আছা খোছা
নব্বৈৰ দশকৰ আৰম্ভণিতে সমগ্ৰ কাশ্মীৰ অঞ্চলত উগ্ৰপন্থী আৰু হিংসাত্মক পৰিস্থিতি বিয়পি পৰাত বহু কাশ্মীৰী হিন্দুলোকে নিজৰ ঘৰ এৰি পলায়ন কৰিছিল। এইটো সঁচা যে, তেওঁলোকক হত্যা কৰা কিছুমান বন্দুকধাৰী মুছলমান ধৰ্মালম্বী লোক আছিল। কিন্তু এই সহজ ধাৰণাতকৈ পৰিস্থিতি অধিক জটিল আছিল। সকলোবোৰ কেৱল ক’লা বা বগা পৰিস্থিতি নাছিল বৰং ইয়াৰ বিপৰীতে বহু ধূসৰ ৰঙৰ ছাঁ আছিল।
এইয়া মোৰ মাৰ চাৰিজন ভাতৃ-ভগ্নীৰ ভিতৰত সৰু মামাৰ কাহিনী। তেওঁ বুডগাম জিলাৰ চৰাৰ-ই-শ্বৰীফৰ দৰগাহৰ সমীপৰ মধ্য কাশ্মীৰৰ এখন গাঁৱত বাস কৰিছিল। তেওঁ মাতৃ, পত্নী আৰু তিনি সন্তান ক্ৰমে দুগৰাকী কন্যা আৰু এজন পুত্ৰৰ সৈতে তেওঁলোকৰ পূৰ্বপুৰুষৰ ঘৰত বাস কৰিছিল। কিবা কাৰণত তেওঁ স্কুলীয়া শিক্ষাৰ পিছত অধ্যয়ন কৰা নাছিল।
Unforgettable experiences
তেওঁৰ এখন ধাননি পথাৰ, এখন ফলৰ বাগিচা, এখন শাক-পাচলিৰ বাগিচা, আৰু সৰু সৰু ধানৰ মিল আৰু তেলৰ মিল আছিল। গাঁৱত তেওঁ শান্তিপূৰ্ণ আৰু সুখী জীৱন অতিবাহিত কৰি আছিল। তেওঁৰ ঘৰৰ সন্মুখত এটা সৰু খাল বৈ গৈছিল। আমি প্ৰায়ে দ্বিতীয় মহলাৰ ডাঙৰ খিৰিকীখনৰ ওচৰত বহি তেওঁক দুপৰীয়াৰ আহাৰৰ বাবে খালটোৰ সিপাৰে থকা নিজৰ মিলবোৰ বন্ধ কৰি ঘৰলৈ উভতি আহি দেখিবলৈ পাইছিলো।
যেতিয়া কাশ্মীৰত হিংসা আৰম্ভ হৈছিল আৰু ১৯৯০ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত বেছিভাগ হিন্দুলোকে ঘৰ এৰি পলায়ন কৰিবলগীয়া হৈছিল, তেতিয়া মামাই নিজৰ ঘৰ এৰি যাবলৈ অস্বীকাৰ কৰিছিল। আমাৰ পৰিয়ালৰ সকলোৱে তেওঁক লৈ চিন্তিত হৈ পৰিছিল। কিন্তু তেওঁৰ মন সলনি নহ’ল।
তেওঁ কৈছিল, "আমি সকলো হিন্দু আৰু মুছলমান গাঁওবাসীয়ে একত্ৰিত হৈ ইজনে সিজনক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি লৈছিলো। মই এই প্ৰতিশ্ৰুতি ভংগ কৰিব নোৱাৰো আৰু মোৰ ঘৰ এৰি যোৱাৰ কোনো কাৰনো নাই।" এই কথা তেওঁ ভাতৃ-ভগ্নীসকলক ক’ব, যিসকলে তেওঁক জম্মুৰ পৰা ফোন কৰি আছিল, য’ত বেছিভাগে স্থানান্তৰিত হৈছিল।
সেই সময়ত কাশ্মীৰৰ পৰিস্থিতি অত্যন্ত উত্তেজনাপূৰ্ণ বুলি ক'লে ভূল নহয়। উপত্যকাটোত পূৰ্বে কেতিয়াও এনে বৃহৎ হিংসা, লক্ষ্য কৰি হত্যা আৰু সামাজিক অস্থিৰতা দেখা পোৱা হোৱা নাছিল। কিন্তু সেই বিশেষ গাঁওখনত বাস কৰা লোকসকলে সচেতনভাৱে সোঁতৰ বিৰুদ্ধে গৈ কাম কৰাৰ সিদ্ধান্ত লৈছিল।
হিন্দুসকল নিজৰ গাঁৱৰ পৰা পলায়ন কৰি থকাৰ সময়তে এই গাঁৱৰ মুছলমান লোকসকলে তেওঁলোকৰ হিন্দু ওচৰ-চুবুৰীয়াক নিজৰ ঠাইতে থাকিবলৈ কৈছিল আৰু তেওঁলোকক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। গাঁৱৰ মুছলমানসকলৰ বাবে হিন্দুৰ উপস্থিতিয়ে তেওঁলোকক নিৰাপত্তাৰ অনুভৱ দিছিল। তেওঁলোকৰ বিশ্বাস আছিল যে, উগ্ৰপন্থীয়ে মুক্তভাৱে ঘূৰি ফুৰিব নোৱাৰিব আৰু অভিযানৰ সময়ত সেনাইও তেওঁলোকৰ প্ৰতি অমায়িক ব্যৱহাৰ কৰিব।
কাশ্মীৰৰ এখন গাঁও (কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা প্ৰস্তুত কৰা এক ছবি)
পিছলৈ মই সাংবাদিক হিচাপে বুজিছিলোঁ যে, মোৰ মামাৰ দৰে যিসকল লোকে গাঁৱৰ বাহিৰত প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব পৰাকৈ পঢ়া-শুনা কৰা নাছিল, তেওঁলোকে নিজৰ ঘৰ এৰি যাবলৈ কুণ্ঠাবোধ কৰিছিল।
গ্ৰীষ্মকালৰ এদিন দুপৰীয়া মামাই দুপৰীয়াৰ আহাৰ খাব ঘৰলৈ অহাৰ সময়ত মিলটো বন্ধ কৰি থাকোঁতে এজন অচিনাকি মানুহ তেওঁৰ ওচৰলৈ আহিছিল আৰু তেওঁক সুধিছিল, "বাবলুজীৰ ঘৰলৈ যোৱা বাট দেখুৱাব পাৰিবা নেকি?", বাবলুজী দক্ষিণ কাশ্মীৰৰ পুলৱামাত নিযুক্তিপ্ৰাপ্ত এগৰাকী অভিযন্তা আছিল। বৰ্তমান আমাৰ ঘৰৰ পিছফালে থকা তেওঁলোকৰ ঘৰত তেওঁৰ বৃদ্ধা মাতৃ অকলে থাকে।
চৰকাৰী নীতিৰ প্ৰয়োজন অনুসৰি আন অমুছলমানসকলৰ দৰে বাবলুজীও নিৰাপদ অঞ্চলত বাস কৰিছিল আৰু কাম কৰিছিল। তেওঁ কেতিয়াবা মাকক চাবলৈ গাঁৱলৈ গৈছিল।
তেওঁৰ মিলৰ দুখন গেট বন্ধ কৰাৰ পিছত মামাই ঘৰলৈ যাবলৈ খালটোৰ ওপৰৰ সৰু দলংখন পাৰ হৈ গৈ থাকোঁতে বন্দুকৰ গুলীৰ শব্দ শুনিছিল। গুলীৰ শব্দত আখৰোট গছৰ ওপৰত বহি থকা চৰাইবোৰ ভয়তে উৰি গৈছিল। সেই সময়তে এগৰাকী মহিলাৰ কান্দোনে গাঁৱৰ নিস্তব্ধতা ভাঙি পেলাইছিল। অলপ পিছতে মানুহবোৰ বাবলুৰ ঘৰৰ ফালে দৌৰিবলৈ ধৰিছিল। সেইয়া দেখি মোৰ মামা থতমত খাই নিথৰ হৈ পৰিছিল আৰু পিছত অৰ্ধচেতন অৱস্থাত তেওঁক ঘৰলৈ লৈ যোৱা হৈছিল।
কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা প্ৰস্তুত কৰা এক ছবি
বাবলুজীয়ে মাত্ৰ তেওঁৰ ঘৰৰ ভিতৰলৈ সোমাই আহিছিল, সেই সময়তে কোনোবা অচিনাকি মানুহ এজনে মূল কাঠৰ দুৱাৰত টোকৰ মাৰিছিল। মাকে দুৱাৰ খুলি দিছিল। তেওঁ সুধিছিল “বাবলুজী ভিতৰত আছে নেকি? মই তেওঁক লগ কৰিব আহিছো।” সেই অচিনাকি মানুহজনে আছিল, যিজনে মোৰ মামাৰ লগত মাত্ৰ কেইমিনিটমান আগতে কথা পাতিছিল।
প্ৰথম মহলাৰ পৰা তললৈ নামি আহিল বাবলুজী। মূহুৰ্তৰ ভিতৰতে অচিনাকি মানুহজনে পিষ্টলেৰে বাবলুজীৰ ওপৰত গুলীচালনা কৰিছিল। মাকৰ সন্মুখতে হত্যা কৰা হৈছিল তেওঁৰ পুত্ৰক। এই হত্যাকাণ্ডই গাঁওবাসীৰ দৃঢ় বিশ্বাস ভাঙি পেলাইছিল যে, কেৱল ঐক্যই তেওঁলোকক সুৰক্ষিত কৰি ৰাখিব পাৰে। অৱশেষত তেওঁলোকে বুজি পালে যে, নতুন কাশ্মীৰত অস্ত্ৰধাৰী অচিনাকি মানুহে যিকোনো ব্যক্তিক, যিকোনো ঠাইতে হত্যা কৰিব পাৰে।
মামাই নিজকে অপৰাধী যেন অনুভৱ কৰিছিল, কাৰণ তেওঁ অজানিতে হত্যাকাৰীক বাবলুৰ ঘৰলৈ লৈ গৈছিল। দিনৰ পোহৰৰ এই হত্যাকাণ্ডত গাঁৱৰ সকলোৱে গভীৰভাৱে স্তম্ভিত হৈ পৰিছিল। দুখেৰে মুছলমান গাঁওবাসীয়ে নিজৰ হিন্দু ওচৰ-চুবুৰীয়াক ক’লে যে, তেওঁলোকে নিজৰ ঘৰ এৰি যাব লাগে, কিয়নো তেওঁলোকে আগৰ দৰে আৰু সুৰক্ষা দিব নোৱাৰিব।
হিন্দুসকলে তেওঁলোকৰ গুৰুত্বপূৰ্ণ সামগ্ৰী সংগ্ৰহ কৰিছিল। সেইদিনা সন্ধিয়া গাঁওবাসীয়ে নিজৰ হিন্দু চুবুৰীয়াক ৩০০ কিলোমিটাৰ দূৰত্বত থকা জম্মুলৈ যাবলৈ ট্ৰাকৰ ব্যৱস্থা কৰি দিছিল। গাঁওবাসীয়ে চকুলোৰে তেওঁলোকক বিদায় দিছিল আৰু গাঁৱৰ পৰিস্থিতি ভাল হ’লে পুনৰ উভতি অহাৰ প্ৰতিশ্ৰুতি বিচাৰিছিল।
কাশ্মীৰৰ মুছলমানসকলে নিজৰ হিন্দু চুবুৰীয়াক চকুলোৰে বিদায় দিয়াৰ এক দৃশ্য (কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা প্ৰস্তুত কৰা এক ছবি)
গভীৰ নিশা ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তেওঁলোকৰ ট্ৰাকখন জম্মুলৈ যাত্ৰা কৰিছিল। যাত্ৰাৰ সময়ত কোনেও কথা কোৱা নাছিল। মামা, তেওঁৰ পত্নী আৰু তেওঁলোকৰ তিনিটা সন্তানে ইয়াৰ পিছত কি হ’ব তাক লৈ চিন্তিত হৈ পৰিছিল।
পিছদিনা ট্ৰাকখন জম্মু পাইছিল, যি অত্যন্ত গৰম আছিল। প্ৰথমতে পৰিয়ালটোৱে ক’লৈ যাব ইয়াৰ কোনো ধাৰণা নাছিল। মামাই চালকজনক জম্মুলৈ অনাৰ বাবে ধন দিবলৈ বিচাৰিছিল। কিন্তু ইয়াৰ পিছত যি হৈছিল সেয়াহে বৰ আচৰিত আছিল। চকুলো টুকি চালকজনে মামাৰ পৰা টকাখিনি ল’বলৈ অস্বীকাৰ কৰিছিল।
তাৰ পৰিৱৰ্তে আদবয়সীয়া চালকজনে মামাৰ হাতত কেইখনমান মুদ্ৰাৰ নোট কেইখনমান ভৰাই মুঠিটো বন্ধ কৰি জোৰেৰে ধৰিছিল। তেওঁ কৈছিল, "মই তোমাৰ পৰা টকা ল’ব নোৱাৰো। কাৰণ মই তোমাক কোনো সহায় কৰা কৰা নাই, মই তোমাক তোমাৰ ঘৰৰ পৰা উভালিহে পেলাইছো আৰু একো ঠিকনা নোহোৱাকৈ পথৰ দাঁতিত এৰি দিছো। দুয়োজনে ইজনে সিজনক সাৱটি ধৰি হিয়া উজাৰি কান্দিছিল।"
(পাঠকসকলক প্ৰকাশৰ বাবে [email protected] ত সাম্প্ৰদায়িক সম্প্ৰীতি বা আন্তঃধৰ্মীয় বন্ধুত্বৰ অভিজ্ঞতা ভাগ-বতৰা কৰিবলৈ আদৰণি জনোৱা হৈছে - সম্পাদক)