ন্যায়, সমতা আৰু মানৱতাৰ সেৱাত জীৱন উৎসৰ্গা কৰা দহগৰাকী সাহসী মুছলমান মহিলা

Story by  atv | Posted by  Munni Begum • 14 h ago
ন্যায়, সমতা আৰু মানৱতাৰ সেৱাত জীৱন উৎসৰ্গা কৰা দহগৰাকী সাহসী মুছলমান মহিলা
ন্যায়, সমতা আৰু মানৱতাৰ সেৱাত জীৱন উৎসৰ্গা কৰা দহগৰাকী সাহসী মুছলমান মহিলা
 
নতুন দিল্লী 
 
পৰিৱৰ্তনৰ সপোন দেখিবলৈ সাহস লাগে, কিন্তু সেই সপোনক বাস্তৱত ৰূপ দিবলৈ লাগে দৃঢ় সংকল্প, অক্লান্ত পৰিশ্ৰম আৰু মানুহৰ প্ৰতি অকৃত্ৰিম দায়বদ্ধতা। পৰৱাজ'ৰ এই বিশেষ সংকলনত স্থান লাভ কৰা দহগৰাকী মহিলাই নিজৰ জীৱনক কেৱল ব্যক্তিগত সাফল্যৰ মাজতে সীমাবদ্ধ কৰি নাৰাখি, সমাজৰ অসংখ্য বঞ্চিত, নিপীড়িত আৰু পিছপৰা মানুহৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ আত্মনিয়োগ কৰিছে। তেওঁলোকৰ জীৱনগাথা কেৱল প্ৰেৰণাৰ উৎস নহয়, ই হৈছে এখন অধিক ন্যায়ভিত্তিক আৰু মানৱিক সমাজ গঢ়াৰ এক জীৱন্ত দলিল। 
 
সুন্দৰবনৰ দুৰ্গম দ্বীপ অঞ্চলৰ হালিমা খাতুনে বাল্যবিবাহ আৰু লিংগ বৈষম্যৰ বিৰুদ্ধে চলোৱা সংগ্ৰামে হাজাৰ হাজাৰ মহিলাক শিক্ষা, পৰিচয়পত্ৰ, স্বাস্থ্যসেৱা আৰু সন্মানৰ অধিকাৰৰ বাবে দাবী কৰাৰ সাহস যোগাইছে। বহু ভাবুকি আৰু বাধা-বিঘিনি থকা সত্ত্বেও হালিমা খাতুনে নীৰৱতাক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰি প্ৰমাণ কৰি দেখুৱাইছে যে, তৃণমূল পৰ্যায়ৰ নেতৃত্বইও সমগ্ৰ সমাজ সলনি কৰিব পাৰে। 
 
হালিমা খাতুন
 
পশ্চিম উত্তৰ প্ৰদেশৰ হিনা ছাইফীয়ে আজি ভাৰতৰ জলবায়ু আন্দোলনৰ এগৰাকী শক্তিশালী যুৱ কণ্ঠ হিচাপে আত্মপ্ৰকাশ কৰিছে। যি গাঁৱত যুৱতীসকলে উচ্চতৰ মাধ্যমিকৰ পিছত পঢ়া-শুনা অব্যাহত ৰখাটোও নাই বুলিয়ে ক'ব পাৰি, তেনে এখন ঠাইৰে হিনা ছাইফীক ৰাষ্ট্ৰসংঘই জলবায়ু নেতা হিচাপে স্বীকৃতি দিছে। পৰিৱেশ সুৰক্ষাৰ সৈতে মহিলাৰ অংশগ্ৰহণ, নবীকৰণযোগ্য শক্তি আৰু জনসচেতনতাক একেলগে আগবঢ়াই তেওঁ প্ৰমাণ কৰি দেখুৱাইছে যে, জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজখন তৃণমূল পৰ্যায়ৰ পৰাই আৰম্ভ হয়।     
 
হিনা ছাইফী
 
ছাফিনা হুছেইনৰ জীৱনৰ মূল লক্ষ্য হৈছে শিক্ষা। তেওঁৰ প্ৰতিষ্ঠান এডুকেট গাৰ্লছে (Educate Girls) ভাৰতৰ অতি পিছপৰা অঞ্চলৰ লাখ লাখ যুৱতীক বিদ্যালয়লৈ ঘূৰাই আনিবলৈ সক্ষম হৈছে। তেওঁৰ কামে প্ৰমাণ কৰিছে যে, এগৰাকী ছোৱালীৰ শিক্ষাৰ অৰ্থ কেৱল সাক্ষৰতা নহয় বৰং ই পৰিয়াল, সমাজ আৰু ভৱিষ্যৎ প্ৰজন্মৰ জীৱন সলনি কৰাৰ শক্তিও। 
 
ছাফিনা হুছেইন
 
সেৱাৰ প্ৰতি থকা আজীৱন দায়বদ্ধতাৰ পৰাই ছাজদা চুলতানা আহমেদৰ ৰাজহুৱা জীৱনৰ গঢ় লৈ উঠিছিল। যিটো সম্প্ৰদায়ৰ কাম হিচাপে আৰম্ভ হৈছিল, সেয়া পিছলৈ সুলভতা, দয়া আৰু বিশ্বাসৰ ওপৰত নিৰ্মিত সংসদীয় নেতৃত্বলৈ বিকশিত হৈছিল। সমাজকৰ্মীৰ পৰা তিনিবাৰৰ সংসদ সদস্য হোৱালৈকে তেওঁৰ এই যাত্ৰাই প্ৰমাণ কৰিছে যে, প্ৰকৃত জনসেৱা কেনেকৈ ৰাজনৈতিক নেতৃত্বৰ আটাইতকৈ শক্তিশালী ভেটি হ’ব পাৰে।
 
ছাজদা চুলতানা আহমেদ
 
ছানা খানৰ জীৱন কৃতজ্ঞতা আৰু অধ্যৱসায়ৰ এক অনন্য কাহিনী। ব্যক্তিগত সংগ্ৰাম অতিক্ৰম কৰি তেওঁ ৰাহত ফাউণ্ডেচন প্ৰতিষ্ঠা কৰে, যাতে বঞ্চিত শিশু বিশেষকৈ ছোৱালীয়ে শিক্ষা, বৃত্তিমূলক প্ৰশিক্ষণ আৰু কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব পাৰে। তেওঁৰ এই প্ৰচেষ্টাই হাজাৰ হাজাৰ লোকক সন্মানৰ সৈতে নতুন জীৱন আৰম্ভ কৰাৰ পথ দেখুৱাইছে।
 
ছানা খান
 
দীৰ্ঘদিন ধৰি ভাৰতত মুছলমান মহিলাৰ অধিকাৰৰ অন্যতম শক্তিশালী কণ্ঠ হৈ আহিছে শাইস্তা আম্বাৰ। আইনী সংস্কাৰ, জনসচেতনতা, সৰ্বভাৰতীয় মুছলিম মহিলা ব্যক্তিগত আইন ব’ৰ্ড আৰু তেওঁৰ প্ৰতিষ্ঠিত আম্বাৰ মছজিদৰ জৰিয়তে তেওঁ প্ৰমাণ কৰি দেখুৱাইছে যে, ধৰ্মীয় মূল্যবোধ আৰু সংবিধানৰ মূল্যবোধৰ আদৰ্শৰে একেলগে কাম কৰি মহিলাসকলৰ ন্যায়, সমতা আৰু মৰ্যাদা নিশ্চিত কৰিব পাৰি। 
 
শাইস্তা আম্বাৰ
 
তামিলনাডুত শ্বৰীফা খানামে কেৱল প্ৰতিবাদতকৈ প্ৰতিষ্ঠান নিৰ্মাণকহে প্ৰাধান্য দিছিল। STEPS আৰু অগ্ৰণী মুছলমান মহিলা জামাতৰ জৰিয়তে তেওঁ এনে নিৰাপদ স্থান সৃষ্টি কৰিছিল, য’ত হিংসা, বিবাহ বিচ্ছেদ আৰু বৈষম্যৰ সন্মুখীন হোৱা মহিলাসকলে ন্যায়, পৰামৰ্শ আৰু আইনী সহায় বিচাৰিব পাৰিব। তেওঁৰ কামে মহিলাৰ কণ্ঠক ইয়াৰ কেন্দ্ৰত ৰাখি সম্প্ৰদায়ৰ নেতৃত্বক পুনৰ সংজ্ঞায়িত কৰিছে। 
 
শ্বৰীফা খানামে
 
কেৰালাৰ সমাজকৰ্মী ভি পি চুহাৰাই ধাৰাবাহিকভাৱে যুক্তি দি আহিছে যে, কোৰাণ আৰু সংবিধান দুয়োটাই প্ৰতিশ্ৰুতি দিয়া ন্যায়ৰ আৰু সমতাৰ অধিকাৰ মুছলিম মহিলাসকলৰো সমানে প্ৰাপ্য। ব্যক্তিগত আইনৰ বৈষম্যমূলক ব্যাখ্যাৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰি আৰু সমাজৰ ভিতৰৰ পৰাই সংস্কাৰৰ পোষকতা কৰি তেওঁ অসংখ্য মহিলাক বহুদিনৰ পৰা বঞ্চিত হৈ থকা অধিকাৰৰ বাবে দাবী কৰিবলৈ উৎসাহিত কৰি আহিছে।  
 
ভি পি চুহাৰা
 
ড° জাহিদা ইকবাল ছিদ্দিকীৰ জীৱন অধ্যৱসায়ৰ এক  অনন্য উদাহৰণ। নিয়মীয়া ডায়েলাইছিছ কৰি থকাৰ সময়তো তেওঁ অসাধাৰণ নিষ্ঠাৰে পাঠদান, ছাত্ৰ-ছাত্ৰীক পথপ্ৰদৰ্শন কৰা, সাহিত্যিক কাৰ্যসূচী আয়োজন কৰা আৰু উৰ্দু শিক্ষাৰ প্ৰচাৰ অব্যাহত ৰাখিছে। তেওঁৰ এই জীৱন যাত্ৰাই প্ৰমাণ কৰিছে যে, শাৰীৰিক সীমাবদ্ধতাই শিক্ষা, সেৱা আৰু আশাৰ  পথত হেঙাৰ হব নোৱাৰে। 
 
ড° জাহিদা ইকবাল ছিদ্দিকী
 
এই প্ৰেৰণাদায়ক সংকলনটো সম্পূৰ্ণ কৰি তুলিছে জাকিয়া সোমনে। জাকিয়া সোমনে তেওঁৰ ব্যক্তিগত সংগ্ৰামক ভাৰতৰ মুছলমান মহিলাৰ অধিকাৰৰ অন্যতম শক্তিশালী আন্দোলনলৈ ৰূপান্তৰিত কৰিছে।ভাৰতীয় মুছলিম মহিলা আন্দোলন (BMMA)ৰ সহ-প্ৰতিষ্ঠাপক হিচাপে তেওঁ তাৎক্ষণিক তিনি তালাকৰ বিৰুদ্ধে ঐতিহাসিক আন্দোলনৰ নেতৃত্ব দিয়ে। কোৰাণ আৰু সংবিধানৰ সমতা আৰু ন্যায়ৰ আদৰ্শৰ ওপৰত ভিত্তি কৰি গঢ়ি তোলা তেওঁৰ এই দৃষ্টিভংগীয়ে অসংখ্য মহিলাক নিজৰ বিশ্বাস আৰু পৰিচয় অটুট ৰাখিয়েই ন্যায় বিচাৰ কৰিবলৈ প্ৰেৰণা যোগাই আহিছে।
 
জাকিয়া সোমন
 
এই দহগৰাকী মহিলাই একেলগে সমসাময়িক ভাৰতৰ নেতৃত্বৰ বিভিন্ন ৰূপ ক্ৰমে সমাজকৰ্মী, শিক্ষাবিদ, সাংসদ, সংস্কাৰক, পৰিৱেশবিদ আৰু সম্প্ৰদায় নিৰ্মাতা আদি বিভিন্ন ৰূপক প্ৰতিনিধিত্ব কৰিছে। তেওঁলোকৰ যাত্ৰাই পুনৰ দৃঢ়তাৰে সোঁৱৰাই দিয়ে যে, কেৱল ক্ষমতাই যে অৰ্থপূৰ্ণ পৰিৱৰ্তন আৰম্ভ কৰিব পাৰে তেনে নহয়, ইয়াৰ আৰম্ভণি হয় এনে ব্যক্তিৰ পৰা যিয়ে অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস কৰে, দুৰ্বলসকলৰ কাষত থিয় দিয়ে আৰু প্ৰতিটো বাধা অতিক্ৰম কৰি আগবাঢ়ি যাবলৈ সাহস কৰে। তেওঁলোকৰ কাহিনী কেৱল জীৱনী নহয়, ই হৈছে অধিক ন্যায়পৰায়ণ, দয়ালু আৰু সৰ্বাংগীন ভাৰত গঢ়াৰ দিশনির্দেশ।