কূটনৈতিক উপহাৰত স্থান লাভ অসমৰ 'মনোহাৰী গ'ল্ড টী'ৰ; ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ উপহাৰ

Story by  Munni Begum | Posted by  Munni Begum • 1 h ago
কূটনৈতিক উপহাৰত স্থান লাভ অসমৰ 'মনোহাৰী গ'ল্ড টী'ৰ
কূটনৈতিক উপহাৰত স্থান লাভ অসমৰ 'মনোহাৰী গ'ল্ড টী'ৰ
 
মুন্নী বেগম / গুৱাহাটী
 
অসমৰ নাম উচ্চাৰণ হ'লেই বিশ্বৰ বহু দেশৰ মানুহৰ মনলৈ প্ৰথমে আহে চাহৰ কথা। কিয়নো অসমৰ চাহ কেৱল এক পানীয় নহয়, ই ৰাজ্যখনৰ ইতিহাস, ঐতিহ্য, অৰ্থনীতি আৰু পৰিচয়ৰ অবিচ্ছেদ্য অংশ। প্ৰায় দুশ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ অসমৰ চাহ উদ্যোগ কেৱল ৰাজ্যখনৰ অৰ্থনীতিৰ ভেটি নহয় ই অসমৰ গৌৰৱৰ এক জীৱন্ত প্ৰতীক। 'এটি কলি, দুটি পাতে' বিশ্বজুৰি সুগন্ধি বিলোৱা অসমৰ চাহে যুগ যুগ ধৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজৰ সুকীয়া স্থান  দখল কৰি আহিছে। 
 
শেহতীয়াকৈ বিশ্বমঞ্চত পুনৰ এবাৰ অসমৰ চাহৰ গৌৰৱ উজলাই তুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যোৱা ৪ জুলাইৰ পৰা ৬ জুলাইলৈ ইণ্ডোনেছিয়া ভ্ৰমণকালত দেশখনৰ ৰাষ্ট্ৰপতি প্ৰবোও চুবিয়ানটোৰ সৈতে অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ পক্ষৰ পৰা আগবঢ়োৱা বিশেষ উপহাৰৰ টোপোলাত স্থান লাভ কৰে অসমৰ বিশ্ববিখ্যাত মনোহাৰী গ'ল্ড টীয়ে। এই উপহাৰে কেৱল ভাৰত-ইণ্ডোনেছিয়াৰ কূটনৈতিক সম্পৰ্কৰ এক মধুৰ নিদৰ্শনেই নহয়, বিশ্বদৰবাৰত অসমৰ চাহ উদ্যোগৰ সুনাম পুনৰ প্ৰতিষ্ঠা কৰাৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপেও বিবেচিত হৈছে।
উপহাৰৰ টোপোলাটো বিশেষভাৱে অসমৰ পৰম্পৰা আৰু সংস্কৃতিক প্ৰতিফলিত কৰি সজাই তোলা হৈছিল। বেঁতৰ খৰাহীত মনোহাৰী গ'ল্ড টীৰ এটি বৈয়াম, গামোচাৰ চানেকিযুক্ত এখন বস্ত্ৰ আৰু অসমৰ ঐতিহ্যবাহী জাপি সংযোজন কৰি ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ সৈতে অসমৰ স্বকীয় পৰিচয় বিশ্বৰ আগত দাঙি ধৰা হয়। কূটনৈতিক উপহাৰ হিচাপে মনোহাৰী গ'ল্ড টীৰ নিৰ্বাচনে অসমৰ উৎকৃষ্ট কৃষিজাত সামগ্ৰী আৰু ঐতিহ্যক বিশেষ মৰ্যাদা প্ৰদান কৰিছে।
 
এই বিশেষ চাহ প্ৰস্তুত কৰা হয় চাহ গছৰ একেবাৰে কোমল, সোনালী আভাযুক্ত কুঁহিপাত বা কলিৰ পৰা। সূৰ্যৰ পোহৰ তীব্ৰ হোৱাৰ আগতেই, পুৱা প্ৰায় ৪ বজাৰ পৰা ৬ বজাৰ ভিতৰত অভিজ্ঞ চাহ শ্ৰমিকসকলে হাতেৰে বাচি বাচি এই কলিবোৰ সংগ্ৰহ কৰে। দৈনিক মাত্ৰ প্ৰায় ৮০ গ্ৰামমান কলি সংগ্ৰহ কৰা হয়, যাৰ ফলত ইয়াৰ উৎপাদন অতি সীমিত। এই বিৰলতা আৰু সূক্ষ্ম প্ৰস্তুত প্ৰণালীয়েই মনোহাৰী গ'ল্ড টীক বিশ্বৰ অন্যতম মূল্যৱান চাহ হিচাপে গঢ়ি তুলিছে। 
 
সংগ্ৰহ কৰা কলিবোৰ বিশেষ পদ্ধতিত শুকুৱাই, অক্সিডাইজ কৰি আৰু হাতেৰে সযতনে প্ৰস্তুত কৰা হয়। ইয়াৰ ৰং সোনালী, সুগন্ধ অতি মনোমোহা আৰু সোৱাদ কোমল অথচ গভীৰ। চাহ বিশেষজ্ঞসকলৰ মতে, মনোহাৰী গ'ল্ড টীত মধুৰ দৰে স্বাভাৱিক মিঠা স্বাদ, ফুলৰ সুগন্ধ আৰু দীঘলীয়া আফটাৰ-টেষ্ট অনুভৱ কৰিব পাৰি। ইয়াৰ বাবেই বিশ্বৰ বহু বিলাসী চাহপ্ৰেমী আৰু সংগ্ৰাহকৰ মাজত এই চাহৰ চাহিদা অত্যধিক।
 
১৯৭৩ চনত প্ৰতিষ্ঠিত মনোহাৰী টি ইষ্টেটে
 
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত আনন্দ প্ৰকাশ কৰি এক পোষ্ট শ্বেয়াৰ কৰিছে। পোষ্টটোত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সাক্ষাৎৰ ছবি, উপহাৰৰ খৰাহীৰ ছবি আৰু কিছু মাহ পূৰ্বে অসমৰ ডিব্ৰুগড় জিলাৰ মনোহাৰী চাহ বাগিচাত প্ৰধানমন্ত্ৰীয়ে চাহ শ্ৰমিকসকলৰ সৈতে অতিবাহিত কৰা সময়ৰ কেইবাখনো ছবি সংযোজন কৰিছে।
 
মুখ্যমন্ত্ৰী শৰ্মাই পোষ্টটোত লিখিছে, "আপোনালোকৰ হয়তো মনত আছে, কিছু মাহ পূৰ্বে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ সেই চাহ বাগিচাখনত নিশা অতিবাহিত কৰিছিল, য'ত উৎপাদন হয় বিশ্ববিখ্যাত মনোহাৰী গ'ল্ড টী। সেই সময়ত তেখেতে আমাৰ চাহ শ্ৰমিকসকলৰ সৈতে আন্তৰিক মত-বিনিময়ো কৰিছিল। আজি সেই একেই মনোহাৰী গ'ল্ড টী ভাৰতৰ ৰাষ্ট্ৰীয় উপহাৰ হিচাপে ইণ্ডোনেছিয়াৰ মাননীয় ৰাষ্ট্ৰপতিক প্ৰদান কৰি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পুনৰ এবাৰ বিশ্বদৰবাৰত অসমৰ চাহৰ ঐতিহ্য আৰু গৌৰৱক উজলাই তুলিলে।" 
 
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, মনোহাৰী গ'ল্ড টী কেৱল অসমৰ চাহ উদ্যোগৰ গৌৰৱৰ প্ৰতীকেই নহয়, ই ৰাজ্যখনৰ হাজাৰ হাজাৰ চাহ শ্ৰমিকৰ নিষ্ঠা, দক্ষতা আৰু কঠোৰ পৰিশ্ৰমৰো প্ৰতিফলন। বিশ্বমঞ্চত অসমৰ এই বিশেষ চাহক স্থান দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীৰ হৈ প্ৰধানমন্ত্ৰীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে।
 
চাহ শ্ৰমিকৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলাৰ মনোহাৰী চাহ বাগিচাত উৎপাদিত মনোহাৰী গ'ল্ড টী বিশ্বৰ অন্যতম উৎকৃষ্ট আৰু দামী চাহ হিচাপে পৰিচিত। ১৯৭৩ চনত প্ৰতিষ্ঠিত মনোহাৰী টি ইষ্টেটে বহু বছৰ ধৰি উচ্চমানৰ অৰ্থডক্স চাহ উৎপাদন কৰি আহিছে। ২০১৮ চনত এই বাগিচাত প্ৰথমবাৰৰ বাবে মনোহাৰী গ'ল্ড টী উৎপাদন আৰম্ভ হয় আৰু অতি কম সময়ৰ ভিতৰতে এই চাহে আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজৰ সুকীয়া পৰিচয় গঢ়ি তোলে।
 
মনোহাৰী গ'ল্ড টীয়ে ইতিমধ্যে একাধিকবাৰ বিশ্ববিখ্যাত চাহ নিলামত অভিলেখ সৃষ্টি কৰিছে। এই চাহে প্ৰতি কিলোগ্ৰামত ১,১৫,০০০ টকা পৰ্যন্ত নিলাম মূল্য লাভ কৰি বিশ্বৰ অন্যতম দামী চাহ হিচাপে পৰিচিতি লাভ কৰিছে। এই অভিলেখে কেৱল মনোহাৰী চাহ বাগিচাৰ সাফল্যকেই প্ৰতিফলিত নকৰে, বৰং অসমৰ সমগ্ৰ চাহ উদ্যোগৰ গুণগত মান আৰু বিশ্বস্ততাকো প্ৰতিষ্ঠা কৰে।
 
আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক উপহাৰ হিচাপে অসমৰ চাহৰ অন্তৰ্ভুক্তিয়ে বিশ্ববজাৰত এই বিশেষ চাহৰ জনপ্ৰিয়তা আৰু অধিক বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। ইয়াৰ জৰিয়তে অসমৰ প্ৰিমিয়াম চাহৰ প্ৰতি বিদেশী ক্ৰেতা আৰু বিনিয়োগকাৰীৰ আগ্ৰহ বৃদ্ধি পাব। একে সময়তে চাহ পৰ্যটন, মূল্য সংযোজিত চাহ উৎপাদন আৰু ৰপ্তানি খণ্ডতো ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
 
মনোহাৰী গ'ল্ড টী
 
অসমৰ চাহ কেৱল এক কৃষিজাত সামগ্ৰী নহয়; ই ৰাজ্যখনৰ ইতিহাস, সংস্কৃতি, পৰম্পৰা আৰু লাখ লাখ চাহ শ্ৰমিকৰ জীৱনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। সেইবাবেই ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিলৈ ভাৰতৰ ৰাষ্ট্ৰীয় উপহাৰ হিচাপে মনোহাৰী গ'ল্ড টীৰ অন্তৰ্ভুক্তিয়ে পুনৰ এবাৰ বিশ্বদৰবাৰত অসমৰ চাহৰ গৌৰৱক নতুন উচ্চতালৈ লৈ যোৱাৰ লগতে ৰাজ্যখনৰ ঐতিহ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰাৰ এক স্মৰণীয় অধ্যায় হিচাপে পৰিগণিত হৈছে।