ছফিয়া আশ্ৰফ: বোৰ্খা ৰেপাৰৰ পৰা সমাজ পৰিৱৰ্তনকাৰীলৈ

Story by  atv | Posted by  [email protected] • 2 h ago
ছফিয়া আশ্ৰফ
ছফিয়া আশ্ৰফ
 
শ্ৰীলথা এম
 
সংগীত কেৱল বিনোদনৰ মাধ্যম নহয়, ই প্ৰতিবাদ আৰু পৰিবৰ্তনৰ শক্তিশালী অস্ত্ৰো হ'ব পাৰে। চেন্নাইৰ ৰাজপথত ৰেপ সংগীতেৰে সমাজৰ অন্যায়ৰ বিৰুদ্ধে মাত মাতি অহা ছফিয়া আশ্ৰাফ এনে এগৰাকী শিল্পী, যিগৰাকীয়ে ‘বোৰ্খা ৰেপাৰ’ হিচাপেও নিজৰ এক সুকীয়া পৰিচয় লাভ কৰি পৰিবৰ্তনৰ এক দৃঢ় কণ্ঠ হৈ পৰিছে।
 
ছফিয়া আশ্ৰফে প্ৰথমে চৰ্চালৈ আহিছিল যেতিয়া তেওঁ চেন্নাইৰ ৰাজপথত সংগীতৰ এক প্ৰকাৰ হিচাপে ৰেপ সংগীত প্ৰদৰ্শন কৰিছিল। তেওঁৰ গীতটোৱে তামিলনাডুৰ মুখ্যমন্ত্ৰী জে জয়াললিতাৰ মৃত্যুৰ পিছত ভি কে শসিকালা অস্থায়ী মুখ্যমন্ত্ৰী হোৱাৰ প্ৰতিবাদ কৰিছিল। এই মুহূৰ্তত তামিলনাডু আৰু ভাৰতত এক শক্তিশালী নতুন ৰেপ কণ্ঠৰ উত্থান ঘটিছিল।
 
ছফিয়া আশ্ৰফ কেৱল এগৰাকী ৰেপাৰ নাছিল। কিয়নো তেওঁৰ ৰেপ সংগীতটোৱে নাৰী হিচাপে আৰু মানুহ হিচাপে সন্মুখীন হোৱা অন্যায় আৰু বৈষম্যৰ চোকা সঁহাৰি যেন অনুভৱ হৈছিল। তেওঁৰ এটা বক্তৃতাত কয় যে, ৰেপে তেওঁক গভীৰভাৱে বিচলিত কৰা কথাবোৰৰ ওপৰত খং প্ৰকাশ কৰাত সহায় কৰিছিল। চেন্নাইত গতানুগতিক মালবাৰ মুছলমান পৰিয়ালত ডাঙৰ-দীঘল হোৱা ছফিয়াই কয় যে, তেওঁক বহু ক্ষেত্ৰত স্বাধীনতা প্ৰদান কৰাৰ বাবে সংকোচ প্ৰকাশ কৰা দেখিছিল। সেয়েহে তেওঁ পিতৃতন্ত্ৰ আৰু অত্যাচাৰৰ বিৰুদ্ধে ৰেপি সংগীত সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছিল।
 
ছফিয়া আশ্ৰফ
 
মঞ্চ, সংগীত, নৃত্য আদি ছফিয়াই সদায় ভাল পাইছিল। অৱশ্যে তেওঁক নাচিবলৈ বা খেলা-ধূলা কৰিবলৈ দিয়া হোৱা নাছিল। পিছত যেতিয়া তেওঁ কোনোবাই অসম্পূৰ্ণভাৱে ৰেপ পৰিবেশন কৰা দেখিছিল, তেতিয়া তেওঁ অনুভৱ কৰিছিল যে তেওঁ ইয়াতকৈ আৰু ভালকৈ পৰিবেশন কৰিব পাৰিব। ৰেপ সংগীতে পৰিয়ালে নিৰ্ধাৰণ কৰা নিয়ম ভংগ কৰা নাছিল। গতিকে তেওঁ ৰেপ সংগীত সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছিল।
 
সেই সময়ত ছফিয়াই সংগীত পৰিবেশন কৰাৰ সময়ত হিজাব পৰিধান কৰিছিল। ইয়াৰ বাবেই কলেজীয়া দিনত তেওঁ “বোৰ্খা ৰেপাৰ” নামেৰে পৰিচিত হৈছিল। তেওঁ নাৰী সম্পৰ্কীয় বহু বিষয়ত ব্যংগ ভিডিঅ' তৈয়াৰ কৰিছিল। তেওঁৰ অংকন আৰু ছবিও শ্বেয়াৰ কৰিছিল, যিবোৰে শক্তিশালী বাৰ্তা বিয়পাইছিল। ইনষ্টাগ্ৰামত তেওঁৰ সৃষ্টি, তেওঁৰ দৃশ্য কলা, তেওঁৰ নিৰৱ অভিব্যক্তি, আৰু তেওঁৰ সাহসী বক্তব্য দেখিবলৈ পোৱা যায়।
 
তেওঁৰ এটা ভিডিঅ’ত তেওঁ কয়, "মই পেছাত এগৰাকী কন্টেন্ট ক্ৰিয়েটৰ আৰু ৰেপাৰ।" তেওঁৰ গীতবোৰে এফালে মহিলাৰ সমস্যা আৰু আনফালে নিগমসমূহে কৰা পৰিৱেশৰ ক্ষতি সাধনৰ বিষয়ে প্ৰকাশ কৰি আহিছে। তেওঁৰ হাস্যৰসময়ী ভিডিঅ’বোৰত হিজাব, ঋতুস্ৰাৱ আৰু সমাজৰ আশা যে নাৰীক ভাল, চেক্সি আৰু আকৰ্ষণীয় দেখাব লাগিব আদি বিষয়ৰ ওপৰত আলোচনা কৰা হৈ আহিছে।
 
এই ভিডিঅ'বোৰ ধেমেলীয়া যদিও মানুহক চিন্তা কৰিবলৈও বাধ্য কৰাই আহিছে। আনকি হাস্যৰসে ছফিয়াৰ সাহসত কঠোৰ মৌলবী এগৰাকীয়েও হাঁহি মাৰিবলৈ বাধ্য হব পাৰে। তেওঁৰ “এনি গুড নিউজ” গীতটোৱে বহু ভাৰতীয় মহিলাই সন্মুখীন হোৱা সামাজিক চাপক উপহাস কৰিছে, য’ত “এনি গুড নিউজ” প্ৰায়ে বিবাহ বা গৰ্ভাৱস্থাত সীমাবদ্ধ হৈ থকা এটি বিষয়।
 
গীতটোত এগৰাকী মাতৃয়ে নিজৰ জীয়েকক সুধি থাকে, “এনি গুড নিউজ?”, তেতিয়া ছোৱালীজনীয়ে ভাল খবৰক নতুনকৈ সংজ্ঞায়িত কৰি উত্তৰত, দৈনিক সৰু সৰু জয় যেনে ভাল চুলিৰ দিন, প্ৰমোচন পোৱা, বা সেউজীয়া ট্ৰেফিক চিগনেল আদিৰ বিষয়ে ব্যাখ্যা কৰে। গীতটোৱে মহাকাশলৈ উৰাজাহাজ চলোৱা, বিশ্বজনীন সমস্যা সমাধান কৰা, আইছিছৰ অন্ত পেলোৱা, বা ছিৰিয়াৰ সংকটৰ অন্ত পেলোৱা আদি কৃতিত্বকো হাস্যৰসেৰে অতিৰঞ্জিত কৰি দেখুৱাইছে যে, নাৰীৰ প্ৰতি সমাজৰ আশা প্ৰকৃততে কিমান সংকীৰ্ণ হয়।
 
ছফিয়া আশ্ৰফ
 
আন এটা গীত “আই কেন’ট ডু চেক্সি”-গীতটোৱে মহিলাৰ বাবে সমাজৰ সৌন্দৰ্য্যৰ মানদণ্ডক তীব্ৰ প্ৰত্যাহ্বান জনাইছে। “Forget washboard abs, I got washboard breasts” আৰু “My ass is flatter than a dosa”ৰ দৰে হাস্যকৰ গীতৰ কথাৰে ছফিয়াই অতিৰঞ্জন আৰু আত্ম-উপহাস ব্যৱহাৰ কৰি এই মানদণ্ডবোৰ কিমান অবাস্তৱ আৰু অন্যায় সেই কথা উজ্জ্বল কৰি তুলি ধৰিছে। গীতটোৱে নাৰীক সমাজে সৃষ্টি কৰা সাঁচত সোমোৱাবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে নিজকে পৃথককৈ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰি আহিছে।
 
ছফিয়াৰ “পিৰিয়ড পট্টু” গীতটোৱে ইউফেমিজম ব্যৱহাৰ নকৰাকৈয়ে ঋতুস্ৰাৱৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে। ইয়াত ভিল্লু পাট্টুৰ দৰেই তামিলনাডু আৰু কেৰালাৰ পৰম্পৰাগত লোকগল্প কোৱা শৈলী ব্যৱহাৰ কৰা হৈছে, যিটোৱে প্ৰশ্নোত্তৰৰ আৰ্হি অনুসৰণ কৰিছে। গীতটোত ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, টেম্পন, ঋতুস্ৰাৱৰ কাপ, ইয়াৰ সুবিধা আৰু অসুবিধা, স্বাস্থ্যজনিত চিন্তাৰ বিষয়ে আলোচনা কৰা হৈছে আৰু ঋতুস্ৰাৱৰ বাবে থকা নিস্তব্ধতা আঁতৰোৱাৰ চেষ্টা কৰা হৈছে।
 
নাৰীবাদৰ সৈতে ছফিয়াৰ সংযোগ বাস্তৱ, পৰিৱেশনমূলক বা তাত্ত্বিক নহয়। এক ভাষণত ছফিয়াই স্মৰণ কৰি কয় যে, তেওঁ ছোৱালী হোৱাৰ বাবে খেলা-ধূলা, নৃত্য, আনকি সপোন দেখাৰ দৰে সাধাৰণ আনন্দৰ পৰাও বঞ্চিত হৈ আহিছিল। তেওঁ কয় যে, "সৰু ছোৱালী হৈও তেওঁ বহু নিশা প্ৰাৰ্থনাৰ মেটত বহি ইশ্বৰ ওচৰত তেওঁক ল’ৰা কৰি দিবলৈ অনুৰোধ কৰিছিল।"
 
ছফিয়া আশ্ৰফ
 
তেওঁ কয় যে, নাৰীবাদক অপ্রাসংগিক বুলি ভবা মানুহক তেওঁ বেয়া পায়। তেওঁ কয়, "মোৰ বাবে নাৰীবাদ প্ৰাসংগিক যেতিয়ালৈকে এগৰাকী ছোৱালীয়েও ল’ৰা হিচাপে পুনৰ জন্ম ল’বলৈ ঈশ্বৰক প্ৰাৰ্থনা কৰে।" তেওঁৰ ৱেবছাইটত তেওঁ নিজৰ কামৰ বৰ্ণনা এইদৰে কৰিছে যে, “নিষেধাজ্ঞা ভংগ কৰা মহিলা-ফৰৱাৰ্ড কন্টেন্ট হৈছে মোৰ প্ৰিয় ধৰণৰ কন্টেন্ট সৃষ্টি কৰা আৰু গ্ৰহণ কৰা।” তেওঁৰ কামবোৰৰ ভিতৰত আছে ১৫০ টাতকৈও অধিক ভিডিঅ' পৰিচালনা, ন' ফিল্টাৰ নেহা, বিগ মাউথৰ এটা ছিজন পৰিচালনা ইত্যাদি।
 
ছফিয়াৰ এটা প্ৰতিবাদী গীতে ভোপাল গেছ ট্ৰেজেডীৰ বলি হোৱা লোকসকলক সমৰ্থন কৰিছিল, য'ত তেওঁ ইউনিয়ন কাৰ্বাইড লাভ কৰাৰ পিছত দায়িত্ব ল'বলৈ অস্বীকাৰ কৰাৰ বাবে ডাউ কেমিকেলছক আক্ৰমণ কৰিছিল। গীতটোৱে মানুহক ডাউৰ বাবে কাম নকৰিবলৈ আৰু কৰ্পৰেট অন্যায়ৰ বিৰুদ্ধে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। পিছলৈ কোডাইকানালত পাৰা প্ৰদূষণক লৈ ইউনিলিভাৰৰ বিৰুদ্ধে এক সুপৰিচিত ৰেপ অভিযান আৰম্ভ কৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰিছিল।

যদিও তেওঁ মূলতঃ কেৰালাৰ হয় তথাপিও ছফিয়া চেন্নাইত ডাঙৰ-দীঘল হৈছিল। ষ্টেলা মাৰিছ কলেজত পঢ়ি থকাৰ সময়তে তেওঁ ৰেপ সংগীত সৃষ্টি কৰা আৰম্ভ কৰিছিল আৰু তাৰ পৰাই গ্রাফিক ডিজাইনত এম এ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। বিশেষকৈ ৯/১১ৰ পিছত হোৱা ইছলামোফ'বিয়াৰ পিছত মুছলমানসকলৰ বিৰুদ্ধে পক্ষপাতিত্বৰ প্ৰতিবাদত হিজাব পৰিধান কৰি অনুষ্ঠান পৰিৱেশন কৰাৰ পিছত হিজাব পৰিহিত ৰেপাৰগৰাকীয়ে বহুলভাৱে "বোৰ্খা ৰেপাৰ" নামেৰে জনপ্ৰিয় হৈ পৰিছিল।
 
ছফিয়াই বিজ্ঞাপনৰ ক্ষেত্ৰত পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰিছিল, অ' এণ্ড এমৰ দৰে এজেন্সীত চিত্ৰনাট্যকাৰ আৰু পৰিচালক হিচাপে কাম কৰিছিল। এণ্টাৰ ফ্ৰেছৰ সুপৰিচিত "য়েহ ৱালা এড"কে ধৰি কেইবাটাও জনপ্ৰিয় বিজ্ঞাপন লিখিছে।
 
তেওঁৰ ব্যংগ আৰু হাস্যৰসময়ী সংগীতে কিংবদন্তি সুৰকাৰ এ আৰ ৰহমান আৰু যুৱ দৰ্শকৰ সৈতে শক্তিশালীভাৱে সংযোগ স্থাপন কৰিছিল। "জিয়া ৰে" গীতটোৰ বাবে ৰহমানৰ সৈতে 'জব টাক হায় জান'ত আৰু 'সোণা পৰেয়া' গীতটোৰ বাবে মৰিয়ানত সহযোগিতা কৰিছিল। তেওঁৰ সৈতে প্ৰায় সাত বছৰ কাম কৰিছিল। তেওঁ গীতিকাৰ, ৰেপাৰ, ভিডিঅ' সম্পাদক, সাজ-পোছাক পৰিচালক, ছ'চিয়েল মিডিয়া হেণ্ডলাৰ আৰু মঞ্চ ডিজাইনাৰ হিচাপে অৰিহণা যোগাইছিল। নেটফ্লিক্সৰ ধাৰাবাহিক বিগ মাউথৰ ৭ম ছিজনৰ এটা খণ্ডৰ বাবে ৰেপাৰ, কণ্ঠ অভিনেতা আৰু লেখিকা হিচাপেও কাম কৰিছিল।
  
বৰ্তমান ছফিয়াই শান্ত হিমালয়ৰ পাহাৰত ব্যস্ত চহৰীয়া জীৱনৰ পৰা আঁতৰি থাকি ৰেড লাইটযুক্ত অঞ্চলৰ শিশুৰ বাবে থকা বিকল্প বিদ্যালয় 'ক্ৰান্তি' নামৰ এন জি অ' সৈতে কাম কৰি আছে। উল্লেখযোগ্য যে ছফিয়াৰ জীৱন আৰু শিল্পইও সদায় “ক্ৰান্তি” (বিপ্লৱ)ৰে সূচনা কৰি আহিছে। বৰ্তমান ছফিয়া আশ্ৰফে লেখা-মেলা আৰু চলচ্চিত্ৰ নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। অৱশ্যে ভৱিষ্যতে আন এটা ৰেপ সংগীত মুকলি কৰাৰো পৰিকল্পনা কৰিছে।