কৰাচী
টি-২০ বিশ্বকাপৰ এখন খেলত চৰম প্ৰতিদ্বন্দ্বী ভাৰতৰ হাতত পাকিস্তানৰ ৬১ ৰানত পৰাজয়ৰ পিছত বেটিং তাৰকা বাবৰ আজম এতিয়া তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। দেশখনৰ কেইবাজনো প্ৰাক্তন খেলুৱৈয়ে বাবৰৰ লগতে আন কেইজনমান জ্যেষ্ঠ খেলুৱৈক দলৰ পৰা বাদ দিবলৈ দাবী জনাইছে।
দেওবাৰে নিশা কলম্বোত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত প্ৰাক্তন অধিনায়ক বাবৰ আজম, জ্যেষ্ঠ স্পিনাৰ শ্বাদাব খান আৰু মুখ্য দ্ৰুতবেগী বলাৰ শ্বাহিন শ্বাহ আফ্ৰিদী শোচনীয়ভাৱে ব্যৰ্থ হয়। এফালে যিদৰে ভাৰতৰ যুৱ অ’পেনাৰ ঈশান কিষাণৰ (৪০ বলত ৭৭ ৰান) বেটিং আক্ৰমণত পাকিস্তানৰ বলিঙৰ অৱস্থা কাহিল হৈছিল, আনফালে পাকিস্তানৰ বেটছমেনসকলো ভাৰতৰ শীৰ্ষ পৰ্যায়ৰ পেচ আৰু স্পিন বলিঙৰ জালত আৱদ্ধ হৈ পৰিছিল।
প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদীয়ে কয়, "যদি মোৰ হাতত ক্ষমতা থাকিলহেঁতেন, মই বাবৰ, শ্বাদাব আৰু শ্বাহিনক টি-২০ দলত পুনৰ বাছনি নকৰিলোহেঁতেন। পাকিস্তানৰ বাবে কিবা এটা কৰি দেখুৱাবলৈ তেওঁলোকে বহু সুযোগ পালে, কিন্তু কালি তেওঁলোক পুনৰ ব্যৰ্থ হ’ল।"
আফ্ৰিদীয়ে কয় যে এতিয়া এই ফৰ্মেটত যুৱ খেলুৱৈসকলক গঢ়ি তোলাৰ সময় আহি পৰিছে। ১৭৬ ৰানৰ এক কঠিন লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ পাকিস্তানে ১৩ ৰানতে ৩ টা উইকেট হেৰুওৱাৰ পিছতো বাবৰে এক ভুল শ্বট খেলিবলৈ গৈ মাত্ৰ ৫ ৰানত অক্ষৰ পেটেলৰ বলত আউট হয়।
প্ৰাক্তন অধিনায়ক তথা বেটিং গৰেড জাভেদ মিয়াঁদাদে এই পৰাজয়ৰ বিষয়ে বিস্তাৰিতভাৱে কথা পাতিবলৈও ইচ্ছা প্ৰকাশ কৰা নাই, কিন্তু তেওঁ স্বীকাৰ কৰে যে পাকিস্তান ক্ৰিকেট দলটোৱে চাপৰ মুখত যুঁজ দিবলৈ অক্ষম হৈছে। তেওঁ কয়, "ভাই, ডাঙৰ খেলতহে খেলুৱৈয়ে নিজৰ দক্ষতা দেখুৱাব লাগে, যিটো আমাৰ খেলুৱৈসকলে দেখুৱাব নোৱাৰিলে।"
আন এজন প্ৰাক্তন অধিনায়ক মহম্মদ ইউছুফ, যিয়ে সদায় বাবৰক সমৰ্থন কৰি আহিছিল, তেৱোঁ কয় যে এই শোচনীয় পৰাজয়ৰ পিছত বাবৰ আৰু শ্বাহিনৰ টি-২০ কেৰিয়াৰ অন্ত পৰা উচিত। ইউছুফে এক্স (X)-ত পোষ্ট কৰি কয়, "শ্বাহিন, বাবৰ আৰু শ্বাদাবৰ সময় উকলিল। পাকিস্তানৰ টি-২০ দলক নতুন খেলুৱৈৰ প্ৰয়োজন, দুৰ্বল দলৰ বিৰুদ্ধে অৰ্থহীন জয়ৰ প্ৰয়োজন নাই।"
প্ৰাক্তন দ্ৰুতবেগী বলাৰ শ্বোৱেইব আখটাৰে ভাৰতীয় সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বাবৰৰ 'ছুপাৰষ্টাৰ' মৰ্যাদাক উপহাস কৰে। তেওঁ কয়, "আপোনালোকে এজন খেলুৱৈক (বাবৰ আজম) ছুপাৰষ্টাৰ বনাই দিলে যিয়ে আপোনাক এখন খেলো জিকাব নোৱাৰে।" তেওঁ লগতে কয় যে যোৱা ১৫-২০ বছৰত কোনো বিনিয়োগ হোৱা নাই আৰু এসময়ত খেলপথাৰত ভাৰতৰ সৈতে যুঁজ দিয়া পাকিস্তানৰ বাবে ভাৰতক হৰুওৱাটো এটা সপোনৰ দৰে হৈ পৰিছে।
দীৰ্ঘদিন ধৰি বাবৰৰ সমালোচনা কৰি অহা আহমেদ শ্বেহজাদৰ মতে, এইটোৱেই হয়তো এই ফৰ্মেটত পাকিস্তানৰ হৈ বাবৰৰ শেষ খেল আছিল। শ্বেহজাদে লিখিছে, "বাবৰ আকৌ গ’ল। নিজৰ যোগ্যতা প্ৰমাণ কৰিবলৈ এই ফৰ্মেটত হয়তো এয়াই আছিল তেওঁৰ শেষ সুযোগ।"
এই পৰাজয়ত পাকিস্তানৰ ক্ৰিকেট অনুৰাগী হতাশ হৈ পৰিছে। ছ’চিয়েল মিডিয়াত বহু ব্যৱহাৰকাৰীয়ে দলটোক ঠাট্টা কৰি কৈছে যে পাকিস্তান চৰকাৰে বাংলাদেশৰ সমৰ্থনত খেল বৰ্জনৰ যি আহ্বান জনাইছিল, সেইটোৱেই পালন কৰা উচিত আছিল। বহুতে লিখিছে, "খেল বৰ্জন কৰিলেই ভাল আছিল।"
প্ৰাক্তন অধিনায়ক মইন খানে কয় যে এতিয়া এয়া মানি লোৱাৰ সময় আহি পৰিছে যে যিকোনো ফৰ্মেটতে ভাৰত বৰ্তমান পাকিস্তানতকৈ বহুত বেছি শক্তিশালী দল। মইনৰ মতে, "আমি এইবাৰ আকৌ আশা কৰিছিলো, কিন্তু এজন পেচাদাৰী ক্ৰিকেটাৰ হিচাপে মোৰ মনত সদায় এটা সন্দেহ আছিল যে প্ৰয়োজনৰ সময়ত ভাৰতীয় খেলুৱৈসকলেহে উন্নত প্ৰদৰ্শন কৰিব।"
মিয়াঁদাদে আশ্বৰ্য প্ৰকাশ কৰি কয় যে পাকিস্তানে কেৱল এজন পেচ বলাৰক (শ্বাহিন) লৈ কিয় খেলপথাৰত নামিল। তেওঁ প্ৰশ্ন কৰে, "তেওঁলোকে ফাহিম আশ্ৰফক কিয় বলিং কৰিবলৈ নিদিলে? ৬ জনকৈ স্পিনাৰ লৈ খেলাটো কেনেধৰণৰ কৌশল?"