কোহিমাত অনুষ্ঠিত গ্ৰেণ্ড ফিনালেত লিনোকা কে আচুমিয়ে পিন্ধিলে মিছ নাগালেণ্ড-২০২৫ৰ মুকুট

Story by  atv | Posted by  [email protected] • 56 m ago
 লিনোকা কে আচুমিয়ে পিন্ধিলে মিছ নাগালেণ্ড-২০২৫ৰ মুকুট
লিনোকা কে আচুমিয়ে পিন্ধিলে মিছ নাগালেণ্ড-২০২৫ৰ মুকুট
 
কোহিমা
 
নাগালেণ্ডৰ কোহিমাত বৃহস্পতিবাৰে সন্ধিয়া অনুষ্ঠিত 'মিছ নাগালেণ্ড-২০২৫’ৰ গ্ৰেণ্ড ফিনালেত লিনোকা কে আচুমিয়ে পিন্ধিলে মিছ নাগালেণ্ড-২০২৫ৰ মুকুট। হৰ্নবিল উৎসৱত সমবেত হোৱা দৰ্শকৰ আনন্দ-উল্লাসে অনুষ্ঠানটি উজ্জীৱিত কৰি তুলিছিল।
 
নাগালেণ্ডৰ বিউটি এণ্ড এষ্টেটিক ছ'চাইটিয়ে পৰ্যটন আৰু উচ্চ শিক্ষা বিভাগৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাজ্যখনৰ উজ্জ্বল যুৱ প্ৰতিভা প্ৰদৰ্শন কৰা এই প্ৰতিযোগিতাত হৰ্নবিলৰ উৎসৱমুখৰ পৰিৱেশৰ বিপৰীতে সৌন্দৰ্য, সংস্কৃতি আৰু সৃজনীশক্তিৰ ওপৰত আলোকপাত কৰা হয়।
 
লিনোকাই কেৱল খিতাপ জয় কৰাই নহয় দুটাকৈ ছাব-টাইটেল অৰ্জন কৰিবলৈ সক্ষম হয়। তেওঁ মিছ মাল্টিমিডিয়া আৰু মিছ টেলেণ্ট ছাব-টাইটেল লাভ কৰে। বেণ্ডনলিয়েনাক প্ৰথম ৰানাৰ-আপ হিচাপে ঘোষণা কৰা হয়। আনহাতে, ক্ৰীষ্টিনা এইচ য়েপ্তো দ্বিতীয় ৰানাৰ-আপৰ খিতাপ অৰ্জন কৰে।
 
নাগা সম্প্ৰদায়ৰ এক্য আৰু ঐতিহ্যক প্ৰতিফলিত কৰি মিছ নাগালেণ্ড-২০২৫ সংস্কৰণটোৱে পৰম্পৰাগত শিল্প, আধুনিক উপস্থাপন আৰু নাগা যুৱতী-মহিলাসকলক আকাংক্ষাৰ সৈতে আত্মবিশ্বাসেৰে ভৰি দিবলৈ উৎসাহ যোগোৱা পৰিলক্ষিত হয়।