নতুন দিল্লী
ভাৰতৰ পেট্ৰ'লত ইথানল মিহলি কৰাৰ বাবেই পেট্ৰ'ল ক্ৰয় কৰিবলৈ অস্বীকাৰ কৰিছে ভূটানে। বর্তমান তেওঁলোকে ভাৰতৰ E20 পেট্রল কিনিবলৈ সন্মত নহয়। বৰঞ্চ নিয়মীয়া পেট্র'ল উপলব্ধ হ'লে সেই ইন্ধন যোগান ধৰিবলৈ অনুৰোধ জনাইছে।
ভূটানৰ বাতৰি কাকত দ্য ভুটানিজৰ এক প্রতিবেদন অনুসৰি ভাৰতীয় তেল বিপণন কোম্পানীয়ে ভূটানক E20 ইন্ধন যোগান ধৰাৰ প্ৰস্তাৱ দিছিল। কিন্তু ভূটানৰ বাণিজ্য বিভাগে এই প্ৰস্তাৱ গ্ৰহণ নকৰিলে। কাৰণ, তেওঁলোকে আশংকা কৰে যে বৰ্তমানৰ পৰিস্থিতিত E20 ইন্ধন ব্যৱহাৰ কৰিলে ইয়াৰ সংৰক্ষণ আৰু বাহনৰ কার্য্যক্ষমতা দুয়োটাতে সমস্যাৰ সৃষ্টি হ'ব পাৰে।
ভূটানৰ অধিকাংশ ইন্ধন সংৰক্ষণ টেংক মাটিৰ তলত নিৰ্মাণ কৰা হয়। এই পুৰণি টেংকবোৰত পানী সোমোৱাৰ আশংকা থাকে। আৰু E20 পেট্ৰ’লৰ ডাঙৰ চিন্তাটো তাতেই নিহিত হৈ আছে। কাৰণ, ইথানলে বতাহৰ পৰা আৰ্দ্ৰতা সহজে শোষণ কৰে। ফলত টেংকত অলপ পানী সোমাই গ’লেও ই-২০ ইন্ধনৰ মানদণ্ড সোনকালে অৱনতি ঘটাৰ সম্ভাৱনা থাকে।
বিশেষজ্ঞসকলৰ মতে ইথানলত থকা হাইড্ৰক্সিল গ্ৰুপৰ বাবে ই অতি হাইগ্ৰ’স্কোপিক। অৰ্থাৎ পৰিৱেশৰ পৰা আৰ্দ্ৰতা সহজে আকৰ্ষণ কৰে। ফলত ইন্ধনৰ লগত পানী মিহলি কৰিলে সহজে পৃথক কৰিব নোৱাৰি। ইয়াৰ ফলত ইন্ধনৰ মান হ্ৰাস হোৱাই নহয়, ষ্টীলৰ টেংক আৰু পাইপলাইনত মামৰ ধৰাৰ আশংকাও বৃদ্ধি পায়। দীৰ্ঘকালীনভাৱে ইয়াৰ ফলত গাড়ীৰ ইঞ্জিন আৰু কৰ্যক্ষমতাত প্ৰভাৱ পৰিব পাৰে।
পাহাৰীয়া অঞ্চলত বাইক চলাবলৈ অলপ বেছি টৰ্কৰ প্ৰয়োজন হয়। থিয় ৰাস্তাত উঠিব লগা হয়। তেনে ক্ষেত্ৰত ইঞ্জিনৰ কাৰ্য্যক্ষমতা অতি গুৰুত্বপূৰ্ণ। ভূটানে আশংকা কৰিছে যে ই-২০ পেট্ৰ’লত গাড়ীৰ পিকআপ হ্ৰাস পাব।
তদুপৰি ভূটানৰ অধিকাংশ ইন্ধন ডিপো এনে অঞ্চলত আছে য’ত আৰ্দ্ৰতা অতি বেছি। ফলত টেংকিত ঘনীভূতকৰণ বা জলীয় বাষ্প জমা হোৱাত বাধা দিয়াটো কঠিন হৈ পৰে। এই কাৰণেই দেশৰ প্ৰশাসনে E20 ইন্ধন মজুত কৰাটো বিপদজনক বুলি বিবেচনা কৰে।
বৰ্তমান ভূটানে ভাৰতৰ পৰা উচ্চমানৰ এক্সপোৰ্ট গ্ৰেড পেট্ৰ’ল আৰু ডিজেল আমদানি কৰে। ভাৰতত নিয়মীয়া পেট্ৰ’ল পাম্পত বিক্ৰী হোৱা ইন্ধনতকৈ এই ইন্ধনৰ দাম বেছি। কিন্তু ভূটানৰ বাণিজ্য বিভাগে ভাৰতীয় কোম্পানী আই অ’ চি এল, বি পি চি এল আৰু এইচ পি চি এলৰ E20 যোগান ধৰাৰ প্ৰস্তাৱক স্পষ্টভাৱে নাকচ কৰিছে।