ইৰানৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীক শেষ শ্ৰদ্ধাঞ্জলি; বিদায় অনুষ্ঠানত আৱেগিক হৈ পৰিল শীৰ্ষ নেতৃত্ব

Story by  atv | Posted by  Munni Begum • 2 h ago
ইৰানৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীক শেষ শ্ৰদ্ধাঞ্জলি
ইৰানৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীক শেষ শ্ৰদ্ধাঞ্জলি
 
নতুন দিল্লী
 
ইৰানৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে শুকুৰবাৰে তেহৰানত অনুষ্ঠিত বিদায় অনুষ্ঠানত দেশখনৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফ আৰু বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচী আৱেগিক হৈ পৰে। ইৰানৰ সংবাদ সংস্থা ফাৰ্চ নিউজৰ মতে তথ্য অনুসৰি, প্ৰয়াত নেতাগৰাকীৰ স্মৃতিত শোকানুষ্ঠানৰ আনুষ্ঠানিক সূচনা এই অনুষ্ঠানৰ জৰিয়তে হয়।  
 
ফাৰ্চ নিউজৰ উদ্ধৃতি অনুসৰি, তেহৰানৰ ৰাজ্যপাল মহম্মদ ছাদেগ মোটামাদিয়ানে কয়, "শ্বহীদ নেতাগৰাকীৰ বিদায় অনুষ্ঠানত সৰ্বোচ্চ পৰ্যায়ৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।"
 
তেওঁ জনায়, "শনিবাৰে পুৱা ঠিক ৬ বজাত তেহৰানৰ প্ৰাৰ্থনা প্ৰাংগণ (মোছাল্লা)ৰ দুৱাৰ জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। ইয়াৰ আগতে দুৱাৰ খোলা নহ'ব। সেয়ে এই সময়ৰ পৰাই উপস্থিত হোৱাৰ পৰিকল্পনা কৰিবলৈ জনসাধাৰণক অনুৰোধ জনোৱা হৈছে।"
 
ফাৰ্চ নিউজে লগতে জানিবলৈ দিয়ে যে, প্ৰয়াত নেতাগৰাকীৰ শেষকৃত্য উপলক্ষে বাগদাদতো শোকযাত্ৰাৰ দিনা চৰকাৰী কাৰ্যসূচী বন্ধ ৰখাৰ ঘোষণা কৰিছে বাগদাদৰ ৰাজ্যপাল আতৱান আল-আতৱানীয়ে। 
 
শুকুৰবাৰে অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাৰতৰ হৈ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল চৈয়দ আতা হাছনাইন উপস্থিত থাকে।
 
ভাৰতস্থিত ইৰান দূতাবাসে সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰা এক পোষ্টত কয়, "ভাৰতীয় বিশিষ্ট ব্যক্তিসকলে ইৰানৰ শ্বহীদ নেতাগৰাকী, মহামান্য আয়াতুল্লাহ ছৈয়দ আলী খামেইনীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।"
 
ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দিমিট্ৰি মেডভেডেভেও শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ তেহৰানত উপস্থিত হয়।
 
ইৰানৰ সংবাদমাধ্যমৰ খবৰ অনুসৰি, তেহৰানৰ গ্ৰেণ্ড মোছাল্লাত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ইৰানৰ শীৰ্ষ নেতৃত্ব, বিভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধান, চৰকাৰপ্ৰধান, বিদেশী কূটনীতিবিদ আৰু উচ্চ পৰ্যায়ৰ প্ৰতিনিধিদলে অংশগ্ৰহণ কৰে।
 
অনুষ্ঠানত ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান, সংসদৰ অধ্যক্ষ মোহম্মদ বাকৰ গালিবাফ, ন্যায় বিভাগৰ মুৰব্বী গোলাম হোছেইন এজেই আৰু এক্সপিডিয়েন্সি কাউন্সিলৰ অধ্যক্ষ আয়াতুল্লাহ ছাদেক আমোলি লাৰিজানী উপস্থিত থাকে। 
 
বিদেশী প্ৰতিনিধিসকলৰ ভিতৰত বিদেশী বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল তুৰ্কমেনিস্তানৰ পিপলছ কাউন্সিলৰ অধ্যক্ষ গুৰবাংগুলি বেৰ্দিমুহামেডো, ইৰাকৰ ৰাষ্ট্ৰপতি নিজাৰ আমেদি, আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী নিকোল পাছিনিয়ান, তাজিকিস্তানৰ ৰাষ্ট্ৰপতি ইমোমালি ৰহমন, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু সেনা প্ৰধান জেনেৰেল অসীম মুনিৰ, আৰু কুৰ্দিস্তান অঞ্চলৰ সভাপতি নেচিৰভান বাৰ্জানী।
 
ইয়াৰ উপৰিও ইৰাক, আজাৰবাইজান, বাংলাদেশ, উজবেকিস্তান, বেলাৰুছ আৰু কিৰ্গিজস্তানৰ সংসদৰ অধ্যক্ষ, নিকাৰাগুৱা, কংগো আৰু বুৰ্কিনা ফাছোৰ বৈদেশিক মন্ত্ৰী, ইজিপ্তৰ চেনেটৰ সভাপতি, পেলেষ্টাইন ইছলামিক জেহাদ আন্দোলনৰ মহাসচিব আৰু ওমানৰ সংসদৰ অধ্যক্ষও অংশগ্ৰহণ কৰে। আন বহু দেশে বৈদেশিক মন্ত্ৰী, অন্যান্য মন্ত্ৰী অথবা বিশেষ দূতৰ জৰিয়তে প্ৰতিনিধিত্ব কৰিছে। ইয়াৰ উপৰিও, বিশ্বৰ প্ৰায় ১০০খন দেশৰ বিভিন্ন সংগঠন আৰু বিশিষ্ট ব্যক্তিসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।
 
ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘাইয়ে জনায় যে, পূব ইউৰোপৰ কেইবাখনো দেশৰ চৰকাৰী প্ৰতিনিধি, সংসদ সদস্য আৰু জনপ্ৰতিনিধিও অনুষ্ঠানত উপস্থিত থাকিব। অৱশ্যে, যিসকল ইউৰোপীয় দেশে ইজৰাইল আৰু আমেৰিকাৰ ইৰানবিৰোধী সামৰিক অভিযানক আনুষ্ঠানিকভাৱে সমৰ্থন জনাইছিল, সেই দেশসমূহক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হোৱা নাই।
 
প্ৰেছ টিভিৰ মতে, খামেইনীৰ মৃত্যুৰ পিছত ইৰানত অনুষ্ঠিত এই অনুষ্ঠান সাম্প্ৰতিক সময়ৰ অন্যতম বৃহৎ আন্তঃৰাষ্ট্ৰীয় সমাৱেশ হিচাপে বিবেচিত হৈছে। ইৰান চৰকাৰৰ অনুমান অনুসৰি, বহুদিন ধৰি চলিবলগীয়া এই শেষকৃত্য অনুষ্ঠানত প্ৰায় ১.৫ কোটিৰ পৰা ২ কোটি লোক অংশগ্ৰহণ কৰিব।
 
সপ্তাহান্তজুৰি শোকানুষ্ঠান অব্যাহত থাকিব। তেহৰানৰ গ্ৰেণ্ড মোছাল্লাত কিছুদিনৰ বাবে প্ৰয়াত নেতাগৰাকীৰ মৃতদেহ ৰখা হ'ব। ইয়াৰ পিছত সোমবাৰে তেহৰানত এক বৃহৎ শোকযাত্ৰা অনুষ্ঠিত হ'ব। তাৰ পিছতক’ম আৰু পিছলৈ বাগদাদ, কাৰ্বালা আৰু নাজাফত ধৰ্মীয় আনুষ্ঠানিকতা সম্পন্ন কৰাৰ পিছত অহা ৯ জুলাইত মাছহাদত সমাধিস্থ কৰা হ'ব।