জুবিনক ছবিৰে জীয়াই ৰখাৰ প্ৰয়াস ইমাম, ইমৰাণ আৰু মিন্নাতুলৰ

Story by  Ariful Islam | Posted by  Munni Begum • 4 h ago
গুৱাহাটীৰ ৰাজধানী মছজিদৰ দেৱালত অংকন কৰা জুবিন গাৰ্গৰ ছবি,  গান আৰু কবিতা
গুৱাহাটীৰ ৰাজধানী মছজিদৰ দেৱালত অংকন কৰা জুবিন গাৰ্গৰ ছবি, গান আৰু কবিতা
 
আৰিফুল ইছলাম / গুৱাহাটী
 
হিয়াৰ আমঠু হাৰ্টথ্ৰ'ব জুবিন গাৰ্গ অবিহনে ৩ টা সপ্তাহ পাৰ কৰিলে অসমবাসীয়ে। জুবিন নাই বুলি যেন এতিয়াও বিশ্বাস হোৱা নাই কাৰোৰে। সকলোৱে শ্ৰদ্ধাঞ্জলি আৰু বিভিন্ন কাৰ্যসূচীৰে জুবিন গাৰ্গক স্মৰণ কৰিছে। গুৱাহাটীৰ ৰাজধানী মছজিদৰ সমীপতো জুবিনক জীয়াই ৰখাৰ চেষ্টা কৰা হৈছে। 
 
ইমাম আলী নামৰ এগৰাকী চিত্ৰশিল্পীয়ে অংকন কৰিছে জুবিন গাৰ্গৰ ছবি, লিখিছে গান আৰু কবিতা। চিত্ৰশিল্পীগৰাকীৰ ঘৰ ধুবুৰী জিলাৰ বিদ্যাপাৰাত। সক্ৰিয় সমাজ কৰ্মী মিন্নাতুল ইছলামৰ নেতৃত্বত আৰু ইমৰাণ আলীৰ সহযোগত লোৱা হৈছে এই আদৰণীয় পদক্ষেপ।
 
 
জুবিন গাৰ্গৰ ছবি অংকন কৰাৰ উপৰিও তেওঁৰ প্রিয় গীত 'মায়াবিনী ৰাতিৰ বুকু'ৰ কেইশাৰীমান দেৱালত লিখা হৈছে। তাৰোপৰি মিন্নাতুল ইছলামে জুবিন গাৰ্গক বিশ্লেষণ কৰি এটি চুটি কবিতাও ৱালত অংকন কৰিছে.... 

জুৰ পৰি যায়
বিভিন্ন জাতি-উপজাতিৰ মন
ন-পুৰণিৰ হিয়াৰ আমঠু, 
 
শান্তিৰে আগুৱাই যাম,
লেখাৰ আঁৰে আঁৰে তোমাক বিচাৰি পাম
 
সক্ৰিয় সমাজ কৰ্মী মিন্নাতুল ইছলামে কয়; "জুবিনদাই আমাক যিবোৰ সৃষ্টি দি থৈ গ'ল, সেয়া আমাৰ প্ৰাণে প্ৰাণে থাকি যাব। অসম আৰু প্ৰত্যেকজন  অসমীয়া মানুহৰ হৃদয়ত তেওঁ ঘৰ সাজি গৈছে। তেওঁ অতি সহজ-সৰল আছিল। তেওঁ ভগবানৰূপী আছিল। তেওঁ যে গুচি গ'ল, এতিয়াও আমি মানি ল'ব পৰা নাই। জুবিন গাৰ্গ নোহোৱা হোৱাত অসমৰ সাংস্কৃতিক জগতখনৰ বাবে এক পুৰাব নোৱাৰা ক্ষতি। তেওঁৰ সৃষ্টিৰাজিক আমি আকৌ চিন্তা কৰিব লাগিব। তেওঁক আমি আমাৰ মাজত সদায় সজীৱ কৰি ৰাখিব লাগিব।"
 
"আমি ভাবিলো, যে কি কৰিলে তেওঁক আমি জীয়াই ৰাখিব পাৰিম। আৰম্ভণিতে আমি তেওঁৰ এখন ছবি অংকন কৰিলোঁ। সুদূৰ ধুবুৰীৰ পৰা আমি এজন চিত্ৰশিল্পীক আমন্ত্ৰণ জনালোঁ। আমাৰ আমন্ত্ৰণ মৰ্মে চিত্ৰশিল্পী ইমাম আলী আমাৰ ইয়ালৈ আহি, ইমান সুন্দৰকৈ জুবিনদাৰ ছবিখন অংকন কৰিলে। জুবিনদাৰ প্রিয়গীত 'মায়াবিনী'টো আমি ৱালখনত লিখিলোঁ। তাৰোপৰি মই নিজেই জুবিনদাক বৰ্ণনা কৰি এটা চুটি কবিতা লিখিছোঁ। মোৰ এটা কথাত দুখ লাগিছে, ৩-৫ বছৰীয়া সন্তানবোৰে জুবিনদাক সুশৰীৰে নেদেখিলে। কিন্তু তেওঁলোকে টোপনি নগলে মাক হতে জুবিনদাৰ গানে শুনাই। জুবিনদা যে আমাৰ মাজত নাই, কিয় নাই? কিয় এনেকুৱা হ'বলৈ পালে, সেয়া উচিত তদন্ত হ'ব লাগে। জুবিনদাৰ ন্যায়ৰ বাবে অসম আৰু অসমবাসীয়ে ৰৈ আছে", মিন্নাতুল ইছলামে কয়। 
 
দেৱালত জুবিন গাৰ্গৰ ছবি অংকন কৰি থকাৰ এক দৃশ্য
 
উল্লেখযোগ্য যে, ১২ বছৰৰ পৰা চিত্ৰশিল্পৰ লগত জড়িত ইমাম আলীয়ে জুবিন গাৰ্গৰ গীত শুনিয়েই কাম কৰি থাকে। জুবিনৰ গানবোৰ তেওঁৰ বাবে অনুপ্ৰেৰণা বুলি শিল্পীগৰাকীয়ে প্ৰকাশ কৰে। "মই অসমৰ বিভিন্ন প্ৰান্তত খবৰ কৰিছিলোঁ, যে হুবহু জুবিনদাৰ ছবি আমাক কোনে আঁকি দিব পাৰিব। দিলৱৰ ৰহমান নামৰ মোৰ এগৰাকী বন্ধুৱে চিত্ৰশিল্পী ইমাম আলীৰ খবৰ দিলে আৰু তেখেতে জুবিনদাক আঁকিব পাৰিব। তেওঁ আমি যোগাযোগ কৰি গুৱাহাটীলৈ আমন্ত্ৰণ কৰি আনিলোঁ। তিনিদিন গুৱাহাটীত থাকি তেওঁ গীতেইখিনি একেবাৰে সুন্দৰকৈ অংকন কৰি উলিয়াইছে। মই সেই শিল্পী গৰাকীক বিশেষভাবে ধন্যবাদ জ্ঞাপন কৰিম। তেখেতে যিমান ধুনীয়াকৈ অংকন কৰিলে, আমি তেওঁৰ শিল্পক ধনেৰে পূৰাব নোৱাৰো। তেওঁৰ হাতখন শক্তিশালী হৈ থাকক আৰু তেওঁ সুস্থ আৰু দীৰ্ঘায়ু জীৱন অতিবাহিত কৰক, তাৰেই কামনা কৰিছোঁ", মিন্নাতুল ইছলামে কয়। 
 
উল্লেখ্য যে, 'মোৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই' বুলি কোৱা শিল্পীগৰাকীয়ে আমাক সকলোকে মানৱতাৰ বাট দেখুৱাই থৈ গ'ল। তেওঁ অসমখনক এক কৰি থৈ গ'ল। তেওঁৰ নাম লৈ ধৰ্মীয় বিভাজন নকৰিবলৈও আহ্বান জনায় মিন্নাতুল ইছলামে। 
 
গুৱাহাটীৰ ৰাজধানী মছজিদৰ দেৱালত জুবিন গাৰ্গৰ ছবি অংকন কৰি থকাৰ এক দৃশ্য
 
"জুবিনদাই ৪০ টা ভাষাত ৪০ হাজাৰ গান গাই থৈ গ'ল। তাৰে ৫ হাজাৰ গীত নিজেই লিখিছে। জুবিনদাৰ অনুৰাগীয়ে কেতিয়াও ধৰ্মত বিভাজিত নহয়। জুবিন গাৰ্গ ধৰ্মীয় বান্ধোনত আবদ্ধ নহয়। জুবিন গাৰ্গ নিজেই এটা সত্তা, এক অনুষ্ঠান। তেওঁৰ মৃত্যুৰ পিছত জাতি-ধৰ্ম নিৰ্বিশেষে সকলোকে একলগ কৰি থৈ গ'ল। এতিয়া ধৰ্মৰ নাম লৈ বিভাজনৰ চেষ্টা নকৰাই ভাল। বিভিন্নজনে বিভিন্ন ঠাইত এইবোৰ কৈ থকা দেখিছোঁ। কিন্তু জুবিন গাৰ্গ ধৰ্মৰ উৰ্ধত আৰু তেওঁক ধৰ্মৰ উৰ্ধত থাকিব দিয়ক। জুবিন গাৰ্গ হ'ল নেদেখাজনৰ এক অপাৰ সৃষ্টি", তেওঁ কয়। 
 
উল্লেখযোগ্য যে, স্থানীয় বাসিন্দাসকলে এই পদক্ষেপৰ যথেষ্ট প্ৰশংসা কৰে। লগতে, অসমৰ সাংস্কৃতিক চেতনা উদযাপন আৰু সংৰক্ষণৰ বাবে এই পদক্ষেপ এক সুন্দৰ উদাহৰণ বুলিও অভিহিত কৰে।