নতুন দিল্লী
ভাৰত আৰু পাকিস্তানৰ মাজত বহু প্ৰত্যাশিত টি-২০ বিশ্বকাপৰ খেলখন আজি কলম্বোত অনুষ্ঠিত হ’ব।খেলখন আৰম্ভ হোৱাৰ পূৰ্বেই বাতৰিৰ শিৰোনাম দখল কৰিছে।
ইফালে এগৰাকী প্ৰাক্তন পাকিস্তানী খেলুৱৈয়ে এক অদ্ভুত মন্তব্য কৰিছে।দৰাচলতে, এই হাই ভল্টেজ মেচত বৰষুণৰ বাবে প্ৰাৰ্থনা কৰিছে প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ বসিত আলীয়ে।
এটা সাক্ষাৎকাৰত পাকিস্তানী ক্ৰিকেটাৰ গৰাকীক যেতিয়া সোধা হয় যে তেওঁ গোটেই মেচখন চাব নিবিচাৰে নেকি? তেতিয়া বসিত আলীয়ে স্পষ্ট ভাষাৰে কয় যে খেলৰ সময়ত বৰষুণ হ’বলৈ তেওঁ প্ৰাৰ্থনা কৰে।
তেওঁ কয় যে, মেচৰ ফলাফল কি হ’ব সেয়া সকলোৱে জানে।সেইবাবেই মই মাত্ৰ ভাবো যে আল্লাহে কৰক কাইলৈ বৰষুণ হওক। অন্ততঃ পাকিস্তানে ১ পইণ্ট পাব।তেওঁৰ এই বক্তব্যৰ প্ৰত্যক্ষ অৰ্থ হ’ল যে দলটোৰ জয়ৰ ওপৰত তেওঁৰ আস্থা নাই।পৰাজয়ৰ লাজৰ পৰা হাত সাৰিবলৈ তেওঁলোকে বৰষুণৰ সহায় বিচাৰিছে যাতে খেলখন নেখেলাকৈয়ে এটা পইণ্ট লাভ কৰিব পাৰে।
ইতিমধ্যে শ্ৰীলংকাৰ বতৰ বিজ্ঞান কেন্দ্ৰই খেলখনৰ সময়ত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে। শ্ৰীলংকাৰ বতৰ বিজ্ঞান বিভাগে জনাইছে যে বংগোপসাগৰত নিম্ন চাপৰ এলেকা সৃষ্টি হৈছে, যাৰ কাৰণে খেলৰ সময়ত অবিৰতভাৱে বৰষুণ হ’ব পাৰে।