ়প্ৰতিজ্ঞ আছিল আৰু যি বিচাৰে তাক অৰ্জন কৰিবলৈ সৰ্বোচ্চ পৰ্যায়ৰ আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছিল।"
 
ডিমা হাছাও জিলাৰ দুৰ্যোগগ্ৰস্ত স্থানসমূহত পৰিদৰ্শন আৰু তদাৰক কৰাৰ মুহূৰ্তত উপায়ুক্ত নজৰীন আহমেদ
 
অসম চৰকাৰৰ গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ, ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম, জ্যোতি চিত্ৰবন, উদ্যোগ আৰু বিত্ত আদি বিভিন্ন বিভাগত সেৱা আগবঢ়োৱা আহমেদে ২০২২ চনত ডিমা হাছাও জিলাৰ উপায়ুক্ত হিচাপে কৰ্মৰত অৱস্থাত জিলাখনত হোৱা ভয়ংকৰ বানপানী আৰু ভূমিস্খলনৰ সময়ত এগৰাকী প্ৰকৃত খেলুৱৈৰ মনোভাৱ প্ৰদৰ্শন কৰিছিল। বান আৰু ভূমিস্খলনত বিধ্বস্ত জিলাখনত সাহায্য আৰু পুনৰ্সংস্থাপনৰ কাম পৰিচালনা কৰিবলৈ তেওঁ প্ৰখৰ ৰ'দত পাহাৰীয়া দুৰ্গম আৰু যান-বাহন যাব নোৱাৰা পথেৰে কেইবামাইললৈকে খোজ কাঢ়িছিল। অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথমটো ডিজিটেল আৰ্কাইভ সৃষ্টি কৰাৰ কৃতিত্বও তেওঁক দিয়া হয়।
 
অসম চৰকাৰৰ আমোলা হিচাপে নাজৰীন আহমেদে আয়োজন কৰা চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন কৰাৰ মুহূৰ্তত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ
 
ভাৰতত মহিলা ক্ৰিকেটৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে, বিশেষকৈ যোৱা বছৰ ভাৰতীয় মহিলা দলে বিশ্বকাপ জয় কৰাৰ পিছত, আহমেদে কয়ঃ "আমাৰ দিনৰ মহিলা ক্ৰিকেটৰ সৈতে বৰ্তমানৰ মহিলা ক্ৰিকেটৰ কোনো তুলনাই নহয়। ছোৱালীবোৰে এতিয়া বহুতো অত্যাধুনিক সা-সুবিধা লাভ কৰিছে। প্ৰতিযোগিতাও বহুগুণে বৃদ্ধি পাইছে। আৰু, বিশ্বকাপ জয়ৰ পিছত ভাৰতত মহিলা ক্ৰিকেটে এক নতুন মাত্ৰা লাভ কৰিছে। মই সুখী যে স্মৃতি মান্ধানা, হৰমনপ্ৰীত কৌৰ, জেমিমা ৰড্ৰিগেজ আদিৰ দৰে খেলুৱৈসকলে তেওঁলোকৰ পুৰুষ সতীৰ্থসকলৰ সমানেই বাণিজ্যিক বিজ্ঞাপনৰ অফাৰ লাভ কৰিছে।"
 
ডিমা হাছাও জিলাৰ দুৰ্যোগগ্ৰস্ত স্থানসমূহত পৰিদৰ্শন আৰু তদাৰক কৰাৰ মুহূৰ্তত উপায়ুক্ত নজৰীন আহমেদ
 
অসম মহিলা দলৰ মুখ্য নিৰ্বাচক হিচাপে ক্ৰিকেটলৈ চমু প্ৰত্যাৱৰ্তন কৰা আহমেদক অসমৰ মহিলা ক্ৰিকেটৰ দৃশ্যপটৰ বিষয়ে সোধাত তেওঁ কয়ঃ "অসম ভাৰতৰ আন ৰাজ্যসমূহতকৈ পিছ পৰি থকা নাই। প্ৰকৃততে, অসমে মহিলা ক্ৰিকেটত প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ আৰু বিশ্বকাপ বিজয়ী লাভ কৰিছে - উমা চেত্ৰী। তেওঁ এক অসাধাৰণ প্ৰতিভা। আই পি এল (IPL) খেলুৱৈ জিণ্টিমণি কলিতাও ঠিক তেনেকুৱাই।"
 

"ইয়াৰ উপৰি, মই ব্যক্তিগতভাৱে লক্ষ্য কৰিছোঁ যে অসমত এনে শ শ প্ৰতিভাশালী নৱাগত খেলুৱৈ আছে যিসকল ভৱিষ্যতৰ স্মৃতি মান্ধানা আৰু জেমিমা ৰড্ৰিগেজ হ'ব পাৰে। এতিয়া অসম ক্ৰিকেট সন্থা (ACA)ই কেৱল সেই সুপ্ত প্ৰতিভাধৰসকলক বিচাৰি উলিয়াব লাগে আৰু তেওঁলোকক সঠিক প্ৰশিক্ষণ দিব লাগে। মই নিশ্চিত যে বি চি চি আই (BCCI)ৰ সচিব দেৱজিৎ শইকীয়াৰ নিৰ্দেশনাত, ACA-এ দেশত চলি থকা মহিলা ক্ৰিকেটৰ নৱজাগৰণৰ সুফল আদায় কৰিবলৈ নিশ্চিতভাৱে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব," তেওঁ লগতে কয়।
 
 
ডিমা হাছাও জিলাৰ দুৰ্যোগগ্ৰস্ত স্থানসমূহত পৰিদৰ্শন আৰু তদাৰক কৰাৰ মুহূৰ্তত উপায়ুক্ত নজৰীন আহমেদ
 
যোৱা বছৰৰ আৰম্ভণিতে অসম লোকসেৱা আয়োগ (APSC)ৰ সদস্য হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পিছত, এতিয়া চৰকাৰী দায়িত্বৰ পৰা সম্পূৰ্ণৰূপে আজৰি পোৱা আহমেদে অসমৰ ক্ৰিকেট সম্প্ৰদায়ৰ সৈতে পুনৰ মিলিত হ'বলৈ আৰু বিশেষকৈ মহিলা ক্ৰিকেটৰ উন্নয়নৰ বাবে নিজৰ সেৱা আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰিছে। "কেইবছৰমান আগতে মোক মহিলা দলৰ মুখ্য নিৰ্বাচক হিচাপে নিযুক্তি দিয়াৰ বাবে মই ACA-ৰ প্ৰতি কৃতজ্ঞ। এতিয়া মই চৰকাৰী দায়িত্বৰ পৰা সম্পূৰ্ণৰূপে মুক্ত আৰু বিশেষকৈ মহিলা ক্ৰিকেটৰ উন্নয়নৰ বাবে যিকোনো ৰূপত মোৰ সেৱা আগবঢ়াবলৈ মই প্ৰস্তুত," তেওঁ কয়।