নতুন দিল্লী
ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আলী খামেইনীৰ পুত্ৰ তথা সম্ভাৱ্য উত্তৰাধিকাৰী মোজতবা খামেইনীয়ে নিৰাপত্তাজনিত কাৰণত পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াত ব্যক্তিগতভাৱে উপস্থিত নাথাকে বুলি ভাৰতত থকা তেওঁৰ প্ৰতিনিধিয়ে জনাইছে।
সংবাদ সংস্থা এএনআইৰ প্ৰতিবেদন অনুসৰি, আয়াতুল্লাহ হাকিম এলাহীয়ে কয় যে, ইজৰাইলৰ পৰা সম্ভাৱ্য ভাবুকি আৰু নিৰীক্ষণৰ আশংকাৰ বাবে মোজতবা খামেইনীৰ ৰাজহুৱাভাৱে উপস্থিতি "অত্যন্ত বিপজ্জনক" হ'ব পাৰে।
৩৬ বছৰ ধৰি ইৰানৰ সৰ্বোচ্চ নেতা হিচাপে দায়িত্ব পালন কৰা আলী খামেইনীৰ ২৮ ফেব্ৰুৱাৰীত নিহত হৈছিল। সেইদিনাই আমেৰিকা আৰু ইজৰাইলে ইৰানত সামৰিক অভিযান আৰম্ভ কৰিছিল, যাৰ ফলত মধ্যপ্ৰাচ্যত যুদ্ধৰ সূচনা হয়।
আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াৰ আনুষ্ঠানিকতা ৪ জুলাইত তেহৰানত আৰম্ভ হ'ব আৰু ৯ জুলাইত তেওঁৰ জন্মস্থান তথা ইৰানৰ উত্তৰ-পূৰ্বাঞ্চলীয় পবিত্ৰ চহৰ মাছহাদত সমাধিৰ জৰিয়তে সমাপ্ত হ'ব।
এই অনুষ্ঠানৰ অংশ হিচাপে ৭ জুলাইত তেহৰানৰ দক্ষিণে অৱস্থিত পবিত্ৰ চহৰ কোমত বিশেষ ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইয়াৰ উপৰি আন কেইবাটাও ধৰ্মীয় অনুষ্ঠানৰো আয়োজন কৰা হৈছে।
ইৰান চৰকাৰে আশা কৰিছে যে, এই ছয়দিনীয়া কাৰ্যসূচীত লাখ লাখ শোকাকুল লোকে অংশগ্ৰহণ কৰিব। সেইবাবে বিশ্বজুৰি এই অন্ত্যেষ্টিক্ৰিয়া বিশেষভাৱে লক্ষ্য কৰা এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে পৰিগণিত হৈছে।
দেশজুৰি আলী খামেইনীৰ স্মৃতিত বিভিন্ন স্থানত বৃহৎ পোষ্টাৰ আৰু হ'ৰ্ডিং স্থাপন কৰা হৈছে। মাৰ্চ মাহৰ পৰাই অন্তিম অনুষ্ঠানৰ সময়সূচী সন্দৰ্ভত জল্পনা-কল্পনা চলি আছিল।
ইছলামিক বিধান অনুসৰি, সাধাৰণতে মৃত্যুৰ ২৪ ঘণ্টাৰ ভিতৰত মৃতদেহ সমাধিস্থ কৰাৰ নিয়ম থাকিলেও, যুদ্ধকালীন পৰিস্থিতিৰ বাবে এইবাৰ ব্যতিক্ৰম কৰা হৈছে।
সূত্ৰৰ তথ্য অনুসৰি, আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ হৈ বিহাৰৰ ৰাজ্যপাল জেনেৰেল ছৈয়দ হাছনেইন, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাষ্ট্ৰমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু কংগ্ৰেছৰ হৈ প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ছলমান খুৰশ্বিদ ইৰানলৈ যাব।
ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে এই ৰাষ্ট্ৰীয় শোক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো আমন্ত্ৰণ জনাইছিল। অৱশ্যে, তেওঁ ভাৰতীয় প্ৰতিনিধি দলৰ অংশ হোৱাৰ সম্ভাৱনা কম বুলি জানিব পৰা গৈছে।
ইৰান আৰু আমেৰিকাই যোৱা মাহত এখন শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল। কিন্তু তাৰ পিছতো মধ্যপ্ৰাচ্যত দুয়ো পক্ষৰ মাজত বিচ্ছিন্নভাৱে সংঘৰ্ষ অব্যাহত থাকে, যাৰ ফলত যুদ্ধবিৰতিৰ অৱস্থা অতি স্পৰ্শকাতৰ হৈ আছে।
তেহৰানে অভিযোগ কৰে যে, অনুমোদিত পথ এৰি যোৱাৰ বাবে হৰমুজ প্ৰণালীত এখন বাণিজ্যিক জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱা হৈছিল। ইয়াৰ প্ৰত্যুত্তৰত আমেৰিকাৰ কেন্দ্ৰীয় সামৰিক কমাণ্ডে (CENTCOM) ইৰানৰ ১০টা সামৰিক লক্ষ্যবস্তুত আক্ৰমণ কৰাৰ কথা জানায়। পিছত ইৰানে কুৱেইট আৰু বাহৰেইনত থকা আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণ চলায়, যাৰ তীব্ৰ নিন্দা কৰে দুয়োখন দেশে।
অৱশ্যে, শেহতীয়া কেইদিনমানত দুয়ো পক্ষৰ মাজত সংঘৰ্ষৰ তীব্ৰতা কিছু হ্ৰাস পোৱা দেখা গৈছে।
ইফালে, বৃহস্পতিবাৰে দোহাত কাটাৰ আৰু পাকিস্তানে পৃথকভাৱে আমেৰিকা আৰু ইৰানৰ আলোচকসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰে। কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰৰ মতে, ১৪ দফীয়া বুজাবুজিৰ চুক্তি (MoU) সম্পৰ্কীয় বিভিন্ন বিষয়ত এই বৈঠকসমূহত "ইতিবাচক অগ্ৰগতি" লাভ কৰা হৈছে।