শ্ৰোতাক মুগ্ধ কৰি গল্পৰে ইতিহাসক জীৱন্ত কৰা শিল্পী চৈয়দ ছাহিল আঘা

Story by  atv | Posted by  [email protected] • 1 h ago
চৈয়দ ছাহিল আঘা
চৈয়দ ছাহিল আঘা
 
মনছুৰুদ্দিন ফৰিদী / নতুন দিল্লী
 
ইতিহাস, সংগীত আৰু আধ্যাত্মিকতাৰ সুৰ মিলাই মনোমোহকভাৱে আধুনিক গল্প কোৱা খুব কমেই দেখা যায়। কিন্তু সম্প্ৰতি এই বিৰল শিল্পীক জীয়াই ৰাখিছে একাংশ শিল্পীয়ে। সেই শিল্পীসকলৰ আগশাৰীত আছে চৈয়দ ছাহিল আঘাৰ নাম। দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াৰ গলিৰ পৰা আৰম্ভ হোৱা আঘাৰ যাত্রাই আজি দেশ-বিদেশৰ মঞ্চত গল্প কোৱা (দস্তানগো) এজন বিশিষ্ট দূত হিচাপে পৰিচিত।
 
দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত ছাত্ৰ জীৱনৰ সময়ছোৱাতে চৈয়দ ছাহিল আঘাৰ মনত গল্প কোৱাৰ প্ৰতি এক আগ্ৰহে গঢ় লৈ উঠিছিল। তেওঁ কেনেধৰন গল্প কৈ ভাল পাইছিল সেই সন্দৰ্ভত কয় যে, তেওঁ চুফী আৰু খানকাহৰ সৈতে জড়িত, শান্তি আৰু প্ৰেমৰ বাৰ্তাৰ মাধ্যম, যিয়ে দেশপ্ৰেম, ঐক্য আৰু ধৰ্মীয় সমন্বয়ৰ সৃষ্টি কৰে আৰু গংগা-জামুনি সভ্যতাক প্ৰতিফলিত কৰে।
 
এক অনুষ্ঠানত চৈয়দ ছাহিল আঘা
 
আজি তেওঁ ভাৰত আৰু বিদেশত গল্প কোৱাৰ কাৰ্যসূচী পৰিচালনা কৰি আহিছে। ভাৰতৰ বিখ্যাত গল্পকাৰগৰাকীয়ে কয়, “মই সুখী আৰু সন্তুষ্টও কাৰণ এই শিল্পই মোক আধ্যাত্মিক সান্ত্বনা প্ৰদান কৰি আহিছে।"
 
১৯৮২ চনত জন্মগ্ৰহণ কৰা চৈয়দ ছাহিল আঘাই দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু পিছলৈ দিল্লীৰ শ্ৰী ৰাম চেণ্টাৰ অৱ পাৰফৰ্মিং আৰ্টছৰ পৰা অভিনয় বিষয়ত স্নাতকোত্তৰ ডিপ্লমা লাভ কৰিছিল।
 
তেওঁৰ পিতৃ চৈয়দ মনছুৰ আঘা এজন প্ৰবীণ উৰ্দু সাংবাদিক হোৱাৰ বিপৰীতে গল্প কোৱাৰ জগতখনত তেওঁৰ এক সুকীয়া পৰিচয় আছে। তেওঁ কয়, "মই উপলব্ধি কৰিছিলোঁ যে, মানুহে পঢ়াতকৈ শুনিবলৈহে বেছি ভাল পায়, গতিকে মই ভাবিলোঁ যে, গল্পবোৰ ক’ব লাগে যাতে জনসাধাৰণে অতীতৰ সৈতে পৰিচিত হ’ব পাৰে আৰু ইয়াৰ পৰাও শিক্ষাও লাভ কৰিব পাৰে।"
 
এক অনুষ্ঠানৰ সময়ত চৈয়দ ছাহিল আঘা আৰু অন্যান্য শিল্পী
 
উল্লেখ্য যে, তেওঁ প্ৰথমে দস্তান-ই-হিন্দ নামৰ এখন গ্ৰন্থ লিখিছিল। পিছত তেওঁ কিতাপখনৰ পৰা গল্পবোৰ ভিডিঅ’ৰ ৰূপত উপস্থাপন কৰিছিল। প্ৰথম অৱস্থাত তেওঁ লেখক হিচাপে স্বীকৃতি লাভ কৰিছিল আৰু অতি সোনকালেই তেওঁ গল্প কোৱাৰ ক্ষেত্ৰখনত ভৰি দিছিল।
 
ভাৰতত গল্প কোৱাৰ পৰম্পৰা বহু শতিকা পুৰণি, যদিও ১৯২৮ চনত মীৰ বাকাৰ আলীৰ মৃত্যুৰ পিছত এই শিল্পৰ কাৰ্যতঃ অন্ত পৰিছিল। কিন্তু ২০০৫ চনত ছামছুৰ ৰহমান ফাৰুকী, নাছিৰুদ্দিন শ্বাহ আৰু মাহমুদ ফাৰুকীয়ে ইয়াক পুনৰ সজীৱ কৰি তুলিছিল বুলি তেওঁ উল্লেখ কৰে।
 
চৈয়দ ছাহিল আঘাৰ লক্ষ্য কেৱল গল্প কোৱাই নহয়, ভাৰতীয় সভ্যতাক প্ৰসাৰিত কৰা। এই প্ৰাচীন শিল্পক পুনৰুজ্জীৱিত কৰি জনপ্ৰিয় কৰি তোলা সেই শিল্পীসকলৰ ভিতৰত তেওঁ এগৰাকী অন্যতম। অভিজাত আৰু সাহিত্যিক মানুহৰ সৰু সৰু সমাৱেশৰ পৰা তেওঁ এই শিল্পক সাধাৰণ জনতাৰ মাজলৈ লৈ আহিছিল।
 
চৈয়দ ছাহিল আঘা আৰু তেওঁৰ অনুষ্ঠানৰ পোষ্টাৰ
 
তথাপিও তেওঁ পৰম্পৰাগত গল্পকথাকো এক নতুন শৈলী প্ৰদান কৰিছিল। তেওঁ "সংগীতৰ জৰিয়তে গল্প কোৱা" ধাৰণাটো প্ৰৱৰ্তন কৰিছিল। য’ত ভাৰতীয় অপেৰা আৰু শাস্ত্ৰীয় সংগীতক গল্পৰ সৈতে সংযুক্ত কৰা হৈছিল। এই ধাৰণাটোক মানুহে ভাল পাইছিল আৰু নতুন প্ৰজন্মৰ বাবে শিল্পকলাক আকৰ্ষণীয় কৰি তুলিছিল।
 
চৈয়দ ছাহিল আঘাই ভাৰত আৰু বিদেশৰ বহু গল্প উপস্থাপন কৰিছে। ইয়াৰে কিছুমান হ’ল- দস্তান-ই-মাহবুব-ই-ইলাহি, দস্তান-ই-আমিৰ খুছৰো, দস্তান-ই-গালিব, দস্তান-ই-ডাঘ, দস্তান-ই-মীৰ, দস্তান-ই-ছৈব আখতাৰ, জছন-ই-জাভেদ আখতাৰ, দিল্লীৰ কবিসকলৰ কাহিনী, দস্তান-ই-আখৰী দস্তাংগো, দস্তান-ই-তাকছিম, দস্তান-ই-ইছক, দস্তান-ই-ফাতেহ, দস্তান-ই-চুলতান চালাহুদ্দিন।
 
মঞ্চত চৈয়দ ছাহিল আঘা
 
চৈয়দ ছাহিল আঘাই টেলিভিছনতো অভিনয় কৰিছে। তেখেতে ডি ডি উৰ্দুৰ বাবে গালিব আমৰাও বেগম নামৰ এক বিশেষ অনুষ্ঠান লিখি উপস্থাপন কৰিছিল। তেওঁ জি ছালামৰ বাবেও কাহিনী লিখিছিল, যিটো এটা বিস্তৃত ধাৰাবাহিক হিচাপে সম্প্ৰচাৰিত হৈছিল। টেলিভিছনৰ বাহিৰেও তেওঁ বলীউডৰ চলচ্চিত্ৰ পৰী খানাহ আৰু চানাম খানাহ ৰচনা কৰিছিল। তেওঁ কয় যে, ঘৃণাই মানুহক কেৱল যন্ত্ৰণা আৰু দুখ-কষ্ট দিয়ে, যিবোৰ সাময়িক হয়। কাৰণ প্ৰেমৰ অনুভূতি সকলোৰে হৃদয়তে বিদ্যমান।
 
ছাহিলে কয়, "যেতিয়া মই মঞ্চৰ পৰা নামি আহো, জাতি-ধৰ্ম নিৰ্বিশেষে সকলো মানুহে মোক আলিঙ্গন কৰে। যিটো এক অতি উৎসাহজনক আৰু ই মনত এক বিশ্বাসৰ সৃষ্টি কৰে যে, মই যি কৰিছো, সেয়া ভাল কাম আছিল।"
 
ছাহিল আঘাৰ আন এটা আবেগ হৈছে পুৰণি (ভিনটেজ) গাড়ী সংগ্ৰহ কৰা। এসময়ত ৰজা আৰু নবাবৰ গাড়ীকে ধৰি বৰ্তমান তেওঁৰ ওচৰত মুঠ ৫০খন অক্ষত গাড়ীৰ সংগ্ৰহ আছে।