টিউচনৰ ধনেৰে চুটি ছবি নিৰ্মাণ কৰি সমাজক ইতিবাচক বাৰ্তা দিয়া বাইহাটা চাৰিআলিৰ আমিনুল হক

Story by  Ariful Islam | Posted by  Munni Begum • 14 h ago
তথ্যচিত্ৰত অভিনয়ৰ সময়ত আমিনুল হক
তথ্যচিত্ৰত অভিনয়ৰ সময়ত আমিনুল হক
 
আৰিফুল ইছলাম / গুৱাহাটী
 
জীৱনৰ একা-বেঁকা পথত ভাগৰি নপৰা এজন যুৱক। টিউচন কৰি পোৱা পইচাৰে সময়োপযোগী চুটি ছবি নিৰ্মাণ কৰি সমাজক ইতিবাচক বাৰ্তা দিবলৈ প্ৰয়াস কৰি আহিছে উচ্চশিক্ষিত যুৱক আমিনুল হকে। যুৱক প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস বাইহাটা চাৰিআলিৰ প্ৰতিভাৱান যুৱকজনে বিভিন্ন প্ৰত্যাহ্বান নেওচি চিনেমা জগতত প্ৰতিষ্ঠিত হোৱাৰ সপোন পূৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। হাজাৰ প্ৰত্যাহ্বান নেওচি চলচ্চিত্ৰ জগতত নিজকে প্ৰতিষ্ঠা কৰাৰ যুঁজত অৱতীৰ্ণ হোৱা প্ৰতিভাৱান আমিনুল এতিয়া নৱপ্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস।
 
'জখলা প্ৰডাকচন' নামৰ নিজা ইউটিউব চেনেলৰ জৰিয়তে আমিনুলে ইতিমধ্যে বহুকেইখন সমাজ সচেতনমূলক ছবি দৰ্শকৰ মাজলৈ আগবঢ়াই দিছে। তেওঁৰ প্ৰতিখন ছবিয়েই সমাজৰ বাবে একোটা সুন্দৰ বাৰ্তা কঢ়িয়াই আনে। ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ পিছতো আজিও তেওঁৰ ইউটিউব চেনেলটো ‘মনিটাইজ’ হোৱা নাই। যাৰ ফলস্বৰূপে, ইউটিউবৰ পৰা তেওঁ এতিয়ালৈকে কোনো অৰ্থিক উপাৰ্জন কৰিব পৰা নাই। তথাপি নিজৰ লক্ষ্যৰ পৰা বিচ্যুত হোৱা নাই আমিনুল। মানদণ্ডৰ ক্ষেত্ৰত কোনো আপোচ নকৰা এইগৰাকী নিৰ্মাতাই প্ৰতিখন উন্নতমানৰ ছবি নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা বৃহৎ ধনৰাশি নিজেই টিউচন কৰি আৰু বাটৰ নাট পৰিৱেশন কৰি সংগ্ৰহ কৰি আহিছে।
 
গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগত আমিনুলৰ তথ্যচিত্ৰ প্ৰদৰ্শন
 
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আমিনুল হকে কয়; "এতিয়া মোৰ আহিবলগীয়া কামৰ ভিতৰত এখন গানৰ এলবাম আছে। পাঁচটা গীতেৰে প্ৰস্তুত কৰা হ'ব 'খোজ' নামৰ এলবামটো। ইতিমধ্যে 'দ্য টেল ছিৰিজ' নামেৰে ১০ চুটি ছবিৰ কাম কৰি আছো। তাৰে ভিতৰত ৫ খন চুটি ছবি ইতিমধ্যেই ইউটিউবত দিয়া হৈছে। ইয়াৰ পিছত 'অলোহা' নামেৰে মোৰ এখন ডাঙৰ ছবি আহি আছে। এঘণ্টাৰো অধিক সময় দৈৰ্ঘ্যৰ হ'ব ছবিখন। ইতিমধ্যেই ছবিখনৰ স্ক্ৰিপ্ট প্ৰস্তুত হৈ উঠিছে।"
 
'আৱাজ - দ্য ভইচ'ৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত আমিনুলে তেওঁৰ ভৱিষ্যত পৰিকল্পনাৰ কথা সদৰী কৰে। তেওঁ জনোৱা মতে, বৰ্তমান 'খোজ' নামৰ এটা গীতৰ এলবামৰ প্ৰস্তুতি চলি আছে, য'ত সন্নিৱিষ্ট থাকিব পাঁচটা গীত। তেওঁ কয়, ‘‘এতিয়া মোৰ আহিবলগীয়া কামৰ ভিতৰত এটা গানৰ এলবাম আছে। পাঁচটা গীতেৰে প্ৰস্তুত কৰা হ'ব 'খোজ' নামৰ এলবামটো। ইতিমধ্যে 'দ্য টেল ছিৰিজ' নামেৰে ১০ চুটি ছবিৰ কাম কৰি আছো। তাৰে ভিতৰত ৫ খন চুটি ছবি ইতিমধ্যেই ইউটিউবত দিয়া হৈছে। ইয়াৰ পিছত 'অলোহা' নামেৰে মোৰ এখন ডাঙৰ ছবি আহি আছে। এঘণ্টাৰো অধিক সময় দৈৰ্ঘ্যৰ হ'ব ছবিখন। ইতিমধ্যেই ছবিখনৰ স্ক্ৰিপ্ট প্ৰস্তুত হৈ উঠিছে।"
 
শিক্ষাগত অৰ্হতাৰ দিশৰ পৰাও আমিনুল যথেষ্ট মেধাৱী। পূব কামৰূপ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পিছত তেওঁ ২০১৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 
 
সময় উপযোগী চুটিছবিৰে সমাজক বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে আমিনুল হকে। সমাজত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস আৰু নৱপ্ৰজন্মক ক্ৰমান্বয়ে ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া ড্ৰাগছকে ধৰি অন্যান্য নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে চুটি ছবি নিৰ্মাণ কৰিছে আমিনুল হকে। 'জখলা প্ৰডাকচন' নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে প্ৰকাশ কৰিছে এই চুটিছবিসমূহ। চুটিছবিৰ সমান্তৰালভাৱে কবিতা, প্ৰবন্ধ আৰু নাটক ৰচনাৰ ক্ষেত্ৰতো তেওঁৰ বিশেষ দখল আছে। চৰকাৰী চাকৰিলৈ বাট নাচাই, ছবি নিৰ্মাতা হোৱাৰ মন আমিনুলৰ। ইতিমধ্যে বহুকেইখন ছবিয়ে চৰকাৰী প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ ভয়াৱহতাৰ ওপৰত নিৰ্মাণ কৰা তেওঁৰ 'দ্যা ছাইলেণ্ট কিলাৰ' নামৰ চুটিছবিখনে দৰ্শকৰ ব্যাপক সমাদৰ লাভ কৰাৰ লগতে কামৰূপ গ্ৰাম্য জিলা উপায়ুক্তৰ কাৰ্যালয়তো ইয়াক প্ৰদৰ্শন কৰা হয়, যিটো তেওঁৰ বাবে এক ডাঙৰ সাফল্য।
 
গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাতেই আমিনুলে চুটিছবি নিৰ্মাণৰ পাতনি মেলিছিল। যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ পাঠ্যক্ৰমৰ অংশ হিচাপে সহপাঠীসকলৰ সৈতে মিলি তেওঁ ছবি নিৰ্মাণৰ প্ৰাথমিক জ্ঞান আহৰণ কৰিছিল। ছাত্ৰ অৱস্থাতে অসমৰ চৰ-চাপৰি অঞ্চলৰ জীৱন-ধাৰণৰ ওপৰত তেওঁ নিজৰ প্ৰথমখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। আমিনুলৰ প্ৰথমখন চুটিছবি আছিল 'মৰীচিকাৰ ৰং', যাক নিৰ্মাণ কৰিবলৈ তেওঁৰ খৰচ হৈছিল মাত্ৰ ৫০০ টকা। কিন্তু বৰ্তমান মানদণ্ডৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ প্ৰতিখন ছবি নিৰ্মাণত প্ৰায় ৫০-ৰ পৰা ৭০ হাজাৰ টকাকৈ ব্যয় হয়।
 
আমিনুলৰ তথ্যচিত্ৰত অভিনয় কৰা যুৱক-যুৱতীসকল
 
জীৱনৰ সংগ্ৰামৰ কথা সুঁৱৰি আমিনুলে কয়, "স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত মই আন দহজনৰ দৰেই চাকৰিৰ সন্ধান কৰিছিলোঁ। প্ৰায় সকলোবোৰ মিডিয়া চেনেললৈ গৈছিলোঁ, কিন্তু সফলতা লাভ নকৰিলোঁ। এদিন মই আৰু মোৰ বন্ধু কুলদ্বীপ একেলগে বহি ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিছিলোঁ। তেতিয়াই আমি নিজাববীয়াকৈ কিবা এটা কাম হাতত লোৱাৰ সিদ্ধান্ত লৈছিলোঁ। সেই সিদ্ধান্তৰ ফচল হিচাপেই প্ৰথম চুটিছবি 'মৰীচিকাৰ ৰং' নিৰ্মাণ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা আজিলৈকে থমকি ৰোৱা নাই। পৰৱৰ্তী সময়ত মই চাকৰিৰ সুযোগ পাইছিলোঁ যদিও, সৃষ্টিশীল কামৰ স্বাৰ্থতেই চাকৰি নকৰিলোঁ।"
 
ছবিৰ বিষয়বস্তুৰ কথা উল্লেখ  কৰি আমিনুল হকে কয়; "বৰ্তমান সস্তীয়া বস্তু বেছি চলে। সস্তীয়া গান এটা বা সস্তীয়া চিনেমা এখন বহুত মানুহে চাই। কমেডিৰো বহুত সস্তীয়া কমেডি চলে। ভাল গান এটা বা ভাল ভিডিঅ' এটাৰ দাম কম। মই বহুখিনি পঢ়া শুনা কৰা লৰা, গতিকে সস্তীয়া চুটিছবি এখন নিৰ্মান কৰিব নোৱাৰো। লাইক আৰু ভিউছৰ লোভত মগজুৱে সস্তীয়া বস্তু বনাব নকয়। সমাজৰ মুখ্য সমস্যা বা গুৰুত্বপূৰ্ণ বিষয়বস্তু সমূহৰ ওপৰত চুটিছবি নিৰ্মাণ কৰিব চেষ্টা কৰিছোঁ আৰু কৰি আছোঁ। চুটিছবিৰ জৰিয়তে সমাজৰ প্ৰতি থকা নিজৰ দায়িত্ব পালন কৰিব চেষ্টা কৰিছোঁ। আমি বিভিন্ন ভাল ভাল বিষয়ৰ ওপৰত কবিতাৰ জৰিয়তেও মোৰ চেনেলত প্ৰকাশ কৰোঁ।"
 
বৰ্তমানৰ ডিজিটেল যুগত ছ’চিয়েল মিডিয়াত লাইক আৰু ভিউছৰ প্ৰতিযোগিতাই বহুতকে বিপথে পৰিচালিত কৰিছে। এই সন্দৰ্ভত আমিনুলৰ স্থিতি অতি স্পষ্ট। তেওঁ কয়; "বৰ্তমান সস্তীয়া বস্তু বেছি চলে। সস্তীয়া গান এটা বা সস্তীয়া চিনেমা এখন বহুত মানুহে চায়। কমেডিৰো বহুত সস্তীয়া কমেডি চলে। ভাল গান এটা বা ভাল ভিডিঅ' এটাৰ দাম কম। মই বহুখিনি পঢ়া শুনা কৰা ল’ৰা, গতিকে সস্তীয়া চুটিছবি এখন নিৰ্মাণ কৰিব নোৱাৰো। লাইক আৰু ভিউছৰ লোভত মগজুৱে সস্তীয়া বস্তু সৃষ্টি কৰিবলৈ অনুমতি নিদিয়ে। সমাজৰ মুখ্য সমস্যা বা গুৰুত্বপূৰ্ণ বিষয়বস্তু সমূহৰ ওপৰত চুটিছবি নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু কৰি আছোঁ। চুটিছবিৰ জৰিয়তে সমাজৰ প্ৰতি থকা নিজৰ দায়িত্ব পালন কৰিব চেষ্টা কৰিছোঁ। আমি বিভিন্ন ভাল ভাল বিষয়ৰ ওপৰত কবিতাৰ জৰিয়তেও মোৰ চেনেলত প্ৰকাশ কৰোঁ।" 
 
তেওঁৰ এই বৌদ্ধিক আৰু সৃষ্টিশীল সংগ্ৰাম অনাগত দিনত আন বহু যুৱক-যুৱতীৰ বাবে যে এক প্ৰকৃত পথপ্ৰদৰ্শক হৈ ৰ'ব, সেয়া নিশ্চিত।