স্বপ্না দাস
হোমেন বৰগোহাঞি। প্ৰজ্ঞাৰ সাধক। নিৰবচ্ছিন্নভাৱে সাহিত্যৰ সাধনা কৰি জীৱনটোক বৰ্ণিল কৰা হোমেন বৰগোহাঞিয়ে অসমীয়া সাহিত্য জগতখনকো বৰ্ণিল কৰি থৈছে। প্ৰাতঃস্মৰণীয় সাহিত্যিকজনৰ বহুকেইখন কিতাপৰ লগতে যথেষ্ট লেখাই বহু পঢ়ুৱৈক জীৱনৰ বাটত বিভিন্ন ধৰণেৰে প্ৰেৰণা যোগাই আহিছে।
যাৰবাবে কেইবাটাও প্ৰজন্মৰ অগণন পঢ়ুৱৈৰ মাজত হোমেন বৰগোহাঞি প্ৰিয় সাহিত্যিকৰ আন্তৰিক আসনত অধিষ্ঠিত হৈ আহিছে। তেওঁ লিখা অনেক কিতাপ আৰু লেখাৰ দৰেই হোমেন বৰগোহাঞিৰ সাহিত্য জীৱনটোও আমাৰ বাবে অনুপ্ৰেৰণাৰ উৎস।
হোমেন বৰগোহাঞিৰ বেটুপাত
বৰগোহাঞিৰ কলমেৰে নিগৰা সৃষ্টিবোৰৰ বেছিভাগেই অনুপ্ৰেৰণাদায়ক। তেওঁৰ জীৱনটোও ব্যতিক্ৰম নহয়। হোমেন বৰগোনোহাঞিয়ে চৰকাৰী চাকৰি ত্যাগ কৰিছিল হেনো একমাত্ৰ সাহিত্য চৰ্চাৰ তাগিদাত। কিন্তু সাহিত্য চৰ্চাৰ বাটটোও তেওঁৰ বাবে ফুলেৰে সজোৱা বাট নাছিল। বহু কাঁইটীয়া পৰিক্ৰমা হেলাৰঙে অতিক্ৰম কৰি তেওঁ গোটেই বাটছোৱাত ফুল সিচিছিল অক্লান্ত হৈ অব্যাহত ৰখা সাহিত্য চৰ্চাৰ যোগেদি।
হোমেন বৰগোহাঞিৰ এই যাত্ৰাই বুজায় যে, অনুকূল আৰু প্ৰতিকূল পৰিস্থিতিৰ সমাহাৰেই জীৱন যদিও প্ৰতিকূল সময়তো হাৰ নামানি মানসিক শক্তিক আশ্ৰয় কৰি লক্ষপ্ৰাপ্তিৰ যাত্ৰাৰ পথিক হৈ থাকিলে পৰৱৰ্তী পৰ্যায়ত সকলো অনুকূল হৈ পৰে। হোমেন বৰগোহাঞিৰ জীৱনৰ পৰাও আমি এই প্ৰেৰণা ল'ব পাৰোঁ।
হোমেন বৰগোহাঞি
হোমেন বৰগোহাঞি ছাৰৰ এটা আহ্বানৰ বিষয়ে মনত পৰিছে। কেইবাবছৰো পূৰ্বে হোমেন বৰগোহাঞিয়ে এটা আহ্বান জনাইছিল। সেই আহ্বান আছিল গুণী ব্যক্তিসকলক তেওঁলোকৰ প্ৰাপ্য সন্মানৰ ন্যূনতমখিনিও হ'লেও তেওঁলোকৰ জীৱনকালতে দিয়াৰ। কথাটো হয়। দুই-এটা ব্যতিক্ৰমক বাদ দি আমি সাধাৰণতে গুণী ব্যক্তিৰ গুণগানত তেওঁলোকৰ পৰলোকৰ পিছতহে ব্যস্ত হওঁ।
ইয়াৰো প্ৰয়োজন আছে। কিন্তু হোমেন বৰগোহাঞি ছাৰৰ আহ্বানটোৰ প্ৰতি সদদৰ্থক হৈ আমি যদি জীৱনকালতে গুণী লোকসকলক সামান্য সন্মানো যাচো তেওঁলোক তেতিয়া সাধনাৰ ফলশ্ৰতিত অলপ হ'লেও অধিক আনন্দিত নহ'বনে? ইয়ে আনকো সৃষ্টিশীল বা অন্য সদৰ্থক কৰ্মৰ প্ৰতি অনুপ্ৰেৰণা যোগাব পাৰে।
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক)