জীৱ-জন্তুৰ যত্ন আৰু সুৰক্ষাৰ বাবে হাহাকাৰ কৰি ফুৰা মহম্মদ চেলিমৰ কাহিনী

Story by  atv | Posted by  Munni Begum • 1 h ago
মহম্মদ চেলিম
মহম্মদ চেলিম
 
শ্ৰীলাথা এম / কইম্বাটুৰ
 
সকলো পৰিৱেশবিদেই শ্ৰেণীকোঠাত বা পৰীক্ষাগাৰত তেওঁলোকৰ যাত্ৰা আৰম্ভ নকৰে। মহম্মদ চেলিম তেনে এগৰাকী ব্যক্তি, যিগৰাকীয়ে উদ্বিগ্নতা, সহানুভূতি আৰু কৰ্মৰ সৈতে নিজৰ যাত্ৰা আৰম্ভ কৰিছিল। জীৱ-জন্তুক উদ্ধাৰ কৰাৰ পৰা আৰম্ভ কৰি দেশজুৰি সজাগতা অভিযান চলাই তেওঁ ভাৰতৰ বিলুপ্তপ্ৰায় পক্ষী আৰু বন্যপ্ৰাণীৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাত সহায় কৰিছে।
 
মহম্মদ চেলিমে কেতিয়াও জীৱবিজ্ঞান সংৰক্ষণ বা আনকি মৌলিক জীৱবিজ্ঞান অধ্যয়ন কৰা নাছিল। তেওঁ তেওঁৰ প্ৰজন্মৰ আন বহুজনৰ দৰে কম্পিউটাৰ বিজ্ঞানত ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। যি কি নহওঁক তেওঁৰ  হৃদয়ে সদায় চৰাই, সাপ, কুকুৰ আৰু অন্যান্য  বাকহীন জীৱ-জন্তুৰ যত্ন আৰু সুৰক্ষাৰ বাবে হাহাকাৰ কৰি আছিল। তেওঁৰ কামক স্পষ্ট দিশ প্ৰদান কৰিবলৈ তেওঁ 'দ্য এনভাইৰনমেণ্ট কনজাৰভেশ্যন গ্ৰুপ' (The Environment Conservation Group) নামৰ এটা বেচৰকাৰী সংস্থা প্ৰতিষ্ঠা কৰিছিল, যিয়ে কাৰ্য্য আৰু সজাগতাৰ জৰিয়তে বিলুপ্তপ্ৰায় প্ৰজাতিসমূহ ৰক্ষা কৰাত মনোনিৱেশ কৰিছিল।  
 
মহম্মদ চেলিম
 
মহম্মদ চেলিম বিগত কেইবছৰমানৰ পৰা ইচিজিৰ বহুতো সজাগতা অভিযানৰ বাবে জনপ্ৰিয় হৈ পৰিছে। এই অভিযানসমূহৰ মূল উদ্দেশ্য আছিল বিলুপ্তপ্ৰায় পক্ষী আৰু প্ৰাণীৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। কৰ্পৰেট পৃষ্ঠপোষকসকলৰ সহযোগত তেওঁ ভাৰতৰ বিভিন্ন প্ৰান্তত চাৰিটা অনুসন্ধান অভিযান আৰম্ভ কৰিছিল। এই অভিযানসমূহৰ সময়ত দলটোৱে বিলুপ্তপ্ৰায় প্ৰজাতিৰ অৱস্থাৰ বিষয়ে অধ্যয়ন কৰিছিল। তেওঁলোকৰ তথ্যসমূহ ৰাজহুৱাভাৱে শ্বেয়াৰ কৰিছিল, আৰু বিদ্যালয় আৰু স্থানীয় চৰকাৰী সংস্থাসমূহৰ সৈতে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰিছিল।
 
জীৱ-জন্তু আৰু পক্ষীৰ ওপৰত গুৰুত্ব আৰোপ কৰা এটা এন জি অ' হিচাপে, ই চি জিয়ে বন্যপ্ৰাণী উদ্ধাৰ কৰিবলৈ নিয়মীয়াকৈ ফোন লাভ কৰি আহিছে। চেলিমৰ কয়, "চৰাই বা সাপ উদ্ধাৰ কৰিবলৈ আমালৈ প্ৰায়ে ফোন আহে। কিন্তু আমি সাধাৰণতে এই  ফোনবোৰ উদ্ধাৰ কাৰ্যত বিশেষজ্ঞ অন্যান্য এন জি অ'লৈ পঠাই দিওঁ। আমাৰ মূল লক্ষ্য হৈছে বিলুপ্তিৰ পথত থকা প্ৰজাতিসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা।"  
 
এখন অৰণ্যত উদ্ধাৰ অভিযানৰ সময়ত মহম্মদ চেলিম আৰু অন্যান্য স্বেচ্ছাসেৱকসকল
 
তেওঁ কয় যে, "সংস্থাটোৱে সাপৰ সৈতে কাম কৰি আৰম্ভ কৰিছিল আৰু সময়ৰ লগে লগে ইয়াৰ গুৰুত্ব মূলতঃ পৰিভ্ৰমী চৰাই, বিশেষকৈ ভাৰতীয় পিট্টালৈ স্থানান্তৰিত হৈছিল।"
 
চৰাইবোৰ পৰিলে, উৰিব নোৱাৰিলে বা বিদ্যুৎস্পৃষ্ট হ'লে তেওঁলোকে প্ৰায়ে ফোন  লাভ কৰে। সাম্প্ৰতিক সময়ত বেছিভাগ ফোন কল কইম্বাটুৰ চহৰৰ আশে-পাশে থকা ময়ূৰ পক্ষী উদ্ধাৰ কৰাৰ সৈতে জড়িত। অৱশ্যে চেলিমে কয় যে, এই গোচৰসমূহৰ অধিকাংশই উদ্ধাৰৰ বাবে নিয়োজিত এন জি অ'লৈ হস্তান্তৰ কৰা হয়। তেওঁৰ লক্ষ্য সদায়েই আছিল চৰাইবোৰক সংৰক্ষণ কৰাৰ পৰিৱৰ্তে মূল কাৰণসমূহক সমাধান কৰি বৃহত্তৰ আৰু দীৰ্ঘম্যাদী সুৰক্ষা প্ৰদান কৰা।
 
এই দৃষ্টিভংগীৰে, চেলিম আৰু ইচিজিৰ বন্ধুসকলে ২০০৯ চনত প্ৰথমটো অনুসন্ধান অভিযান আৰম্ভ কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল বিৰল প্ৰজাতিসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু সেইবোৰক সুৰক্ষিত কৰাৰ তাৎক্ষণিক প্ৰয়োজনৰ বিষয়ে জনোৱা। প্ৰতিটো অভিযানৰ এটা নিৰ্দিষ্ট বিষয় আছিল। প্ৰথম অভিযানত পথত হত্যা কৰা জন্তুৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। ২০১৫ চনত পাঁচজন সদস্যই বনাঞ্চলৰ পথেৰে যাত্ৰা কৰিছিল, পথ দুৰ্ঘটনাত নিহত হোৱা প্ৰাণীসমূহৰ নথিভুক্ত কৰিছিল আৰু ফটো তুলিছিল। পিছত তেওঁলোকে ওচৰৰ চৰকাৰী বিদ্যালয়সমূহ ভ্ৰমণ কৰি বন্যপ্ৰাণীৰ বাবে পথ পৰিবহণৰ বিপদসমূহৰ বিষয়ে ব্যাখ্যা কৰিছিল। 
 
এখন অৰণ্যত কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে মহম্মদ চেলিম
 
চেলিমে কয়, "আমি মানুহক বুজাই দিছিলো যে, চৰাইবোৰক খোৱা-বোৱা কৰোৱাৰ বাবে মানুহৰ প্ৰয়োজন নাই। এই চৰাইবোৰে নিজৰ খাদ্য নিজেই বিচাৰি পায় আৰু পথৰ কাষত খাদ্য যোগান ধৰাৰ ফলত এই চৰাইবোৰে প্ৰায়ে মৃত্যুক সাৱটি লয়। এই বাৰ্তাৰ প্ৰচাৰ কৰিবলৈ তেওঁলোকে পোষ্টাৰ প্ৰস্তুত কৰিছিল। মহিন্দ্ৰা মটৰ্ছ আৰু ফ'ৰ্ছ মটৰ্ছে এই অভিযানত অংশগ্ৰহণ কৰিছিল।  
 
দ্বিতীয় অনুসন্ধান অভিযান হিমালয়ৰ পাদদেশ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিলুপ্তপ্ৰায় প্ৰজাতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। উত্তৰ-পূৰ্বাঞ্চল দুটা কাৰণত গুৰুত্বপূৰ্ণ আছিল- এটা ইতিবাচক আৰু আনটো উদ্বেগজনক। এই ধনাত্মক প্ৰেৰণা ভাৰতৰ বন মানৱ যাদৱ পায়েঙৰ পৰা আহিছে, যিয়ে বানপানীৰ পিছত অসমৰ এটা বালিৰ পাৰত সাপবোৰ মৰাৰ পিছত এখন সম্পূৰ্ণ অৰণ্য সৃষ্টি কৰিছিল। চেলিমে কয় যে, তেওঁৰ সৈতে হোৱা সাক্ষাৎই  মোক যথেষ্ট উৎসাহিত কৰিছিল। আইআইটি গুৱাহাটীৰ শিক্ষাৰ্থীসকলেও জনগোষ্ঠীসমূহৰ সৈতে যোগাযোগ স্থাপনৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰচেষ্টাক সমৰ্থন কৰিছিল। 
 
এই অঞ্চলৰ উদ্বেগ আছিল পৰম্পৰাগত চিকাৰ, যিয়ে বিলুপ্তপ্ৰায় প্ৰজাতি, বিশেষকৈ পৰিভ্ৰমী পক্ষীসমূহলৈ ভাবুকি প্ৰদান কৰিছিল। এনে এক পক্ষী আছিল আমুৰ ফেলকন, যি চাইবেৰিয়াৰ পৰা আফ্ৰিকালৈ প্ৰব্ৰজন কৰে আৰু ভাৰতৰ উত্তৰ-পূবত এক মাহতকৈ কম সময় থাকে। চেলিমে কয় যে, এই কম সময়ৰ বাবে থকাটো এক গুৰুত্বপূৰ্ণ সময় আৰু এই সময়ছোৱাত এই চৰাইসমূহক সুৰক্ষা প্ৰদান কৰিব লাগে। ইচিজিয়ে আমুৰ ফেলকনক লৈ সজাগতা অভিযান আৰম্ভ কৰিছিল আৰু তেওঁৰ মতে এই প্ৰচেষ্টা সফল হৈছিল।  
 
বন সুৰক্ষা বাহিনীৰ জোৱানৰ সৈতে মহম্মদ চেলিম
 
তৃতীয় অনুসন্ধান অভিযানত ৰাজস্থানৰ বিলুপ্তপ্ৰায় পক্ষী বিশেষকৈ গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। এই ডাঙৰ চৰাইবোৰ উচ্চ-প্ৰাৱণতাযুক্ত বিদ্যুৎ পৰিবাহী তাঁৰ আৰু বায়ুচলাচলক খুন্দা মৰাৰ পিছত মৃত্যু হৈছিল। ইহঁত ডাঙৰ চৰাই আৰু ইহঁতে দ্ৰুত গতিত ঘূৰিব নোৱাৰে। চেলিমে কয় যে, যেতিয়া ইহঁতবোৰে বতাহৰ ঘাটি বা বিদ্যুৎ পৰিবাহী তাঁৰত খুন্দা মাৰে, তেতিয়া ইহঁত গুৰুতৰভাৱে আহত হয়, নহলে মৃত্যুমুখত পৰে। যাৰ বাবে সংবাদ মাধ্যমৰ প্ৰবন্ধ আৰু অন্যান্য প্লেটফৰ্মৰ জৰিয়তে ইচিজিয়ে সজাগতা বৃদ্ধি কৰিছিল।
 
অৱশেষত এই বিষয়টো উচ্চতম ন্যায়ালয়ত উপনীত হয়, যিয়ে নিৰ্দেশ দিয়ে যে, অতি গুৰুত্বপূৰ্ণ অঞ্চলত উচ্চ-প্ৰাৱণতাযুক্ত বিদ্যুৎ পৰিবাহী তাঁৰসমূহ ওপৰৰ পৰিৱৰ্তে ভূ-গৰ্ভস্থ হ'ব লাগে। বতাহৰ ঘাটিবোৰো উজ্জ্বল ৰঙেৰে ৰঙীন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল যাতে চৰাইবোৰে সেইবোৰ দেখা পায় আৰু সংঘৰ্ষ এৰাই চলিব পাৰে। 
 
চতুৰ্থ অনুসন্ধান অভিযান ২০১৯ চনত আৰম্ভ হৈছিল আৰু ইয়াক জাৰ্মান অপ্টিকেল কোম্পানী কাৰ্ল জেইছে পৃষ্ঠপোষকতা কৰিছিল। কিন্তু নিৰ্বাচনৰ বাবে ইয়াক মাজভাগত বন্ধ কৰিব লগা হৈছিল। পৰৱৰ্তী সময়ত ইয়াক দক্ষিণ ভাৰতত পুনৰ আৰম্ভ কৰা হৈছিল। চেলিমে উল্লেখ কৰে যে, দক্ষিণৰ পৰিস্থিতি ভিন্ন, ইয়াত অধিক সজাগতা আৰু কম চিকাৰ কৰা হয়। তাত প্ৰধান সমস্যাটো হ'ল প্ৰাকৃতিক বাসস্থানৰ দ্ৰুত ক্ষতি। 
 
 বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে শিক্ষামূলক ভ্ৰমণৰ সময়ত মহম্মদ চেলিম
 
কিন্তু দুৰ্ভাগ্যজনকভাৱে, এই অভিযানৰ বাবে পুঁজিৰ অভাৱৰ বাবে অভিযান অব্যাহত ৰাখিব নোৱাৰিলে। চেলিমে দুখ প্ৰকাশ কৰি কয়, "আমি সংৰক্ষণত ভাল কিন্তু বিপণনত বেয়া। জলবায়ু পৰিৱৰ্তনে উপকূলীয় অৱক্ষয়ৰ সৃষ্টি কৰিছে, যাৰ বাবে সজাগতা পূৰ্বতকৈ অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। এই অভিযানৰ বাবে আমাক বছৰি ১৫ লাখ টকাৰ প্ৰয়োজন হয়। কোম্পানীসমূহৰ বাবে এয়া সামান্য পৰিমাণৰ ধন, কিন্তু কোম্পানীসমূহে সংৰক্ষণক অগ্ৰাধিকাৰ হিচাপে গণ্য কৰিব লাগিব।" 
 
চেলিমে এতিয়া উত্তৰ কেৰালাৰ এটা জনজাতীয় আৰু বৰ্ষাৰণ্য অঞ্চলৰ আট্টাপাডীলৈ যোৱাৰ পৰিকল্পনা কৰিছে। তেওঁ কয় যে, "মই তাত থাকিম আৰু এই অঞ্চলৰ পৰিৱেশ সম্পৰ্কীয় বিষয়ত কাম কৰিম।" তেওঁ বৰ্তমান কইম্বাটুৰত থাকি কেইবা দশকজোৰা কাম শেষ কৰাৰ প্ৰক্ৰিয়াত অব্যহত আছে। তেওঁ  তেওঁৰ সংগঠন আৰু তেওঁৰ পৰিয়ালৰ কথা উল্লেখ কৰি কয় যে, "আমি সকলোৱে পৰিৱৰ্তন সাধন কৰি আছো।"