লোকভাষাৰ পৰা বিশ্বমঞ্চলৈ যাত্ৰা কৰা চলিউডৰ ৰজা কৰণ খান

Story by  atv | Posted by  [email protected] • 2 h ago
কৰণ খান
কৰণ খান
 
মন্দাকিনী মিশ্ৰ/ৰায়পুৰ
 
কৰণ খান...  যি ছত্তীশগড়ী চলচ্চিত্ৰ জগত (চলিউড)ৰ এটি অন্যতম নাম। জনপ্ৰিয় ভাষাত তেওঁক ছুপাৰষ্টাৰ বুলি গণ্য কৰা হয়। তেওঁ ছবি, সংগীত এলবাম, ভিডিঅ' গীত, সাংস্কৃতিক অনুষ্ঠান আদিত যথেষ্ট বৰঙণি আগবঢ়াইছে। কৰণ খানে চিনেমা আৰু সংগীত ভিডিঅ' দুয়োটাতে কাম কৰিছে। তেওঁ অসংখ্য ছত্তীশগড়ী এলবামৰ গীতত অভিনয়ও কৰিছে আৰু তেওঁৰ গীতসমূহ ইউটিউবৰ দৰে প্লেটফৰ্মত অতি জনপ্ৰিয়তাব্লাভ কৰিছে। তেওঁ জনপ্ৰিয় "ডিক্টো কৰণ খান মোনা চেন"ৰ দৰে গীতৰ এলবামত কাম কৰিছে।
 
কৰণ খান নামেৰে পৰিচিত ছৈয়দ তাহিৰ আলীয়ে কেৱল ছবিয়েই নহয় ভিডিঅ' এলবামতো কাম কৰি আহিছে, যাৰ ফলত তেওঁৰ প্ৰসাৰ আৰু দৰ্শকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। জানিব পৰামতে, কৰণ খানৰ আগন্তুক ছবিখনত ছত্তীশগড়ীৰ ছবিত খুব কমেইহে দেখা পোৱা আৰি এলেক্সাৰ দৰে পেছাদাৰী গ্ৰেডৰ কেমেৰা ব্যৱহাৰ কৰা হৈছে।
 
অনুৰাগীৰ সৈতে ফটো তুলি থকা মুহূৰ্তত
 
চলিউড চলচ্চিত্ৰ উদ্যোগত বৃহৎ বাজেট আৰু উচ্চমানৰ প্ৰযুক্তিৰ অভাৱ; কেমেৰা, প্ৰডাকচন, পোষ্ট প্ৰডাকচনৰ ক্ষেত্ৰত সীমাৱদ্ধতা আছে। কিন্তু কৰণ খানে এই ক্ষেত্ৰত উচ্চমানৰ কেমেৰা ব্যৱহাৰ কৰি চলচ্চিত্ৰ জগতখনত এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে।  ছত্তীশগড়ীৰ চলচ্চিত্ৰবোৰ প্ৰায়ে স্থানীয় লোকৰ মাজতে সীমাবদ্ধ হৈ থাকে। ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় মনোযোগ আকৰ্ষণ কৰিবলৈ প্ৰায়ে সংগ্ৰাম কৰিব লগা হয়। কিয়নো মনোৰঞ্জনৰ জগতখন অহৰহ পৰিৱৰ্তিত হৈ থাকে; দৰ্শকে সদায় নতুন বিষয়বস্তু, আধুনিক উপস্থাপন, আৰু উন্নত প্ৰযুক্তিৰ দাবী কৰে। সেয়েহে এই ক্ষেত্ৰত পৰম্পৰা আৰু আধুনিকতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি আগবাঢ়িব লাগে।
 
তেনে প্ৰেক্ষাপটত জনপ্ৰিয় চিনেমা তাৰকা হিচাপে ছত্তীশগড়ী দৰ্শকৰ মাজত জনপ্ৰিয় ভাৱমূৰ্তি গঢ়ি তুলিবলৈ সক্ষম হৈছে কৰণ খানে। তেওঁৰ পৰিচয় কেৱল তেওঁৰ গীত আৰু ছবিৰ জৰিয়তে মনোৰঞ্জনত সীমাৱদ্ধ নহয়, বৰঞ্চ চত্তীশগড়ৰ ভাষা, পৰম্পৰা, জীৱনশৈলীক প্ৰতিফলিত কৰা সাংস্কৃতিক আইকন হিচাপেও তেওঁ পৰিচিত। তেওঁৰ সক্ৰিয় ছ’চিয়েল মিডিয়া উপস্থিতি, অনুৰাগীৰ সংযোগ, আৰু ভিডিঅ' কন্টেন্টে তেওঁৰ প্ৰসাৰতা বৃদ্ধি কৰি আহিছে।
 
শ্ৰেষ্ঠ অভিনেতাৰ বঁটা জয়ী হোৱাৰ পিছত কৰণ খান
 
ছত্তীশগড়ী চিনেমাৰ শিল্পীসকলৰ ভিতৰত কৰণ খান এনে এগৰাকী ব্যক্তি, যিয়ে নিজৰ লোকভাষাৰ ছবিত নিষ্ঠা, ধাৰাবাহিকতা, আৰু গুণগত মানৰ বাবে সদায়ে প্ৰয়াস কৰি আহিছে। তেওঁৰ সফলতা কেৱল অভিনয়ৰ দক্ষতাৰ বাবেই নহয়, বৰঞ্চ তেওঁৰ কৰ্মৰ জৰিয়তে সংস্কৃতি আৰু পৰম্পৰা, দৰ্শকৰ আশা, আধুনিক প্ৰযুক্তিৰ মাজত ভাৰসাম্য ৰক্ষাৰ বাবে চেষ্টা কৰাৰ বাবে বুলিও ক'ব পাৰি। কৰণে কয় যে, "যদি ভৱিষ্যতে বাজেট, প্ৰচাৰ আৰু ছবি নিৰ্মাণৰ মানদণ্ড উন্নত হয়, তেন্তে মোৰ অৰ্থাৎ কৰণ খানৰ দৰে প্ৰতিভা আৰু অধিক শিখৰত উপনীত হ'ব।"
 
কৰণে কয় যে, তেওঁৰ পিতৃ (পিতৃ, প্ৰয়াত শ্ৰী ছৈয়দ জাফৰ আলী)য়ে সৰুতে মৃত্যুবৰণ কৰিছিল। তেওঁৰ মাক (শ্বামছাদ বেগমে)  তেওঁৰ ৫ জন ভাই-ভনীক পঢ়া-শুনা আৰু ডাঙৰ-দীঘল কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল। এই সময়ছোৱাত তেওঁৰ ডাঙৰ ভাতৃদ্বয়েও যথেষ্ট সহায় আগবঢ়াইছিল আৰু শৈশৱত তেওঁক কেতিয়াও কোনো অসুবিধাৰ সন্মুখীন হ'বলৈ দিয়া নাছিল।
 
কৰণে কয়, "দেউতাৰ মৃত্যুৰ পিছত আমি বহুতো আৰ্থিক অসুবিধাৰ সন্মুখীন হৈছিলোঁ। ৰায়পুৰৰ বুঢ়াপাৰাৰ মাধৱ ৰাও সাপ্ৰে স্কুলত পঢ়ি থকাৰ সময়তে মই নাট্যদল আইপিটিএৰ সংস্পৰ্শলৈ আহিছিলো। তাৰ পিছত বি এ ফাইনেল ইয়েৰলৈকে ব্যক্তিগতভাৱে পঢ়িলোঁ। আইপিটিএত মোৰ গুৰু আছিল মিনহাজ আছাদ, যাৰ নিৰ্দেশনাত মই অভিনয়ৰ সূক্ষ্মতাবোৰ ভালদৰে আয়ত্ব কৰিছিলোঁ।"
 
অনুৰাগীসকলৰ সৈতে কৰণ খান
 
কৰণ খানে ছত্তীশগড়ী ছবিত কেনেকৈ পাতনি মেলিছিল সেই কথা উল্লেখ কৰি কয় যে, "মই নিজকে প্ৰতিষ্ঠা কৰিবলৈ বহু সংগ্ৰাম কৰিবলগীয়া হৈছিল। মই আইপিটিএ (ইণ্ডিয়ান পিপলছ থিয়েটাৰ এছ'চিয়েচন)ৰ অধীনত অসংখ্য নাটক মঞ্চস্থ কৰিছিলো আৰু লগতে ৰায়পুৰৰ দূৰদৰ্শন কেন্দ্ৰৰ পৰাও কেইবাখনো টেলিফিল্মত অভিনয় কৰাৰ সুযোগ পাইছিলোঁ। ইয়াৰ পিছত মই সপোনৰ চহৰ মুম্বাইলৈ গুচি আহিছিলোঁ। এই সময়ছোৱাত মই কেইখনমান ধাৰাবাহিকতো কাম কৰিছিলো, কিন্তু ছত্তীশগড়ৰ মাটিয়ে মোক যেন মাতি আছিল। ইফালে ছত্তীশগড়ী ছবিৰ যুগো আৰম্ভ হৈছিল, আৰু মই ইয়াত অভিনয় কৰিবলৈ আৰম্ভ কৰিলোঁ।"
 
কৰণে সহজে ছত্তীশগড়ী ছবিত প্ৰৱেশ কৰিব পৰা নাছিল; তাৰ বাবে তেওঁ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল। বিভিন্ন স্থানত স্ক্ৰীণ টেষ্ট দি তেওঁ নিজৰ যোগ্যতা প্ৰমাণ কৰিবলগীয়া হৈছিল। কৰণে কয়, "মোৰ প্ৰথমখন ছবি 'মোৰ গোৱাই গাঁও' যিখন বিফল হৈছিল। কিন্তু পৰিচালক প্ৰেম চন্দ্ৰকাৰ আৰু ভূপেন্দ্ৰ সাহুৱে মোক 'তোৰ মায়া কে মাৰে' ছবিখনত মুখ্য অভিনেতা হিচাপে মোক এটি সুযোগ প্ৰদান কৰিছিল। এই ছবিখনে ছত্তীশগড়ত বিপুল সফলতা লাভ কৰিছিল। দৰ্শকৰ লগতে জনসাধাৰণেও মোৰ অভিনয়ৰ শলাগ লৈছিল। তাৰ পিছৰ পৰা মই প্ৰায় ৪৫খন ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছো।" ইয়াৰোপৰি কৰণে এলবামত সক্ৰিয় ভূমিকা পালন কৰি ৩,০০০ৰো অধিক গীতত অভিনয় কৰি নতুন অভিলেখ গঢ়িছে।
 
কৰণৰ সফল ছবিসমূহৰ ভিতৰত আছে 'তোৰ মায়া কে মাৰে', 'মিতন ৪২০', 'তীজা কে লুগ্ৰা', 'লাইলা টিপ টপ ছৈলা আংগুতা ছাপ', 'ৰাধে আংগুতা ছাপ', 'মহী দৰে', 'বেনম বাদশ্বাহ', আৰু 'সছুৰাল' ইত্যাদি। কৰণে কয় যে, আজি যেতিয়া তেওঁ ছত্তীশগড়ী চলচ্চিত্ৰ জগতখন বিকাশ হোৱা দেখে, তেতিয়া তেওঁ অতি প্ৰশান্তিৰ অনুভৱ কৰে। এনে লাগে যেন তেওঁৰ কষ্টৰ ফল তেওঁ লাভ কৰিছে। ২০০১ চনৰ পৰা ২০২৫ চনলৈকে একেটা বৃত্তিতে অবিৰতভাৱে কাম কৰা একমাত্ৰ শিল্পী কৰণে কয়, "তোৰ মায়া কে মাৰে ছবিখনত মোৰ চৰিত্ৰটোৰ নাম আছিল কৰণ, যিটো দৰ্শকে ভাল পাইছিল আৰু ইমানেই ভাল পাইছিল যে, মোৰ নামটো ছৈয়দ তাহিৰ আলীৰ পৰা কৰণ খানলৈ সলনি হৈছিল।"
 
পৰিয়ালৰ সৈতে কৰণ খান
 
ছত্তীশগড়ীৰ বায়'পিক 'মন্দাৰাজী'ত দৌ মন্দাৰাজীৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মাজত চিৰস্থায়ী ছাপ পেলোৱা একমাত্ৰ অভিনেতায়ে হৈছে কৰণ। তেওঁ বেনাম বাদশ্বাহে মদ্যপানৰ পৰা হব পৰা ক্ষতিৰ চিত্ৰণ কৰিছিল। কৰণে কয় যে, "এই ছবিখনৰ পৰা অনুপ্ৰাণিত হৈ বহুতে মদ্যপান ত্যাগ কৰিছিল। আজিও তেওঁৰ ওচৰলৈ বহু পৰিয়ালৰ লোকৰ মেছেজ আহে যে, তেওঁৰ ছবি 'বেনাম বাদশ্বাহ' চোৱাৰ পিছত তেওঁলোকে চিৰদিনৰ বাবে মদ্যপানৰ ত্যাগ কৰিছে, যাৰ বাবে পৰিয়াললৈ সুখ ঘূৰি আহিছে। তেওঁ নিজৰ প্ৰতিখন ছবিৰ জৰিয়তে সমাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ সদায় চেষ্টা কৰি আছে।
 
অভিনেতা কৰণে ১৫ বাৰতকৈও অধিক শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে। কৰণে কয় যে, তেওঁ এতিয়াও কোনো চৰকাৰী সন্মান লাভ কৰা নাই। হয়তো কোনো চৰকাৰী সন্মান নোপোৱাৰ কাৰণটো হ’ল তেওঁ কেতিয়াও কোনো চৰকাৰৰ পৰা কোনো সন্মান বিচৰা নাই, আৰু ইয়াত চৰকাৰী সন্মান কেনেকৈ দিয়া হয় সকলোৱে জানে। গতিকে এই বিষয়ে তেওঁৰ কোনো আক্ষেপও নাই। যিকোনো চৰকাৰী সন্মান লাভ কৰাৰ প্ৰকৃত আনন্দ তেতিয়া আহিব, যেতিয়া সেইটো আহিব লগা আছে। সেই সন্মান যেতিয়া নিবিচৰাকৈ বা কোনো ৰাজনৈতিক দলৰ লগত জড়িত নোহোৱাকৈ পোৱা যাব, তেতিয়াহে সঁচাকৈয়ে ইয়াক সন্মান বুলি গণ্য কৰা যাব, আৰু সেই মুহূৰ্তটোৰ বাবে মই সদায়ে আগ্ৰহী হৈ ৰৈ থাকিম।
 
কৰণৰ কয়, "মই মোৰ ছবিৰ সকলো চৰিত্ৰ অতি আবেগেৰে অভিনয় কৰিছো আৰু সমগ্ৰ ছত্তীশগড় আৰু ইয়াৰ বাহিৰত দৰ্শকৰ পৰা ইমান মৰম আৰু সন্মান লাভ কৰিছো, যাৰ বাবে মই সদায় কৃতজ্ঞ হৈ থাকিম। আজি আল্লাহে মোক যি সন্মান আৰু খ্যাতি প্ৰদান কৰিছে, তাৰ বাবে মই  আল্লাহৰ ওচৰত গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। মোৰ এই সফলতাত মোৰ মা, মোৰ পত্নী জাহানাৰা, আৰু মোৰ দুগৰাকী কন্যা বেবী অনবিয়া আলী আৰু বেবী আৰুষ আলীৰ আশীৰ্বাদ আৰু সমৰ্থনেও যথেষ্ট সহায় কৰিছে। মই যুৱক-যুৱতীসকলক এই বাৰ্তা দিব বিচাৰিছো যে, জীৱনত কেতিয়াও বক্ৰপথ (চৰ্টকাট) লোৱা উচিত নহয়। কঠোৰ পৰিশ্ৰম হৈছে সপোন পূৰণৰ মূল চাবিকাঠি।"