ডিফু
আজিও অন্ধবিশ্বাসৰ কবলৰ পৰা মুক্ত হ’ব পৰা নাই সমাজ। শেহতীয়াকৈ কাৰ্বি আংলং জিলাত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। ডাইনী সন্দেহত এটি দম্পতিক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।
বুধবাৰে আৰক্ষীয়ে জনোৱা মতে, অসমৰ কাৰ্বি আংলং জিলাৰ এখন গাঁৱত এটা দম্পতিক ডাইনী সন্দেহত একাংশ লোকে জীৱন্তে জ্বলাই দিয়ে। ৩০ ডিচেম্বৰৰ নিশা জিলাখনৰ হাওৰাঘাট অঞ্চলৰ ১ নং বেলোগুৰি মুণ্ডা গাঁৱত সংঘটিত হয় এই ঘটনা।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুৰ্বৃত্তই প্ৰথমে দম্পতিটোক ঘৰৰ ভিতৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। তাৰ পিছত ঘৰটোত জুই লগাই দিয়াৰ ফলত তেওঁলোকৰ মৃত্যু হয়। নিহত দুগৰাকীৰ নাম গাৰ্ডি বিৰোৱা (৪৩) আৰু মীৰা বিৰোৱা (৩৩)। ঘটনাৰ কিছু সময়ৰ পিছতে আৰক্ষী আৰু প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলে সেই স্থান পৰিদৰ্শন কৰি ঘটনাৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ বাবে তদন্ত আৰম্ভ কৰে। আনহাতে, অঞ্চলটোত নিৰাপত্তা কটকটীয়া কৰা হৈছে।