নতুন দিল্লী
ইজৰাইলৰ আক্ৰমণত মৃত্যু হোৱাৰ প্ৰায় চাৰি মাহৰ পাছত অৱশেষত ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতোল্লাহ খামেনেইৰ শেষ বিদায়ৰ অনুষ্ঠান আৰম্ভ হৈছে। শুকুৰবাৰৰ পৰা তেহৰানকে ধৰি ইৰানৰ কেইবাখনো ডাঙৰ চহৰত এই অনুষ্ঠান আৰম্ভ হৈছে। অৱশ্যে, খামেনেইৰ এই শেষকৃত্যৰ অনুষ্ঠানক কেন্দ্ৰ কৰিয়েই আৰু হাজাৰ হাজাৰ লোকৰ মৃত্যুৰ বাবে প্ৰস্তুতি চলাই ৰাখিছে ইৰানে। ইতিমধ্যে প্ৰায় ৩০০০ কবৰ খান্দি সাজু কৰি ৰখা হৈছে বুলিও খবৰ ওলাইছে।
খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াক কেন্দ্ৰ কৰি এনেধৰণৰ এক চাঞ্চল্যকৰ দাবী কৰিছে জাৰ্মান সংবাদ প্ৰতিষ্ঠান Weltএ। ইৰানৰ ৰেড ক্ৰেচেণ্ট আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন সংস্থাৰ তৰফৰ পৰা উপ-ৰাষ্ট্ৰপতি মহম্মদ ৰেজা আৰিফক প্ৰেৰণ কৰা এখন গোপন চিঠিৰ উদ্ধৃতি দি এই দাবী কৰা হৈছে। সেই চিঠিত উপ-ৰাষ্ট্ৰপতিক জনোৱা হৈছে যে খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানক কেন্দ্ৰ কৰি যি বিপুলসংখ্যক জনতা ৰাজপথলৈ ওলাই আহিব, তাৰ ফলত ১৫০০ ৰ পৰা ৩০০০ লোকৰ মৃত্যুৰ সম্ভাৱনা আছে।
ইৰানত এই মুহূৰ্তত প্ৰচণ্ড গৰম। দিনক দিনে তাপমাত্ৰা বৃদ্ধি পাই গৈছে। এই অসহ্য গৰমৰ মাজত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ লাখ লাখ মানুহ ৰাজপথলৈ ওলাই আহিলে পদপিষ্ট হোৱাৰ দৰে ঘটনা বা ভিৰক কেন্দ্ৰ কৰি কোনো ডাঙৰ দুৰ্যোগ সংঘটিত হ’ব পাৰে বুলি ইৰানৰ বিষয়াসকলে ধাৰণা কৰিছে।
তেহৰান পৌৰসভাৰ এজন কৰ্মীয়ে Welt সংবাদ প্ৰতিষ্ঠানক জনাইছে যে তেহৰানৰ বেহেস্ত-ই জাহৰা কবৰস্থানত ইতিমধ্যে কেইবা হাজাৰ কবৰ খান্দি সাজু কৰি ৰখা হৈছে। সেই কৰ্মীজনৰ ভাষ্য অনুসৰি, যিসকল বিষয়াই এই সন্দৰ্ভত জানে, তেওঁলোকে কৈছে যে ৩০০০ লোকৰ মৃত্যু হ’লে তাক স্বাভাৱিক বুলিয়েই ধৰি ল’ব লাগিব। এই প্ৰচণ্ড গৰমৰ মাজত ইমান মানুহ ৰাজপথলৈ ওলাই আহিলে কি পৰিস্থিতি হ’ব, সেয়া কোনেও নাজানে।
যদিহে সঁচাকৈয়ে এনে ধৰণৰ দুৰ্যোগ সংঘটিত হয়, তেন্তে মৃতদেহসমূহৰ সঠিক ব্যৱস্থাপনা আৰু সন্ধানহীনসকলৰ সন্ধান উলিওৱাৰ বাবে সুকীয়া বাহিনীও সাজু কৰি ৰখা হৈছে। প্ৰায় এসপ্তাহ ধৰি খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্যসূচী চলিব। বৃহস্পতিবাৰে উত্তৰ-পশ্চিম ইৰানৰ নিজৰ জন্মস্থান মাশ্বহাদত খামেনেইক সমাধিস্থ কৰা হ’ব।
উল্লেখযোগ্য যে, ২০২০ত আমেৰিকাৰ ড্ৰোন আক্ৰমণত ইৰানৰ ৰিভলিউচনেৰী গাৰ্ড কৰ্পছৰ কুৰ্দ বাহিনীৰ কমাণ্ডাৰ কাচেম চুলেমানিৰ মৃত্যু হৈছিল। কাৰমান চহৰত চুলেমানিৰ অন্ত্যেষ্টিক্ৰিয়াত লাখ লাখ লোকে অংশগ্ৰহণ কৰিছিল। অৱশেষত প্ৰচণ্ড ভিৰৰ মাজত সৃষ্টি হোৱা বিশৃংখল পৰিস্থিতিৰ বাবে ৫৬গৰাকী লোকৰ মৃত্যু হৈছিল আৰু ২০০তকৈও অধিক লোক আহত হৈছিল। সেই ঘটনাৰ পৰা শিক্ষা লৈয়েই ইৰানে এইবাৰ আগতীয়াকৈ প্ৰস্তুত হৈ থকা বুলি ধাৰণা কৰা হৈছে।