শ্বাগুফ্টা নেমত
ছৌদি আৰৱত হজ যাত্ৰাৰ সময়ৰ প্ৰচণ্ড গৰমৰ প্ৰকোপ এক গুৰুতৰ প্ৰত্যাহ্বান হিচাপে দেখা দি আহিছে। কেইবছৰমান পূৰ্বে, বাৰ্ষিক হজ যাত্ৰাৰ সময়ত প্ৰচণ্ড গৰমৰ বাবে বহু সংখ্যক হজযাত্ৰীৰ মৃত্যুও হৈছিল। কিন্তু সম্প্ৰতি এই ভাবুকিসমূহৰ সৈতে মোকাবিলা কৰাৰ বাবে থকা ব্যৱস্থাৱলী শক্তিশালী কৰা হৈছে। ইয়াৰ মাজতে, ছৌদি আৰৱৰ ৰাষ্ট্ৰীয় বিমান পৰিবহণ কোম্পানী ছৌদি আৰৱ এয়াৰলাইন্সে (Saudia Airlines) গৰম আৰু ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ এক বিশেষ ধৰণৰ উচ্চ-প্ৰযুক্তিৰ ইহৰাম (Ihram) প্ৰস্তুত কৰি উলিয়াইছে।
ছৌদি আৰৱৰ ৰাষ্ট্ৰীয় বিমান পৰিবহণ কোম্পানীটোৱে হজযাত্ৰীসকলৰ সুবিধাৰ বাবে 'শীতল ইহৰাম'(The Coolest Ihram) মুকলি কৰিছে। যিবিধ এক বৈপ্লৱিক, উচ্চ-প্ৰযুক্তিৰ হজ আৰু উমৰাহৰ সময়ত পৰিধান কৰিবলগীয়া বস্ত্ৰ। ইয়াক অতিপাত গৰমত শৰীৰক শীতল কৰি ৰখাৰ বাবে ডিজাইন কৰা হৈছে।
এগৰাকী হজযাত্ৰী
'শীতল ইহৰাম' কি?
বাহিৰৰ পৰা "শীতল ইহৰাম" দেখাত হুবহু পৰম্পৰাগত ইহৰামৰ দৰেই। ধৰ্মীয় প্ৰয়োজনীয়তা অনুসৰি ই সৰল, বগা আৰু ধুনীয়াকৈ প্ৰস্তুত কৰা হৈছে। অৱশ্যে ইয়াৰ প্ৰকৃত নতুনত্ব ইয়াৰ কাপোৰৰ ভিতৰতহে লুকাই আছে। ব্ৰেণ্ডিং ফাৰ্ম লেণ্ডাৰ আৰু কুলিং ফেব্ৰিক বিশেষজ্ঞ ব্ৰাৰ (brrr) ৰ সৈতে অংশীদাৰীত্বৰে বিকশিত কৰা এই উদ্ভাৱনী বস্ত্ৰযোৰে ইছলামিক হজযাত্ৰাৰ পোছাকত প্ৰথমটো বৃহৎ প্ৰযুক্তিগত উন্নতিক প্ৰতিনিধিত্ব কৰিছে।
এই শীতলীকৰণ প্ৰণালীটোৱে কেনেকৈ কাম কৰে?
'শীতল ইহৰাম'ৰ আঁৰৰ কাপোৰখনে তিনিটা সৰল নীতিৰ ওপৰত কাম কৰে:
১) শীতল প্ৰভাৱ: ইয়াত পেটেণ্টযুক্ত শীতলীকৰণ খনিজ পদাৰ্থ অন্তৰ্ভুক্ত হৈ আছে, যিয়ে পৰিৱেশৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ছালৰ উষ্ণতা ১-২ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হ্ৰাস কৰে, যাৰ ফলত এক ব্যক্তিগত শীতল প্ৰভাৱৰ সৃষ্টি হয়।
২) আৰ্দ্ৰতা ব্যৱস্থাপনা: ই ছালৰ পৰা ঘাম আঁতৰাই ৰখাত সহায়ক, যাৰ ফলত বাষ্পীভৱন ত্বৰান্বিত হয় আৰু শৰীৰটো প্ৰাকৃতিকভাৱে শীতল হৈ থাকে।
৩) দ্ৰুত শুকান: ইয়াৰ দ্ৰুত শুকোৱা গুণ আছে। ই ঘামৰ সংস্পৰ্শলৈ আহিলে সোনকালে শুকাই যায়, যাৰ ফলত হজযাত্ৰীগৰাকীৰ আৰ্দ্ৰতা বা অস্বস্তি অনুভৱ নহয়।
এই কাপোৰযোৰে ইউপিএফ ৫০+ (UPF 50+) সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা সুৰক্ষা প্ৰদান কৰে। ইয়াৰোপৰি ই পুৰুষ আৰু মহিলা উভয় হজযাত্ৰীৰ বাবে ইহৰামৰ ধৰ্মীয় প্ৰয়োজনীয়তাকো সম্পূৰ্ণৰূপে পূৰণ কৰে।
এই উদ্ভাৱনৰ তাৎপৰ্য্য
হজ আৰু উমৰা শাৰীৰিক যাত্ৰাতকৈ ভক্তি, আশা আৰু ধৈৰ্যৰে ভৰা এক আৱেগিক যাত্ৰা। প্ৰত্যেক বছৰে, লাখ লাখ মানুহে আধ্যাত্মিক সপোন লৈ ছৌদি আৰৱলৈ যায়। ইয়াৰোপৰি, তেওঁলোকৰ বহুতে প্ৰচণ্ড গৰমৰ দৰে প্ৰত্যাহ্বানসমূহৰো সন্মুখীন হ'বলগীয়া হয়।
পুৰুষ-মহিলা উভয় হজযাত্ৰীৰ ইহৰাম
প্ৰত্যেক বছৰেই হজযাত্ৰাৰ কিছুমান নিৰ্দিষ্ট সময়ত তাপমাত্ৰা অধিক বৃদ্ধি পাবলৈ ধৰিছে। এই সময়ছোৱাত বিশেষকৈ বয়সস্থ প্ৰাপ্তবয়স্ক আৰু চিকিৎসাজনিত অৱস্থা থকা হজযাত্ৰীসকলৰ বাবে হিটষ্ট্ৰ’ক আৰু হিট ষ্ট্ৰেছ অন্যতম ডাঙৰ শাৰীৰিক প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। আনকি সুস্থ লোকসকলেও দীৰ্ঘদিন ধৰি পবিত্ৰ স্থানৰ মাজত খোজ কঢ়া, থিয় হৈ থকা, চলাচল কৰাৰ সময়ত ডিহাইড্ৰেচ আৰু অস্বস্তিত অনুভৱ কৰিবলগীয়া হৈ আহিছে।
ছৌদি এয়াৰলাইন্সৰ বিপণনৰ ভিপি এছছাম আখোনবেহে কয় যে, "এই উদ্ভাৱনে হজযাত্ৰীৰ অভিজ্ঞতা উন্নত কৰাৰ বাবে বিমান সংস্থাটোৰ দায়ৱদ্ধতাক প্ৰতিফলিত কৰিছে। আমাৰ লক্ষ্য হৈছে তেওঁলোকৰ যাত্ৰাৰ সময়ত আৰাম নিশ্চিত কৰা আৰু তেওঁলোকৰ যাত্ৰাৰ সময়ত প্ৰকৃততে কি গুৰুত্বপূৰ্ণ হয়, সেইবোৰত মনোনিৱেশ কৰা।"
মানৱকেন্দ্ৰিক পদক্ষেপ
শীতল কাপোৰ বুলি ক'লে এক সাধাৰন কথা যেন লাগিব পাৰে, কিন্তু এটা দীঘলীয়া দিনৰ বাবে আৰু এগৰাকী হজযাত্ৰীৰ বাবে ই সংগ্ৰাম আৰু আৰামৰ মাজত পাৰ্থক্য সৃষ্টি কৰিব কৰে। কিয়নো ইয়াৰ ফলত গৰমৰ আশংকা হ্ৰাস পায় আৰু মানুহে নিজৰ উপাসনাত মনোনিৱেশ কৰিব পাৰে।
'শীতল ইহৰাম'ৰ প্ৰকৃত মূল্য দেখা যায়, যিসকলে ইয়াক পৰিধান কৰে। এজন বৃদ্ধ হজযাত্ৰীৰ কথা কল্পনা কৰক যিয়ে ধীৰে ধীৰে তাৱাফ কৰি আছে আৰু ধীৰে ধীৰে ধীৰে নামাজ পঢ়ি আছে। এনে এজন ব্যক্তিৰ বাবে কুলিং ফেব্ৰিকটোৱে আৰামৰ অনুভৱ প্ৰদান কৰে। এটা মৃদু সমৰ্থন দিয়ে যিয়ে তেওঁলোকক এই মুহূৰ্তৰ আৱেগিক আৰু আধ্যাত্মিক তাৎপৰ্যত মনোনিৱেশ কৰিবলৈ অনুমতি দিয়ে।
পৰম্পৰা আৰু সুলভতাৰ প্ৰতি সন্মান
'শীতল ইহৰাম'ৰ সৃষ্টিকৰ্তাসকলে নিশ্চিত কৰিছিল যে, এই কাপোৰযোৰে ধৰ্মীয় পৰম্পৰাক সম্পূৰ্ণৰূপে সন্মান প্ৰদৰ্শন কৰিছে। কাপোৰযোৰৰ ডিজাইনত কোনো অলংকাৰ সন্নিবিষ্ট কৰা হোৱা নাই, কোনো অতিৰিক্ত ষ্টাইলিং অন্তৰ্ভূক্ত কৰা হোৱা নাই আৰু ইয়াৰ প্ৰয়োজনীয় সৰলতাৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাই। সকলো নতুনত্ব ইয়াৰ আঁহবোৰৰ ভিতৰত লুকাই আছে, যিয়ে নিশ্চিত কৰিছে যে, বাহ্যিক ৰূপটো যাতে সম্পূৰ্ণৰূপে পৰম্পৰাগত হৈ থাকে।
উচ্চ-প্ৰযুক্তিৰ ইহৰাম
এই প্ৰতিশ্ৰুতিয়ে হজযাত্ৰীসকলক আশ্বস্ত কৰিছে যে, তেওঁলোকৰ পৰম্পৰা অক্ষুণ্ণ হৈ থাকিব। এই বস্ত্ৰসমূহ প্ৰদৰ্শনীৰ সময়ত প্ৰদৰ্শন কৰা হৈছে আৰু যাত্ৰা আৰু হজযাত্ৰা সেৱা প্ৰদানকাৰীৰ জৰিয়তে প্ৰদৰ্শন কৰা হৈছে। ইয়াক কিছু কিছু হজযাত্ৰা কিট আৰু ভ্ৰমণ পৰিকল্পনাৰ সৈতে অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ মূল লক্ষ্য হৈছে, ইয়াক সহজলভ্য কৰি তোলা, ব্যতিক্ৰমী কৰি তোলা নহয়, যাতে আৰাম আৰু সুৰক্ষা হজযাত্ৰীৰ অভিজ্ঞতাৰ সাধাৰণ অংশ হৈ পৰে।
এক উমৈহতীয়া দায়িত্ব আৰু ভৱিষ্যতৰ লক্ষ্য
'শীতল ইহৰাম' এক ইতিবাচক পদক্ষেপ যদিও ই সুৰক্ষাৰ এক বৃহৎ ব্যৱস্থাৰ মাত্ৰ এটা অংশহে। হজযাত্ৰীসকলৰ বাবে হাইড্ৰেচন, ছাঁযুক্ত পথ, সঘনাই জিৰণি লোৱা আৰু চিকিৎসাত সহায় কৰাটো অতি প্ৰয়োজনীয় হৈয়ে আছে। 'শীতল ইহৰামে' কেৱল নিৰাপত্তা আৰু সান্ত্বনাৰ এটা অতিৰিক্ত স্তৰ যোগ কৰিছে।
ভৱিষ্যতৰ এটা অৰ্থপূৰ্ণ লক্ষ্য হ’ল 'শীতল ইহৰাম'ক সকলো পটভূমিৰ হজযাত্ৰীৰ বাবে সুলভ কৰি তোলা। বহুতে হজ বা উমৰাহ কৰিবলৈ নিজৰ সমগ্ৰ জীৱন সঞ্চয় কৰে। ভ্ৰমণ আয়োজক আৰু দাতব্য সংস্থাসমূহে মৌলিক হজযাত্ৰা কিটত শীতল কাপোৰ অন্তৰ্ভুক্ত কৰাৰ উপায় বিচাৰিছে, যাতে দুৰ্বল ব্যক্তি বিশেষকৈ বয়সস্থ তীৰ্থযাত্ৰীসকলে সমানে লাভৱান হ’ব পাৰে।
এই উদ্ভাৱনে আমাক এই কথা মনত পেলাই দিয়ে যে, উদ্ভাৱন ফলপ্ৰসূ হ’বলৈ কোলাহলপূৰ্ণ হ’ব নালাগে। কেতিয়াবা, শান্ত, চিন্তাশীল ধাৰণাবোৰেই আটাইতকৈ ডাঙৰ পাৰ্থক্য কঢ়িয়াই আনিব পাৰে। উপাসনাৰ অন্যতম আধ্যাত্মিক অভিজ্ঞতাৰ সময়ত আৰাম প্ৰদান কৰি, ছৌদি আৰৱে এক অনুকম্পামূলক পদক্ষেপ গ্ৰহণ কৰিছে। যিয়ে পৰম্পৰা আৰু প্ৰতিজন হজযাত্ৰীৰ কল্যাণক সন্মান প্ৰদৰ্শন কৰে।