সুৰৰ যাদুকৰী ৰাফা ইয়াছমিন এতিয়া মালদা আৰক্ষীৰ 'ছাইবাৰ ছেফটী এম্বেছেডৰ'

Story by  atv | Posted by  Munni Begum • 4 h ago
ৰাফা ইয়াছমিন
ৰাফা ইয়াছমিন
 
শম্পী চক্ৰৱৰ্তী পুৰকায়স্থ 
 
পশ্চিমবংগৰ মালদা জিলাৰ হায়দৰপুৰ অঞ্চলৰ কিশোৰী শিল্পী ৰাফা ইয়াছমিন আজি কেৱল এগৰাকী প্ৰতিভাশালী গায়িকায়েই নহয়, তেওঁ নতুন প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ এক প্ৰতীক। সুৰৰ জগতত নিজৰ অসাধাৰণ প্ৰতিভাৰে বহু আগতেই তেওঁ বংগৰ সীমা অতিক্ৰম কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিতি লাভ কৰিছে। এইবাৰ তেওঁৰ সাফল্যৰ মুকুটত সংযোজিত হ'ল আন এক গৌৰৱৰ প্ৰতীক- মালদাহ জিলা আৰক্ষীৰ তৰফৰ পৰা তেওঁক 'ছাইবাৰ ছেফটী এম্বেছেডৰ' অৰ্থাৎ ছাইবাৰ নিৰাপত্তাৰ দূত হিচাপে ঘোষণা কৰা হৈছে।
 
অতি কম বয়সতেই ৰাফাই প্ৰমাণ কৰিছে যে প্ৰতিভা, অধ্যৱসায় আৰু দায়িত্ববোধ একেলগে থাকিলে সাফল্যৰ পথ বহুদূৰলৈকে প্ৰসাৰিত হয়। ২০০৯ চনৰ ১৬ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা ৰাফাৰ সংগীতৰ সৈতে সম্পৰ্ক অতি কম বয়সৰ পৰাই আৰম্ভ হৈছিল। মাত্ৰ আঢ়ৈ বছৰ বয়সৰ পৰাই তেওঁৰ সংগীত শিক্ষাৰ পাতনি মেলে। ভাৰতীয় শাস্ত্ৰীয় সংগীত, ৰবীন্দ্ৰসংগীত আৰু নজৰুলগীতিৰ প্ৰাৰম্ভিক শিক্ষা তেওঁ মালদাতেই গ্ৰহণ কৰে। সৰুৰে পৰাই স্থানীয় বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁ নিজৰ প্ৰতিভাৰ স্বাক্ষৰ ৰাখিবলৈ আৰম্ভ কৰিছিল।
 
আশা ভোছলেৰ সৈতে ৰাফা ইয়াছমিন
 
ৰাফাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো ডাঙৰ সাফল্য আহে 'অল ইণ্ডিয়া টেলেণ্ট ছাৰ্চ এণ্ড মেৰিট টেষ্ট' প্ৰতিযোগিতাত, য'ত তেওঁ একাধিক শাখাত স্বৰ্ণপদক অৰ্জন কৰে। জোড়াসাঁকোৰ ঠাকুৰবাৰীত ৰবীন্দ্ৰনাথ ঠাকুৰৰ স্মৃতিবিজড়িত মঞ্চত তেওঁৰ বঁটা গ্ৰহণ আৰু সংগীত পৰিৱেশন আছিল তেওঁৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অধ্যায়।
 
২০১৯ চনত জনপ্ৰিয় বঙালী টেলিভিছন ৰিয়েলিটী শ্ব' 'ছুপাৰ ছিংগাৰ জুনিয়ৰ'ত অংশগ্ৰহণৰ জৰিয়তে ৰাফা ঘৰে ঘৰে পৰিচিত হৈ পৰে। তাত তেওঁৰ সুৰীয়া কণ্ঠ আৰু আত্মবিশ্বাসী পৰিৱেশনে দৰ্শকৰ মন জয় কৰে। ইয়াৰ পাছত ২০২০ চনত ষ্টাৰ প্লাছৰ ৰাষ্ট্ৰীয় মঞ্চ 'তাৰে জমীন পৰ'ত অংশ লৈ তেওঁ সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰে। শংকৰ মহাদেৱন, জনিতা গান্ধীৰ দৰে বিশিষ্ট শিল্পীৰ উপস্থিতিত তেওঁৰ পৰিৱেশনে তেওঁক অধিক জনপ্ৰিয় কৰি তোলে।
 
অৱশ্যে ৰাফাৰ কেৰিয়াৰৰ অন্যতম ডাঙৰ টাৰ্নিং পইণ্ট আহে ২০২২ চনত 'সা ৰে গা মা পা লিটল চেম্পছ'ত অংশগ্ৰহণৰ জৰিয়তে। মুম্বাইৰ এই বিশাল মঞ্চত তেওঁৰ অনন্য কণ্ঠ, শাস্ত্ৰীয় সুৰৰ ভেটি, আধুনিক উপস্থাপন আৰু মঞ্চ দখলৰ ক্ষমতাই বিচাৰকৰ পৰা আৰম্ভ কৰি দৰ্শকলৈ, সকলোকে মুগ্ধ কৰে। কিংবদন্তি কুমাৰ শানু, জিৎ গাংগুলীৰ দৰে তাৰকাই উৎসাহেৰে তেওঁৰ প্ৰতিভাৰ প্ৰশংসা কৰে। বঁটা হিচাপে গীটাৰ লাভ কৰাটো আছিল তেওঁৰ সংগীত জীৱনৰ এক স্মৰণীয় স্বীকৃতি। প্ৰতিযোগিতাত পঞ্চম ৰানাৰ্ছ আপ বা ষষ্ঠ স্থান অৰ্জন কৰিলেও মানুহৰ হৃদয়ত তেওঁ এক সুউচ্চ স্থান জয় কৰে।
 
ৰাফা ইয়াছমিন অৰিজিত সিঙৰ সৈতে
 
মুম্বাইৰ পৰা মালদালৈ ঘূৰি অহাৰ পাছত ৰাফাক লৈ মানুহৰ মাজত উৎসাহ-উদ্দীপনা আছিল চকুত লগা ধৰণৰ। সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক নেতৃবৰ্গলৈ, সকলোৱে তেওঁক সম্বৰ্ধনা জনায়। ৰাজ্যৰ মন্ত্ৰী ছাবিনা ইয়াছমিনে তেওঁৰ বাসগৃহলৈ গৈ ৰাফাক সন্মান জনাই কয় যে, এসময়ত গনি খান চৌধুৰীয়ে যিদৰে মালদাৰ নাম সমগ্ৰ দেশত পৰিচিত কৰিছিল, আজি সেই একেই কাম নতুনকৈ কৰিছে ৰাফা ইয়াছমিনে তেওঁৰ সুৰৰ জৰিয়তে।
 
ৰাফাৰ সাফল্য কেৱল টেলিভিছনৰ মঞ্চতেই সীমাবদ্ধ নহয়। তেওঁ ভাৰতীয় শাস্ত্ৰীয়, পপ, ৰক, লোকসংগীতকে ধৰি নানা ধাৰাত নিজকে ক্ৰমাগতভাৱে বিকশিত কৰিছে। লাইভ কনচাৰ্ট, সাংস্কৃতিক অনুষ্ঠান আৰু নিজস্ব গান প্ৰকাশৰ জৰিয়তেও তেওঁ নিজৰ পৰিচিতি অধিক বিস্তৃত কৰিছে। অনুৰাগীসকলে তেওঁক “মেলডী কুইন”, “ৰকষ্টাৰ”, “এক্সপ্ৰেছন কুইন” আদি নানা বিশেষণেৰে বিভূষিত কৰিছে।
 
এই দীৰ্ঘদিনীয়া সাফল্যৰ যাত্ৰাপথত ২০২৫ চনত তেওঁৰ জীৱনলৈ আহে নতুন এক সামাজিক দায়িত্ব। মালদা জিলা আৰক্ষীয়ে তেওঁক 'ছাইবাৰ ছেফটী এম্বেছেডৰ' হিচাপে নিযুক্তি দিয়ে। বৰ্তমানৰ ডিজিটেল যুগত য'ত ছাইবাৰ অপৰাধ, অনলাইন প্ৰতাৰণা আৰু ছ'চিয়েল মিডিয়াৰ বিপদাশংকা ক্ৰমান্বয়ে বৃদ্ধি পাইছে, তেনে সময়ত তৰুণ সমাজৰ মাজত ৰাফাৰ দৰে জনপ্ৰিয় মুখৰ এই ভূমিকা অত্যন্ত তাৎপৰ্যপূৰ্ণ। তেওঁৰ জনপ্ৰিয়তা আৰু ছ'চিয়েল মিডিয়াৰ প্ৰভাৱক কামত লগাই ছাইবাৰ সজাগতাৰ বাৰ্তা অধিক মানুহৰ কাষলৈ লৈ যোৱাই হৈছে এই পদক্ষেপৰ মূল লক্ষ্য।
 
ৰাফা ইয়াছমিন
 
ৰাফা ইয়াছমিনৰ জীৱনগাথাই প্ৰমাণ কৰে যে এগৰাকী শিল্পী কেৱল বিনোদনৰ মাধ্যমেই নহয়, তেওঁ সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী দূতো হ'ব পাৰে। সুৰৰ মাধুৰ্যৰে তেওঁ যিদৰে লাখ লাখ মানুহৰ হৃদয় জয় কৰিছে, ঠিক সেইদৰে এতিয়া এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে সমাজখনক নিৰাপদ আৰু সজাগ কৰাৰ বাৰ্তাও কঢ়িয়াই লৈ ফুৰিছে। 
 
মালদাৰ এই কিশোৰীগৰাকী আজি সঁচাকৈয়ে জিলাখনৰ গৌৰৱ, বংগৰ অহংকাৰ আৰু নতুন প্ৰজন্মৰ বাবে সপোন পূৰণৰ এক উজ্জ্বল নিদৰ্শন। তেওঁৰ কণ্ঠত যিদৰে সুৰৰ শক্তি নিহিত হৈ আছে, ঠিক সেইদৰে তেওঁৰ পথপৰিক্ৰমাতো ফুটি উঠিছে অধ্যৱসায়, প্ৰতিভা আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ এক অনন্য সমন্বয়।