ইৰানে ভাৰতত সংগ্ৰহীত অৰ্থনৈতিক সাহায্য কিয় গ্ৰহণ কৰিব নোৱাৰিব ?

Story by  atv | Posted by  [email protected] • 8 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো
 
আন্তর্জাতিক কূটনৈতিক নিয়ম আৰু আভ্যন্তৰীণ নিয়ন্ত্ৰণৰ মাজত আবদ্ধ হৈ, ভাৰতত থকা ইৰাণৰ দূতাবাসে সংগ্ৰহ কৰা সাহায্যৰ ব্যৱহাৰ আৰু হস্তান্তৰণক লৈ নতুন জটিলতাৰ সৃষ্টি হৈছে। যুদ্ধকালীন পৰিস্থিতিত সংগ্ৰহ কৰা অনুদানসমূহ তেহৰাণলৈ প্ৰেৰণ কৰিব নোৱাৰাৰ ফলত, এই ধনৰাশি ভাৰততেই ঔষধ ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
 
এক প্ৰতিবেদনৰ পৰা জানিব পৰামতে, ইৰাণে যুদ্ধৰ সময়ত ভাৰতৰ দূতাবাসৰ পৰা সংগ্ৰহ কৰা অনুদানসমূহ স্থানীয়ভাৱে (ভাৰততে) ঔষধ ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰিব, কাৰণ এই ধনৰাশি নিয়মীয়া কূটনৈতিক প্ৰক্ৰিয়াৰ জৰিয়তে তেহৰাণলৈ হস্তান্তৰ কৰিব নোৱাৰি।
 
এক সূত্ৰই জনোৱা মতে, কাশ্মীৰকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত সংগ্ৰহ কৰা সোণ আৰু গহনাসমূহো স্থানীয় বেংকত জমা কৰিব লাগিব আৰু সেইবোৰ মুদ্ৰাকৰণ কৰিব লাগিব, কিয়নো এনে সামগ্ৰীসমূহ কূটনৈতিক মাধ্যমৰ জৰিয়তেও ইৰাণলৈ প্ৰেৰণ কৰিব নোৱাৰি।
 
ইৰান আৰু ইজৰাইলৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা ধ্বংসাৱশেষ
 
বিগত কেইদিনমানৰ পৰা ইৰাণে ভাৰতত সাহায্য প্ৰদানৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। ইৰাণৰ দূতাবাসে এতিয়া এক সামাজিক মাধ্যমৰ পোষ্টৰ এটা শৃংখলা  ডিলিট কৰিছে। এই পোষ্টবোৰে কাশ্মীৰ সন্দৰ্ভত তেহৰাণৰ স্থিতিৰ ওপৰত ক্ষোভ সৃষ্টি কৰিছিল। যাক ভাৰতীয়সকলে আগবঢ়োৱা সমৰ্থনক “সাম্প্ৰদায়িক ৰং দিয়া” বুলি গণ্য কৰা হৈছে। পাকিস্তান ভিত্তিক সামাজিক মাধ্যমৰ একাউণ্টৰ পৰা অহা প্ৰত্যাহ্বানৰ পিছত দূতাবাসখনে কাশ্মীৰীসকলক ধন্যবাদ জনোৱা আৰু এগৰাকী কাশ্মীৰী মহিলাই তেওঁৰ সোণ দান কৰি থকা পোষ্টসমূহ ডিলিট কৰিছে।
 
কূটনৈতিক প্ৰট'কলৰ কাঠামো নিৰ্ধাৰণ কৰা ভিয়েনা কনভেনচন অন ডিপ্লমেটিক ৰিলেচনে বিদেশী মিছনৰ দ্বাৰা পুঁজি সংগ্ৰহৰ বিষয়ে স্পষ্টভাৱে উল্লেখ কৰা নাই, বৰঞ্চ তেওঁলোকক বেংকিং অধিকাৰৰ অনুমতিহে প্ৰদান কৰে। এক সূত্ৰই উল্লেখ কৰিছে যে, "এইয়া যিকোনো দেশৰ বাবে এটি ধূসৰ অঞ্চল হৈয়েই ৰৈছে। অৱশ্যে, কূটনৈতিক মিছনসমূহক চৰকাৰী কামৰ বাবে কঠোৰভাৱে বেংকিং অধিকাৰৰ অনুমতি দিয়া হৈছে।"
 
এই নিয়ম অনুসৰি দূতাবাসসমূহে তেওঁলোকৰ প্ৰাথমিক বেংক একাউণ্টসমূহ অনুদান গ্ৰহণ কৰাকে ধৰি আন যিকোনো কামৰ বাবে ব্যৱহাৰ কৰাত বাধা আৰোপ কৰা হৈছে। সূত্ৰটোৱে লগতে কয়, "বিদেশ মন্ত্ৰালয়ৰ অনুমতি সাপেক্ষে এটা সুকীয়া বেংক একাউণ্ট সৃষ্টি কৰিব লাগিব।"
 
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কঠোৰ নিৰীক্ষণৰ অন্ততহে সংগ্ৰহ কৰা ধনৰাশি দেশলৈ ঘূৰাই পঠিয়াব পাৰিব। কিছুমান ক্ষেত্ৰত, যেনে ২০২৩ চনত ছিৰিয়াত হোৱা ভয়াৱহ ভূমিকম্পৰ পিছত ভাৰতত থকা ছিৰিয়াৰ দূতাবাসে লাভ কৰা অনুদান, এই ধন স্থানীয় একাউণ্টত ৰখাই থোৱা আছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
প্ৰথম অৱস্থাত ভাৰতত থকা ইৰাণৰ দূতাবাসে ১৪ মাৰ্চত নিজৰ মূল বেংক একাউণ্টৰ জৰিয়তে অনুদান বিচাৰিছিল। কিন্তু পৰৱৰ্তী সময়ত এই উদ্দেশ্যে ভাৰতীয় ষ্টেট বেংকৰ সৈতে এটা সুকীয়া একাউণ্ট খুলিছিল।
 
সূত্ৰসমূহে ব্যাখ্যা কৰে যে, বিদেশী মিছনে নগদ ধন বা অনানুষ্ঠানিক মাধ্যমৰ জৰিয়তে অনুদান গ্ৰহণ কৰাৰ অনুমতি নিদিয়ে। ইয়াৰ পিছতো ইৰাণৰ দূতাবাসে এই প্ৰক্ৰিয়া আনুষ্ঠানিক কৰিবলৈ আগবাঢ়ি যোৱাৰ পূৰ্বে ১৫ মাৰ্চত প্ৰত্যক্ষ নগদ বৰঙণিক বিকল্প হিচাপে উল্লেখ কৰিছিল।
 
পৰৱৰ্তী সময়ত ইৰাণে স্পষ্ট কৰি দিয়ে যে, সকলো দান নিৰ্দিষ্ট একাউণ্টৰ জৰিয়তে কৰা হ'ব লাগিব। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি, ইৰাণে এই ধনৰাশি ভাৰতত ঔষধ ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে, যাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে। ভাৰতে ইতিমধ্যে ইৰাণলৈ ঔষধৰ এক চালান নিজে নিজেই যোগান ধৰিছে।
 
ইফালে, যোৱা সপ্তাহত মাছহাদৰ পৰা নতুন দিল্লীলৈ ঔষধৰ পৰিবহণৰ বাবে উৰা মাৰিবলগীয়া মহান এয়াৰৰ এখন বিমান  বিমান ঘাটিত আমেৰিকাই কৰা আক্ৰমণত ক্ষতিগ্ৰস্ত হয়। ইৰাণে এতিয়া নতুন দিল্লীৰ পৰা যোগান ধৰা ঔষধৰ বাবে অনাগত দিনত আন এখন বিমানৰ পৰিকল্পনা কৰিছে।