আৱাজ-দ্য ভইচ অসম ব্যুৰো
অস্কাৰ বঁটা বিজয়ী সংগীত সম্ৰাট এ আৰ ৰহমানে নিজৰ আধ্যাত্মিক যাত্ৰা আৰু চুফীবাদক আকোঁৱালি লোৱাৰ সিদ্ধান্তৰ বিষয়ে সদায় মুকলিকৈ বক্তব্য প্ৰকাশ কৰি আহিছে। শেহতীয়াকৈ হোৱা এক বাৰ্তালাপত সংগীত সম্ৰাটগৰাকীয়ে ধৰ্মৰ বিষয়ে তেওঁৰ ধাৰণা, সংগীতৰ ভূমিকা আৰু তেওঁক চুফীবাদে কিদৰে আকৰ্ষিত কৰিছিল সেই বিষয়ে আলোকপাত কৰিছে।
বিশ্বাসৰ প্ৰতি তেওঁৰ দৃষ্টিভংগীৰ বিষয়ে সোধাত সংগীত সম্ৰাট এ আৰ ৰহমানে কয় যে, তেওঁ বিভিন্ন ধৰ্মৰ শিক্ষাবোৰ অন্বেষণ কৰি আহিছে। নিখিল কামাথৰ এক প’ডকাষ্টত তেওঁ কয়, "মই সকলো ধৰ্মৰ অনুৰাগী, আৰু মই ইছলাম, হিন্দু আৰু খ্ৰীষ্টান ধৰ্মৰ বিষয়ে অধ্যয়ন কৰিছো। ধৰ্মৰ নামত আন মানুহক হত্যা কৰা বা ক্ষতি কৰাটো মই এক সমস্যা বুলি ভাবো।"
সংগীত সম্ৰাট এ আৰ ৰহমান
ৰহমানে কয় যে, "মই মঞ্চত পৰিৱেশন কৰোতে প্ৰায়ে এক পবিত্ৰ স্থানত প্ৰৱেশ কৰাৰ দৰে অনুভৱ হয়, য'ত বিভিন্ন সংস্কৃতি আৰু বিশ্বাসৰ লোক একত্ৰিত হৈ থাকে। মই দৰ্শকক মনোৰঞ্জন কৰোৱাই ভাল পাওঁ আৰু যেতিয়া মই মঞ্চত অনুষ্ঠান পৰিৱেশন কৰো, তেতিয়া মই অনুভৱ কৰো যে, এইয়া এক মন্দিৰ, আৰু আমি ইয়াত সকলোৱে একতাৰ ফল উপভোগ কৰি আছো। য'ত বিভিন্ন ধৰ্মৰ লোক, বিভিন্ন ভাষাৰ লোক সকলো একত্ৰিত হৈ আছে।"
কিয় এ আৰ ৰহমানে চুফীবাদক আকোঁৱালি লৈছিল
ৰহমানে চুফীবাদৰ অৰ্থ কি সেই বিষয়ে বিশদভাৱে উল্লেখ কৰি চুফীবাদক অহংকাৰ আৰু নেতিবাচক মানৱীয় প্ৰৱণতা ত্যাগ কৰাৰ প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে। তেওঁ কয়, "চুফীবাদ মৃত্যুৰ পূৰ্বেই মৃত্যু হোৱাৰ দৰেই। এনে কিছুমান পৰ্দা আছে, যিয়ে আপোনাক আত্ম-প্ৰতিফলিত কৰিবলৈ বাধ্য কৰে, আৰু সেই পৰ্দাবোৰ আঁতৰাবলৈ হ'লে আপুনি নিজেই শেষ হৈ যাব লাগিব। আপুনি কামনা, লোভ, ঈৰ্ষা বা বিচাৰ-বিবেচনা সকলো শেষ কৰি মনটোক শুদ্ধ কৰিব লাগিব। ইয়াৰ পিছত আপুনি নিজেই অনুভৱ কৰিব যে, আপোনাৰ অহংকাৰ নাইকিয়া হৈ গৈছে। আৰু তাৰ পিছত আপুনি ঈশ্বৰৰ দৰে স্বচ্ছ হৈ পৰিব।"
তেওঁ লগতে কয় যে, ধৰ্মীয় পটভূমি যিয়েই নহওঁক কিয়, নিজৰ বিশ্বাসৰ আন্তৰিকতাইভৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ। তেওঁ কয়, "বিশ্বাসৰ সামঞ্জস্যতাক মই ভাল পাওঁ। আমি যদিও বিভিন্ন ধৰ্ম অনুসৰণ কৰি আছো, কিন্তু বিশ্বাসৰ আন্তৰিকতাকহে মূল্যায়ন কৰা হয়। যিয়ে আমাক ভাল কাম কৰিবলৈ বাধ্য কৰে। যাৰদ্বাৰা মানৱজাতি উপকৃত হয়। আমি সকলোৱে আধ্যাত্মিকভাৱে সমৃদ্ধ হ'ব লাগিব। কিয়নো যেতিয়া আধ্যাত্মিক সমৃদ্ধতা আহে, তেতিয়া বস্তুগত সমৃদ্ধিও অনুসৰণ কৰে।"
এক সংগীত অনুষ্ঠানত গীত পৰিবেশন কৰি থকা অৱস্থাত সংগীত সম্ৰাট এ আৰ ৰহমান
চুফীবাদৰ ওপৰত তেওঁৰ পূৰ্বৰ প্ৰতিফলন
চুফীবাদে তেওঁৰ আধ্যাত্মিক যাত্ৰাক কেনেদৰে গঢ় দিছিল, সেই বিষয়ে ৰহমানে ইয়াৰ পূৰ্বেও চিন্তা-চৰ্চা কৰিছিল। 'এ আৰ ৰহমান: দ্য স্পিৰিট অৱ মিউজিক'ত তেওঁ শ্বেয়াৰ কৰিছিল যে, এই দৰ্শনে তেওঁ আৰু তেওঁৰ মাতৃৰ মাজত গভীৰভাৱে অনুৰণন ঘটাইছিল। তেওঁ লিখিছে যে, এই সিদ্ধান্ত স্বাভাৱিকভাৱেই গ্ৰহণ কৰা হৈছিল, ই কোনো চাপৰ বাবে লোৱা সিদ্ধান্ত নহয়।
১৯৮৭ চনত এটা পৰিৱৰ্তনশীল সময়ৰ কথা মনত পেলাই কয় যে, একক আধ্যাত্মিক দিশৰ বাবে তেওঁৰ অনুসন্ধান তীব্ৰতৰ হৈ পৰিছিল। তেওঁ কয় যে, চুফী পথ অনুসৰণে তেওঁক আৰু তেওঁৰ মাতৃ দুয়োকো উন্নীত কৰিছে, আৰু এগৰাকী সংগীতজ্ঞ হিচাপে তেওঁলোকৰ পৰিচয়ে তেওঁলোকক বাধা অবিহনে এই পথ অনুসৰণ কৰাৰ সামাজিক স্থান প্ৰদান কৰিছে।