অসমৰ বানপীড়িতসকলৰ প্ৰতি ভূটানৰ ৰজাৰ সংহতি প্রকাশ; পুনৰুদ্ধাৰ কাৰ্যসূচীত সহযোগৰ আশ্বাস
গুৱাহাটী
ভূটানৰ ৰজা জিগমে খেচাৰ নামগ্যাল ৱাংচুকে অসমৰ এতিয়ালৈকে ১০৩ জন লোকৰ প্ৰাণ কাঢ়ি নিয়া ভয়াবহ বানপানীৰ পাছত অসমৰ ৰাইজৰ প্ৰতি সংহতি প্ৰকাশ কৰিছে। ৩ আগষ্ট তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা এক পত্ৰত ভূটানৰ সম্ৰাটগৰাকীয়ে বানপানীত নিজৰ প্ৰিয়জনক আৰু ঘৰ-বাৰী হেৰুওৱা পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰে।
"ভূটানৰ ৰাইজে মোৰ সৈতে একত্ৰিত হৈ আপোনালৈ আৰু অসমৰ ৰাইজলৈ, বিশেষকৈ শেহতীয়া বানপানীত যিসকলে নিজৰ পৰিয়াল আৰু ঘৰ-বাৰী হেৰুৱাইছে, তেওঁলোকলৈ আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে। মৃতসকলৰ সোঁৱৰণত আমি প্ৰাৰ্থনা জনাইছোঁ," তেওঁ কয়।
জলবায়ু পৰিৱৰ্তনৰ সৈতে জৰিত ক্ৰমবৰ্ধমান আৰু ভয়াবহ প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি সমগ্ৰ অঞ্চলটোৰ উমৈহতীয়া ক্ষতিশংকাৰ বিষয়টোও ৰজাগৰাকীয়ে আঙুলিয়াই দিয়ে। তেওঁ কয় যে এই পৰিস্থিতিয়ে বিশ্বব্যাপী সলনি হৈ থকা জলবায়ুৱে সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহ আৰু এই অঞ্চলৰ দেশসমূহে একেলগে ইয়াৰ মোকাবিলা কৰাৰ প্ৰয়োজনীয়তাৰ কথা সোঁৱৰাই দিয়ে।
ৱাংচুকে সংকটৰ সময়ত শৰ্মাৰ নেতৃত্বকো প্ৰশংসা কৰি কয় যে ক্ষয়-ক্ষতিৰ সত্ত্বেও ৰাজ্যখনৰ পদক্ষেপক নেতৃত্ব দিয়াত তেওঁৰ "শক্তি আৰু দৃঢ়তা" প্ৰশংসনীয়। ৰাজ্যখনে সাহায্য, পুনৰ্নিমাণ আৰু পুনৰুদ্ধাৰৰ প্ৰচেষ্টা হাতত লোৱাৰ সময়ত ভূটানে অসমৰ ৰাইজৰ সৈতে "পূৰ্ণ সংহতি"ৰে থিয় দিছে বুলি ৰজাগৰাকীয়ে কয় আৰু দেশখনৰ আন্তৰিক সমৰ্থন তথা বন্ধুত্বৰ হাত আগবঢ়ায়।