অনিকা মহেশ্বৰী / নতুন দিল্লী
শাৰীৰিক অক্ষমতা যে সফলতাৰ দিশত কোনো বাধা হব নোৱাৰে... এই কথাষাৰ বাস্তৱত পৰিণত কৰিছে দিল্লীৰ ১৯ বছৰীয়া আদীবা আলীয়ে। এক ভয়ংকৰ দুৰ্ঘটনাৰ পিছতো জীৱনটো নতুনকৈ গঢ়ি এই অতি কম বয়সীয়া পেৰা এথলীট গৰাকী শ্বুটিং ৰেঞ্জৰ ৰাণী হিচাপে পৰিগণিত হৈছে। তেওঁৰ কাহিনী কেৱল মাত্ৰ এক সফলতাৰ কাহিনী নহয় বৰং ই আত্মবিশ্বাস, অধ্যৱসায় আৰু দুৰ্ঘটনাকো শক্তিত পৰিণত কৰাৰ এক দলিল স্বৰূপ।
নতুন দিল্লীৰ নিজামুদ্দিন বস্তিৰ আদীবা আলী পেৰা শ্বুটিঙৰ জগতখনৰ এগৰাকী উদীয়মান তাৰকায়ে নহয় বৰং তেওঁ শাৰীৰিক প্ৰতিবন্ধকতা সত্ত্বেও জীৱনত আগুৱাই যাব বিচৰাসকলৰ বাবে প্ৰেৰণাৰ প্ৰতীক হৈ উঠিছে। ২০২৩ চনৰ ডিচেম্বৰ মাহত ভোপালৰ মধ্যপ্ৰদেশ ৰাজ্যিক শ্বুটিং একাডেমীত অনুষ্ঠিত হোৱা ২৬ সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত তেওঁৰ তাৰকাময় প্ৰদৰ্শনে সকলোকে স্তম্ভিত কৰি তুলিছিল।
আদীবা তেওঁৰ মাতৃৰ সৈতে
তেওঁ দুটা সফলতা লাভ কৰিছিল: ৫০ মিটাৰ পিষ্টল (আই পি চি) মিক্সড এছ এইচ ১ জুনিয়ৰ ইভেণ্টত ৪৬৭ স্ক’ৰেৰে স্বৰ্ণ পদক লাভ কৰাৰ লগতে ১০ মিটাৰ এয়াৰ পিষ্টল (আই পি চি) জুনিয়ৰ মহিলা এছ এইচ ১ ইভেণ্টতো স্বৰ্ণ পদক লাভ কৰিছে।
আদীবাৰ সফলতা কেৱল মাত্ৰ দুটা পদক জয়ৰ কাহিনী নহয় বৰং ই এক অধ্যৱসায়ৰ কাহিনী। যিয়ে শাৰীৰিক অক্ষমতাক বাধালৈ নহয়, নতুন পৰিচয়লৈ ৰূপান্তৰিত কৰিছে। আদীবাৰ সফলতাৰ কাহিনী যিমানেই গৌৰৱময় নহওক কিয়, ইয়াৰ আঁৰৰ সংগ্ৰামখনো সমানেই হৃদয়বিদাৰক। পাঁচ বছৰৰ পূৰ্বে এক অতি মৰ্মান্তিক দুৰ্ঘটনাই আদীবাৰ জীৱনৰ গতিপথ চিৰদিনৰ বাবে সলনি কৰি পেলাইছিল।
পাঁচ বছৰ আগতে তেওঁ ঘৰৰ চতুৰ্থ মহলাৰ বেলকনিৰ পৰা বাহিৰলৈ চাই আছিল। হঠাৎ পিছলি তেওঁ পোনে পোনে তলৰ মহলাত পৰিছিল। এই ভয়ংকৰ দুৰ্ঘটনাটোত আদীবাৰ মেৰুদণ্ড ভাঙিছিল আৰু তেওঁৰ দুয়োখন ভৰি অনুভূতিহীন আৰু অকাৰ্যকৰী হৈ পৰিছিল। সেই দিনটোৰ কথা মনত পৰিলেই তেওঁৰ মাতৃ ৰেশমা আলী আৱেগিক হৈ পৰে।
মাতৃ ৰেশমা আলী কয় যে, "সেই দুৰ্ঘটনাটোৰ পিছত সকলোৰে জীৱন স্তব্ধ হৈ পৰিছিল। আদীবা ডেৰ বছৰ ধৰি বিচনাত পৰি আছিল। তাই সকলো সাহস হেৰুৱাই পেলাইছিল, যেন তাইৰ জীৱনৰ সকলো উৎসাহ নোহোৱা হৈ গৈছিল।" এগৰাকী সক্ৰিয় আৰু ক্ৰীড়াপ্ৰেমী ছোৱালী হুইল চেয়াৰত আবদ্ধ হৈ পৰিছিল, যি পৰিয়ালটো আৰু তেওঁলোকৰ আত্মীয়ৰ বাবে সেয়া আছিল এক অতি হৃদয়বিদাৰক।
আদীবা তেওঁৰ পিতৃ আৰু এগৰাকী প্ৰশিক্ষকৰ সৈতে
কিন্তু আদীবাই লাহে লাহে নিজকে সংযম কৰিছিল আৰু তেওঁ বিচনাত থাকিয়ে চিত্ৰ অংকন আৰু পঢ়াৰ বাবে নিজকে মনোনিৱেশ কৰিছিল। লাহে লাহে তেওঁ নিজৰ হতাশাক সাহসলৈ ৰূপান্তৰিত কৰিছিল। আদীবাই আনকি দ্বাদশ শ্ৰেণীৰ পৰীক্ষাও ভাল অংক লাভ কৰি উত্তীৰ্ণ হবলৈ সক্ষম হৈছিল।
এদিন আদীবাই টেলিভিছনৰ পৰ্দাত দেখিছিল যে, ভাৰতৰ হৈ পেৰালিম্পিকত শ্বুটিঙত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী মহিলা খেলুৱৈ অৱনী লেখাৰাক। এইটোৱেই আছিল আদীবাৰ জীৱনৰ টাৰ্নিং পইণ্ট। ঠিক সেই মুহূৰ্ততে তেওঁ সংকল্প লৈছিল যে, "অৱনী লেখাৰাই যদি কৰিব পাৰিছে, মই কিয় নোৱাৰিম?"
এই প্ৰশ্নটো কেৱল এটা সমাধান নাছিল, বৰঞ্চ নতুন ভৱিষ্যত গঢ়ি তোলাৰ বাবে আদীবাৰ এক সংকল্পও আছিল। আদীবাই উপলব্ধি কৰিছিল যে, তেওঁৰ নিজৰ লগত হোৱা দুৰ্ঘটনাটো এৰি আগবাঢ়িব লাগিব, কাৰণ তেওঁ অতীতত জীয়াই থাকিব নোৱাৰে। আদীবাই জানিছিল যে, তেওঁৰ শাৰীৰিক প্ৰতিবন্ধকতা সত্ত্বেও খেলিব পৰা নতুন খেল এটা বিচাৰিব লাগিব।
দুৰ্ঘটনাৰ দিনটোলৈকে আদীবা বাস্কেটবল আৰু ফুটবলৰ দৰে খেলত এগৰাকী সক্ৰিয় খেলুৱৈ আছিল। তেওঁৰ আগৰ দৰে মানুহক গৌৰৱাম্বিত কৰাৰ উদ্দেশ্যেৰে পেৰা গেমছৰ কথা ভাবিবলৈ ধৰিলে। আদীবাই অনুসন্ধান চলাই প্ৰশিক্ষণৰ বাবে দুজন প্ৰশিক্ষক সুভাষ ৰাণা আৰু ৰোহিত ছাৰৰ ওচৰলৈ গৈছিল। তেওঁলোকে আদীবাক শ্বুটিং খেলৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল আৰু প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ পৰামৰ্শ দিছিল।
অন্য পেৰা এথলীটৰ সৈতে আদীবা আলী
মাতৃ ৰেশমা আলীয়ে স্মৰণ কৰি কয় যে, "আদীবাই কেতিয়াও পিষ্টল ধৰি পোৱা নাছিল। কিন্তু প্ৰশিক্ষক সুভাষ ৰাণাই আদীবাৰ মাজত সম্ভাৱনা দেখিছিল। সুভাষ ৰাণা আৰু ৰোহিত ছাৰে আদীবাক আগুৱাই যোৱাৰ বাট দেখুৱাইছিল, আৰু আদীবাই নিজৰ কষ্টৰে সেই বাটটো সফলতাৰ পোহৰেৰে তুলিছিল।"
প্ৰথম অৱস্থাত ই অতি কঠিন আছিল যদিও আদীবাই অনুশীলন কৰিবলৈ পিষ্টল হাতত তুলি লৈছিল। আৰু সম্পূৰ্ণ নিষ্ঠাৰে প্ৰশিক্ষণ আৰম্ভ কৰিছিল। বৰ্তমান তেওঁৰ দৈনন্দিন সময়সূচীত আঠ ঘণ্টাৰ কঠোৰ অনুশীলন অন্তৰ্ভুক্ত কৰিছে।
আদীবাই কয় যে, তেওঁ প্ৰতিযোগিতাখনৰ বাবে ১০ মাহ ধৰি অনুশীলন কৰিছিল, আৰু এই সময়ছোৱাত তেওঁ জিলা, আঞ্চলিক, আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। আদীবাৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা আছিল তেওঁৰ পিতৃ। তেওঁ সদায় ক্ৰীড়াৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। আনহাতে ক্ৰিকেটৰ প্ৰতিও তেওঁৰ প্ৰেমৰ বিষয়ে সকলোৱে জানে। আদীবাই কয়, "শিক্ষা যেনেকৈ গুৰুত্বপূৰ্ণ, ক্ৰীড়াও তেনেকৈ গুৰুত্বপূৰ্ণ।"
তদুপৰি পেৰালিম্পিকৰ স্বৰ্ণ পদক বিজয়ী অৱনী লেখাৰা আছিল আদীবাৰ আদৰ্শ। যাৰ ভিডিঅ’ চাই তেওঁ শ্বুটিংক জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গঢ়ি তুলিবলৈ অনুপ্ৰাণিত হৈছিল। আজি যদি তেওঁ এদিনো অনুশীলন নকৰে, তেন্তে তেওঁৰ অনুভৱ হয় যে তেওঁৰ জীৱনৰ পৰা কিবা এটা হেৰাই গৈছে।
আদীবাই কয়, "আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল নিজৰ ওপৰত বিশ্বাস কৰা। যদি আপুনি হতাশ হৈ পৰে, তেন্তে আন কোনোবাই আপোনাক কিয় সমৰ্থন কৰিব? পৰিস্থিতি যিমানেই কঠিন নহওক কিয়, যদি আপুনি দৃঢ়প্ৰতিজ্ঞ হৈ তেন্তে সকলো সম্ভৱ হৈ পৰিব।"
আদীবাৰ মাতৃ ৰেশমা আলীয়ে কয়, "আদীবাই আমাক সকলোকে গৌৰৱান্বিত কৰিছে। এতিয়া আমি এই কাহিনীটো আনৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছো। আমি এক প্ৰেৰণাদায়ক শিবিৰৰ আয়োজন কৰিব বিচাৰো।"
তেওঁৰ সপোন হৈছে বিশেষভাৱে সক্ষম লোক আৰু তেওঁলোকৰ পৰিয়ালক বুজোৱা যে, তেওঁলোকৰ শাৰীৰিক অক্ষমতাৰ মাজতো জীৱনটোক নতুনকৈ আৰম্ভ কৰা সম্ভৱ। তেওঁৰ স্পষ্ট বাৰ্তা হৈছে: শাৰীৰিক অক্ষমতা জীৱনৰ শেষ নহয়, বৰং জীৱনৰ এক নতুন আৰম্ভণিহে। নতুন দিল্লীৰ নিজামুদ্দিন বস্তিৰ এই সাধাৰণ যুৱতীগৰাকীয়ে এতিয়া দিল্লীৰ এগৰাকী পৰিৱৰ্তকাৰীৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। তেওঁৰ পৰৱৰ্তী লক্ষ্য হৈছে যে, তেওঁৰ প্ৰদৰ্শন উন্নত কৰা। যাতে এদিন ভাৰতৰ হৈ স্বৰ্ণ পদক লাভ কৰিব পাৰে।