ত্ৰিপুৰাৰ জাকিৰ মিঞাৰ অসাধাৰণ সাফল্য: অন্যায়ৰ বিৰুদ্ধে যুঁজি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান লাভ

Story by  atv | Posted by  Munni Begum • 3 h ago
জাকিৰ মিঞা
জাকিৰ মিঞা
 
নুৰুল হক / আগৰতলা
 
চৰকাৰ আৰু বিভিন্ন প্ৰশাসনিক বিভাগৰ সৈতে হোৱা আইনী যুঁজত ইটোৰ পিছত সিটো জয়লাভ কৰি 'ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ'ত নিজৰ নাম অৰ্জন কৰিছে ত্ৰিপুৰাৰ এজন যুৱকে। বিগত ১০ বছৰতকৈও অধিক সময় ধৰি অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এই যুৱকজনে ২২ টাতকৈও অধিক আৰ টি আই দাখিল কৰাৰ লগতে উচ্চ ন্যায়ালয়ত ৯ খন ৰিট আবেদন দাখিল কৰিছে। তেওঁ হৈছে ত্ৰিপুৰাৰ গোমটি জিলাৰ উদয়পুৰৰ জাকিৰ মিঞা। 
 
জাকিৰে বহু চৰকাৰী বিভাগত কাগজৰ যুদ্ধৰ জৰিয়তেও নিজৰ লগতে বহু অসহায় জনতাৰ অধিকাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁৰ এই ন্যায়ৰ যুদ্ধ চলাই যোৱাৰ ফলস্বৰূপে 'ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ'য়ে তেওঁক স্বীকৃতি প্ৰদান কৰিছে। শেহতীয়াকৈ তেওঁক ভাৰতৰ হাৰিয়ানাৰ ফৰিদাবাদস্থিত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ কাৰ্যালয়লৈ মাতি আনি প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছে। 
 
জাকিৰ মিঞা
 
বৰ্তমান জাকিৰ মিঞাই ত্ৰিপুৰাৰ ন্যায়িক বিভাগৰ অন্তৰ্গত গণ্ডাটুইছা মহকুমা আদালতত কেৰাণী হিচাপে কৰ্মৰত হৈ আছে। বাংলা ভাষাত স্নাতকোত্তৰ ডিগ্ৰীধাৰী জাকিৰে কয় যে, তেওঁ আইনী যুঁজৰ মাজেৰে ২০২০ চনত এই চাকৰিটো লাভ কৰিবলৈ সক্ষম হৈছিল। 
 
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা কথা-বতৰাত জাকিৰে কয় যে, বিগত ১০ বছৰত বিভিন্ন অন্যায়ৰ প্ৰতিবাদত বিভিন্ন চৰকাৰী বিভাগৰ বিৰুদ্ধে তেওঁ উচ্চ ন্যায়ালয়ত ৯ খন ৰিট আবেদন দাখিল কৰিছিল। সকলো ক্ষেত্ৰতে গোচৰ ৰুজু কৰা হৈছিল। উচ্চ ন্যায়ালয়ত বিচাৰাধীন এই গোচৰসমূহৰ অধিকাংশতে তেওঁ জয়ী হবলৈ সক্ষম হৈছিল। 
 
একেদৰে জাকিৰে প্ৰশাসনিক কামৰ অনিয়ম আৰু দুৰ্বলতা উদঙাই দিবলৈ ২২টাতকৈও অধিক তথ্যৰ অধিকাৰ (আৰ টি আই)ৰ আবেদন দাখিল কৰিছিল। এই আৰ টি আইৰ জৰিয়তে তেওঁৰ নিজৰ গাঁওকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত বহু অসহায় লোকে পুনৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে।     
 
লগতে তেওঁ কয় যে, ২০১৪ চনত তেওঁ প্ৰথমে ত্ৰিপুৰা আৰক্ষীৰ চাকৰিৰ প্ৰাৰ্থী হিচাপে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। সেই সময়ত তেওঁ সেই চাকৰি লাভৰ পৰা বঞ্চিত হৈছিল। সেই সময়তে তেওঁ প্ৰথমবাৰৰ বাবে সেই নিযুক্তি প্ৰক্ৰিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল আৰু তথ্যৰ অধিকাৰৰ ভিত্তিত সকলো তথ্য জানিবলৈ সক্ষম হৈছিল। 
 
জাকিৰ মিঞাই লাভ কৰা ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ প্ৰমাণ পত্ৰৰ সৈতে
 
আৰ টি আই দাখিল কৰি জাকিৰে জানিব পাৰিছিল যে, তেওঁতকৈ বহু কম অৰ্হতা থকা প্ৰাৰ্থীসকলেও এই চাকৰিটো লাভ কৰিছে। সেই অন্যায়ৰ বিৰুদ্ধে তেওঁ উচ্চ ন্যায়ালয়ত ৰিট আবেদন দাখিল কৰিছিল। পিছত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ২০১৭ চনত তেওঁ ত্ৰিপুৰা আৰক্ষীত কনিষ্টবল হিচাপে চাকৰি লাভ কৰিছিল। ত্ৰিপুৰা আৰক্ষীত কনিষ্টবল হৈ থকাৰ সময়তে তেওঁ পৰীক্ষাৰ জৰিয়তে ন্যায়িক বিভাগত কেৰাণী হিচাপেও চাকৰি লাভ কৰিছিল। সেই চাকৰিটো লোৱাৰ সময়তো তেওঁ অন্যায়ৰ বিৰুদ্ধে আৰ টি আই দাখিল কৰিব লগা হৈছিল আৰু আইনগতভাৱে যুঁজিবলগীয়া হৈছিল। 
 
জাকিৰে লগতে কয় যে, তেওঁ ২০১৪ চনৰ পৰা বিভিন্ন চৰকাৰী বিভাগত বিভিন্ন অন্যায়ৰ বিৰুদ্ধে নিয়মীয়াকৈ আৰ টি আই দাখিল কৰি আহিছে। ইয়াৰ ভিতৰত আছিল অঞ্চলটোৰ দৰিদ্ৰ লোকক চৰকাৰী ঘৰৰ পৰা বঞ্চিত কৰা, চৰকাৰী উন্নয়ন প্ৰকল্পৰ পৰা বঞ্চিত হোৱা, অঞ্চলটোৰ পথকে ধৰি বিভিন্ন চৰকাৰী উন্নয়নমূলক কামত দুৰ্নীতি আদি এই সকলোবোৰ জনস্বাৰ্থৰ বিষয় আছিল। তেওঁৰ আইনী যুঁজৰ জৰিয়তে বহু অসহায় লোকে প্ৰশাসনিক সহায় লাভ কৰিছিল। 
 
জাকিৰে কয় যে, যিকোনো অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা আৰু নৈতিকভাৱে যুঁজি থকাটোক তেওঁ প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছে। তেওঁ নিজৰ ব্যক্তিগত বিষয়ৰ লগতে জনস্বাৰ্থৰ বাবে এই আইনী যুঁজত জড়িত হৈ ভাল পায়। বহু বছৰ এই সকলোবোৰ যুঁজ যুঁজি থাকোঁতে তেওঁ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ বিষয়ে জানিব পাৰিছিল আৰু তাত অনলাইনযোগে আবেদন কৰি তেওঁলোকৰ সৈতে তেওঁৰ যুঁজখন বিষয়ে শ্বেয়াৰ কৰিছিল। তাৰ পিছত তেওঁৰ নাম ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ তালিকাত অন্তৰ্ভুক্ত কৰি ন্যায় আৰু সত্যৰ বাবে যুঁজ দিয়াৰ মানসিকতাৰ স্বীকৃতি স্বৰূপে তেওঁক এখন প্ৰমাণ পত্ৰ প্ৰদান কৰিছিল।  
 
তথ্য বিশেষজ্ঞসকলে দাবী কৰিছে যে, ত্ৰিপুৰাৰ দৰে প্ৰান্তীয় ৰাজ্যৰ সংখ্যালঘু যুৱকৰ ন্যায়ৰ বাবে কৰা এই যুঁজখনে আনকো অন্যায়ৰ বিৰুদ্ধে মাত মতা তথা প্ৰতিবাদ কৰাৰ বাবে অনুপ্ৰাণিত কৰিব।