ন্যায় নোপোৱালৈ ঈদ পালন নকৰে নতুন কাঠমীৰ মুছলমানসকলে

Story by  atv | Posted by  [email protected] • 4 h ago
ন্যায় নোপোৱালৈ ঈদ পালন নকৰে নতুন কাঠমীৰ মুছলমানসকলে
ন্যায় নোপোৱালৈ ঈদ পালন নকৰে নতুন কাঠমীৰ মুছলমানসকলে
 
আৱাজ-দ্য ভইচ ব্যুৰ
 
কামৰূপ (গ্ৰাম্য) জিলাৰ সোণতলীৰ নতুন কাঠমী চাৰিআলি চ'কত কালি সন্ধিয়া অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
 
নতুন কাঠমী চাৰিআলি চ'কত কালি সন্ধিয়া যুৱ প্ৰজন্মৰ হার্টথ্র'ব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি জুবিন অনুৰাগীসকলে হাতে হাতে প্লেকার্ড লৈ জুবিন দাৰ মৃত্যুৰ ঘটনাৰ ন্যায় লাগে, ইউ ব্রান্ট জাস্টিচ, জাষ্টিচ ফৰ জুবিন দা আদি শ্ল'গান দি অঞ্চলটোৰ আকাশ-বতাহ মুখৰ কৰি তোলে।
 
প্রতিবাদকাৰীসকলে শিল্পীগৰাকীৰ প্রতিচ্ছবিত মাল্যার্পণ কৰাৰ লগতে মমবাতি জ্বলাই শ্রদ্ধা নিবেদন কৰে। জুবিন অনুৰাগীসকলে শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনায়। অনুষ্ঠানত অনুৰাগীসকলে 'মায়াবিনী ৰাতিৰ বুকুত' শীর্ষক গীতো পৰিবেশন কৰে। জুবিন অনুৰাগীসকলে ন্যায় নোপোৱালৈকে নতুন কাঠমীৰ মুছলমান সমাজে ঈদ পালন নকৰে বুলিও ঘোষণা কৰে।
 
উল্লেখযোগ্য যে, ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ বহু মুছলমান সমাজে জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈ ঈদ উদযাপন নকৰোঁ বুলি স্পষ্ট কৰি দিছে।
 
তাৰোপৰি জুবিন গাৰ্গৰ মৃত্যু হোৱা দিন ধৰি এতিয়ালৈ অসমৰ বহু মছজিদ আৰু মাদ্ৰাছাত জুবিন গাৰ্গ গীত পৰিবেশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আল্লাহৰ ওচৰত জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তিৰ বাবে দোৱা-প্ৰাৰ্থনাও কৰি আহিছে।