অহা ৫ বছৰত কেৱল নিৰ্বাচনী তালিকাৰ পৰাই নহয় অনুপ্ৰৱেশকাৰী দেশৰ পৰাও বহিষ্কাৰ হ’বঃ অমিত শ্বাহ

Story by  PTI | Posted by   Imtiaz Ahmed • 21 h ago
 কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আদৰণি জনাইছে
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আদৰণি জনাইছে
গুৱাহাটী

ভাৰত যদি নক্সালৰ পৰা মুক্ত হ’ব পাৰে তেন্তে অনুপ্ৰৱেশকাৰীৰ পৰাও মুক্ত হ’ব পাৰে বুলি দৃঢ়তাৰে উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে কয় যে অহা পাঁচ বছৰত অবৈধ অনুপ্ৰৱেশকাৰীক কেৱল নিৰ্বাচনী তালিকাৰ পৰাই নহয়, দেশৰ পৰাও আঁতৰোৱা হ’ব।

অসম আৰক্ষীৰ দশম বেটেলিয়নৰ নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰি শ্বাহে এক সমাৱেশত ভাষণ দি কয় যে এই চৌহদ অনুপ্ৰৱেশকাৰীৰ বেদখলৰ পৰা মুক্ত কৰা ভূমিত নিৰ্মাণ কৰা হ’ব।

লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক আক্ৰমণ কৰি শ্বাহে কয় যে কংগ্ৰেছ নেতাগৰাকীয়ে এবাৰ অনুপ্ৰৱেশকাৰীক আঁতৰোৱা হ’ব বুলি কৈছিল যদিও “কংগ্ৰেছে তেনে কৰিব নোৱাৰে কাৰণ অবৈধ অনুপ্ৰৱেশকাৰীয়েই তেওঁলোকৰ ভোটবেংক”।

"কেৱল বেদখল কৰা ভূমিৰ পৰা অনুপ্ৰৱেশকাৰীক উচ্ছেদ কৰাটোৱেই যথেষ্ট নহয়, তেওঁলোকক ভাৰতৰ বাহিৰলৈও পঠিয়াব লাগিব," তেওঁ কয়।
নিৰ্বাচন আয়োগে নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণ (SIR) চলাই আছে আৰু অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰা হ'ব সেয়া স্পষ্ট, কিন্তু "ৰাহুল গান্ধীয়ে এই অনুশীলনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, আৰু বোমাৰ পিছত বোমা নিক্ষেপ কৰিছে কিন্তু এইবোৰে আনকি ফটকাৰ শব্দও নকৰে"।

আন কেইবাখনো ৰাজ্যত SIR চলি থকাৰ সময়তে অসমত বিশেষ পুনৰীক্ষণ চলি আছে।

শ্বাহে কয় যে অনুপ্ৰৱেশকাৰীৰ বেদখলৰ পৰা মুক্ত কৰা ভূমিত বেটেলিয়নৰ নতুন চৌহদ নিৰ্মাণ কৰা হ’ব।

"বেদখল কৰা মাটিৰ পৰা অনুপ্ৰৱেশকাৰীক উচ্ছেদ কৰিলেই নহ’ব কাৰণ তেওঁলোকে আন ঠাইত গৈ বসতি স্থাপন কৰিব... দেশৰ পৰা আঁতৰাই পেলাব লাগিব।" - তেওঁ কয়।

অনুপ্ৰৱেশকাৰীক সুৰক্ষা প্ৰদানৰ কংগ্ৰেছৰ নীতিয়ে অসমৰ ‘জাতি, মাটি, ভেটি'ৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বুলিও অভিযোগ উত্থাপন কৰে গৃহমন্ত্ৰীগৰাকীয়ে।

"কংগ্ৰেছে যদি অনুপ্ৰৱেশকাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিশ্ৰুতিবদ্ধ, তেন্তে ৰাহুল গান্ধীক প্ৰত্যাহ্বান জনাইছো যে তেওঁ তেওঁলোকৰ ইস্তাহাৰত এই কথা উল্লেখ কৰক।" - তেওঁ লগতে কয়।

তেওঁ কংগ্ৰেছে অনুপ্ৰৱেশক উৎসাহিত কৰাৰ অভিযোগ উত্থাপন কৰে, যাৰ ফলত "ৰাজ্যৰ জনগাঁথনি সংকটত পৰিছে"।

"মই সুধিব বিচাৰো ধুবুৰী, বৰপেটা, দৰং, মৰিগাঁও, বঙাইগাঁও, নগাঁও আৰু গোৱালপাৰা মুছলমান প্ৰধান জিলা হোৱাৰ বাবে কোন দায়ী? সেয়া কংগ্ৰেছ।"

কংগ্ৰেছে অনুপ্ৰৱেশক উৎসাহিত কৰাৰ পাপৰ পৰা বিজেপিয়ে অসমক মুক্ত কৰিব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে অনুপ্ৰৱেশকাৰীৰ বেদখলৰ পৰা ১ লাখ বিঘাৰো অধিক ভূমি মুক্ত কৰিছে বুলি উল্লেখ কৰি শ্বাহে কয় যে যদিহে বিজেপিক ক্ষমতালৈ ঘূৰি আহে আগন্তুক পাঁচ বছৰত আৰু ৫ লাখ বিঘা মাটি মুকলি কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে।

"মই তেওঁক ভালদৰে চিনি পাওঁ ... তেওঁ নিজৰ প্ৰতিশ্ৰুতি পালন কৰে কিন্তু ইয়াৰ দ্বাৰা অসমৰ সমস্যা সমাধান হ'বনে? নাই, নহয় কিয়নো অনুপ্ৰৱেশকাৰীসকল দেশৰ আন কোনোবা ঠাইলৈ যাব।" - শ্বাহে কয়।

তেওঁ কয় যে যদি পুনৰ ক্ষমতালৈ আহে তেন্তে বিজেপিয়ে “প্ৰতিজন অনুপ্ৰৱেশকাৰীক বিচাৰি উলিয়াই দেশৰ বাহিৰলৈ পঠিয়াব”।

তেওঁ লগতে কয় যে, "এয়া সম্ভৱ ... যেতিয়া দেশৰ এটা ডাঙৰ অংশ নক্সালৰ পৰা মুক্ত হ'ব পাৰে, তেতিয়া দেশখন অনুপ্ৰৱেশকাৰীৰ পৰাও মুক্ত হ'ব পাৰে। এইটো সম্ভৱ কৰিবলৈ ইচ্ছাশক্তি, সাহস আৰু দৃঢ়তাৰ প্ৰয়োজন। আমাৰ প্ৰধানমন্ত্ৰীৰ হাতত এই সকলোবোৰ আছে।"

অনুপ্ৰৱেশকাৰীক আনা কংগ্ৰেছ ক্ষমতালৈ আহিলে কেতিয়াও তেওঁলোকক যাবলৈ নিদিয়ে বুলি উল্লেখ কৰি শ্বাহে লগতে কয় যে "যদি আমি অবৈধ অনুপ্ৰৱেশকাৰীক দেশৰ বাহিৰলৈ পঠিয়াব বিচাৰো তেন্তে বিজেপিয়ে ৰাজ্যখনৰ ক্ষমতা অক্ষুণ্ণ ৰাখিব লাগিব"।

"অনুপ্ৰৱেশকাৰীয়ে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানকো ৰেহাই দিয়া নাছিল যদিও ৰাজ্য চৰকাৰে বেদখলৰ পৰা ভূমি মুক্ত কৰিলে আৰু শেহতীয়াকৈ মই তাত এটা পুনৰ নিৰ্মিত প্ৰকল্প উদ্বোধন কৰিলোঁ।" - তেওঁ কয়।

আগন্তুক পাঁচ বছৰত অসম পূব আৰু উত্তৰ-পূব ভাৰতৰ উদ্যোগিক কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব বুলি উল্লেখ কৰে শ্বাহে।

অসম আৰক্ষীৰ দশম বেটেলিয়নৰ বেদখলৰ পৰা মুক্ত ৩৪৭ একৰ ট্ৰাইবেল বেল্ট আৰু ব্লক ভূমিত ২৭০ কোটি টকাৰ নতুন চৌহদ নিৰ্মাণ কৰা হ’ব।

২০২৪ চনৰ ছেপ্টেম্বৰ আৰু ২০২৫ চনৰ এপ্ৰিল মাহত দুটা পৰ্যায়ত উচ্ছেদ অভিযান চলোৱা হৈছিল আৰু প্ৰথম পৰ্যায়ত হিংসাত্মক ৰূপ ধাৰণ কৰিছিল আৰু ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ৪০ জন লোক আহত হৈছিল।

অনুপ্ৰৱেশকাৰীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বুলি উল্লেখ কৰি শ্বাহে কয় যে, “মই সুখী যে ভাবুকি নিষ্ক্ৰিয় কৰা হৈছে আৰু যিসকলে দেশক সুৰক্ষা দিব তেওঁলোকৰ বাবে এটা চৌহদ বনিব, য’ত কংগ্ৰেছে অবৈধ অনুপ্ৰৱেশকাৰীক বসতি স্থাপন কৰিবলৈ উৎসাহিত কৰিছিল।”

শ্বাহে কয় যে ৰাজ্যত বিজেপিৰ শাসনৰ বিগত ১০ বছৰত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা দুয়োখন চৰকাৰে ৰাজ্যৰ আইন-শৃংখলাৰ উন্নতিৰ বাবে অপৰিসীম কাম কৰিছে।

কংগ্ৰেছে অসমক সদায় নিজৰ ভাগ্যৰ ওপৰত এৰি গৈছিল বুলি অভিযোগ কৰি শ্বাহে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ৰাজ্যখনৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পিছতো দুটা কাৰ্যকালত ১০বাৰো ৰাজ্যখনলৈ অহা নাছিল, আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১১ বছৰত ৩৫ বাৰ অসমকে ধৰি ৮০ বাৰ উত্তৰ-পূব ভ্ৰমণ কৰিছে।

"ইয়াৰ পৰা বুজা যায় যে প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ অগ্ৰাধিকাৰ উত্তৰ-পূব ... অসমৰ উন্নয়নৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে, য'ত খিলঞ্জীয়া লোকক ভূমিৰ অধিকাৰ প্ৰদান, চাহ বাগিচাৰ শ্ৰমিকৰ বাবে বিশেষ আঁচনি আৰম্ভ কৰা, ৪০ লাখ মহিলাক এছ এইচ জিৰ সৈতে সংযুক্ত কৰা আৰু মৰাণত অঞ্চলটোৰ প্ৰথমটো জৰুৰীকালীন অৱতৰণ সুবিধা কাৰ্যকৰী কৰাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে।"

শ্বাহে কয় যে বিজেপিয়ে ৰাজ্যখনক বিদ্ৰোহ, দৰিদ্ৰতা, নিবনুৱা সমস্যা আৰু বানপানীৰ পৰা মুক্ত কৰিব।

১২৬ জনীয়া অসম বিধানসভাৰ নিৰ্বাচন মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।