নৰৱে'ৰ সৰ্বোচ্চ সন্মান "ৰয়েল নৰৱে'জিয়ান অৰ্ডাৰ অৱ মেৰিটৰ গ্ৰেণ্ড ক্ৰছ" প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক
অছল'/নৰৱে'
সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৰৱে'ৰ প্ৰধানমন্ত্ৰী জ'নাছ গাৰ ষ্ট'ৰৰ সৈতে নৰৱে'ৰ অছল'ৰ আকেৰ্শ্বাছ দুৰ্গ পৰিদৰ্শন কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে অছল'ৰ ৰয়েল পেলেচত নৰৱে'ৰ ৰজা পঞ্চম হাৰাল্ডক সাক্ষাৎ কৰি ভাৰত আৰু নৰৱে'ৰ মাজত শক্তিশালী আৰু দীৰ্ঘদিনীয়া সম্পৰ্ক পুনৰ দৃঢ় কৰে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰী মোদীক নৰৱে'ৰ সৰ্বোচ্চ সন্মান "ৰয়েল নৰৱে'জিয়ান অৰ্ডাৰ অৱ মেৰিটৰ গ্ৰেণ্ড ক্ৰছ" প্ৰদান কৰে ৰজা হাৰাল্ড পঞ্চমে। গ্ৰেণ্ড ক্ৰছ হৈছে ৰয়েল নৰৱে'জিয়ান অৰ্ডাৰ অৱ মেৰিটৰ সৰ্বোচ্চ সন্মান আৰু ইয়াক নৰৱে' আৰু আন্তঃৰাষ্ট্ৰীয় সমাজৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ দিশত অসাধাৰণ সেৱা আৰু অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰদান কৰা হয়।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতবাসীৰ হৈ শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰাৰ লগতে বৈঠকৰ সময়ত নৰৱে'ৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ শলাগ লয়। গণতন্ত্ৰ, আইনী শাসন আৰু জনকেন্দ্ৰিক শাসন ব্যৱস্থাৰ দৰে বিষয়সমূহৰ মূল্যবোধৰ মাজত ভাৰত-নৰৱে'ৰ অংশীদাৰিত্ব অব্যাহত আছে বুলি আঙুলিয়াই দিয়ে নেতা দুগৰাকীয়ে।
আনুষ্ঠানিক বিবৃতিটোতউল্লেখ কৰা হৈছে, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অছল'ৰ ৰয়েল পেলেচত নৰৱে'ৰ ৰজা পঞ্চম হাৰাল্ডৰ সৈতে বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জনসাধাৰণৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। তেওঁ নৰৱে'ৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ শলাগ লৈ ভাৰত আৰু নৰৱে'ৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্ব অধিক শক্তিশালী হৈ আছে বুলি কয়৷ গণতন্ত্ৰ, আইনৰ শাসন, আৰু জনকেন্দ্ৰিক শাসন ব্যৱস্থাৰ মূল্যবোধৰ ওপৰতো আলোকপাত কৰে।"
বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে যে, প্ৰধানমন্ত্ৰী মোদী আৰু পঞ্চম ৰজা হাৰাল্ডে বিভিন্ন খণ্ডত বিশেষকৈ নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতীয় আৰু নৰৱে'ৰ কোম্পানীসমূহে কৰা অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে। এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ সন্মানত পঞ্চম ৰজা হাৰাল্ডে আয়োজন কৰা দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে৷ নৰৱে'ৰ ৰজাগৰাকীক তেওঁৰ প্ৰতি আগবঢ়োৱা উষ্ম আতিথ্যৰ বাবে ধন্যবাদ জনায় মোদীয়ে।
বিবৃতিটোত আৰু কোৱা হৈছে, "প্ৰধানমন্ত্ৰী মোদী আৰু ৰজা হাৰাল্ড পঞ্চমে বিভিন্ন খণ্ডত বিশেষকৈ নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতীয় আৰু নৰৱে'ৰ কোম্পানীসমূহে আগবঢ়োৱা আকৰ্ষণীয় অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে। বৈঠকৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ সন্মানত ৰজাই আয়োজন কৰা দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা হয়। প্ৰধানমন্ত্ৰীয়ে তেওঁক আগবঢ়োৱা আতিথ্যৰ বাবে ৰজাক ধন্যবাদ জনায়।"
ইফালে, পাঁচখন দেশৰ ভ্ৰমণৰ চতুৰ্থ পৰ্যায়ত বৰ্তমান নৰৱে'ত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ মঙলবাৰে তেওঁ ইটালীলৈ ৰাওনা হ’ব৷