হিন্দু পৰিয়ালে তুলি-তালি ডাঙৰ-দীঘল কৰা ফিৰোজৰ প্ৰাৰ্থনাৰ ভাইৰেল ভিডিঅ'ই জিনিছে হৃদয়
আৱাজ - দ্য ভইচ / নতুন দিল্লী
ধৰ্ম ডাঙৰ নে মানৱীয় সম্পৰ্ক? সমাজত সততেই উত্থাপন হৈ অহা এই চিৰন্তন প্ৰশ্নটোৰ উত্তৰ যেন বিচাৰি পোৱা গৈছে শেহতীয়াকৈ ভাইৰেল হোৱা এটি বিশেষ ভিডিঅ'ত। কিছুমান ঘটনাই আমাক জীৱন আৰু সম্পৰ্কক নতুন দৃষ্টিকোণৰে চাবলৈ বাধ্য কৰায়। বৰ্তমান ছ'চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা এটি ভিডিঅ'ই ঠিক তেনে এক বাৰ্তাই কঢ়িয়াই আনিছে। এই ভিডিঅ'টোৱে হাজাৰ হাজাৰ লোকৰ হৃদয় স্পৰ্শ কৰাৰ লগতে মানৱতা বনাম ধৰ্মীয় পৰিচয়ৰ বিতৰ্কক পুনৰবাৰ জগাই তুলিছে।
এই ভিডিঅ'টো এজন যুৱকৰ, যাক "ফিৰোজ হিন্দুস্তানী" বুলি চিনাক্ত কৰা হৈছে। কোৱা হৈছে যে এই ভিডিঅ'টো উমৰাহ পালনৰ সময়ত মক্কাৰ পৰা বনোৱা হৈছে, অৱশ্যে ইয়াৰ স্বতন্ত্ৰ সত্যতা এতিয়াও প্ৰমাণিত হোৱা নাই। ভিডিঅ'টো "মোজমিল পইণ্ট" নামৰ এটা ফেচবুক পেজৰ পৰা শ্বেয়াৰ কৰা হৈছে, কিন্তু ইয়াত যুৱকজনৰ প্ৰকৃত পৰিচয়, তেওঁৰ মূল বাসস্থান আৰু তেওঁৰ জীৱনৰ পটভূমিৰ বিষয়ে কোনো নিৰ্দিষ্ট তথ্য দিয়া হোৱা নাই।
ভিডিঅ'টোত যুৱকজনক মূৰত বগা চাফা (পাগুৰী সদৃশ বস্ত্ৰ) মাৰি থকা দেখা গৈছে। তেওঁৰ পিছফালে মক্কাৰ পৱিত্ৰ দৃশ্য দেখা গৈছে, য'ত মানুহবোৰ ইবাদত (প্ৰাৰ্থনা)ত মগ্ন হৈ আছে। এই আধ্যাত্মিক পৰিৱেশৰ মাজতে যুৱকজনে এনে কিছুমান কথা কয়, যিয়ে পোনে পোনে গৈ হৃদয় স্পৰ্শ কৰে। তেওঁ নিজৰ "গুৰু" অনিল কৌশিক, "আম্মি" (মাতৃ) মঞ্জু কৌশিক, ভগ্নী ছায়া কৌশিক আৰু সৰু ভায়েকৰ নাম লৈ তেওঁলোকৰ বাবে দোৱা (প্ৰাৰ্থনা) কৰে। তেওঁ কয় যে আল্লাহে যেন তেওঁলোকক সুখী ৰাখে আৰু তেওঁলোকৰ জীৱনত বৰকত (মংগল) কঢ়িয়াই আনে।
যুৱকজনৰ কথাত আটাইতকৈ বেছি দৃষ্টি আকৰ্ষণ কৰা বিষয়টো হ'ল, তেওঁ যিটো পৰিয়ালৰ কথা উল্লেখ কৰিছে, সেয়া এটা ব্ৰাহ্মণ পৰিয়াল বুলি কোৱা হৈছে। তেওঁ কয় যে এই পৰিয়ালটোৱে তেওঁক নিজৰ সন্তানৰ দৰে তুলি-তালি ডাঙৰ-দীঘল কৰিছে আৰু কেতিয়াও কোনো কথাতে অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই। তেওঁৰ কথাত কৃতজ্ঞতা আৰু আত্মীয়তা স্পষ্টকৈ প্ৰতিফলিত হৈছে। আনকি তেওঁ এইবুলিও কয় যে "ব্ৰাহ্মণৰ তেজত সহানুভূতি থাকে" আৰু সকলো ব্ৰাহ্মণ পৰিয়াল বহুত ভাল হয়।
ভিডিঅ'টোৰ ওপৰত লিখা পাঠ (Text)- "কট্টৰ হিন্দু পিতৃ-মাতৃয়ে ডাঙৰ কৰা এটা মুছলমান ল'ৰা"— এই কথাষাৰে সমগ্ৰ কাহিনীটোক অধিক স্পৰ্শকাতৰ আৰু চৰ্চাৰ বিষয় কৰি তুলিছে। এই বাক্যশাৰীয়ে নিজেই এক শক্তিশালী বাৰ্তা বহন কৰিছে যে মানৱতা আৰু সম্পৰ্ক যিকোনো ধৰ্মীয় পৰিচয়ৰ উৰ্ধ্বত হ'ব পাৰে।
অৱশ্যে, এই ভিডিঅ'টোৰ সত্যতাক লৈ কেইবাটাও প্ৰশ্নৰো অৱতাৰণা হৈছে। আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল এই ভিডিঅ'টো সম্পূৰ্ণ সঁচা নে ইয়াত কোনো ধৰণৰ এডিটিং বা কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ব্যৱহাৰ কৰা হৈছে। কাৰণ আজিৰ ডিজিটেল যুগত যিকোনো ভিডিঅ'ৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উঠাটো এক সাধাৰণ কথাত পৰিণত হৈছে।
তদুপৰি, ভিডিঅ'টোত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্যৰো অভাৱ দেখা গৈছে। যেনে- ফিৰোজ হিন্দুস্তানী আচলতে কোন হয়, তেওঁ ক'ৰ বাসিন্দা, কেনে পৰিস্থিতিত তেওঁ কৌশিক পৰিয়ালৰ কাষ পাইছিলগৈ আৰু সেই পৰিয়ালটোৱে তেওঁৰ বাবে কি কি কৰিছিল? আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল উমৰাহৰ দৰে পৱিত্ৰ আৰু ব্যয়বহুল যাত্ৰাৰ বাবে তেওঁক আৰ্থিক সাহায্য কোনে প্ৰদান কৰিলে?
এই প্ৰশ্নবোৰৰ উত্তৰ বৰ্তমান এই ভিডিঅ'টোত পাবলৈ নাই, কিন্তু ইয়াৰ পিছতো এই ভিডিঅ'টোৱে এক বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। এই বাৰ্তা হৈছে মানৱতা, আত্মীয়তা আৰু এনে কিছুমান সম্পৰ্কৰ, যিবোৰ তেজ বা ধৰ্মৰ দ্বাৰা নহয়, বৰঞ্চ হৃদয়ৰ পৰা গঢ় লৈ উঠে।
বিশেষজ্ঞসকলে বিশ্বাস কৰে যে এনে ভিডিঅ'ই সমাজত ইতিবাচক বাৰ্তা বিয়পায়, বিশেষকৈ এনে এক সময়ত যেতিয়া ধৰ্ম আৰু পৰিচয়ৰ নামত বিভাজনৰ কথাহে বেছিকৈ শুনিবলৈ পোৱা যায়। এই ভিডিঅ'টোৱে মানুহক এইটো ভাবিবলৈ বাধ্য কৰে যে প্ৰকৃত পৰিচয় মানৱতাৰহে, কোনো ধৰ্ম বা জাতিৰ নহয়।
অৱশ্যে, এক দায়িত্বশীল সাংবাদিকতাৰ খাতিৰত যিকোনো ভাইৰেল সমলক অন্ধভাৱে মানি লোৱা উচিত নহয়। যেতিয়ালৈকে এই ভিডিঅ'টোৰ সম্পূৰ্ণ সত্য পোহৰলৈ নাহে, তেতিয়ালৈকে ইয়াক এক অনুপ্ৰেৰণামূলক কাহিনী হিচাপে গ্ৰহণ কৰিব পাৰি, কিন্তু তথ্যৰ সত্যাসত্য নিৰূপণ কৰাটো প্ৰয়োজনীয়।
বৰ্তমান এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত দ্ৰুতগতিত বিয়পি পৰিছে আৰু মানুহে ইয়াক ভিন ভিন দৃষ্টিকোণৰ পৰা বিচাৰ কৰিছে। কোনোৱে ইয়াক মানৱতাৰ নিদৰ্শন বুলি অভিহিত কৰিছে, আকৌ কোনোৱে ইয়াৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু এটা কথা নিশ্চিত যে ই সমাজৰ সন্মুখত এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰাইছে- সঁচাকৈয়ে ধৰ্ম ডাঙৰ নে সম্পৰ্ক? এই প্ৰশ্নৰ উত্তৰ হয়তো প্ৰতিজন ব্যক্তিয়ে নিজৰ অন্তৰৰ পৰা নিজেই বিচাৰিব লাগিব।