শম্পি চক্ৰৱৰ্তী পুৰকায়স্থ
এসময়ত কেমেৰাৰ সন্মুখত থিয় হৈ যিগৰাকী যুৱকে গোটেই বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছিল, আজি তেওঁৰ হাতত অটোৰ হেণ্ডেল। তেওঁ ৰাষ্ট্ৰপতিৰ হাতৰ পৰা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পাইছিল আৰু তেওঁ অভিনয় কৰা চিনেমাখন অস্কাৰৰ মঞ্চ পাইছিল। অথচ সেইজন মানুহেই চিনেমাৰ পৰ্দাৰ বাহিৰত জীৱনত আটাইতকৈ ডাঙৰ যুঁজখন যুঁজি আছে। সেয়েহে শফিক ছৈয়দৰ কাহিনী কেৱল এজন অভিনেতাৰ কাহিনী নহয়, এয়া সপোন ভাঙি যোৱাৰ এক অতি হৃদয় বিদাৰক কাহিনী।
৮০ ৰ দশকত বেংগালুৰুৰ ঘৰ এৰি কেৱল পেটৰ তাৰণাত মুম্বাইলৈ আহিছিল এটা সৰু ল'ৰা শফিক। ৰাস্তাৰ কাষত বা ৰেল ষ্টেচনত থকা আৰু অনিশ্চিতভাৱে দিন কটোৱাটোৱেই আছিল তেওঁৰ আচল জীৱন। এদিন চাৰ্চগেট ষ্টেচনৰ ওচৰত তেওঁ এটা অভিনয় কৰ্মশালাত ভাগ লোৱাৰ সুযোগ পায়। তাত ভাগ ল’লেই ২০ টকা পোৱা যাব। এজন ভোকাতুৰ ল’ৰাৰ বাবে সেয়াই আছিল ডাঙৰ কথা। কোনে জানিছিল যে সেই সামান্য পইচাকেইটাৰ আশাতেই তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ অধ্যায় আৰম্ভ হ’ব!
ছালাম বোম্বে ছবিখনৰ এক দৃশ্য
পৰিচালক মীৰা নায়াৰে তেতিয়া 'ছালাম বম্বে!' নামৰ চিনেমাখনৰ কাম হাতত লৈছিল। ৰাস্তাত থকা ল’ৰা-ছোৱালীৰ জীৱনক লৈ বনোৱা সেই চিনেমাখনৰ বাবে বহুতো শিশুৰ মাজৰ পৰা শফিকক বাছনি কৰা হয়। অভিনয় কৰাটো তেওঁৰ বাবে কেৱল অভিনয় নাছিল, আছিল নিজৰ আচল জীৱনটোকে কেমেৰাৰ সন্মুখত দেখুওৱা। চাগে সেই কাৰণেই তেওঁৰ চৰিত্ৰটো ইমান সঁচা যেন লাগিছিল।
১৯৮৮ চনত মুক্তি পোৱাৰ পিছত 'ছালাম বম্বে!' চিনেমাখনে কেৱল ভাৰততে নহয়, গোটেই বিশ্বতে খলকনি তোলে। চিনেমাখনে অস্কাৰ বঁটাত শ্ৰেষ্ঠ বিদেশী ভাষাৰ চিনেমাৰ শাখাত মনোনয়ন পায়। শফিকেও ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। তেতিয়া ভাবিছিল যে এইবাৰ চাগে তেওঁৰ ভাগ্য সলনি হ’ব।
ছালাম বোম্বে ছবিখনৰ এক দৃশ্য
কিন্তু আচল জীৱনৰ কাহিনী আছিল একেবাৰে পৃথক। বঁটাৰ পোহৰ আৰু আনন্দ শেষ হোৱাৰ পিছৰে পৰা আৰম্ভ হ’ল দীঘলীয়া অপেক্ষা। হাতত খবৰ কাগজৰ কাটিং আৰু বুকুত আশা লৈ তেওঁ এজনৰ পিছত আন এজন প্ৰযোজক-পৰিচালকৰ অফিচে অফিচে ঘূৰি ফুৰিলে। কিন্তু ক'তোৱেই নতুন কাম পোৱা নগ’ল। ৰাষ্ট্ৰীয় বঁটাটো লাহে লাহে কেৱল এটা সজাই থোৱা বস্তু হৈয়েই ৰৈ গ’ল।
অৱশেষত তেওঁ মুম্বাই এৰি আকৌ বেংগালুৰুলৈ ঘূৰি যাবলগীয়া হ’ল। পৰিয়াল পোহপাল দিবলৈ অটৰিক্সা চলোৱাটোৱেই তেওঁৰ একমাত্ৰ উপায় হৈ পৰিল। দিনটোৰ সামান্য উপাৰ্জনেৰেই পৰিয়ালৰ খৰচ চলিবলৈ ধৰিলে। এসময়ৰ বিশ্ববিখ্যাত শিশু শিল্পীজনে তেতিয়া ব্যস্ত চহৰৰ ৰাস্তাত যাত্ৰী কঢ়িওৱাত ব্যস্ত হৈ পৰিল।
এটা সাক্ষাৎকাৰত শফিকে কৈছিল, "'ছালাম বম্বে!' চিনেমাত মই অভিনয় কৰা নাছিলোঁ। মই কেৱল নিজৰ জীৱনটোৱেই পৰ্দাত জীয়াই আছিলোঁ।" এই এটা কথাই যেন তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ পৰিচয়।
গৌতম ঘোষৰ 'পতংগ' নামৰ চিনেমাখনত পিছলৈ তেওঁ আৰু এবাৰ অভিনয় কৰাৰ সুযোগ পাইছিল। কিন্তু সেয়াই আছিল শেষ। ইয়াৰ পিছত চিনেমা জগতখনে তেওঁক আৰু কেতিয়াও নামাতিলে।
শফিক ছৈয়দৰ জীৱনে আমাক মনত পেলাই দিয়ে যে সফলতা পালেই যে জীৱন সুৰক্ষিত হ’ব, তাৰ কোনো মানে নাই। হাতচাপৰিৰ শব্দ এদিন বন্ধ হৈ যায়, পোহৰো নুমাই যায়, কিন্তু জীৱন ৰৈ নাথাকে। সেই জীৱন কেতিয়াবা কেমেৰাৰ সন্মুখত, আকৌ কেতিয়াবা অটোৰ হেণ্ডেলত নিজৰ মতেৰে আগবাঢ়ি চলে।
সেয়েহে শফিকৰ কাহিনী কেৱল এজন অভিনেতাৰ কথা নহয়; এয়া এনে এজন মানুহৰ জীৱন— যিয়ে সপোন দেখিছিল, সফলতাও পাইছিল, কিন্তু শেষত বাস্তৱৰ কঠিন পৰিস্থিতিলৈ ঘূৰি আহি নতুনকৈ জীয়াই থকাৰ যুঁজ আৰম্ভ কৰিছিল।