টেম্পো চালক শ্ৰৱণ কুমাৰ বিশ্বকৰ্মা কেনেকৈ হৈ পৰিল ভাৰতৰ নতুন বিমান সংস্থাৰ সংস্থাপক

Story by  atv | Posted by  [email protected] • 5 h ago
শ্ৰৱণ কুমাৰ বিশ্বকৰ্মা
শ্ৰৱণ কুমাৰ বিশ্বকৰ্মা
 
আৱাজ-দ্য ভইচ অসম ব্যুৰ'
 
সপোন দেখাৰ সাহস থাকিলে কোনো বাধাই হেঙাৰ হব নোৱাৰে। এই কথা প্ৰমাণ কৰিছে এগৰাকী টেম্পো চালকে। যিগৰাকীয়ে জীৱিকা উপাৰ্জনৰ বাবে দিনত টেম্পো চলাইছিল, সেইগৰাকী ব্যক্তিয়ে আজি আকাশত উৰাৰ সপোনক বাস্তৱ ৰূপ দিছে। তেওঁ হৈছে শংখ এয়াৰৰ প্ৰতিষ্ঠাপক শ্ৰৱণ কুমাৰ বিশ্বকৰ্মা। কানপুৰৰ ৰাজপথৰ টেম্পো চালকৰ পৰা আৰম্ভ কৰি নিজাকৈ বিমান সংস্থা স্থাপনলৈকে তেওঁৰ যাত্ৰাই আজিৰ ভাৰতৰ উদ্যোগিক আত্মবিশ্বাসক প্ৰতিফলিত কৰিছে।
 
মাত্ৰ সাত বছৰ পূৰ্বে ৩৫ বছৰীয়া বিশ্বকৰ্মাই কানপুৰৰ ৰাজপথত লোডাৰ আৰু টেম্পো ড্ৰাইভাৰ হিচাপে কাম কৰি আছিল। কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰে তেওঁ লাহে লাহে তীখা, চিমেণ্ট আৰু পৰিবহণৰ সফল ব্যৱসায় গঢ়ি তুলিছিল। এই লাভজনক উদ্যোগসমূহে তেওঁক শৈশৱৰ বিমান সংস্থা আৰম্ভ কৰাৰ সপোন পূৰণৰ বাবে প্ৰয়োজনীয় সম্পদসমূহ সংগ্ৰহ কৰাত সহায় কৰিছিল।
 
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ পৰা আপত্তিহীন প্ৰমাণপত্ৰ (এন অ’ চি) লাভ কৰাৰ পিছত ২০২৬ চনৰ আৰম্ভণিতে কাম আৰম্ভ হ’ব শংক এয়াৰৰ। বিশ্বকৰ্মাই কয়, "বিমান সংস্থাটোৱে জানুৱাৰী মাহৰ প্ৰথমাৰ্ধত তিনিখন এয়াৰবাছ বিমানৰ প্ৰাৰম্ভিক বহৰেৰে বিমান সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। প্ৰথম পথসমূহত লক্ষ্ণৌক দিল্লী, মুম্বাই আৰু অন্যান্য বৃহৎ মেট্ৰ’ চহৰৰ সৈতে সংযোগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।"
 
এয়াৰলাইন স্বত্বাধিকাৰী শ্ৰৱণ কুমাৰ বিশ্বকৰ্মা
 
টেম্পো ড্ৰাইভাৰৰ পৰা এয়াৰলাইনৰ স্বত্বাধিকাৰীলৈ
 
বিশ্বকৰ্মাৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ কানপুৰৰ এটা মধ্যবিত্ত পৰিয়ালত। তেওঁ স্পষ্টকৈ কয় যে, তেওঁৰ শৈশৱত পঢ়া-শুনাৰ প্ৰতি বিশেষ আগ্ৰহ নাছিল। তেওঁ ব্যক্তিগতভাৱে তৃণমূল পৰ্যায়ৰ জীৱনৰ অভিজ্ঞতা লাভ কৰিছে আৰু কেৱল টেম্পোত ভ্ৰমণ কৰাই নহয়, তেওঁ সেইবোৰ চলাইছেও।
 
তেওঁ কয়, “তৃণমূল পৰ্যায়ৰ পৰা উঠি অহা ব্যক্তিয়ে চাইকেল, বাছ, ৰে’ল, টেম্পো সকলো দেখা পায়।" চিমেণ্টৰ ব্যৱসায়ত প্ৰৱেশ কৰাৰ লগে লগে ২০১৪ চনত তেওঁৰ ব্যৱসায়িক যাত্ৰাই গতি লাভ কৰা বুলিও তেওঁ কয় যে, "মই চিনাকি মানুহৰ সৈতে অটো চলাইছিলো আৰু কেইটামান ক্ষুদ্ৰ ব্যৱসায়ৰ চেষ্টা কৰিছিলো, যাৰ বহুতেই বিফল হৈছিল।"
 
সময়ৰ লগে লগে তেওঁ টিএমটি ৰিবাৰ উদ্যোগত সফলতা লাভ কৰে, যিটো তেওঁৰ প্ৰথম বৃহৎ অগ্ৰগতি হৈ পৰিছিল। ইয়াৰ পিছত তেওঁ চিমেণ্ট, খনন আৰু পৰিবহণ ব্যৱসায়ত সম্প্ৰসাৰণ ঘটায়। ট্ৰাকৰ বৃহৎ বহৰ নিৰ্মাণ কৰি তেওঁ এক শক্তিশালী ব্যৱসায়িক পৰিচয় প্ৰতিষ্ঠা কৰিছিল আৰু শংখ এয়াৰকে ধৰি ভৱিষ্যতৰ উদ্যোগসমূহৰ বাবে এক সুদৃঢ় ভেটি গঢ়ি তুলিছিল।
 
কেনেকৈ আৰম্ভ হ’ল শংখ এয়াৰ
 
বিশ্বকৰ্মাই কয় যে, প্ৰায় চাৰি বছৰ পূৰ্বে তেওঁৰ মনলৈ এয়াৰলাইন আৰম্ভ কৰাৰ ধাৰণা আহিছিল। এই ধাৰণাটো গঢ় লৈ উঠাৰ পিছত তেওঁ বিমান পৰিবহণ খণ্ডৰ বিষয়ে জানিবলৈ আৰম্ভ কৰিছিল, য'ত এন অ' চি পোৱাৰ প্ৰক্ৰিয়া, নিয়ম আৰু ব্যৱস্থাটোৱে কেনেকৈ কাম কৰে, সেই বিষয়ে বুজিবলৈ আৰম্ভ কৰিলে। সংবাদ সংস্থা পিটিআইৰ উদ্ধৃতিৰে তেওঁ কয় যে, চাৰি বছৰ পূৰ্বে যিটো ধাৰণা হিচাপে আৰম্ভ হৈছিল, সেয়া এতিয়া গঢ় লৈ উঠিছে।
 
সামান্য মধ্যবিত্তীয় পটভূমিৰ পৰা অহা বিশ্বকৰ্মাই কয় যে, "ডাঙৰ সপোন দেখাটো এসময়ত অবাস্তৱ বুলি গণ্য কৰা হৈছিল। আমি ডাঙৰ হোৱা পৰিৱেশত মৌলিক জীৱিকা উপাৰ্জন কৰাটো যথেষ্ট আৰু ইয়াৰ বাহিৰত সপোন দেখাটো অসম্ভৱ বুলি গণ্য কৰা হৈছিল।"
 
শংক এয়াৰৰ সৈতে তেওঁৰ লক্ষ্য হৈছে সাধাৰণ মানুহৰ বাবে বিমান যাত্ৰা অধিক সুলভ আৰু কৰি তোলা। তেওঁ কয়, "এখন বিমান মাথোঁ বাছ বা টেম্পোৰ দৰে আন এক পৰিবহণৰ মাধ্যমহে। ইয়াক কেৱল অভিজাত শ্ৰেণীৰ বাবে পৰিবহণৰ মাধ্যম হিচাপে ধাৰণা কৰি লোৱাটো উচিত নহয়।"