নতুন দিল্লী
বিদ্যুতৰ অভাৱে এতিয়া এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিছে যে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো সময়ৰ আগতেই বন্ধ কৰিবলৈ বাধ্য হৈছে বাংলাদেশ চৰকাৰ। নিশা ৮ বজাৰ পিছতেই বন্ধ হৈ পৰিছে দোকান, বজাৰ আৰু শ্বপিং মল।
বাংলাদেশত বিগত কেইবাবছৰৰ ভিতৰতে দেখা দিয়া অন্যতম গুৰুতৰ বিদ্যুৎ সংকটে এতিয়া দেশখনৰ সাধাৰণ জীৱনযাত্ৰাতো প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। প্ৰাকৃতিক গেছৰ তীব্ৰ নাটনিৰ ফলত কমিছে বিদ্যুৎ উৎপাদন আৰু তাৰ ফলত বৃদ্ধি পাইছে ‘লোড-শ্বেডিং’।
বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হোৱা নতুন চৰকাৰী নিৰ্দেশনা অনুসৰি, দোকান, বজাৰ আৰু শ্বপিং মলসমূহ নিশা ৮ বজাৰ ভিতৰত বন্ধ কৰিব লাগিব। এতিয়াৰে পৰা এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ পুৱা ১১ বজাৰ পৰা নিশা ৮ বজালৈহে চলাব পাৰিব।
অৱশ্যে হাস্পতাল, ফাৰ্মাচী আৰু খাদ্যৰ সৈতে জড়িত ব্যৱসায়সমূহক এই নিয়মৰ পৰা ৰেহাই দিয়া হৈছে।
পৰিস্থিতি অধিক জটিল হোৱাৰ পিছতে বাংলাদেশে সহায়ৰ বাবে ভাৰতৰ কাষ চাপিছে। দেশখনে বিদ্যুৎ আৰু গেছৰ সংকট মোকাবিলা কৰিবলৈ ভাৰতৰ পৰা অতিৰিক্ত ডিজেল যোগান বিচাৰিছে।
তিনিদিন পূৰ্বে ভাৰতীয় উচ্চায়ুক্ত দিনেশ ত্ৰিবেদীয়ে বাংলাদেশৰ বিদ্যুৎ, শক্তি আৰু খনিজ সম্পদ মন্ত্ৰী ইকবাল হাছান মাহমুদক সাক্ষাৎ কৰে। বৈঠকত দুয়োখন দেশৰ মাজত শক্তি আৰু ইন্ধন খণ্ডৰ সহযোগিতা অধিক শক্তিশালী কৰাৰ বিষয়ত আলোচনা হয়।
বৈঠকৰ পিছত মন্ত্ৰী মাহমুদে কয় যে ডিজেলৰ নাটনিয়ে গেছভিত্তিক বিদ্যুৎ উৎপাদনতো প্ৰভাৱ পেলাইছে। ফলত দেশখনত ব্যাপকভাৱে লোড-শ্বেডিং কৰিবলগীয়া হৈছে।
বাংলাদেশৰ ভাৰতৰ সৈতে ইতিমধ্যে এটা সীমান্তপাৰ পাইপলাইন আছে, যাৰ জৰিয়তে ডিজেল যোগান ধৰা হয়। এতিয়া সেই ব্যৱস্থাৰ জৰিয়তে অতিৰিক্ত ডিজেল বিচাৰিছে ঢাকাই।
ইয়াৰ মাজতে বিশ্বজুৰি চলি থকা ইৰান সংকটেও পৰিস্থিতি অধিক কঠিন কৰি তুলিছে। শক্তি বজাৰত সৃষ্টি হোৱা অনিশ্চয়তাৰ ফলত ইন্ধন আৰু এল এন জিৰ মূল্যতো অস্থিৰতা বৃদ্ধি পাইছে।
গেছৰ সীমিত যোগানৰ বাবে বাংলাদেশৰ ৰাষ্ট্ৰীয় গ্ৰীডে বিশেষকৈ পীক আৱাৰত কেইবাশ মেগাৱাটৰ ঘাটিৰ সন্মুখীন হৈছে। ফলত দেশখনৰ বিভিন্ন প্ৰান্তত ঘণ্টাই ঘণ্টাই বিদ্যুৎ কৰ্তন হৈছে। এই সংকটৰ মাজতেই অতিৰিক্ত ডিজেলৰ বাবে ভাৰতৰ সহায় বিচাৰিছে বাংলাদেশে।