বেকষ্ট্ৰোক কুইন' ফাৰিহা জামানঃ সংগ্ৰাম, সফলতা আৰু এটা অপূৰ্ণ সপোনৰ কাহিনী

Story by  Imtiaz Ahmed | Posted by  [email protected] • 1 h ago
বেকষ্ট্ৰোক কুইন' ফাৰিহা জামানঃ সংগ্ৰাম, সফলতা আৰু এটা অপূৰ্ণ সপোনৰ কাহিনী
বেকষ্ট্ৰোক কুইন' ফাৰিহা জামানঃ সংগ্ৰাম, সফলতা আৰু এটা অপূৰ্ণ সপোনৰ কাহিনী
 
ইমতিয়াজ আহমেদ / গুৱাহাটী
 
[জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ কেতিয়াবা নিজৰ আপোন ঠাইখনো এৰিবলগীয়া হয়। কিন্তু শিপাৰ টান আৰু জন্মভূমিৰ প্ৰতি থকা দায়বদ্ধতাই মানুহক পুনৰ ঘূৰাই আনে। অসমৰ এগৰাকী সুপৰিচিত আৰু প্ৰতিভাশালী সাঁতোৰবিদ ফাৰিহা জামানৰ কাহিনীও ঠিক তেনেকুৱাই। যিগৰাকী প্ৰতিভাশালী খেলুৱৈ এদিন ৰাজনীতি আৰু ক্ৰীড়া সন্থাৰ মেৰপেঁচত পৰি নিজৰ ৰাজ্য এৰিবলৈ বাধ্য হৈছিল, আজি তেওঁ অসমলৈ ঘূৰি আহিছে- নতুন প্ৰজন্মক সাঁতোৰৰ বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ এক মহান লক্ষ্যৰে। পঢ়ক ফাৰিহা জামানৰ সংগ্ৰাম, সফলতা আৰু স্বদেশ প্ৰেমৰ এই অনুপ্ৰেৰণাদায়ক কাহিনী।]
 
 
এলভিছ আলী হাজৰিকা আৰু মিঠু বৰুৱাৰ দিনৰে পৰা অসম সদায় জলক্ৰীড়া, বিশেষকৈ সাঁতোৰৰ ক্ষেত্ৰত প্ৰতিভাৰ এক অন্যতম কেন্দ্ৰ হৈ আহিছে। অসমে এনে বহুতো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদৰ জন্ম দিছে যিয়ে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।
 
অৱশ্যে, একৈশ শতিকাৰ প্ৰথম দশকত এনে এক সময় আহিছিল যেতিয়া এগৰাকী কিশোৰীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে সাজু হৈছিল, কিন্তু তেওঁক কোৱা হৈছিল যে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যোগ্য নহয়! ইয়াৰ কাৰণ আছিল, তেওঁ অসমক প্ৰতিনিধিত্ব কৰিছিল, য'ত সংগঠক আৰু প্ৰভাৱশালী ৰাজনীতিকৰ মাজত ক্ষমতাৰ যুঁজৰ বাবে দুখনকৈ সমান্তৰাল ৰাজ্যিক সাঁতোৰ সন্থা চলি আছিল। আৰু এই ঘটনা এবাৰেই নহয়, যুৱ খেলুৱৈগৰাকীৰ লগত বাৰে বাৰে ঘটিছিল। নিঃসন্দেহে তেওঁ মানসিকভাৱে "ভাঙি পৰিছিল"। এই যুৱ প্ৰতিভাশালী খেলুৱৈগৰাকী আন কোনো নহয়, তেওঁ আছিল গুৱাহাটীৰ জীয়ৰী ফাৰিহা জামান, যি পৰৱৰ্তী সময়ত 'ভাৰতৰ বেকষ্ট্ৰোক কুইন' (Backstroke Queen of India) হিচাপে পৰিচিত হৈছিল আৰু বৰ্তমানো তেওঁৰ নামত সাতটাকৈ আন্তঃৰাষ্ট্ৰীয় অভিলেখ অক্ষুণ্ণ আছে।
 
অসম ক্ৰীড়া প্ৰাধিকৰণৰ সাঁতোৰ পৰামৰ্শদাতা হিচাপে ফাৰিহা জামান
 
সাঁতোৰবিদ হ’বৰ বাবেই জন্মগ্ৰহণ কৰা ফাৰিহাই এক বা দুবছৰ বয়সতে পানীৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিল। তিনি বছৰ বয়সতে তেওঁ গুৱাহাটীৰ ঐতিহাসিক দীঘলীপুখুৰীত প্ৰথমবাৰৰ বাবে সাঁতোৰৰ আখৰা আৰম্ভ কৰিছিল, যিটো পুখুৰীয়ে হাজৰিকা আৰু বৰুৱাৰ দৰে মহান খেলুৱৈৰ জন্ম দিয়াৰ ঐতিহ্য বহন কৰে। পৰৱৰ্তী সময়ত তেওঁ পুৰণি আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ বি পি চলিহা ছুইমিং পুললৈ যায়। পুলত তেওঁৰ প্ৰথম প্ৰদৰ্শনতেই প্ৰশিক্ষকসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল আৰু লগে লগে তেওঁক ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (SAI)ৰ প্ৰশিক্ষক ৰবীন্দ্ৰ মোদকৰ তত্ত্বাৱধানত উন্নত প্ৰশিক্ষণ কাৰ্যসূচীলৈ স্থানান্তৰ কৰা হৈছিল। তাৰ পিছৰ পৰা ফাৰিহা জামানে কেতিয়াও পিছলৈ উভতি চাবলগীয়া হোৱা নাই আৰু মাত্ৰ ৬ বছৰ বয়সতে স্কুলীয়া ক্ৰীড়া প্ৰতিযোগিতাৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অভিষেক ঘটিছিল।
 
কিন্তু, যুৱ প্ৰতিভাশালীগৰাকীৰ বাবে সকলোবোৰ ইমান সহজ নাছিল। "আৱাজ – দ্য ভইচ"ৰ আগত ফাৰিহা জামানে কয়, "যেতিয়া মই সাধাৰণ সাঁতোৰবিদতকৈ ভাল প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়াৰে পৰা কিছুমান আচহুৱা মানুহে মোক হাৰাশাস্তি কৰিবলৈ লৈছিল। আনকি মোৰ মাকো তেওঁলোকে ভাবুকি দিছিল যে মোক হত্যা কৰিব। এই সকলোবোৰ ঘটিছিল কাৰণ মোৰ উত্থানত তেওঁলোক ঈৰ্ষান্বিত হৈছিল, যাৰ প্ৰভাৱ মোৰ সতীৰ্থ প্ৰশিক্ষাৰ্থীসকলৰ অভিভাৱকসকলৰ ওপৰতো পৰিছিল। এটা সময়ত মই পুললৈ যাবলৈকে ভয় কৰা হৈছিলো। কিন্তু, মোৰ মায়ে সেই বেয়া মানুহবোৰৰ পৰা মোক কঠোৰ নিৰাপত্তাত ৰাখিছিল। শেষত, আমি আমাৰ প্ৰশিক্ষণৰ স্থান পুনেলৈ স্থানান্তৰ কৰিবলৈ বাধ্য হৈছিলো।"
 
ফাৰিহা জামানে তেওঁৰ পদকসমূহ প্ৰদৰ্শন কৰিছে
 
ফাৰিহাৰ মাতৃ ছালিমা জামান নিজৰ কন্যাক এগৰাকী সাঁতোৰবিদ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত কৰা ত্যাগ আৰু অপৰিসীম সমৰ্থনৰ বাবে পৰিচিত। কন্যাৰ কেৰিয়াৰৰ স্বাৰ্থত তেওঁ আনকি বাংগালুৰুলৈকো স্থানান্তৰিত হৈছিল।
 
তথাপি, প্ৰতিযোগিতা আৰম্ভ হোৱাৰ ঠিক আগমুহূৰ্তত 'অযোগ্য' বুলি দিয়া ঘোষণাই অলিম্পিকৰ দৰে বিশাল মঞ্চত প্ৰৱেশ কৰাৰ সম্ভাৱনা থকা এই যুৱ প্ৰতিভাটোক মানসিকভাৱে ভাঙি পেলাইছিল। তেওঁ কয়, "এনে এক সময় আহিছিল যেতিয়া মোক প্ৰতিযোগিতা আৰম্ভণিৰ স্থান (block)ত কোৱা হৈছিল যে মই অংশগ্ৰহণৰ বাবে যোগ্য নহয়, কাৰণ অসমত দুখন সমান্তৰাল সাঁতোৰ সন্থা আছিল। এবাৰ নহয়, দুবাৰকৈ এনে হৈছিল। ই স্বাভাৱিকতেই মোক ভাঙি পেলাইছিল কাৰণ আমি সাঁতোৰবিদসকলে কিছুমান নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি নিজকে প্ৰস্তুত কৰোঁ। এনে কাৰণত অযোগ্য বিবেচিত হ'লে আমি হতাশ হৈ পৰোঁ, কাৰণ মই জানো যে মোৰ পদকটো এনে এজনৰ হাতলৈ গৈ আছে যি ইয়াৰ যোগ্য নহয়।"
 
সাংগঠনিক এই অচলাৱস্থাই অৱশেষত কমনৱেলথ গেমছৰ বাছনি পৰীক্ষাৰ সময়ত ফাৰিহাক অসম এৰি কৰ্ণাটক ৰাজ্যিক সাঁতোৰ সন্থাৰ অধীনত পঞ্জীয়ন কৰিবলৈ বাধ্য কৰিছিল। কৰ্ণাটকৰ হৈ খেলাৰ সময়ছোৱাতেই ফাৰিহাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰে আৰু নটাকৈ পদক লাভ কৰিবলৈ সক্ষম হয়। ৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰাৰ ঠিক পিছতেই ফাৰিহাই ১২ বছৰীয়া পুৰণি ৫০ মিটাৰ বেকষ্ট্ৰোক ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছিল, যিটো অভিলেখ আজিও কোনেও ভংগ কৰিব পৰা নাই।
 
গুৱাহাটীৰ ড০ জাকিৰ হুছেইন একুৱাটিকছ কমপ্লেক্স ফাৰিহা জামান
 
"আৱাজ – দ্য ভইচ"ৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় পদক আৰু আন বহুতো সাফল্যৰ পাছতো, তেওঁ আটাইতকৈ বেছি স্মৰণ কৰা মুহূৰ্তটো হ'ল ২০০৭ চনত গুৱাহাটীত অনুষ্ঠিত ৩৩ সংখ্যক ৰাষ্ট্ৰীয় গেমছত অসমৰ হৈ লাভ কৰা বেকষ্ট্ৰোকৰ স্বৰ্ণ পদক জয়ৰ মুহূৰ্তটো। "সেইটো এনে এটা মুহূৰ্ত আছিল যেতিয়া সমগ্ৰ অসমৰ মানুহে ষ্টেডিয়ামত (ড০ জাকিৰ হুছেইন একুৱাটিকছ কমপ্লেক্স) ভিৰ কৰিছিল আৰু মোক উৎসাহিত কৰিছিল। আজিও সেই কথা ভাবিলে মোৰ গাৰ নোম শিয়ঁৰি উঠে। দৰ্শকে বিচৰা ধৰণে মই তেওঁলোকক উপহাৰ দিবলৈ সক্ষম হোৱাৰ চিন্তাই মোক আজিও আপ্লুত কৰে," তেওঁ কয়।
 
তেওঁৰ ওপৰত কিবা চাপ আছিল নেকি বা কেৰিয়াৰত দৰ্শকৰ চাপৰ বাবে আশানুৰূপ পদকৰ পৰা বঞ্চিত হৈছিল নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ফাৰিহাই কয়ঃ "মই মানসিকভাৱে বেলেগ ধৰণৰ মানুহ। মই কেতিয়াও চাপ নলওঁ। মই সদায় মোৰ পদকৰ প্ৰতি গুৰুত্ব দিছিলো আৰু মোৰ প্ৰস্তুতিত বিশ্বাস ৰাখিছিলো। মোৰ বাবে, প্ৰতিযোগিতাসমূহ আছিল কেৱল মই কৰা প্ৰস্তুতিৰ পৰীক্ষা মাথোঁ।"
 
সাঁতোৰৰ কেৰিয়াৰৰ পিছত, ফাৰিহা ডুবাইলৈ গুচি যায় আৰু তাত তেওঁ এগৰাকী দক্ষ আৰু অৰ্হতাসম্পন্ন প্ৰশিক্ষক হ'বলৈ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰে। জন্মভূমিয়ে তেওঁৰ পৰা যি পাবলগীয়া আছিল, সেয়া ঘূৰাই দিয়াৰ উদ্দেশ্যে তেওঁ শেহতীয়াকৈ অসমলৈ উভতি আহিছে। অসম চৰকাৰে তেওঁক 'স্পৰ্টছ অথৰিটি অৱ অসম'ৰ অধীনত সাঁতোৰ পৰামৰ্শদাতা হিচাপে নিযুক্তি দিছে, য'ত তেওঁক সাঁতোৰ আৰু অসমৰ সাঁতোৰবিদসকলক পৰৱৰ্তী স্তৰলৈ লৈ যোৱাৰ বাবে অত্যাধুনিক সা-সুবিধা প্ৰদান কৰা হৈছে।
 
পুলত ফাৰিহা জামান
 
ফাৰিহাই কয়, "মোক অত্যন্ত ব্যয়বহুল টাচ পেডকে ধৰি সকলো সা-সুবিধা প্ৰদান কৰাৰ বাবে মই অসম চৰকাৰৰ ওচৰত কৃতজ্ঞ। এইবোৰৰ সহায়ত মই নতুন প্ৰতিভাবোৰক পৰৱৰ্তী পৰ্যায়লৈ নিবলৈ কাম কৰি আছো। মোৰ সময়ৰ বিপৰীতে, আজিকালি সাঁতোৰবিদসকলৰ বাবে বহুতো বৈজ্ঞানিক সমৰ্থন আছে আৰু অসমৰ দৰে ঠাইত - যি জিনীয়ভাৱেই সাঁতোৰৰ বাবে অনুকূল - এনে সা-সুবিধাৰ সৈতে এতিয়া খেলুৱৈসকলৰ একমাত্ৰ লক্ষ্য অলিম্পিক হোৱা উচিত।"
 
নিজৰ অলিম্পিক অংশগ্ৰহণৰ সপোন পূৰণ নোহোৱাৰ বিষয়ে সোধাত ফৰিহাই কয়ঃ "সীমিত সুবিধাৰ মাজতো যিবোৰ অৰ্জন কৰা সম্ভৱ, তাৰ প্ৰায় সকলোখিনিয়েই মই অৰ্জন কৰিছো। আৰু, মই কোনো পৰিপূৰক নোলোৱাকৈ সম্পূৰ্ণ প্ৰাকৃতিকভাৱে এই সকলো অৰ্জন কৰিছো। কিন্তু, আজি যেতিয়া মই মোৰ কেৰিয়াৰৰ কথা ভাবো, তেতিয়া অনুভৱ কৰোঁ যে মই সঁচাকৈয়ে মানসিক পৰামৰ্শৰ অভাৱ অনুভৱ কৰিছিলো, যিটো আজিকালি সহজে উপলব্ধ। যদি মই তেনে সমৰ্থন পালোঁহেঁতেন, মোৰ বিশ্বাস, মই নিশ্চিতভাৱে অলিম্পিকলৈ যাব পাৰিলোঁহেঁতেন।"
 
ফাৰিহা জামান
 
ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে ফাৰিহাই কয়ঃ "সৰুতে মই যিটো সুবিধাৰ পৰা বঞ্চিত হৈছিলো, সেইটো মই অতি সোনকালেই আৰম্ভ কৰিবলৈ গৈ আছো। সেয়া হ'ল এটা স্প্লেছ পুল (splash pool)। এয়া অহা কেইমাহমানৰ ভিতৰতেই সাজু হৈ উঠিব। এইটো দুই বছৰৰ পৰা আৰম্ভ কৰি একেবাৰে নতুন শিকাৰু আৰু পানীৰ প্ৰতি ভয় থকা লোকসকলৰ বাবে হ'ব। মোৰ একমাত্ৰ লক্ষ্য হ'ব অলিম্পিয়ান গঢ়ি তোলা।"
 
জলক্ৰীড়াত এক শক্তিশালী প্ৰতিদ্বন্দ্বী হোৱা সত্ত্বেও অসমে আজিলৈকে কোনো জলক্ৰীড়া অলিম্পিয়ান জন্ম দিব পৰা নাই। অসমে এতিয়ালৈকে বেডমিণ্টন, বক্সিং, আৰ্চাৰী আৰু ফুটবলতহে অলিম্পিয়ান লাভ কৰিছে।