বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু বিটিচিৰ প্ৰথম গৰাকী মুছলমান মহিলা ই এম বেগম আখতাৰা আহমেদ
প্ৰিয়া শৰ্মা / গুৱাহাটী
বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (বিপিএফ)ৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত নতুনকৈ গঠন হোৱা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)ৰ পৰিষদীয় চৰকাৰখনে এইবাৰ এক বিশেষ তাৎপৰ্য বহন কৰিছে৷ সেয়া হ'ল নতুন চৰকাৰখনত প্ৰথমবাৰৰ বাবে কাৰ্যবাহী সদস্য অৰ্থাৎ ই এম হিচাবে অন্তৰ্ভুক্ত হৈছে এগৰাকী মুছলমান মহিলা৷ বিটিচিৰ দৰে স্থান য'ত দীৰ্ঘদিন ধৰি মুছলমান ধৰ্মালম্বীলোকসকল বাৰে বাৰে অন্যায়ৰ বলি হৈ আহিছে, য'ত তেওঁলোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে বসবাস কৰি আহিবলগীয়া হৈছিল৷ তেনেক্ষেত্ৰত চৰকাৰৰ পদবীত এগৰাকী মুছলমান মহিলাই স্থান লাভ কৰাটো কেবল তাৎপৰ্যপূৰ্ণ বিষয়ে নহয়, ক'বলৈ গ'লে ই ঐতিহাসিক পদক্ষেপ৷
পৰিষদৰ মথনগুৰি সমষ্টিৰ পৰা নিৰ্বাচিত হৈ হাগ্ৰামা মহিলাৰীৰ কেবিনেটত স্থান লাভ কৰা এই মহিলা পাৰিষদ গৰাকী হৈছে বেগম আখতাৰা আহমেদ৷ তেওঁক জনস্বাস্থ্য কাৰিকৰি (পি এইচ ই) বিভাগৰ দায়িত্ব দিয়া হৈছে৷ মন কৰিবলগীয়া যে, যোৱা ছেপ্টেম্বৰ মাহত অনুস্থিত বি টি চিৰ নিৰ্বাচনত পৰিষদৰ আঞ্চলিক ৰাজনৈতিক দল বিপিএফে মুঠ ২৮ খন আসন লাভ কৰি একক সংখ্যগৰিষ্ঠতা অৰ্জন কৰিছিল৷ য'ত মুঠ ৪০ খন আসন থকা পৰিষদত ইউপিপিএল দলে ৭খন আৰু বিজেপিয়ে ৫খন আসন লাভ কৰিছিল৷ ২০০৩ চনত গঠিত বিটিচিত বিগত পাঁচটা বছৰৰ বাহিৰে বাকী সময়ছোৱাত হাগ্ৰামা মহিলাৰীয়ে ক্ষমতাত আছিল৷
এক অনুষ্ঠানত বেগম আখতাৰা আহমেদ
লক্ষ্যণীয় কথাটো হ'ল যে, বিটিচি চৰকাৰৰ প্ৰথমগৰাকী মহিলা ই এম বেগম আখতাৰা আহমেদৰ ৰাজনীতি কৰাৰ কোনো লক্ষ্য অথবা হাবিয়াস আৰম্ভনিতে নাছিল৷ তেওঁৰ সাহিত্য চৰ্চা কৰা অৰ্থাৎ সাহিত্যিক হোৱাৰহে মন আছিল ৷ কিন্তু সকলো কাম ভবাৰ দৰেই নহয়৷ তেওঁৰ ক্ষেত্ৰতো একেই হৈছিল৷
বেগম আখতাৰাই বৰপেটা জিলাৰ কলগাছিয়া এলেকাত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ প্ৰাথমিক শিক্ষাগ্ৰহণ কলগাছিয়াৰ পৰাই কৰিছিল৷ যথেষ্ট প্ৰতিকূল পৰিস্থিতি আৰু ঘাট-প্ৰতিঘাটৰ মাজেৰে বৰ্তমানৰ স্থান লাভ কৰা বেগম আখতাৰা আহমেদৰ এই যাত্ৰা একেবাৰে সহজ নাছিল৷ কাৰণ গাওঁৰ সহজ-সৰল পিতৃয়ে তেওঁৰ কন্যাক সপ্তম শ্ৰেণীত পঢ়ি থাকোতেই বিয়া দি আজৰি হৈছিল৷ তেওঁ জীয়ৰীৰ আশা-আকাংক্ষাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাছিল৷
অলপতে অৱসৰ গ্ৰহণ কৰা স্বামী ইব্ৰাহিম আলী মোল্লা আছিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক৷ তেওঁৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছতো বেগম আখতাৰাই কিন্তু হতাশ হোৱা নাছিল৷ কিয়নো তেওঁ নিজৰ শিক্ষা আগবঢ়াই নিব পাৰিছিল৷ এনেদৰে দশম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে তেওঁৰ প্ৰথমটো সন্তানৰ জন্ম হৈছিল৷ সেই অৱস্থাতে তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বেগম আখতাৰা আহমেদ
ইয়াৰ পিছত দ্বাদশ শ্ৰেণীত পঢ়ি থাকোতে দ্বিতীয়টো সন্তানৰ জন্ম হৈছিল৷ পঢ়ি থকা অৱস্থাতে দুটাকৈ সন্তানৰ মাতৃ হোৱাৰ পিচতো বেগম আখতাৰাই থমকি ৰোৱা নাছিল৷ তেওঁ পৰিয়াল-সন্তানৰ লগতে নিজৰ শিক্ষা আৰু ৰাজহুৱা জীৱন সমান্তৰালভাৱে আগবঢ়াই নিছিল৷ তেওঁ সাংসাৰিক দায়িত্বৰ মাজতো ২০০৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল৷
সেই শিক্ষাগত অৰ্হতাৰে তেওঁ বঙাইগাওঁ জিলাৰ লাংলা মহাবিদ্যালয়ত অংশকালীন প্ৰবক্তা হিচাবে যোগদান কৰিছিল৷ কিন্তু তেওঁ এই কাম বৰ বেছিদিনলৈ কৰি নাথাকিল৷ কিয়নো ইতিমধ্যে তেওঁ ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে জৰিত হৈ পৰিছিল৷ তেওঁ কংগ্ৰেছত যোগদান কৰি বৰপেটা জিলা মহিলা কংগ্ৰেছৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব লাভ কৰিছিল৷ তেওঁৰ স্বামীগৃহ বিটিচিৰ বাক্সা জিলাৰ মথনগুৰি সমষ্টিৰ লোৱাহুৰ গাওঁ৷ সেয়ে তেওঁ পিছলৈ ঠিকনা সলনি কৰি বাক্সা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্ব লাভ কৰিছিল৷ এই পদত বহু বছৰ থকাৰ পিছত ২০০৪ চনত তেওঁ বিপিএফত যোগদান কৰিছিল৷
ইয়াৰ পৰাই আৰম্ভ হয়, তেওঁৰ নতুন ৰাজনৈতিক যাত্ৰা আৰু নতুন সংঘাতপূৰ্ণ জীৱন৷ দলটোত যোগদান কৰাৰ পিছত সভাপতি মহিলাৰীয়ে তেওঁক সভানেত্ৰী হিচাপে লৈ মহিলা বিপিএফ গঠন কৰিছিল৷ অৰ্থাৎ বেগম আখতাৰাই হ'ল মহিলা বিপিএফৰ প্ৰতিষ্ঠাপক সভানেত্ৰী৷ ২০০৫ চনৰ বিটিচি নিৰ্বাচনত তেওঁ দলটোৰ নেতা মাখন স্বৰ্গীয়াৰীৰ হৈ কাম কৰিছিল৷ তিনি বছৰ মহিলা বিপিএফৰ সভানেত্ৰী হৈ থকাৰ পিছত দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে তেওঁক দলৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব প্ৰদান কৰিছিল৷ এতিয়া তেওঁ দলৰ অন্যতম সম্পাদক৷
বিটিচিৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছৰ এক দৃশ্য
২০২০ চনত তেওঁ প্ৰথমবাৰৰ বাবে বিটিচিৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল৷ কিন্তু সেইবাৰ তেওঁ পৰিষদৰ মথনগুৰি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী গৌতম দাসৰ হাতত প্ৰায় চাৰিহেজাৰ ভোটত পৰাজিত হয়৷ কিন্তু এইবাৰ বেগম আখতাৰাই একেটা সমষ্টিত দ্বিতীয়বাৰৰ বাবে প্ৰতিদ্বন্দিতা কৰি একেজন প্ৰতিদ্বন্দীক চাৰি সহস্ৰাধিক ভোটৰ ব্যৱধানত পৰাজিত কৰে আৰু প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হয়৷
ব্যক্তিগত জীৱনৰ দৰে তেওঁৰ ৰাজনৈতিক যাত্ৰাও একেবাৰে মসৃণ নাছিল৷ ব্যক্তিগত জীৱনত তেওঁ যিদৰে বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে আগবাঢ়ি গৈছিল, ৰাজনৈতিক জীৱনো বিভিন্ন ঘাট-প্ৰতিঘাট তথা প্ৰত্যাহ্বানেৰে ভৰপূৰ আছিল৷ এসময়ৰ হিংসাজৰ্জৰ বিটিচিত যেতিয়া মুছলমানৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণ চলিছিল, ঘৰ-দুৱাৰ জ্বলাই দিয়া হৈছিল, নিৰ্বিচাৰে নিৰপৰাধী লোকসকলক হত্যা কৰা হৈছিল, সেই নিৰ্যাতনৰ পৰাও বাদ পৰি যোৱা নাছিল বেগম আখতাৰা আহমেদ৷ তেওঁৰ ওপৰতো চলিছিল আক্ৰমণ৷ পৰিস্থিতিৰ সুযোগ লৈ হয়তো কোনো দুবৃৰ্ত্তয়ো এনে আক্ৰমণ সংঘটিত কৰিব পাৰে৷ বিটিচিত ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ তেওঁক বিভিন্ন সময়ত ভয়-ভাবুকিও দিয়া হৈছিল৷ আনকি তেওঁৰ ওপৰত আক্ৰমণো চলোৱা হৈছিল৷
বেগম আখতাৰা আহমেদে জানিবলৈ দিয়া মতে, ২০১২ চনত তেওঁৰ তিনিখনকৈ গাড়ী জ্বলাই দিয়া হৈছিল৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে, ২০১২ চনতে বিটিচিত সংখ্যালঘুৰ ওপৰত কেবাটাও আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল৷ বিশেষকৈ বাক্সা জিলাত হৈছিল এনে আক্ৰমণ, য'ত বহু সংখ্যালঘু লোকে নিজৰ ঘৰ-দুৱাৰ এৰি পলাব লগা হৈছিল৷ আনকি কেবাজনো লোকক নৃসংশভাৱে হত্যা কৰা হৈছিল৷ সেই সময়তে ৰাজনীতিৰ পথাৰত সক্ৰিয় হৈ থকা বেগম আখতাৰাকো ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ বিভিন্ন ধৰণে ভাবুকি দিয়া হৈছিল৷ এবাৰ তেওঁ ৰাজনৈতিক সভাত ব্যস্ত হৈ থকা সময়তে সভাস্থলীতে তেওঁৰ গাড়ীখন জ্বলাই দিয়া হৈছিল৷ য'ত তেওঁৰ কথমপি প্ৰাণ ৰক্ষা পৰিছিল৷
বিপিএফৰ বিশাল নিৰ্বাচনী সভা ভাষণ প্ৰদান কৰি থকা অৱস্থাত বেগম আখতাৰা আহমেদ
২০১৬ তেওঁৰ ঘৰতো আক্ৰমণ চলিছিল৷ সেইবাৰ কোনো আততায়ীয়ে তেওঁৰ ঘৰৰ এটা অংশ জ্বলাই দিছিল৷ কিন্তু এনেবোৰ ঘটনায়ো তেওঁক লক্ষ্য আৰু উদ্দেশ্যৰ পৰা বিচলিত কৰিব পৰা নাছিল৷ এনে ধৰণৰ প্ৰত্যাহ্বানবোৰ নেওচি আগবাঢ়ি যোৱাৰ বাবেই তেওঁ আজিৰ এই স্থানত উপনীত হ'বলৈ সক্ষম হৈছে৷ যি বিটিচিত মুছলমান লোকসকলে পদে পদে অত্যাচাৰৰ বলি হৈ আহিছে, একপ্ৰকাৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাবে জীৱন কটাবলগীয়া হৈ আহিছে, সেই বিটিচিৰ কেবিনেটত এগৰাকী মুছলমান মহিলাই স্থান লাভ কৰাটো ঐতিহাসিক হিচাবে আখ্যা দিব পাৰি৷
এই বিষয়ত বেগম আখতাৰা আহমেদে কয় যে, হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এক বিশেষ দিশ আছে৷ সেয়া হ'ল মহিলাৰীয়ে সকলো জাতি-জনগোষ্ঠীক লৈ একেলগে আগবাঢ়ি যাব বিচাৰে৷ সেয়ে তেওঁ মহিলাৰীৰ নেতৃত্বত কাম কৰিবলৈ পাই সুখী৷ বেগম আখতাৰাই ইতিমধ্যে ই এম হিচাবে নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰিছে৷ কাৰ্যালয়ত বহি কাম কাজ আৰম্ভ কৰিছে৷
বেগম আখতাৰাৰ মতে, বিটিচিখন হৈছে এখন সৰু ঠাই৷ ইয়াৰ উন্নয়নৰ বাবে কাম কৰিবলৈ হ'লে কেন্দ্ৰ আৰু ৰাজ্যত থকা চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হ'বই লাগিব৷ অন্যথা কাম কৰাত বাধা আহিব পাৰে৷ গতিকে কেন্দ্ৰ বা ৰাজ্যত কোন চৰকাৰ আছে, সেয়া চাই থাকিলে নহ'ব, সেই চৰকাৰৰ সৈতে বুজাবুজিৰে কাম কৰিব লাগিব৷