ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্প, ছুনামীৰ সতৰ্কতা জাৰি

Story by  atv | Posted by  [email protected] • 3 h ago
ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্প, ছুনামীৰ সতৰ্কতা জাৰি
ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্প, ছুনামীৰ সতৰ্কতা জাৰি
 
নতুন দিল্লী
 
পুনৰ ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল ইণ্ডোনেছিয়া। এইবাৰ ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৭.৭। ঘটনাটোত বৰ্তমানলৈকে অন্তত ৫ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।
 
পূব নুছা টেংগাৰা, পশ্চিম নুছা টেংগাৰা, দক্ষিণ সুলাৱেচী আৰু দক্ষিণ-পূব সুলাৱেচী প্ৰদেশৰ উপকূলীয় অঞ্চলসমূহত ছুনামীৰ বাবে হাই-এলাৰ্ট জাৰি কৰে। সমজিলা আৰু জৰুৰীকালীন সংস্থাই উপকূলৰ ২ কিলোমিটাৰৰ ভিতৰত থকা তথা সাগৰ আৰু নদীৰ কাষৰীয় ৰাইজক প্ৰায় ১০ মিটাৰতকৈ ওখ পাহাৰীয়া নিৰাপদ স্থানলৈ খৰখেদাকৈ স্থানান্তৰ হ’বলৈ নিৰ্দেশ দিয়ে।
 
আনহাতে, কিছুদিন পূৰ্বে কলম্বিয়াত প্ৰবল ভূমিকম্প হৈছিল। সেই ভূমিকম্পত ২০০ৰো অধিক লোকৰ মৃত্যু হৈছিল। একে সময়তে বহু ঘৰ ভাঙি পৰিছিল। ইয়াৰ স্মৃতি সজীৱ হৈ থকাৰ সময়তে আন এক প্ৰবল ভূমিকম্পই কঁপাই তুলিলে ইণ্ডোনেছিয়াৰ ভূমি। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগে জনোৱা মতে, ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য ৭.৭। স্থানীয় সময় অনুসৰি পুৱা ৫:৫৮ বজাত ফ্ল’ৰেছ অঞ্চলত ৬.০ প্ৰাবল্যৰ ভূমিকম্প অনুভুত হয়।
 
আনহাতে, আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগে জনোৱা মতে, এণ্ডে চহৰৰ পৰা প্ৰায় ৬৮ কিলোমিটাৰ উত্তৰ-উত্তৰ-পশ্চিম দিশত কেন্দ্ৰিত এই ভূমিকম্পৰ গভীৰতা ১০ কিলোমিটাৰ। অৱশ্যে নেশ্যনেল চেণ্টাৰ ফৰ ছিজম’লজীয়ে ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য ৭.৪ বুলি প্ৰকাশ কৰিছে। ভাৰতীয় সময় অনুসৰি পুৱতি নিশা ৩:২৮ বজাত সংঘটিত হোৱা এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল ৪৯ কিলোমিটাৰ গভীৰত।
 
উল্লেখযোগ্য যে, ইণ্ডোনেছিয়াৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থা আৰু স্থানীয় প্ৰশাসনে আৱাসিক অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। উল্লেখ্য যে ইণ্ডোনেছিয়া প্ৰশান্ত মহাসাগৰীয় ‘ৰিং অৱ ফায়াৰ’ অঞ্চলত অৱস্থিত হোৱাৰ বাবে এনে ধৰণৰ প্ৰচণ্ড ভূঁইকঁপ আৰু আগ্নেয়গিৰি উদ্গীৰণৰ ঘটনা ঘটিয়েই থাকে।