নতুন দিল্লী
যিসময়ত ঘৃণা আৰু বিভাজনৰ কথাই সমাজখনক আৱৰি আছে, তেনে সময়তে সমাজখনক মানৱতাৰ প্ৰকৃত অৰ্থ স্মৰণ কৰাই দিয়া কিছুমান ঘটনাই আশা জগাই তুলি আহিছে। উত্তৰ প্ৰদেশৰ বেৰেলীত সংঘটিত এক সাহসিক ঘটনাই প্ৰদৰ্শন কৰিছে যে, ধৰ্ম বা পৰিচয় নহয়, বিপদৰ সময়ত মানুহ হোৱাটোৱেই আটাইতকৈ ডাঙৰ পৰিচয়। উত্তৰ প্ৰদেশৰ বেৰেলীৰ এগৰাকী ৬০ বছৰীয়া ঘৰুৱা আৱৰ্জনা সংগ্ৰাহক আব্দুলে তেনে এক উদাহৰণ দাঙি ধৰিলে।
উত্তৰ প্ৰদেশৰ বাৰেলী চহৰত ঘৰুৱা আৱৰ্জনা সংগ্ৰহ কৰি জীৱিকা নিৰ্বাহ কৰা বৃদ্ধ আব্দুলে এজন অনুপ্ৰৱেশকাৰীক বাধা প্ৰদান কৰি দুগৰাকী মহিলাৰ জীৱন ৰক্ষা কৰি যথেষ্ট সাহস প্ৰদৰ্শন কৰিছিল। জীৱনৰ প্ৰতি থকা ভাবুকিৰ প্ৰতি লক্ষ্য কৰি ওচৰ-চুবুৰীয়াই আওঁকাণ কৰাৰ সময়তে আব্দুলে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি মহিলা দুগৰাকীক ৰক্ষা কৰিছিল।
আব্দুলৰ সাহসী আৰু সময়োপযোগী এই কাৰ্য্যৰ বাবেই অনুপ্ৰৱেশকাৰীজন ধৰা পৰে আৰু পিছত আৰক্ষীৰ হাতত গতাই দিয়া হয়। এই ঘটনা সামাজিক মাধ্যমত এক পোষ্ট আৰু ভিডিঅ’ৰ জৰিয়তে পশুপ্ৰেমী শালিনী অৰোৰাই শ্বেয়াৰ কৰিছে।
শালিনীয়ে কয় যে, "তেওঁ ঘৰৰ সহায়িকাৰ সৈতে যেতিয়া ঘৰত আছিল, তেতিয়া হঠাতে এজন ব্যক্তিয়ে তেওঁৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল। মানুহজনে ভাবুকি দি তেওঁৰ ফালে আগবাঢ়ি যোৱাৰ লগে লগে তেওঁ থতমত খাইছিল। তেওঁ সহায় বিচাৰি চিঞৰি উঠাত মানুহজনে তেওঁৰ মূৰত আঘাত কৰিছিল। যদিও তেওঁৰ কান্দোনৰ শব্দ চৌদিশে বিয়পি পৰিছিল, তথাপিও ওচৰ-চুবুৰীয়াৰ কোনো ব্যক্তিয়ে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল।"
তেওঁ কয় যে, "সেই মুহূৰ্তত এখন আৱৰ্জনা সংগ্ৰহ কৰা গাড়ীখন লৈ আব্দুল নামৰ এগৰাকী বৃদ্ধ ব্যক্তিয়ে ঘৰৰ সমীপেৰে পাৰ হৈ গৈ আছিল। তেওঁ শালিনীৰ কান্দোনৰ চিঞৰ শুনি লগে লগে ঘৰৰ ভিতৰলৈ লৰালৰিকৈ সোমাই আহি আক্ৰমণকাৰীক আগুৰি ধৰিছিল আৰু আক্ৰমণকাৰীজন আটক কৰাত সহায় কৰিছিল।"
এই ঘটনাৰ পিছত শালিনী অৰোৰাই সামাজিক মাধ্যমত কয় যে, আব্দুলৰ এই কাৰ্য্যই দেখুৱাইছে যে, ধৰ্ম আৰু শ্ৰেণীৰ পাৰ্থক্যতকৈ মানৱতা সৰ্বোত্তম। তাৰ পিছত তেওঁৰ বক্তব্য ভাইৰেল হৈ পৰিছে।
পিছত শালিনীয়ে ঘটনা সন্দৰ্ভত বিতংভাৱে ব্যাখ্যা কৰি কয় যে, তেতিয়া সময় প্ৰায় ১১:১৫ বাজিছিল আৰু ঘৰৰ ভিতৰত তেওঁ তেওঁৰ সহায়িকা গৰাকীৰ সৈতে কাম কৰি আছিল। হঠাৎ চুৰি কৰাৰ উদ্দেশ্যেৰে এজন অচিনাকী ব্যক্তি ঘৰৰ ভিতৰলৈ সোমাই আহিছিল। সেই সময়তে তেওঁৰ কুকুৰটোৱে ব্যক্তিজনৰ ভৰিখনত কামুৰি তললৈ পেলাই দিছিল। অচিনাকী ব্যক্তিজনে কুকুৰটোৰ মূৰত আক্ৰমণ কৰিবলৈ ধৰিছিল। এহাতত লাঠি আৰু আনখন হাতত ইটা লৈ ব্যক্তিজনে বাৰে বাৰে কুকুৰটোক ইটাৰে আক্ৰমণ কৰিছিল।
এই ঘটনা দেখি শালিনীয়ে সহায় বিচাৰি চিঞৰিছিল আৰু তেওঁৰ সহায়িকাজনীয়েও দৌৰি আহিছিল। ইয়াৰ পিছতে লোকজনে দুয়োকে আক্ৰমণ কৰিছিল। ইটাৰে শালিনীৰ মূৰত আঘাত কৰাৰ পাছত পুনৰ এটা পাত্ৰ হাতত তুলি আঘাত কৰিছিল। দুয়োগৰাকী মহিলাই আক্ৰমণকাৰী গৰাকীক নিয়ন্ত্ৰণ কৰিব নোৱাৰি সহায় বিচাৰি চিঞৰি আছিল। কিন্তু কোনো ওচৰ চুবুৰীয়াই সহায়ৰ বাবে ওলাই অহা নাছিল, মানুহবোৰে কাষেৰে পাৰ হৈ গৈ চাই আছিল। শালিনীয়ে ১১২ নং জৰুৰীকালীন নম্বৰত কেইবাবাৰো ফোন কৰিবলৈ চেষ্টা কৰিছিল যদিও ফোনবোৰ লগা নাছিল।
সেই সময়তে ওচৰতে আৱৰ্জনা সংগ্ৰহ কৰি থকা আব্দুল তেওঁৰ ঘৰৰ সন্মুখেৰে পাৰ হৈ গৈছিল। তেওঁ ক্ষীণ আৰু বৃদ্ধ আছিল। তেওঁ লৰালৰিকৈ ঘৰৰ ভিতৰলৈ সোমাই আহিছিল আৰু দেখিছিল যে, চোৰজনে ইতিমধ্যে দুয়োগৰাকী মহিলাক আগুৰি ধৰি আঘাত কৰি আছিল।
নিজৰ জীৱনৰ কথা নাভাবি আব্দুলে আক্ৰমণকাৰীৰ ওপৰত জপিয়াই পৰিছিল। চোৰজনে আব্দুলৰ মূৰতো আঘাত কৰিছিল। আব্দুলে নিজৰ মনৰ উপস্থিত বুদ্ধি ব্যৱহাৰ কৰি আক্ৰমণকাৰীৰ মুখখন আচুৰি দিছিল। আব্দুলৰ আঙুলিত আঘাতত চোৰজন বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। অৱশেষত আন লোকেও তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল আৰু আক্ৰমণকাৰীজনক আটক কৰি বান্ধি ইজ্জত নগৰ আৰক্ষী থানালৈ লৈ যোৱা হৈছিল।
শালিনীয়ে কয় যে, এই ঘটনাই দেখুৱাইছে যে, কেনেকৈ এজন মুছলমান ব্যক্তিয়ে নিজৰ জীৱনৰ কথা নভবাকৈয়ে তেওঁলোকৰ প্ৰাণ কক্ষা কৰিছিল। তেওঁ কয় যে, সেই মুহূৰ্ততে তেওঁ উপলব্ধি কৰিছিল যে, ধৰ্ম আৰু বিশ্বাসৰ প্ৰকৃত অৰ্থ হ’ল মানৱতা, আৰু ধৰ্মক প্ৰায়ে ভুল বুজাবুজিৰে ঘৃণা বিয়পাবলৈ ব্যৱহাৰ কৰা হয়।
শালিনীয়ে কয় যে, এই ঘৃণাৰ সময়ত মানুহে প্ৰেমৰ প্ৰচাৰ চলাই যাব লাগে। বৰেলীক গংগা-জামুনি সংস্কৃতিৰ চহৰ বুলি অভিহিত কৰা হয়, য’ত সমন্বয়ৰ এনে বহু উদাহৰণ আছে। বৰেলী বিখ্যাত কবি ৱাছিম বাৰেলৱীৰ নগৰ বুলি উল্লেখ কৰি এই সংস্কৃতি কেতিয়াও দুৰ্বল হ’বলৈ দিয়া উচিত নহয় বুলিও কয়। তেওঁ কয়, "প্ৰেম সদায় বৈ যাব লাগে, আৰু বেৰেইলিয়ে পৃথিৱীলৈ শান্তি আৰু সহাৱস্থানৰ বাৰ্তা প্ৰেৰণ কৰিব লাগে।"
পিছত শলিনীয়ে আব্দুলক আন এটা ভিডিঅ’ৰ জৰিয়তে জনসাধাৰণৰ সৈতে চিনাকি কৰাই দিছে, কিয়নো তেওঁৰ কি হৈছে আৰু কোনে তেওঁৰ জীৱন ৰক্ষা কৰিলে, সেই বিষয়ে জানিব বিচৰা শুভাকাংক্ষী, বন্ধু-বান্ধৱী, চিনাকি, সংবাদ মাধ্যমৰ পৰা বহু ফোন তেওঁলৈ আহিছিল।
ভিডিঅ’টোত আব্দুলে কয় যে, তেওঁ মানুহক মুছলমান বা হিন্দু বুলি বিভাজিত কৰাত বিশ্বাস নকৰো। কিয়নো মোৰ সকলো গ্ৰাহক হিন্দু আৰু তেওঁলোকে কেতিয়াও মোৰ সৈতে বেয়া ব্যৱহাৰ কৰা নাই।"