সঞ্চাৰ সাথী এপ: নিজৰ সুৰক্ষা আৰু গোপনীয়তাক লৈ উদ্বিগ্ন দেশবাসী

Story by  Pallab Bhattacharyya | Posted by  Munni Begum • 3 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
  পল্লৱ ভট্টাচাৰ্য
 
২০২৫ চনৰ ৩ ডিচেম্বৰত সংসদত 'সঞ্চাৰ সাথী' এপ বিষয়টো উত্থাপন হোৱাৰ সময়ত তীব্ৰ বিতৰ্কৰ সূচনা হয়। যি দ্ৰুতগতিত এক ৰাজহুৱা বিতৰ্কৰ বিষয় হৈ পৰে। ডিজিটেল সুৰক্ষাৰ নতুন সঁজুলিৰ বিষয়ে আলোচনা হিচাপে আৰম্ভ হোৱা বিষয়টো ক্ৰমান্বয়ে গোপনীয়তা, চোৰাংচোৱাগিৰি আৰু নাগৰিকৰ সুৰক্ষা আৰু ৰাজ্যিক কৰ্তৃত্বৰ মাজত ভাৰসাম্য সম্পৰ্কে এক ব্যাপক বিতৰ্কৰ বিষয় হৈ পৰে।
 
ম'বাইল ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ ডিভাইচ আৰু পৰিচয় সুৰক্ষিত কৰাত সহায় কৰিবৰ বাবে প্ৰস্তুত কৰা 'সঞ্চাৰ সাথী' এপটোৱে হঠাৎ ৰাজনীতি উত্তাল কৰাৰ লগতে জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। কিয় এনে হৈছে, ইয়াৰ কাৰণ বুজিবলৈ হ’লে এপটো প্ৰকৃততে কি, ইয়াক কিয় প্ৰস্তুত কৰা হৈছিল আৰু কিয় ই প্ৰশংসা-সমালোচনা দুয়োটাকে আকৰ্ষণ কৰিছে, সেইবোৰৰ ওপৰত অধিক দৃষ্টি নিক্ষেপ কৰাটো প্ৰয়োজনীয়।  
 
প্ৰতিনিধিত্বমূলক ছবি
 
'সঞ্চাৰ সাথী' হৈছে চৰকাৰৰদ্বাৰা সমৰ্থিত এটা ম'বাইল এপ্লিকেচন, যি নাগৰিকসকলক টেলিকম সম্পৰ্কীয় প্ৰৱঞ্চনা, পৰিচয়ৰ অপব্যৱহাৰ আৰু ম'বাইল চুৰিৰ পৰা নিজকে সুৰক্ষিত কৰাত সহায় কৰিবলৈ প্ৰস্তুত কৰা হৈছে। এই এপটোৱে হেৰুওৱা ফোনৰ সন্ধান দিয়া, এজনৰ নামত কিমান ছিম কাৰ্ড জাৰি কৰা হৈছে, তাক পৰীক্ষা কৰা আৰু সন্দেহজনক কল বা বাৰ্তাৰ প্ৰতিবেদন দিয়া আদি সেৱা প্ৰদান কৰে। সৰল ভাষাত ক'বলৈ গ'লে, এই এপটোৱে ম'বাইল ব্যৱহাৰকাৰীৰ বাবে ডিজিটেল অভিভাৱকৰ দৰে কাম কৰে; যিবোৰ সঁজুলি পূৰ্বে বিভিন্ন বিভাগৰ মাজত বিয়পি আছিল আৰু সাধাৰণ নাগৰিকৰ বাবে ব্যৱহাৰ কৰাটো কঠিন হৈ পৰিছিল। চৰকাৰে যুক্তি দৰ্শাইছিল যে, চাইবাৰ অপৰাধ তীব্ৰভাৱে বৃদ্ধি পোৱাৰ সময়ত এনে এপ কেৱল উপযোগী নহয়, বৰং প্ৰয়োজনীয়ও।
 
এই এপটোত এনে বহু বৈশিষ্ট্য সন্নিবিষ্ট কৰা হৈছে, যিবোৰ সৰ্বসাধাৰণ লোকে তৎক্ষণাৎ সহায়ক বুলি গণ্য কৰে। ইয়াৰ সৰ্বাধিক জনপ্ৰিয় মডিউল হ'ল ব্যৱহাৰকাৰীসকলক চুৰি হোৱা ম'বাইল ফোন ব্লক কৰিবলৈ অনুমতি প্ৰদান কৰা ব্যৱস্থা। ফোনৰ IMEI নম্বৰ ব্যৱহাৰ কৰি এপটোৱে কোনোবাই নতুন ছিম কাৰ্ড সন্নিৱিষ্ট কৰিলেও হেৰোৱা ডিভাইচটো অচল কৰি দিয়ে। ইয়াৰ ফলত চুৰি হোৱা ফোনৰ পুনৰ বিক্ৰীৰ মূল্য যথেষ্ট হ্ৰাস পাইছে আৰু আইন বলৱৎকাৰী সংস্থাসমূহে হাজাৰ হাজাৰ হেৰোৱা হেণ্ডছেট বিচাৰি উলিয়াবলৈ সক্ষম হৈছে। 
 
আন এক বহুলভাৱে প্ৰশংসিত বৈশিষ্ট্য হ'ল নিজৰ পৰিচয়ৰ অধীনত পঞ্জীয়ন কৰা সকলো ম'বাইল নম্বৰ পৰীক্ষা কৰাৰ ক্ষমতা। বহু লোকে দীৰ্ঘদিন ধৰি অভিযোগ কৰিছিল যে, তেওঁলোকৰ অজ্ঞাতে ছিম কাৰ্ড তেওঁলোকৰ নামত জাৰি কৰা হৈছে আৰু প্ৰৱঞ্চনামূলক কাৰ্যত ব্যৱহাৰ কৰা হৈছে। সঞ্চাৰ সাথীয়ে অৱশেষত মানুহক এনে অপব্যৱহাৰৰ চিনাক্তকৰণ আৰু ৰিপ’ৰ্ট কৰাৰ ক্ষেত্ৰত এটা সহজ উপায় প্ৰদান কৰে। এই এপটোত সন্দেহজনক ফোন, আন্তঃৰাষ্ট্ৰীয় নম্বৰ স্পুফিং বা প্ৰৱঞ্চনামূলক বাৰ্তাৰ ৰিপৰ্ট কৰাৰ বাবেও এক সুকীয়া ব্যৱস্থা আছে, যিটো বৰ্তমান সময়ত অত্যন্ত প্ৰাসংগিক৷ কিয়নো প্ৰৱঞ্চকসকলে জালিয়াতি কৰাৰ বাবে বেংক, আত্মীয় আনকি চৰকাৰী বিষয়াসকলৰ ছদ্মবেশ ধাৰণ কৰে৷
 
প্ৰতিনিধিত্বমূলক ছবি
 
এই সকলো সুবিধা উপলব্ধ থকা সত্ত্বেও, চৰকাৰে যেতিয়া সকলো নতুন ডিভাইচত 'সঞ্চাৰ সাথী' প্ৰি-ইনষ্টল কৰিবলৈ ম'বাইল নিৰ্মাতাসকলক নিৰ্দেশ দিয়ে তেতিয়াই বিতৰ্ক আৰম্ভ হয়। যদিও চৰকাৰে দাবী কৰিছিল যে, এই নিৰ্দেশনা সুবিধাৰ বাবেহে দিয়া হৈছে, কিন্তু নিৰ্দেশনাৰ এটি বিশেষ দফাই উদ্বেগ সৃষ্টি কৰিছিল। এটা বিশেষ দফাত কোৱা হৈছিল যে, এপটোৰ কাৰ্যবোৰ সীমাবদ্ধ বা নিষ্ক্ৰিয় কৰিব নোৱাৰি, যাৰ বাবে বহুতে বিশ্বাস কৰে যে এপটো অপসাৰণযোগ্য নহয়। ইয়াৰ ফলত সংসদত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ বিৰোধী দলসমূহে চৰকাৰক নাগৰিকৰ ওপৰত দৃষ্টি ৰখাৰ বাবে চোৰাংচোৱাৰ সঁজুলি জাপি দিয়া বুলি অভিযোগ উত্থাপন কৰে। 
 
যোগাযোগ আৰু ডিভাইচ চিনাক্তকৰণ সম্পৰ্কীয় অনুমতিৰ সৈতে এটা এপ, তত্ত্বগতভাৱে লোকসকলক ট্ৰেক কৰাৰ বাবে ব্যৱহাৰ হ’ব পাৰে- এই আশংকা ঘণীভূত হয়। স্পাইৱেৰক লৈ বিশ্বজুৰি চলি থকা বিতৰ্কৰ স্মৃতিয়ে জনসাধাৰণৰ মনত গুৰুতৰ প্ৰভাৱ পেলাইছিল আৰু চৰকাৰে যিটো এপক নিৰাপত্তাৰ সঁজুলি হিচাপে লৈছিল, সমালোচকসকলে তাক এক সম্ভাৱ্য হস্তক্ষেপ হিচাপে বিবেচনা কৰিছিল।
 
ডিজিটেল অধিকাৰ সংগঠনসমূহেও বিতৰ্কত অংশগ্ৰহণ কৰে। তেওঁলোকে উল্লেখ কৰে যে, এপটোৱে প্ৰকৃত সমস্যা সমাধান কৰিলেও নাগৰিকসকলে তেওঁলোকৰ ব্যক্তিগত ডিভাইচসমূহত কি ইনষ্টল কৰিব কি নকৰিব সেয়া নিৰ্বাচন কৰাৰ অধিকাৰ তেওঁলোকৰ থাকিব লাগে। তেওঁলোকৰ মতে, এক শক্তিশালী তথ্য সুৰক্ষা আইন অবিহনে ভাল উদ্দেশ্য থকা প্ৰযুক্তিয়েও গোপনীয়তা ভংগৰ দুৱাৰ মুকলি কৰিব পাৰে। বহু বিশেষজ্ঞই যুক্তি দিয়ে যে, চৰকাৰে বাধ্যতামূলক ধাৰণা সৃষ্টি কৰাৰ পৰিৱৰ্তে জনসচেতনতাৰ জৰিয়তে স্বেচ্ছামূলক গ্ৰহণক উৎসাহিত কৰা উচিত। “mandatory pre-installation” শব্দৰাজি বিভ্ৰান্তিৰ কেন্দ্ৰবিন্দুত পৰিণত হয়, যদিও চৰকাৰে পিছত স্পষ্ট কৰি দিয়ে যে ব্যৱহাৰকাৰীসকলে যিকোনো সময়তে এপটো ডিলিট কৰিব পাৰে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
সমালোচনাৰ সন্মুখীন হৈ চৰকাৰখনে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰে। সংসদত যোগাযোগ মন্ত্ৰীয়ে কয় যে 'সঞ্চাৰ সাথী' স্বেচ্ছামূলক আৰু মানুহে ইচ্ছা কৰিলে সহজেই ফোনটোৰ পৰা এই এপটো আঁতৰাব পাৰে। তেওঁ দাবী কৰে যে, বিতৰ্কিত দফাটোৰ ভুল ব্যাখ্যা কৰা হৈছে আৰু চৰকাৰৰ ব্যক্তিগত স্মাৰ্টফোন নিৰীক্ষণ কৰাৰ কোনো উদ্দেশ্য নাই। এই নিৰ্দেশনা পৰৱৰ্তী সময়ত সংশোধন কৰা হয়, যিয়ে জনসাধাৰণৰ উদ্বিগ্নতা হ্ৰাস কৰে আৰু এপটোৰ স্বেচ্ছামূলক প্ৰকৃতি পুনৰুদ্ধাৰ কৰে। ইয়ে আলোচনাটো পুনৰ এপটোৰ প্ৰকৃত উদ্দেশ্যলৈ স্থানান্তৰিত কৰাত সহায় কৰে, যিটো আছিল নাগৰিকক জালিয়াতি আৰু ম'বাইল চুৰিৰ পৰা ৰক্ষা কৰা। ইয়াৰ ফলত আলোচনা পুনৰ এপটোৰ মূল উদ্দেশ্য, প্ৰৱঞ্চনা আৰু ম'বাইল চুৰিৰ পৰা উভতি আহে৷
 
নিৰপেক্ষভাৱে চাবলৈ গ'লে 'সঞ্চাৰ সাথী' হৈছে ভাৰতৰ ডিজিটেল পৰিবেশত বাস্তৱ আৰু ক্ৰমবৰ্ধমান প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ প্ৰস্তুত কৰা এক শক্তিশালী মঞ্চ। ইয়াৰ সঁজুলিসমূহে দৈনন্দিন ম'বাইল ব্যৱহাৰক সুৰক্ষিত কৰে আৰু সাধাৰণ লোকক পৰিয়াল, বিশেষকৈ বয়জ্যেষ্ঠ আৰু দুৰ্বল লোকক প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰে। তথাপি এই ঘটনাই এটা গুৰুত্বপূৰ্ণ শিক্ষাও দিয়ে যে, নাগৰিকৰ ব্যক্তিগত ডিভাইচত প্ৰযুক্তি ৰূপায়ণৰ ওপৰত আস্থা গঢ়ি তোলাটো অতি গুৰুত্বপূৰ্ণ। যিমানেই উপযোগী নহওক কিয়, যোগাযোগ সঠিক নহ'লে বা মানুহে নিজৰ মতামতৰ কোনো মূল্য নাই বুলি অনুভৱ কৰিলে, হাতত লোৱা যিকোনো পদক্ষেপে সন্দেহৰ সৃষ্টি কৰিব পাৰে।
 
ভাৰত আজি এনে এক সন্ধিক্ষণত উপনীত হৈছে য'ত প্ৰযুক্তি যেনেদৰে সক্ষমতাৰ উৎস তেনেদৰে উদ্বেগৰো কৰাণ। 'সঞ্চাৰ সাথী'ৰ দৰে এপসমূহে অধিক সুৰক্ষা সুনিশ্চিত কৰিব পাৰে, অৱশ্যে স্বচ্ছতা আৰু ব্যক্তিগত অধিকাৰৰ সন্মান বজাই ৰাখিলেহে এয়া সম্ভৱ। 
 
বাধ্যতামূলক দিশটো প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰৰে সদিচ্ছাৰে জনসাধাৰণৰ আৱেগৰ প্ৰতি সঁহাৰি প্ৰদৰ্শন কৰিছে আৰু ভাৰতে সুৰক্ষিত, অন্তৰ্ভুক্তিমূলক আৰু ব্যক্তিগত স্থানৰ প্ৰতি সন্মান সহকাৰে ডিজিটেল ভৱিষ্যত নিৰ্মাণ কৰি অহাৰ বাবে এই পদ্ধতিটো গুৰুত্বপূৰ্ণ হ'ব। এজন গণতান্ত্ৰিক নেতাই এবাৰ কৈছিল, "প্ৰযুক্তিয়ে নাগৰিকক শক্তিশালী কৰিব, নাগৰিকক বশ নকৰে। 'সঞ্চাৰ সাথী'য়ে নিশ্চিতভাৱে যোগাযোগৰ সুৰক্ষাৰ ক্ষেত্ৰত সেতুবন্ধন হ'ব পাৰে, যদিহে ই বাধ্যতামূলক নহয়, বৰঞ্চ সদায় ইয়াক এক বিকল্প হিচাপে ব্যৱহাৰ কৰাৰ সুবিধা থাকে। 
 
(লেখক অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান; অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু 'আৱাজ-দ্য ভইচ অসম'ৰ মুখ্য কাৰ্যবাহী বিষয়া)