ৰাষ্ট্ৰসংঘ
চলিত উপসাগৰীয় সংঘাতৰ মাজত বাণিজ্যিক জাহাজ আৰু নাৱিকসকলক লক্ষ্য কৰি চলোৱা আক্ৰমণক ভাৰতে “একেবাৰেই গ্ৰহণযোগ্য নহয়” বুলি অভিহিত কৰিছে। লগতে ‘সকলো বিষয়কে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা’ প্ৰৱণতাক লৈ উদ্বেগ প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে, ইয়াৰ ফলত গ্ল’বেল ছাউথৰ দেশসমূহে বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে।
জয়শংকৰে কয়, “এই বছৰ আমি উপসাগৰীয় অঞ্চলত এটা সংঘাতৰ সাক্ষী হৈছোঁ, যিয়ে ইতিমধ্যে কঠিন হৈ থকা পৰিস্থিতিটোক অধিক জটিল কৰি তুলিছে। চলি থকা শত্ৰুতামূলক কাৰ্যকলাপৰ বাবে আমি গভীৰভাৱে উদ্বিগ্ন।”
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮১সংখ্যক উচ্চপৰ্যায়ৰ অধিৱেশনৰ সাধাৰণ বিতৰ্কত ভাৰতৰ ৰাষ্ট্ৰীয় বক্তব্য প্ৰদান কৰি জয়শংকৰে চলিত সংঘাতৰ মাজত আন্তঃৰাষ্ট্ৰীয় জলপথেৰে যাত্ৰা কৰা বাণিজ্যিক জাহাজ আৰু নাৱিকসকলক লক্ষ্য কৰি চলোৱা আক্ৰমণৰ বিষয়টো বিশেষভাৱে উত্থাপন কৰে। প্ৰাণহানিৰ কাৰণ হোৱা এনে আক্ৰমণক তেওঁ “একেবাৰেই গ্ৰহণযোগ্য নহয়” বুলি মন্তব্য কৰে।
ভাৰতে সকলো পক্ষকে সংযম অৱলম্বন, উত্তেজনা হ্ৰাস, সাধাৰণ নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে শক্তি আৰু বাণিজ্যৰ নিৰৱচ্ছিন্ন প্ৰবাহ বজাই ৰাখিবলৈ আহ্বান জনায়।
জয়শংকৰে কয়, “সাগৰীয় ক্ষেত্ৰত নতুন প্ৰত্যাহ্বানসমূহে স্থলভাগত দীৰ্ঘদিন ধৰি চলি অহা সমস্যাসমূহৰ সৈতে আৰু অধিক জটিলতা যোগ কৰিছে। উপসাগৰীয় অঞ্চলৰ লগতে লোহিত সাগৰৰ পৰা কৃষ্ণ সাগৰলৈ বাণিজ্যিক জাহাজ আৰু নাৱিকসকলৰ ওপৰত আক্ৰমণ চলিছে।”
তেওঁ কয় যে, ভাৰতৰ লগতে আন দেশৰ নাৱিকসকলৰো জাহাজ আৰু সাগৰীয় কৰ্মচাৰীৰ ওপৰত হোৱা এই আক্ৰমণত প্ৰাণহানি হোৱাটো “সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়”।
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাষণ দিয়াৰ এদিন পূৰ্বে জয়শংকৰ আৰু লাইবেৰিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ছাৰা বেইছ’ল’ ন্যাণ্টিয়ে ‘গ্ৰুপ অৱ ফ্ৰেণ্ডছ অন ছেফটি এণ্ড ছিকিউৰিটি অৱ শ্বিপিং এণ্ড ছিফেয়াৰাৰ্ছ’ নামৰ এক উদ্যোগৰ শুভাৰম্ভ কৰে। ২৩ খন অংশীদাৰ দেশ অন্তৰ্ভুক্ত এই উদ্যোগৰ লক্ষ্য হৈছে বাণিজ্যিক জাহাজ আৰু নাৱিকসকলক এনে অযৌক্তিকভাৱে লক্ষ্য কৰি লোৱাৰ বিৰুদ্ধে বিশ্বজনমত গঢ়ি তোলা।
জয়শংকৰে কয়, "জাহাজ আৰু নাৱিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ সৈতে যাতে কেতিয়াও আপোচ কৰা নহয়, সেয়া আমি নিশ্চিত কৰিব লাগিব। আন্তঃৰাষ্ট্ৰীয় আইন কঠোৰভাৱে পালন কৰাটো এই প্ৰচেষ্টাৰ এক অবিচ্ছেদ্য অংশ।"
‘গ্ৰুপ অৱ ফ্ৰেণ্ডছ’ৰ শুভাৰম্ভ অনুষ্ঠানত জয়শংকৰে উল্লেখ কৰিছিল যে, মাত্ৰ কেইদিনমান পূৰ্বে এণ্টিগুৱা আৰু বাৰবুডাৰ পতাকাবাহী বাল্ক কেৰিয়াৰ এমভি কেপ ডাও ওমান উপসাগৰত আক্ৰমণৰ সন্মুখীন হৈছিল। এই ঘটনাত এজন ভাৰতীয় নাৱিকৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে পানামাৰ পতাকাবাহী তেল পৰিবাহী জাহাজ এল গাইয়া হৰমুজ প্ৰণালীৰ মাজেৰে যাত্ৰা কৰি থকাৰ সময়ত আক্ৰমণৰ সন্মুখীন হৈছিল আৰু সেই ঘটনাৰ পাছত এজন ভাৰতীয় কৰ্মচাৰী সন্ধানহীন হয়।
ভাৰতে চলি থকা বিভিন্ন সংঘাত আৰু ‘সকলো বিষয়কে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা’ প্ৰৱণতাক লৈও উদ্বেগ প্ৰকাশ কৰে। দেশখনে কয় যে, ইয়াৰ প্ৰভাৱ বিশেষভাৱে গ্ল’বেল ছাউথৰ দেশসমূহত গভীৰভাৱে পৰিছে।
জয়শংকৰে কয়, “আমি যেতিয়া ইয়াত মিলিত হৈছোঁ, তেতিয়াও সংঘাত আৰু মুখামুখি অৱস্থাই আমাৰ প্ৰধান চিন্তাৰ বিষয় হৈ আছে। শান্তি বজাই ৰাখিবলৈ অক্ষমতাই কেৱল নিৰাপত্তাকে দুৰ্বল কৰা নাই, বৰং অগ্ৰগতিকো ভাবুকিৰ সন্মুখীন কৰিছে আৰু উন্নয়নৰ গতিও মন্থৰ কৰিছে।”
তেওঁ কয় যে, বিশ্বায়িত পৃথিৱীত যুদ্ধৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে অনুভূত হয় আৰু সংঘাতৰ পৰা বহু দূৰত থকা দেশসমূহেও কোনো দোষ নথকাৰ পাছতো ইয়াৰ পৰিণাম ভোগ কৰিবলগীয়া হয়।
তেওঁ কয়, “যিসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়, তেওঁলোকৰেই প্ৰায়ে সিদ্ধান্ত গ্ৰহণত আটাইতকৈ কম ভূমিকা থাকে। এই সাধাৰণ পৰিষদে বাস্তৱ পৰিস্থিতিৰ সন্মুখীন হ’বই লাগিব।” ।
তেওঁ লগতে কয়, “আমি আচলতে যি দেখি আছোঁ সেয়া হৈছে সকলো বিষয়কে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা। অত্যধিক প্ৰতিযোগিতাৰ এক মানসিকতা গঢ় লৈ উঠিছে, যিয়ে প্ৰতিষ্ঠানসমূহক দুৰ্বল কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত বাধা সৃষ্টি কৰিছে। ইয়াৰ প্ৰভাৱ বিত্তীয় ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি বজাৰত প্ৰৱেশৰ সুযোগ সংকুচিত কৰা, যোগান শৃংখলাত ব্যাঘাত জন্মোৱা আৰু প্ৰযুক্তি লাভৰ সুযোগ সীমিত কৰালৈকে বিস্তৃত হৈছে।”
সম্পদ আৰু সংযোগ ব্যৱস্থাও কৌশলগতভাৱে ব্যৱহাৰ কৰাৰ প্ৰৱণতা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে, দেশসমূহে এতিয়া বিপদ হ্ৰাস আৰু উৎসৰ বৈচিত্ৰ্যকৰণৰ ওপৰত অধিক গুৰুত্ব দিছে।
জয়শংকৰে কয়, “ইয়াৰ ফলত বিভিন্ন মাত্ৰাত তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত হ’ব পাৰে, কিন্তু সামগ্ৰিক পৰিৱেশ এতিয়া বিশ্বাস আৰু সদিচ্ছাৰ ওপৰত আধাৰিত হৈ থকা নাই।"
ভাৰতে স্পষ্ট কৰি দিয়ে যে শান্তি মানে কেৱল যুদ্ধৰ অনুপস্থিতি নহয়। জয়শংকৰে কয়, “যদি পৃথিৱীখনক নিৰন্তৰ ভাবুকি আৰু চাপৰ সন্মুখীন কৰি ৰখা হয়, তেন্তে আমি যেন এক গভীৰ খাদৰ কিনাৰত বাস কৰি আছোঁ। আৰু এটা মাত্ৰ পদক্ষেপেই আমাক সেই খাদলৈ ঠেলি দিব পাৰে। সেয়েহে স্থিৰতা, নিৰাপত্তা আৰু পূৰ্বানুমানযোগ্যতা শক্তিশালী কৰাটো অতি জৰুৰী। শান্তিৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলাৰ এইকেইটা গুৰুত্বপূৰ্ণ উপাদান। ইয়াৰে কোনো এটা দুৰ্বল হ’লে শান্তিও অনিবাৰ্যভাৱে দুৰ্বল হৈ পৰিব।"
তেওঁ কয়, “ৰাষ্ট্ৰসংঘৰ আঠটা দশকৰ পাছত এই কথাটো আমাৰ স্বাভাৱিক বোধৰ অংশ হৈ পৰিব লাগিছিল।"
ইফালে, পঞ্চম বছৰত প্ৰৱেশ কৰা ইউক্ৰেইন সংঘাতক লৈও ভাৰতে উদ্বেগ প্ৰকাশ কৰে। জয়শংকৰে আগষ্ট মাহত এছচিঅ’ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা মন্তব্যৰ কথা উল্লেখ কৰি কয় যে, “অন্তহীন যুদ্ধৰ এতিয়া অন্ত পৰিব লাগিব।”
জয়শংকৰে কয়, “শান্তি স্থাপনৰ বাবে চলি থকা উদ্যোগসমূহক ভাৰতে সমৰ্থন কৰে। এই প্ৰচেষ্টা চলি থকাৰ মাজতে নাৱিকসকলৰ সুৰক্ষা আৰু খাদ্যশস্য তথা শক্তিৰ যোগান নিশ্চিত কৰাৰ জৰুৰী প্ৰয়োজন আছে। বিশেষকৈ খাদ্য আৰু শক্তি নিৰাপত্তাৰ ক্ষেত্ৰত পৰিস্থিতি উন্নত কৰিবলৈ যিমানখিনি সম্ভৱ, সিমানখিনি কৰিবলৈ ভাৰতে সাজু।”
পশ্চিম এছিয়াত চলি থকা উত্তেজনা আৰু হিংসাক লৈও তেওঁ উদ্বেগ প্ৰকাশ কৰি পৰিস্থিতিক দুখজনক বুলি অভিহিত কৰে। তেওঁ কয়, “আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে, দীৰ্ঘস্থায়ী আৰু স্থায়ী শান্তিৰ বাবে দুখন ৰাষ্ট্ৰৰ সমাধান প্ৰয়োজনীয়। ইফালে, পেলেষ্টাইনৰ জনসাধাৰণৰ বাবে মানৱীয় সাহায্য আৰু উদ্ধাৰ অভিযানত ভাৰতে সহায় আগবঢ়াই আছে।"
বিশ্বজুৰি চলি থকা সংঘাতৰ মাজত গ্ল’বেল ছাউথৰ দেশসমূহে বিশেষভাৱে কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱা বুলি তেওঁ উল্লেখ কৰে। জয়শংকৰে কয়, “গ্ল’বেল ছাউথে খাদ্য, ইন্ধন, সাৰ আৰু বিত্তীয় নিৰাপত্তাৰ সংকট আদি ৪এফ সংকটৰ সন্মুখীন হৈছে। ছুপাৰ এল নিনোৰ সামগ্ৰিক প্ৰভাৱ, সাৰৰ অভাৱ আৰু এতিয়া খাদ্যশস্যৰ পৰিবহণত সৃষ্টি হোৱা বাধাই উদ্বেগৰ সৃষ্টি কৰিছে।”
তেওঁ লগতে কয়, “অ-বজাৰভিত্তিক পদ্ধতি আৰু বজাৰত প্ৰৱেশৰ সুযোগ সীমিত কৰাৰ ফলত গ্ল’বেল ছাউথৰ ঔদ্যোগিক বিকাশৰ অধিকাৰো ক্ষতিগ্ৰস্ত হৈছে। আশাৰ সঞ্চাৰ কৰিবলগীয়া প্ৰযুক্তিৰ অগ্ৰগতি এতিয়া উদ্বেগৰ কাৰণ হৈ পৰিছে। কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰে পক্ষপাতিত্ব অধিক তীব্ৰ কৰাৰ লগতে পাৰস্পৰিক সন্মানৰ ভেটিও দুৰ্বল কৰিছে। এনে প্ৰৱণতাই ৰাষ্ট্ৰসংঘৰ লক্ষ্য আৰু উদ্দেশ্যৰ বাবে শুভ সংকেত বহন নকৰে।”