আৰিফুল ইছলাম / গুৱাহাটী
অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ প্ৰায় এমাহ হ'ল। উভতি নহা বাটেৰে গুচি গ'ল আমাৰ সকলোৰে মৰমৰ শিল্পীজন। আকাশখন গাত সাৱটি সাগৰৰ তলিত শুব খোজা জুবিন চিৰদিনৰ বাবে হেৰাই গ'ল আমাৰ মাজৰ পৰা। অভিশপ্ত ১৯ ছেপ্টেম্বৰ তাৰিখে ছিংগাপুৰত চিৰনিদ্ৰাত পৰিছিল সংগীতৰ ঈশ্বৰ হার্টথ্রব জুবিন গাৰ্গ।
অম্লান প্রতিভাৰে ৪০ টা ভাষাত ৩৮ হাজাৰৰো অধিক গীত গোৱা জুবিন গাৰ্গ ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে অৰ্থাৎ ১৬ ছেপ্টেম্বৰত গৈছিল হাতীগাঁৱলৈ। উদ্দেশ্য আছিল শিল্পীগৰাকীৰ গীতৰ এলবামৰ এটা সংগ্ৰহালয় উন্মোচন কৰা।
হাতীগাঁৱৰ শংকৰ পথৰ নিবাসী তথা জুবিন গাৰ্গৰ অন্যতম অনুৰাগী বিশাল কলিতাই সংৰক্ষণ কৰিছিল শিল্পীগৰাকীৰ অনামিকা, মায়া আদিৰে পৰা আৰম্ভ কৰি ৩৮ হাজাৰ গীতৰ এলবাম। প্ৰায় ২৫ বছৰ ধৰি বিশালে সংগ্ৰহ কৰি আহিছিল শিল্পীগৰাকীৰ আধুনিক গীত, লোক গীত, বৰগীত, ঘোষা, টোকাৰী গীত, হিন্দী গীতকে ধৰি ৩৮ হাজাৰ গীতৰ এলবাম। লগতে এই সংগ্ৰহালয়ৰ নাম দিছিল 'মেলডী হাউছ'।
সংগ্ৰহালয়টোৰ উদ্বোধনী অনুষ্ঠানত জুবিন গাৰ্গক সম্বৰ্ধনা
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিশাল কলিতাই কয়, "২০১৬ চনত মই এই সংগ্ৰাহালয়টো প্ৰস্তুত কৰাৰ কথা ভাবিছিলোঁ। জুবিনদাৰ এলবাম মই বহু আগৰ পৰাই সংগ্ৰহ কৰোঁ। অধিকাংশ এলবাম মই দোকানৰ পৰাই ক্ৰয় কৰিছিলোঁ। কিন্তু ২০১২ চনত যেতিয়া এইবোৰ দোকান বন্ধ হৈ গ'ল, তেতিয়া বহুখিনি এলবাম সংগ্ৰহ কৰিবলৈ মই বেলেগ বেলেগ ৰাজ্যলৈ যেনে দিল্লী, কলকাতা, বেংগালুৰু, চেন্নাই, মুম্বাই আদিলৈ যাবলগীয়া হৈছিল। কাৰণ দাদাই বহু বেলেগ বেলেগ ভাষাত গান গাইছিল, তেলেগু, বাংলা এইবোৰ সাধাৰণতে অসমত পোৱা নাছিলোঁ।"
১৯৯৯ চনৰ পৰাই জুবিন গাৰ্গৰ এলবাম সংগ্ৰহ কৰা আৰম্ভ কৰিছিল বিশালে। প্ৰায় ২৫ বছৰ ধৰি এলবাম সংগ্ৰহ কৰি কৰি বৰ্তমান 'মেলডী হাউছ' নামেৰে সংগ্ৰহালয়ৰ ৰূপ দিবলৈ সক্ষম হৈছে বিশালে। বিশালৰ মাতৃয়ে কয়, “বিশালে সৰুৰে পৰা জুবিন গাৰ্গৰ এলবাম সংগ্ৰহ কৰি আহিছিল। অন্য শিশুৰ দৰে বিশালে বিচৰা নাছিল খেলা সামগ্ৰী। তাৰ সলনি তেওঁ সদায় জুবিনৰ এখন এলবাম বিচাৰিছিল। তেতিয়াৰ পৰাই তেওঁ সংগ্ৰহ কৰি আহিছে এলবামসমূহ।"
মেল'ডী অ'ডিঅ' হাউছত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিভিন্ন এলবাম
আনহাতে সংগ্ৰহালয়টো উন্মোচনৰ কেইদিনমান পূৰ্বে জুবিন গাৰ্গে বিশালক নিজে ফোন কৰি সংগ্ৰহালয়টোৰ কাম সোনকালে সমাপ্ত কৰিবলৈ কৈছিল। তেওঁ কৈছিল, "মই দীঘলীয়া সময়ৰ বাবে বাহিৰলৈ যাম তাৰ পূৰ্বে সংগ্ৰহালয়টো উন্মোচন কৰি যাম।" প্রিয় শিল্পীগৰাকীৰ সেই কথা অনুসৰিয়েই দিনে-ৰাতি একাকাৰ কৰি বিশালে সম্পূৰ্ণ কৰিছিল সংগ্ৰহালয়টোৰ কাম।
সংগ্ৰহালয়টো উন্মোচনৰ বাবে বিশালৰ ঘৰত নিজে উপস্থিত হৈছিল শিল্পীগৰাকী। অন্যদিনৰ তুলনাত সেইদিনা সময়ৰ পূৰ্বে 'মেলডী হাউছ' উন্মোচন কৰিবলৈ আহিছিল শিল্পীগৰাকীয়ে। উন্মোচনৰ পাছত তেওঁ প্ৰশংসাও কৰিছিল বিশালৰ।
"সেইদিনাখন দাদাৰ বহুত ভাল লাগিছিল। সকলোবোৰ দেখি দাদাই নিজেই নষ্টালজিক হৈ গৈছিল। আৰু কৈছিল মই ইমান গান গালোঁ নে? মোক ধন্যবাদ দিছিল। দাদাই মোক কৈছিল যে, 'সাংঘাতিক কাম এটা কৰিলি তই। বেলেগে দুই তিনিজনে লগ লাগি কৰে। তই অকলে কৰিছ। মোৰ ভাল লাগিছে। গ্ৰেট ৱৰ্ক'। দাদা আহি বৰ ভাল পাইছিল", বিশালে কয়।
মেল'ডী অ'ডিঅ' হাউছত জুবিন গাৰ্গৰ বিভিন্ন কিতাপো উপলব্ধ
উল্লখ্য যে, জুবিন গাৰ্গে সেই সংগ্ৰহালয়টোৰ পৰা এটা ভিডিঅ’ ৰেকৰ্ড কৰি অনুৰাগীক দিছিল ছিংগাপুৰলৈ যোৱাৰ খবৰ। কোনেও ভবা নাছিল যে শিল্পীগৰাকীয়ে সামাজিক মাধ্যমত আপলোড কৰা এই ভিডিঅ’টোৱে হ'ব তেওঁৰ অন্তিমটো ভিডিঅ’। এই অৱাঞ্চিত খবৰটো অহাৰ পাছৰে পৰা এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে 'মেলডী হাউছ'ত।
ভৱিষ্যতৰ কথা উল্লেখ কৰি বিশাল কলিতাই কয়, "এই সংগ্ৰহালয়টো মই সদায় এনেকৈয়ে ৰাখিম। ইয়াৰ মোৰ আবেগ জড়িত হৈ আছে। এখন এখন এলবাম গোটাবলৈ মই দূৰ দুৰণিলৈ যাবলগীয়া হৈছিল। দাদাক বহুত ভাল পাওঁ। দাদাৰ স্মৃতিবোৰ মই সদায় এনেকৈ জীয়াই ৰাখিব। ভৱিষ্যতলৈ মই নাথাকিলেও মোৰ পৰিয়ালৰ মানুহে এইটো সংৰক্ষণ কৰিব। মুঠতে আজীৱন মই এইটো সযতনে ৰাখিম।"