শ্বাহৰুখ খানৰ বিৰুদ্ধে কৰা 'দেশদ্ৰোহী' মন্তব্যৰ তীব্র নিন্দা কংগ্ৰেছ সাংসদ মণিকম ঠাকুৰৰ
নতুন দিল্লী
বলিউডৰ অভিনেতা শ্বাহৰুখ খানৰ বিৰুদ্ধে কৰা 'দেশদ্রোহী' মন্তব্যৰ তীব্র নিন্দা কৰিছে কংগ্রেছৰ সাংসদ মণিকম ঠাকুৰে। তেওঁ এই মন্তব্যক "ভাৰতৰ বৈচিত্ৰতাৰ ওপৰত আক্রমণ" বুলি অভিহিত কৰি ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ (RSS)-ই "সমাজত বিষবাষ্প বিয়পোৱা" কাৰ্য বন্ধ কৰিব লাগিব বুলি মন্তব্য কৰে।
বৃহস্পতিবাৰে 'X'ৰ এক পোষ্টত ঠাকুৰে কয়, 'ছুপাৰষ্টাৰ শ্বাহৰুখ খানক 'দেশদ্ৰোহী’ বুলি কোৱাটো ভাৰতৰ বৈচিত্ৰতাৰ ওপৰত আক্ৰমণ। ঘৃণাৰ জৰিয়তে জাতীয়তাবাদৰ সংজ্ঞা দিব নোৱাৰি। RSS-এ সমাজত বিষ বিয়পোৱাটো বন্ধ কৰিব লাগিব"।
ভাৰতীয় জনতা পাৰ্টি (BJP)ৰ নেতা সংগীত সোমে বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক কলকাতা নাইট ৰাইডাৰ্ছ (KKR)ৰ দলত অন্তৰ্ভুক্ত কৰাৰ বাবে শ্বাহৰুখ খানক "দেশদ্ৰোহী" বুলি অভিহিত কৰিছিল। ইয়াৰ পিছতে বিষয়টো সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিভিন্নজনে।
বাংলাদেশী খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰাক লৈ বিতৰ্ক চলি থকাৰ মাজতে সোমে অভিনেতাজনৰ বিৰুদ্ধে "ভাৰতৰ বিৰুদ্ধে কাম কৰা" দেশখনৰ খেলুৱৈৰ বাবে ধন বিনিয়োগ কৰা বুলি অভিযোগ উত্থাপন কৰিছে।
ANI-ক আগত সোমে কয়, "বাংলাদেশত হিন্দুসকলৰ ওপৰত যিধৰণে নিৰ্যাতন চলোৱা হৈছে, মহিলা আৰু ছোৱালীক ধৰ্ষণ কৰা হৈছে, তেওঁলোকৰ ঘৰ জ্বলাই দিয়া হৈছে আৰু ভাৰত বিৰোধী শ্ল’গান দিয়া হৈছে। ইমানৰ পিছতো শ্বাহৰুখ খানৰ দৰে বিশ্বাসঘাতকক মই দেশদ্ৰোহী বুলি কৈছো, কাৰণ তেওঁৰ যিখিনি আছে সকলোখিনি ভাৰতবৰ্ষই দিছে, ভাৰতৰ জনতাই দিছে, কিন্তু তেওঁ এই ধন ক'ত বিনিয়োগ কৰে? তেওঁ এই ধন এনে এখন দেশৰ খেলুৱৈৰ বাবে বিনিয়োগ কৰে, যিয়ে ভাৰতৰ বিৰুদ্ধে কাম কৰি আছে।’’
তেওঁ আৰু কয়, "মই শ্বাহৰুখ খানৰ দৰে লোকসকলক ক'ব বিচাৰো যে তেওঁলোক সফল নহ'ব। কোনোপধ্যে তেওঁ মুস্তাফিজুৰ ৰহমানক ইয়াত খেলিবলৈ দিব নোৱাৰিব। ৰহমানে বিমানবন্দৰৰ বাহিৰত ভৰি দিব নোৱাৰিব"।
সোমে কয়, "শ্বাহৰুখ খানৰ দৰে লোকসকল দেশদ্ৰোহী; তেওঁলোকে ভাৰতৰ খায় আৰু পাকিস্তান-বাংলাদেশৰ প্ৰশংসা কৰে"।
ইফালে, হিন্দু ধৰ্মীয় নেতা জগদগুৰু স্বামী ৰামভদ্ৰাচাৰ্যও অভিনেতাজনক লক্ষ্য কৰি লয়।
ৰামভদ্ৰাচাৰ্যই কয় "তেওঁ (শ্বাহৰুখ খান) কোনো নায়ক নহয়। শ্বাহৰুখ খানৰ কোনো চৰিত্ৰ নাই। তেওঁৰ কাৰ্যকলাপ এজন দেশদ্ৰোহীৰ দৰেই"।
আধ্যাত্মিক নেতা দেৱকিনন্দন ঠাকুৰেও বাংলাদেশত হিন্দুসকলৰ ওপৰত চলা অত্যাচাৰৰ কথা উল্লেখ কৰি তীব্ৰ সমালোচনা কৰে। তেওঁ কয়, "বাংলাদেশত হিন্দুসকলক নৃশংসভাৱে হত্যা কৰা হৈছে, তেওঁলোকৰ ঘৰবোৰ জ্বলাই দিয়া হৈছে আৰু তেওঁলোকৰ ভগ্নী আৰু কন্যাসকলক ধৰ্ষণ কৰা হৈছে। এনে নৃশংস হত্যাকাণ্ডৰ সাক্ষী হোৱা কোনোবা কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে, বিশেষকৈ যিয়ে নিজকে এটা দলৰ স্বত্ত্বাধিকাৰী বুলি দাবী কৰে? তেওঁ কিদৰে ইমান নিষ্ঠুৰ হ’ব পাৰে যে তেওঁ সেই দেশৰ এজন ক্ৰিকেটাৰক নিজৰ দলত অন্তৰ্ভুক্ত কৰিব পাৰে?