২৩ মে'ত ৪ দিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰিব আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ'ই

Story by  atv | Posted by  Munni Begum • 4 h ago
আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ'
আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ'
 
ৱাশ্বিংটন
 
ভাৰত আৰু আমেৰিকাৰ বাণিজ্যিক চুক্তি এতিয়াও চূড়ান্ত হোৱা নাই। দুয়োখন দেশে বিভিন্ন মাধ্যমৰ জৰিয়তে এই ঐতিহাসিক চুক্তিক লৈ আলোচনা অব্যাহত ৰাখিছে। তাৰ মাজতে আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ'ই ২৩ মে'ত ৪ দিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰিব। 
 
বাণিজ্য, প্ৰতিৰক্ষা আৰু শক্তি বা ইন্ধনৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ লক্ষ্যৰে বৈদেশিক সচিবগৰাকীয়ে ভাৰত ভ্ৰমণ কৰিব বুলি আশা কৰা হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে, আমেৰিকাৰ বৈদেশিক সচিবগৰাকীৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ হ'ব। এই ভ্ৰমণৰ সময়ত তেওঁ ভাৰতৰ কেইবাখনো চহৰলৈ যাব। তাৰ ভিতৰত কলকাতা, আগ্ৰা, জয়পুৰ আৰু নতুন দিল্লী অন্তৰ্ভুক্ত আছে।
 
বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ টমী পিগটে কয় যে, সচিব ৰুবিঅ'ই ২৩ মে'ৰ পৰা ২৬ মে'লৈ ভাৰত ভ্ৰমণ কৰিব। য'ত তেওঁ কলকাতা, আগ্ৰা, জয়পুৰ আৰু নতুন দিল্লী ভ্ৰমণ কৰিব। পিগটে কয় যে, সচিবগৰাকীয়ে ভাৰতৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ সময়ত শক্তি, নিৰাপত্তা, বাণিজ্য আৰু প্ৰতিৰক্ষাৰ দিশত সহযোগিতাৰ বিষয়ে আলোচনা কৰিব।
 
ৰুবিঅ'ই ছুইডেনৰ পৰা পোনে পোনে ভাৰতলৈ যাত্ৰা কৰিব। য'ত তেওঁ ২২ মে'ত নাটোৰ বৈদেশিক মন্ত্ৰীৰ বৈঠকত অংশগ্ৰহণ কৰিব। ইফালে নতুন দিল্লীত থকা আমেৰিকাৰ দূতাবাসে কয় যে, ভাৰতে অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকাকে ধৰি 'কোৱাড' গোটৰ বৈঠক আয়োজন কৰিব।
 
দূতাবাসে কয় যে, বৈদেশিক সচিব মাৰ্কো ৰুবিঅ'ই এই বৈঠকত অংশগ্ৰহণ কৰিব আৰু তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ, কোৱাডৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক, শীৰ্ষ পৰ্যায়ৰ যোগাযোগ আৰু আমেৰিকাৰ ২৫০ বছৰীয়া প্ৰতিষ্ঠা দিৱস উদযাপনৰ প্ৰতি লক্ষ্য ৰাখি আদৰণি জনোৱাৰ বাবে আগ্ৰহী বুলি দূতাবাসে উল্লেখ কৰে।
 
উল্লেখ্য যে, অহা সপ্তাহত ভাৰতত কোৱাডৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হ'ব, য'ত পশ্চিম এছিয়া সংকটৰ প্ৰভাৱকে ধৰি বিশ্বব্যাপী জৰুৰী প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোচনা হ'ব বুলি আশা কৰা হৈছে।
 
২৬ মে'ত অনুষ্ঠিত হ'বলগীয়া নতুন দিল্লীৰ এই বৈঠকত ৰুবিঅ', অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী পেনি ৱং আৰু জাপানৰ বৈদেশিক মন্ত্ৰী ম'টেগী টোছিমিটছুৱে অংশগ্ৰহণ কৰাৰ কথা আছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই বৈঠকৰ সভাপতিত্ব কৰিব।