পাহাৰৰ ৰাণী খ্যাত মুচৌৰীৰ আজান

Story by  atv | Posted by  Munni Begum • 5 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
মালিক আছগৰ হাছমী
 
নিশা তেতিয়া আঠ বাজি বিশ মিনিট হৈছিল। পাহাৰৰ ৰাণী মুচৌৰীত তেতিয়া শীতল বতাহ এজাক বলিছিল।কিন্তু মল ৰোডৰ চৌদিশে পোহৰ, ৰোমাণ্টিকতা আৰু আন্তৰিক উষ্মতা বিয়পি আছিল। দীপাৱলীৰ উজ্বল আলোকসজ্জা, সজাই-পৰাই থোৱা দোকান আৰু সেইবোৰত চকু ফুৰাই থকা প্ৰেমিক দম্পতীসকলৰ দৃশ্য কোনো চিত্ৰকলাতকৈ কম নাছিল। এই শাৰীবোৰৰ লেখকজনে দিনটোৰ দৌৰা-দৌৰি আৰু খোজ কাঢ়াৰ ক্লান্তিৰ পৰা কিছু সকাহ পাবলৈ সেই বিখ্যাত মল ৰোডত পুলিচৰ বেৰিকেডৰ ওচৰত ৰাস্তাৰ কাষত থকা এখন লোহাৰ বেঞ্চত বহি আছিল।
 
তেনে সময়তে এটা কণ্ঠস্বৰে তেওঁৰ মৌনতা ভংগ কৰে-- "আল্লাহু আকবৰ, আল্লাহু আকবৰ..."। মল ৰোডৰ মাজৰ এটা ৰাস্তাত থকা মছজিদৰ পৰা লাউডস্পিকাৰত ভাঁহি আহিছিল ঈশ্বাৰ নামাজৰ শব্দ। মছজিদৰ মুয়াজ্জিন, নামাজীসকলক ইবাদতৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল। মই এক মুহূৰ্তৰ বাবে বিশ্বাস কৰিব পৰা নাছিলো যে দেশ-বিদেশৰ পৰা অহা হাজাৰ হাজাৰ পৰ্যটকৰ সমাগম হোৱা মুচৌৰীৰ দৰে এখন প্ৰধান পৰ্যটন চহৰত এনে উচচস্বৰত আৰু মুকলিভাৱে আজান দিয়া হৈছে।
 
মল ৰোডৰ মছজিদ
 
বিশেষকৈ সাম্প্ৰতিক সংঘাতৰ সময়বোৰত উত্তৰাখণ্ডৰ কিছু কিছু অঞ্চলত মুছলমানৰ বিৰুদ্ধে হোৱা অসহিষ্ণুতাৰ বাতৰি সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ বাতৰি চেনেলবোৰত প্ৰায়ে শীৰ্ষস্থান দখল কৰি আহিছে। আচলতে, মই গুগল কৰিও উত্তৰাখণ্ডৰ মুছলমান সম্প্ৰদায়ৰ অৱস্থা জানিব পাৰিছিলো। অনুসন্ধানৰ ফলাফলবোৰ নিৰাশাজনক আছিল। কাশ্মীৰী যুৱকসকলক দোকান খুলিবলৈ মান্তি নোহোৱাৰ বাবে মাৰপিট কৰি খেদি পঠিওৱা, এজন মুছলমান চাহ বিক্ৰেতা গ্ৰেপ্তাৰ কৰা আৰু মদ্যপান কৰি মছজিদত প্ৰৱেশৰ দৰে ঘটনা সংঘটিত হৈছে।
 
এই খবৰে যাত্ৰাৰ পূৰ্বেই মোৰ মনত ভয় আৰু সংশয়ৰ সৃষ্টি কৰিছিল। কোনো ঘৃণা বা বৈষম্যৰ সন্মুখীন হ'ব নালাগে। এই চিন্তাই মোৰ মনটো বেয়াকৈ ভাঙি পেলাইছিল। কিন্তু সেই নিশা যেতিয়া আজানৰ ধ্বনি শুনিবলৈ পালোঁ, তেতিয়া মোৰ অন্তৰ গভীৰ শান্তিৰে ভৰি পৰিল। এটা অন্ধকাৰ কোঠালিত হঠাৎ এটা পোহৰ জ্বলি উঠাৰ দৰে অনুভৱ হৈছিল।
 
মোৰ ভিতৰৰ শংকাবোৰ ক্ষণিকতে বিলীন হৈ গ'ল। সেই নিশা, মুচৌৰীৰ ফিজাত কেৱল আজানৰ শব্দই নাছিল, ইয়াত আছিল সম্প্ৰীতি, সহনশীলতা আৰু সমন্বয়ৰ জীৱন্ত প্ৰমাণ। তাৰ পিছত মই মুচৌৰীক মুকলি মনেৰে আৰু আন্তৰিকতাৰে আঁকোৱালি লৈছিলো। মই যেতিয়া মল ৰোডত ঘূৰি ফুৰিছিলোঁ, মানুহৰ চকুৰ পলক দেখিছিলোঁ, দোকানীসকলৰ সৈতে কথা পাতিছিলোঁ, মুছলমান ব্যৱসায়ীসকলৰ সৈতে হাঁহি-ধেমালি কৰি সামগ্ৰী ক্ৰয় কৰিছিলোঁ, তেতিয়া মই সামাজিক মাধ্যমত দেখা দিয়া বিদ্বেষৰ প্ৰতি লক্ষ্য কৰা নাছিলো।
 
মুচৌৰিৰ মল ৰোডৰ নিশাৰ দৃশ্য
 
কিন্তু মুচৌৰিৰ ভূমিৰ বাস্তৱিকতা সম্পূৰ্ণ পৃথক। তথ্য অনুসৰি, এই চহৰত প্ৰায় ৩১,০০০ মুছলমান বাস কৰে। মুচৌৰিৰ প্ৰৱেশদ্বাৰত এটা বৃহৎ মুছলমান কবৰস্থান আছে, যিয়ে মুছলমান সমাজৰ প্ৰাচীন আৰু স্থায়ী উপস্থিতিৰ প্ৰমাণ দিয়ে। মল ৰোডত ঘূৰি ফুৰোঁতে বহুতো দোকানত উৰ্দুত লিখা থাকে। গৰম কাপোৰৰ দোকানৰ পৰা আৰম্ভ কৰি খাদ্যৰ দোকান আৰু হোটেললৈকে, মুছলমান সম্প্ৰদায়ৰ লোকসকলে ব্যৱসায়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
 
মছজিদৰ ওচৰত থকা "চাচা কা হোটেল" আৰু "আল কুৰাইশ হোটেল" আদি প্ৰতিষ্ঠানসমূহ পৰ্যটকৰ মাজত অতি জনপ্ৰিয়। ইয়াৰ প্ৰধান মছজিদসমূহ হ'ল জামা মছজিদ, মছজিদ আমানিয়া আৰু জাকান মছজিদ। ইয়াৰ ভিতৰত লণ্ডৌৰৰ মছজিদটো ইতিহাসপ্ৰসিদ্ধ। এই মছজিদসমূহ কেৱল উপাসনাৰ স্থানেই নহয়, বৰঞ্চ ধৰ্মীয় বৈচিত্ৰ্যতা আৰু সমন্বয়ৰ উদাহৰণ। স্থানীয় আৰক্ষী প্ৰশাসনেও এই পৰিৱেশৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰিছে। মুচৌৰিৰ  মৰিৰ কোটৱাল অৰবিন্দ চৌধুৰীয়ে স্পষ্ট ভাষাৰে কৈছিল, "মুছলমান সমাজক লৈ পাহাৰৰ তলত যি ধাৰণাৰ সৃষ্টি হয়, সেই ধাৰণাৰ কোনো প্ৰমাণ মুচৌৰিৰ সামাজিক পৰিৱেশত পোৱা নাযায়।"
 
প্ৰকৃততে জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত যেতিয়া পাকিস্তান-বিৰোধী প্ৰতিবাদ হৈছিল, তেতিয়া মুচৌৰিৰ মুছলমান যুৱক-যুৱতীসকলেও অংশগ্ৰহণ কৰিছিল। আছিফ, কামিল আলী, আয়ুব শ্বাবৰি, শহিদ মনচুৰ আদি বহুতো যুৱকে ভাৰতৰ পক্ষত মাত মাতিছিল। ইয়াৰ পৰা এইটো স্পষ্ট হৈ পৰে যে মুছলমানসকলে দেশক সন্মান কৰে আৰু তেওঁলোকৰ সামাজিক দায়বদ্ধতাৰ প্ৰতিও সচেতন। স্থানীয় বৃদ্ধ মঞ্জুৰ আহমেদে কয় যে মছজিদত প্ৰৱেশ কৰা মানুহজন প্ৰকৃততে সুৰাসক্ত আছিল, তেওঁৰ কোনো ধৰ্মীয় বা ৰাজনৈতিক উদ্দেশ্য নাছিল।
 
পহলগাম হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা মুচৌৰীৰ মুছলমানসকল
 
মুচৌৰী চহৰৰ পৰ্যটকৰ ভিৰ এতিয়াও ২০-২৫ শতাংশ মুছলমানৰ মাজত দেখা যায়, যিটোৱে এই কথা প্ৰমাণ কৰে যে এই চহৰত ঘৃণাৰ পৰিৱেশ নাই, বৰঞ্চ প্ৰেমৰ পৰিৱেশ আছে। উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনতো এই সম্প্ৰীতি স্পষ্টভাৱে দেখা যায়। ধামা বজাৰ, মুতী বজাৰ, পল্টন বজাৰ আৰু ডিছপেন্সাৰী বজাৰৰ দৰে ব্যৱসায়িক অঞ্চলত মুছলমানসকলৰ ডজন-ডজন দোকান আছে।মুছলমান মহিলাসকলক বুৰ্কা আৰু হিজাব পৰিধান কৰি এই বজাৰত শ্বপিং কৰা দেখা যায়। জামা মছজিদ মুছলমান সমাজৰ ধৰ্মীয় আৰু সাংস্কৃতিক জীৱনৰ কেন্দ্ৰবিন্দু হৈ আছে। উত্তৰাখণ্ডত এই সম্প্ৰীতিৰ মূল কেৱল বৰ্তমানলৈকে সীমিত নহয়, ইয়াৰ ইতিহাসো সমৃদ্ধিশালী আৰু প্ৰেৰণাদায়ক।
 
আহমেদিয়া মুছলিম সম্প্ৰদায়ৰ দ্বিতীয় খলিফা হজৰত মুছলেহ-এ-মৌদ (মিৰ্জা বাছিৰ-উদ-দীন মহম্মদ আহমেদ)-এ ১৯৩১ চনত মুচৌৰী ভ্ৰমণ কৰিছিল। এই যাত্ৰা আছিল ধৰ্মীয় সহনশীলতা, হিন্দু-মুছলমানৰ একতা আৰু ইছলামী প্ৰচাৰৰ নীতিৰ ওপৰত আধাৰিত।১৯৩১ চনৰ ১৯ এপ্ৰিলত হজৰত মুছলেহ-ই-মৌদ কাদিয়ানৰ পৰা মুচৌৰীলৈ গৈছিল। তেওঁ ২৪ এপ্ৰিলত মুচৌৰীৰ আহমেদিয়া মছজিদত জুম্মাৰ খুতবা প্ৰদান কৰে। ইয়াত তেওঁ মুচৌৰীক ভাৰতৰ একমাত্ৰ পাহাৰীয়া অঞ্চল বুলি অভিহিত কৰে, য'ত আহমেদিয়া মুছলমানৰ নিজৰ মছজিদ আছে।
 
১৯৩১ চনৰ ২৬ এপ্ৰিলত তেওঁ মুচৌৰীৰ টাউন হলত "ভাৰতৰ প্ৰগতি আৰু হিন্দু-মুছলমান একতা" শীৰ্ষক এক ঐতিহাসিক ভাষণ দিয়ে। তেওঁ সেই সময়ত চলি থকা সাম্প্ৰদায়িক উত্তেজনাৰ তিনিটা প্ৰধান কাৰণ উল্লেখ কৰে, সেয়া হৈছে--ধৰ্মীয়, সাংস্কৃতিক আৰু ৰাজনৈতিক মতভেদ। তেওঁ কয় যে ধৰ্মীয় উৎসৱসমূহক লৈ বিবাদৰ কাৰণ হ'ল আমি সহনশীলতাৰ প্ৰকৃত অৰ্থ বুজি নাপাওঁ। সহনশীলতাৰ অৰ্থ কেৱল আনক সহ্য কৰা নহয়, বৰং তেওঁলোকক নিজৰ ধৰ্মত জীয়াই থাকিবলৈ দিয়া আৰু তেওঁলোকৰ ধৰ্মক সন্মান জনোৱা।
 
মুচৌৰীৰ এটি মনোমোহা দৃশ্য
 
তেওঁ কয় যে সকলো ধৰ্মীয় সম্প্ৰদায়ে পৰস্পৰৰ নায়কসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব লাগে আৰু নিজৰ ধৰ্ম প্ৰচাৰ কৰাৰ সময়ত আন ধৰ্মৰ লোকক অপমান কৰাটো এৰাই চলিব লাগে। ৰাজনৈতিক সমাধানৰ বাবে তেওঁ পৰামৰ্শ দিয়ে যে হিন্দু সংখ্যাগৰিষ্ঠসকলে মুছলমানসকলক কিছু ৰাজনৈতিক ৰেহাই দিব লাগে আৰু মুছলমানসকলক আশ্বাস দিব লাগে যে দেশখনৰ ওপৰত যিকোনো বিদেশী আক্ৰমণৰ ক্ষেত্ৰত তেওঁলোকে ভাৰতৰ সৈতে থিয় হ'ব।
 
১ মে'ত হজৰত মুছলেহ-ই-মৌদ ডেৰাডুনত উপস্থিত হয়, য'ত তেওঁ ইছলামিয়া স্কুলত এখন ৰাজহুৱা বক্তৃতা প্ৰদান কৰে। ২ মে'ত তেওঁ দিল্লীলৈ যাত্ৰা কৰে আৰু তাত আহমেদিয়া জামাতৰ কৰ্মীসকলক সম্বোধন কৰে। তেওঁ কয় যে প্ৰতিজন সদস্যই মুবলীগ হ'ব লাগে। ইছলামৰ প্ৰকৃত ৰূপ বিশ্বক দেখুৱাবৰ বাবে মুছলমানসকল সত্যনিষ্ঠ, নম্ৰ আৰু সামাজিকভাৱে সক্ৰিয় হোৱা উচিত। 
 
মুচৌৰীৰ মল ৰোডত ধ্বনি দিয়া এই আজান কেৱল এটা ধৰ্মীয় আহ্বানৰেই নহয়, বৰঞ্চ ই হ'ল ঐক্য, সংহতি আৰু গংগা-জামুণী সভ্যতাৰ প্ৰতিধ্বনি, যিটো ভাৰতৰ আত্মাত সমাহিত হৈ আছে। আজানৰ এই কণ্ঠই বুজাইছে যে ঘৃণাৰ কাহিনীবোৰ যিমানে উচ্চ হ'ব পাৰে, সত্যৰ প্ৰতিধ্বনি সিমানেই গভীৰ আৰু শক্তিশালী হ'ব পাৰে। মুচৌৰী কেৱল পৰ্যটকৰ বাবে এটা স্থান নহয়, ই ভাৰতৰ এক উদাহৰণ য'ত মন্দিৰ আৰু মছজিদ একেলগে আছে, আৰু য'ত হৃদয়ত প্ৰেমৰ স্থান এতিয়াও সজীৱ হৈ আছে।