এতিয়াৰে পৰা চীনৰ নাগৰিকে নিজৰ ধৰ্মীয় বিশ্বাস সম্পৰ্কে তথ্য প্ৰদান কৰাটো বাধ্যতামূলক

Story by  atv | Posted by  [email protected] • 1 Months ago
চীন
চীন
 
নতুন দিল্লী
 
চীনা কমিউনিষ্ট পাৰ্টি চমুকৈ চি চি পিয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ৰাজহুৱা কৰ্মস্থলী আৰু শিক্ষা প্ৰতিষ্ঠানসমূহত ধৰ্মীয় পটভূমিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ প্রক্রিয়া ইতিমধ্যে আৰম্ভ কৰিছে চি চি পিয়ে। ইতিমধ্যে ইয়াক লৈ জৰীপো আৰম্ভ কৰিছে।
 
এক প্ৰতিবেদন অনুসৰি, চেংডুৰ এখন ৰাজহুৱা হাস্পতালত কৰ্মচাৰীসকলক নিজৰ ধৰ্মীয় বিশ্বাস প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে। লগতে শিক্ষা বিষয়াসকলকো এই আওতাত ৰাখি ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ ধৰ্মীয় পটভূমিৰ তথ্য সংগ্ৰহ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
 
প্ৰকাশিত অভ্যন্তৰীণ নথি-পত্ৰ আৰু সংশ্লিষ্ট ব্যক্তিৰ সূত্ৰ অনুসৰি, হাস্পতালখনত স্থায়ী, চুক্তিবদ্ধ আৰু অস্থায়ী—সকলো ধৰণৰ কৰ্মচাৰীয়ে নিজৰ ধৰ্মীয় বিশ্বাস সম্পৰ্কে তথ্য প্ৰদান কৰাটো বাধ্যতামূলক কৰা হৈছে। এই জৰীপত কোনো এজন ব্যক্তিকো বাদ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়া হৈছে।
 
নিয়ম অনুসৰি, কোনো ধৰ্মৰ সৈতে জড়িত নথকা কৰ্মচাৰীসকলেও ধৰ্মীয় বিশ্বাস নাই বুলি নাম পঞ্জীয়ন কৰিব লাগিব। চীনা কমিউনিষ্ট পাৰ্টিৰ সদস্যসকলৰ বাবে যিকোনো ধৰ্ম পালন কৰাতো একেবাৰে নিষিদ্ধ। একেদৰে শিক্ষাখণ্ডতো এনে নীতি প্ৰয়োগ কৰা হৈছে।


শেহতীয়া খবৰ