মন্দিৰত প্ৰকৃত ভাৰতৰ সংজ্ঞা আৱিষ্কাৰ কৰিলে দুগৰাকী মুছলমান যুৱকে

Story by  atv | Posted by  Munni Begum • 5 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
আছাৰ আলম / নতুন দিল্লী
 
পাঁচ বছৰ পূৰ্বে নতুন দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াত স্নাতক ডিগ্ৰীত অধ্যয়ন কৰি থকাৰ সময়ৰ কথা, মই কলেজৰ বন্ধৰ সময়ত ৰাজস্থান ভ্ৰমণ কৰিছিলো। মাত্ৰ দুদিন বন্ধ আছিল, দুদিনৰ সময় হাততলৈ মই মোৰ বেগটো লৈ ৰাজস্থানৰ জয়পুৰলৈ যোৱা প্ৰথমখন বাছত উঠিলোঁ।
 
মোক ৰাজস্থানলৈ নিয়াৰ আঁৰৰ ব্যক্তিগৰাকী আছিল মোৰ বন্ধু আৰ্শ্বাদ ছাব্ৰী, তেওঁ সেই সময়ত জয়পুৰত বাস কৰিছিল। মই ছুটীত থকা বুলি জানিব পোৱাৰ লগে লগে তেওঁ মোক বিশ্ৰাম নিদিলে। তেওঁ অতি বিনম্ৰতাৰে মোক কৈছিল যে, "ভাই, আপুনি কাইলৈ জয়পুৰলৈ আহিব লাগিব।" 
 
Unforgettable experiences 
 
তেওঁৰ কথা মতেই মই পিছদিনা জয়পুৰত উপস্থিত হ'লো। আমি একেলগে ৰাজস্থান চহৰৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছিলো, চহৰখনৰ জাক-জমকতা, চহকী পৰম্পৰা আৰু  লোকসকলক একেবাৰে ওচৰৰ পৰা দেখিছিলোঁ। কিন্তু আমি তাৰ মন্দিৰবোৰত অতিবাহিত কৰা মুহূৰ্তবোৰে মোক আটাইতকৈ বেছি স্পৰ্শ কৰিছিল।
 
আমি দুয়োগৰাকী মুছলমান ল'ৰা হ'লেও সেই পবিত্ৰ মন্দিৰবোৰত আমি সদায় শান্তি অনুভৱ কৰিছিলো। আমি ঘন্টাৰ পিছত ঘন্টা নীৰৱে বহি আমাৰ চাৰিওফালে শান্তি অনুভৱ কৰিছিলোঁ। মন্দিৰৰ পুৰোহিতসকলে কৌতূহলী আৰু হাঁহিমুখে আমাৰ লগত কথা-বতৰা পাতিছিল। আমি তাত একেবাৰে পৰিয়ালৰ দৰে অনুভৱ কৰিছিলোঁ। মন্দিৰৰ ভিতৰত আমাক দেখি তেওঁলোকৰ আনন্দই এটা সুন্দৰ সত্যক প্ৰতিফলিত কৰিছিল যে, যেতিয়া অন্তৰ খোলা থাকে তেতিয়া বিশ্বাসে সকলোকে একত্ৰিত কৰিব পাৰে।
 
 
মোৰ জীৱনৰ এক অতি অবিস্মৰণীয় মুহূৰ্ত আছিল পুষ্কৰৰ ভ্ৰমণ, য'ত আমি বিখ্যাত ব্ৰহ্মা মন্দিৰত প্ৰৱেশ কৰিছিলোঁ। (বিশ্বৰ একমাত্ৰ ব্ৰহ্ম মন্দিৰ)। এজন জ্যেষ্ঠ পুৰোহিতে আমাক পুৰণি বন্ধুৰ দৰে সম্ভাষণ জনাইছিল। তেওঁ আমাক মন্দিৰতে বহিবলৈ কৈছিল আৰু আমাৰ লগতে একেবাৰে নম্ৰভাৱে কথা পাতিছিল। সেই মুহূৰ্তটোত আমি নিমিষতে ঘৰত থকাৰ দৰে অনুভৱ কৰিছিলোঁ।
 
অলপ সময় অৰ্থপূৰ্ণ কথোপকথন কৰাৰ পিছত, তেওঁ আমাক প্ৰসাদ আগবঢ়াইছিল। আমি মন্দিৰৰ পৰা উভতিব লওঁতে তেওঁ আমাক কৈছিল, "এয়া ভাৰত আৰু এয়াই আমাৰ সংস্কৃতি" এই কথাষাৰ মোৰ হৃদয়ত চিৰদিন খোদিত হৈ ৰ'ব। এয়া আমাৰ সামাজিক জীৱন। ধৰ্মৰ উৰ্ধত গৈ আমি আমাৰ ভালপোৱাৰ আদান-প্ৰদান কৰোঁ। এই কথাবোৰেই আমাৰ দেশখনক অধিক সুন্দৰ কৰি তোলে।
 
তেওঁৰ কণ্ঠত আৱেগ আছিল আৰু তেওঁৰ কথাত সত্যতা আছিল। আজিও, যেতিয়া মই সেই মুহূৰ্তৰ কথা ভাবো, মোৰ অন্তৰখন আমাৰ দেশৰ বৈচিত্ৰতাৰ বাবে অতিশয় গৌৰৱেৰে ভৰি পৰে। আমি এনে এখন দেশত বাস কৰোঁ, য'ত প্ৰেম আটাইতকৈ ডাঙৰ।
 
আন এটা স্মৰণীয় ঘটনা হ'ল জয়পুৰৰ এক নিৰ্জন পাহাৰৰ ওপৰত অৱস্থিত 'গলতা ধাম' নামৰ মন্দিৰটো। সন্ধিয়া সময়ত মই আৰু মোৰ বন্ধুৱে মন্দিৰলৈ উঠি গৈছিলো। তাত অলপ সময় বহি সূৰ্যাস্ত হোৱা চাই আছিলোঁ। এই দৃশ্য আছিল জাদুকৰী, জয়পুৰ চহৰখন আকাশখনৰ তলত উজ্বলি উঠিছিল আৰু আমি ইজনে সিজনক কৈছিলো, 'বন্ধু, এই চহৰখন ইমান সুন্দৰ'। 
 
কৃত্ৰিম বুদ্ধিমত্তাৰে প্ৰস্তুত কৰা ছবি
 
কেইবাদিনো আমাক লক্ষ্য কৰাৰ পিছত অৱশেষত এদিন মন্দিৰৰ পুৰোহিতে আমাক ওচৰলৈ মাতিলে। মৃদু হাঁহি এটা মাৰি তেওঁ আমাক সুধিলে, "আপোনালোকে ইয়াত প্ৰতিদিনে অহে নেকি? এই ঠাইখন ধুনীয়া নে?" আমি ক'লো, "পূজাৰীজী, এই ঠাইখন সঁচাকৈয়ে বৰ ধুনীয়া, আৰু ইয়াৰ শিখৰত থকা এই মন্দিৰটোৱে ইয়াক আৰু অধিক বিশেষ কৰি তুলিছে।"
 
তেতিয়া তেওঁ হাঁহিলে। কিছুসময়ৰ পিছত তেওঁ লাহেকৈ সুধিলে, 'আপোনালোক দুয়োগৰাকী মুছলমান নেকি?' আমি একেবাৰে পলম নকৰাকৈ মূৰ জোকাৰি দিলোঁ। তাৰ পাছত তেওঁ মৰমেৰে কৈছিল: 'আপোনালোকৰ ভক্তি দেখি মই আনন্দিত হৈছোঁ। আপোনালোক সংস্কৃতিৱান শিশু। আপোনালোকৰ হৃদয়ত ভাৰতৰ প্ৰকৃত ৰং প্ৰতিফলিত হৈছে।'
 
আমি আৱেগিক হৈ পৰিছিলো। তাৰ পাছত তেওঁ আমাক খোৱা বস্তু দিলে। আমি দুপৰীয়াৰ আহাৰ খাই তালৈ গৈছিলোঁ, আমি বিনয়ীভাৱে অস্বীকাৰ কৰি অলপ প্ৰসাদ বিচাৰিছিলো। তেওঁ আনন্দৰে মিঠাই আনি আমাক আশীৰ্বাদ কৰি ক'লে, ভগৱানে আপোনালোকৰ মঙ্গল কৰক। 'আমাৰ সমাজে আপোনালোকৰ দৰে যুৱকৰ পৰা শিকিব লাগে।'
 
সেই শব্দবোৰ আশীৰ্বাদতকৈও উত্তম আছিল, সেয়া আছিল মানৱতাৰ এক আলিঙ্গন। আমি তেওঁৰ প্ৰতি সমানে আকৰ্ষিত হৈ তেওঁক ক'লোঁ যে, তেওঁৰ দৰে মানুহে আমাক মৰম আৰু সন্মানেৰে অনুপ্ৰাণিত কৰে। আমি তেওঁক ক'লো যে, তেওঁৰ এই উষ্ম আদৰণি আমাৰ স্মৃতিত চিৰদিনৰ বাবে সজীৱ হৈ থাকিব আৰু আমি নিশ্চিতভাৱে এই অভিজ্ঞতা অন্যৰ সৈতে ভাগ বতৰা কৰিম।
 
কৃত্ৰিম বুদ্ধিমত্তাৰে প্ৰস্তুত কৰা ছবি
 
আজি, সেই মুহূৰ্তবোৰলৈ মনত পেলাই, মই কৃতজ্ঞ অনুভৱ কৰো যে, নিয়তিয়ে মোক এনে অভিজ্ঞতা উপহাৰ দিছিল। যি সময়ত কিছুমান কণ্ঠই আমাক বিভাজন কৰিবলৈ চেষ্টা কৰিছে, সেই সময়ত এই স্মৃতিয়ে মোক ভাৰতৰ মূলমন্ত্ৰ "বৈচিত্ৰতাৰ মাজত একতা"ৰ কথা মনত পেলাই দিছে। আমি এনে এখন দেশত বাস কৰোঁ, য'ত মন্দিৰ আৰু মছজিদ একেলগে আছে, য'ত উৎসৱসমূহ সকলোৱে পালন কৰে, য'ত প্ৰেমে সকলো সীমা অতিক্ৰম কৰে।
 
ৰাজস্থানৰ এই কাহিনীবোৰ কেৱল ব্যক্তিগত স্মৃতি নহয়, ই ভাৰতৰ প্ৰকৃত অৰ্থৰ হৃদয়স্পৰ্শী উদাহৰণ। এখন দেশ য'ত ধৰ্মৰ উৰ্ধত হৃদয়ৰ মিলন ঘটে। এনে এখন দেশ, য'ত কাক উপাসনা কৰা হয়, সেয়া প্ৰশ্ন নকৰাকৈ মানুহবোৰে ইজনে সিজনক আলিঙ্গন কৰে। এখন দেশ, য'ত বিশ্বাস বাধাৰ পৰিবৰ্তে কেৱল সেতু হৈ পৰে। 
 
যেতিয়া মই পুষ্কৰ আৰু গলতা ধামৰ সেই পুৰোহিতসকলৰ কথা ভাবো, মই সেই একেই বাৰ্তা, সম্প্ৰীতি, সন্মান আৰু ভ্ৰাতৃত্ববোধৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ অনুপ্ৰাণিত হওঁ। যদি প্ৰতিজন নাগৰিকে পৰস্পৰে পৰস্পৰক মানুহ হিচাপে চাবলৈ আৰম্ভ কৰে, তেন্তে আমাৰ মাজত থকা বৈচিত্ৰ্যতা সদায়েই আমাৰ সৰ্বশ্ৰেষ্ঠ শক্তি হৈ ৰ'ব।