নতুন দিল্লী
শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ষ্ট পূজাৰ আধ্যাত্মিক আৰু সাংস্কৃতিক তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি সমগ্ৰ দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।
এক্সত এক পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, "আজি এই শুভ ক্ষণত আপোনালোক সকলোৰে লগত ষ্টী মাইয়া (দেৱী ষ্টী)ৰ প্ৰতি উৎসৰ্গিত কিছুমান গীত শ্বেয়াৰ কৰিছো, যিয়ে সকলোকে মন্ত্ৰমুগ্ধ কৰিব। বিহাৰকে ধৰি সমগ্ৰ দেশৰ সকলো ভক্তলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। উপবাস পালন কৰা সকলোলৈ মোৰ শ্ৰদ্ধা আৰু প্ৰণাম!"
প্ৰধানমন্ত্ৰীয়ে শুকুৰবাৰে বেগুছৰাই ভ্ৰমণৰ কৰি প্ৰখ্যাত লোকগায়িকা শাৰদা সিনহাৰ অঞ্চলটোৰ সৈতে গভীৰ সংযোগৰ কথা উল্লেখ কৰিছে। তেওঁ লগতে কয় যে, শাৰদা সিনহা আৰু অন্যান্য বিহাৰী লোকশিল্পীসকলে তেওঁলোকৰ সংগীতৰ জৰিয়তে ষ্ট উৎসৱক সমৃদ্ধ কৰিছে।
কালি বেগুছৰাই ভ্ৰমণৰ সুযোগ পোৱাৰ সৌভাগ্য হৈছিল। বিহাৰৰ নাইটিংগেল, শাৰদা সিনহা জীৰ বেগুছৰাইৰ সৈতে গভীৰ সম্পৰ্ক আছে। শাৰদা সিনহা জী আৰু বিহাৰৰ বহু লোকশিল্পীয়ে তেওঁলোকৰ গীতৰ জৰিয়তে ষ্ট উৎসৱত এক অনন্য মাত্ৰা সংযোজন কৰিছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে ল্লেখ কৰিছে।
উৎসৱৰ বিষয়ে বৰ্ণনা কৰি প্ৰধানন্ত্ৰী মোদীয়ে কয় যে, ষ্ট মহাপৰ্ভ হৈছে বিশ্বাস, পূজা আৰু প্ৰকৃতিৰ প্ৰতি প্ৰেমৰ এক অনন্য সংগম, য’ত অস্ত আৰু উদয় হোৱা সূৰ্য্যক প্ৰসাদ আগবঢ়োৱা হয় আৰু প্ৰসাদত প্ৰকৃতিৰ বিভিন্ন ৰং সন্নিৱিষ্ট কৰা হয়। ষ্ট বিশ্বজুৰি এক বৃহৎ সাংস্কৃতিক উৎসৱ হিচাপে পালন কৰা হয় আৰু সমগ্ৰ বিশ্বৰ ভাৰতীয় পৰিয়ালসমূহে ইয়াৰ পৰম্পৰাত অংশগ্ৰহণ কৰে।
তেওঁ কয়, "আজি বিশ্বৰ চুকে-কোণে ষ্ট এক বিশাল সাংস্কৃতিক উৎসৱ হিচাপে উদযাপন কৰা হয়। সমগ্ৰ বিশ্বতে বসবাস কৰা ভাৰতীয় পৰিয়ালসমূহে ইয়াৰ পৰম্পৰাত সম্পূৰ্ণ হৃদয়েৰে অংশগ্ৰহণ কৰে। ষ্টী মাইয়াই সকলোকে প্ৰচুৰ আশীৰ্বাদ প্ৰদান কৰক।"
প্ৰধানমন্ত্ৰী মোদীয়ে এই উৎসৱক সৰলতা আৰু সংযমৰ প্ৰতীক বুলি অভিহিত কৰি, যাৰ বিশুদ্ধতা আৰু আচাৰ-ব্যৱহাৰৰ প্ৰতি আনুগত্য অতুলনীয় বুলি উল্লেখ কৰি লগতে কয় যে ষ্টঘাটৰ দৃশ্যই পাৰিবাৰিক আৰু সামাজিক সম্প্ৰীতিৰ বাবে প্ৰেৰণা যোগায়। প্ৰাচীন ষ্টৰ পৰম্পৰাই সমাজত গভীৰ প্ৰভাৱ পেলাইছে।
আজিৰ পৰা আৰম্ভ হৈছে নহাই-খায়ৰ পবিত্ৰ অনুষ্ঠানেৰে চাৰিদিনীয়া ষ্ট মহাপৰ্ব। চলিত বৰ্ষৰ ২৫ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈ সূৰ্য দেৱতাৰ পূজাৰ বাবে উৎসৰ্গিত চাৰিদিনীয়া উৎসৱ ষ্ট পূজা। এই অনুষ্ঠানসমূহৰ ভিতৰত কাৰ্তিক শুক্ল পক্ষৰ চতুৰ্থী তিথিত নহাই-খায়, পঞ্চমীৰ দিনা খাৰনা, ষষ্ঠীত ষ্ট পূজা আৰু সপ্তমীৰ দিনা সামৰণি উষা অৰ্ঘ্য পালন কৰা হয়।