IPL 2026 ত অংশ ল’ব নোৱাৰিব বাংলাদেশৰ মুস্তাফিজুৰ ৰহমান; KKR ক স্পষ্ট নিৰ্দেশ বিচিচিআইৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
IPL 2026 ত অংশ ল’ব নোৱাৰিব বাংলাদেশৰ মুস্তাফিজুৰ ৰহমান
IPL 2026 ত অংশ ল’ব নোৱাৰিব বাংলাদেশৰ মুস্তাফিজুৰ ৰহমান
 
নতুন দিল্লী
 
চুবুৰীয়া দেশ বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক পৰিস্থতি আৰু ভাৰতৰ সৈতে দেশখনৰ ক্ৰমবৰ্ধমান দূৰত্বৰ মাজতে দেশত দেখা গৈছিল এক নতুন বিতৰ্ক। এই বিতৰ্কৰ আধাৰ হৈ পৰিছে আই পি এল ফ্ৰেন্সাইজি কলকাতা নাইট ৰাইডাৰ্ছৰ এক সিদ্ধান্ত। শেহতীয়াকৈ হোৱা আই পি এলৰ নিলামত ফ্ৰেন্সাইজিটোৱে ক্ৰয় কৰিছিল বাংলাদেশী পেচাৰ মুস্তাফিজুৰ ৰহমানক। কিন্তু শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ পিছত মুস্তাফিজুৰক ক্ৰয় কৰাক লৈ বিতৰ্কৰ সূত্ৰপাত হয়। এই বিষয়ত সাধাৰণ লোকৰ লগতে ৰাজনৈতিক দলসমূহেও তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল।
 
এনে বিতৰ্কৰ পিছত এতিয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ BCCI- এ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুস্তাফিজুৰ ৰহমানক এই বৰ্ষৰ আই পি এলৰ পৰা বহিষ্কাৰ কৰিছে BCCI- এ। ব’ৰ্ডে কলকাতা নাইট ৰাইডাৰ্ছ (KKR) কৰ্তৃপক্ষক বাংলাদেশী বলাৰজনক নিজৰ দলৰ পৰা অতি সোনকালে মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে। শেহতীয়া নিলামত কলকাতাই ৯.২০ কোটি টকাৰ বৃহৎ ধনৰাশিৰে মুস্তাফিজুৰক ক্ৰয় কৰিছিল।
 
প্ৰকাশিত খবৰ অনুসৰি, বাংলাদেশী পেচাৰ মুস্তাফিজুৰ ৰহমানক দলৰ পৰা মুকলি কৰিবলৈ বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই কলকাতা নাইট ৰাইডাৰ্ছলৈ এক পত্ৰ লিখিছে। এইবাৰৰ আই পি এলৰ নিলামত মুঠ ৭ গৰাকী বাংলাদেশী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। ইয়াৰে কেৱল মুস্তাফিজুৰেৰ নিবিদা লাভ কৰিছিল।
 
কলকাতা নাইট ৰাইডাৰ্ছে ৯.২০ কোটি টকাত ক্ৰয় কৰিছিল বাংলাদেশী পেচাৰগৰাকীক। অৱশ্যে ভাৰত আৰু বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনৈতিক মহলত ভাৰতৰ আই পি এলত মুস্তাফিজুৰৰ অংশগ্ৰহণক লৈ প্ৰশ্ন উত্থাপন হয়। কেকেআৰৰ স্বত্বাধিকাৰী শ্বাহৰুখ খানো ভাবুকিৰ সন্মুখীন হ’বলগীয়া হয়।
 
এনে পৰিস্থিতিত হস্তক্ষেপ কৰিছে বিচিচিআইয়ে। মুস্তাফিজুৰক দলৰ পৰা আঁতৰাই দিবলৈ স্পষ্ট নিৰ্দেশ দিয়া হৈছে। বাংলাদেশী খেলুৱৈৰ সলনি আন যিকোনো বিদেশী খেলুৱৈক কেকেআৰে ল’ব পাৰিব। বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই সংবাদ সংস্থা ANIৰ আগত এই বিষয়ে সদৰী কৰিছে।
 
বিগত কিছুদিন ধৰি বাংলাদেশী ক্ৰিকেটাৰগৰাকীক লৈ ধাৰাবাহিকভাৱে বিতৰ্কৰ সূত্ৰপাত হৈছে। ইয়াৰ পিছত বিচিচিআইয়ে কিছুদিনলৈ এই বিষয়ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল যদিও আজি এনে স্পষ্ট নিৰ্দেশনা প্ৰদান স্পষ্ট কৰিছে। লক্ষণীয়ভাৱে ২৬/১১ৰ আক্ৰমণৰ পিছৰে পৰা কোনো পাকিস্তানী খেলুৱৈয়ে আই পি এল খেলাৰ সুযোগ পোৱা নাই। এইবাৰ বাংলাদেশী খেলুৱৈৰ সৈতেও বিচিচিআইয়ে একে সিদ্ধান্তয় লয় নেকি, সেয়া হ’ব লক্ষণীয়।